মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / জৈৱিক কৃষি: অসমত ইয়াৰ সম্ভাৱনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জৈৱিক কৃষি: অসমত ইয়াৰ সম্ভাৱনা

জৈৱিক কৃষি: অসমত ইয়াৰ সম্ভাৱনা লিখা হৈছে

 

পৰম্পৰাগতভাৱে খেতিমাটি উৰ্বৰ কৰি গোবৰ-জাবৰ দি কৰা খেতিয়েই হ’ল জৈৱিক কৃষিৰ আধাৰ। মাথোঁ মাটিৰ উৰ্বৰতা বৃদ্ধি কৰি প্রাকৃতিক পৰিবেশ বিনষ্ট নোহোৱাকৈ স্থায়ীভাবে উৎপাদন পৰিকল্পনাৰে পদ্ধতিগতভাৱে কৰা কৃষিক “জৈৱিক কৃষি” অথবা ইংৰাজীত অৰ্গেনিক কৃষি বুলি নামকৰণ কৰা হৈছে।

বিশ্বজুৰি দূৰদৰ্শী বিজ্ঞানী, চিন্তাশীল মহলে জৈৱিক কৃষিৰ জৰিয়তে ইতিমধ্যে বিনষ্ট হোৱা মাটি, পানী, বায়ু, জৈৱ-বৈচিত্র। পুনৰুজ্জীৱিত আৰু সুস্বাস্থ্য ৰক্ষাৰ একমাত্র উপায় হিচাপে ইয়াৰ পোষকতা কৰিছে। আন্তর্জাতিক পর্যায়ত জৈৱিক কৃষি বিকাশৰ বাবে অলেখ সংগঠন, অনুষ্ঠান-প্রতিষ্ঠান, চৰকাৰী-বেচৰকাৰী তথা স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে ব্যাপক ৰূপত কাম আৰম্ভ কৰিছে। ‘সেউজ বিপ্লৱ'ৰ অধিক উৎপাদনৰ সৰ্বগ্রাহী কুফলৰ বিভিন্ন দিশ অনুসন্ধান কৰি উন্মোচিত কৰিছে। ইয়াৰ ভিতৰত অধিক উৎপাদনৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক সাৰৰ অত্যধিক ব্যৱহাৰে মাটিৰ প্রকৃত চৰিত্ৰ নাইকিয়া কৰিলে আৰু এনে পর্যায় পালেগৈ যে অধিক ৰাসায়নিক সাৰ প্রয়োগ কৰিলেও সেই মাটিয়ে উৎপাদন শক্তি হেৰুৱাই পেলালে। ৰাসায়নিক সাৰ প্রয়োগ কৰি উৎপাদন কৰা কৃষিজাত, দুগ্ধ, মাংস-মাছ আদিৰ গুণগত মান অধিক নিম্নগামী হৈছে আৰু মানুহৰ স্বাস্থ্যলৈ খহনীয়া আহিছে। বিভিন্ন দুৰাৰোগ্য ৰোগ— কেন্সাৰ, কিড্‌নীৰ অসুখ, ৰক্তচাপ, পেটৰ অসুখ, স্নায়ু দুর্বলতাই আগুৰি ধৰিছে। আনকি ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ ঘৰচীয়া আৰু বন্য জীৱজন্তু, পশু-পক্ষী আদিতো বিৰাজমান হৈছে। প্রকৃতিপ্রদত্ত ‘প্রকৃতিৰ ভাৰসাম্য নীতি’ ভংগ হৈ পৰাত অনিষ্টকাৰী কীট-পতংগৰ উপদ্ৰৱত শস্য ৰক্ষা কৰিব নোৱৰা হৈ আমি ভয়ানক বিষাক্ত দৰব প্রয়োগ কৰি কৰি সেই বিষাক্ত শস্য ভোজন কৰিছোঁ, বায়ু-পানী দূষিত কৰিছোঁ।

বর্তমান মানৱ সভ্যতা দৰব আৰু চিকিৎসা বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। দৰব খাই, বেজী, ছেলাইন, অস্ত্ৰোপচাৰৰ দ্বাৰা স্বাস্থ্য ৰক্ষা কৰিব নোৱাৰি। সুখাদ্যই হ’ল স্বাস্থ্যৰ আধাৰ (Food is Foundation of Health)। সেয়ে স্বাস্থ্য ৰক্ষাৰ বাবে জৈৱিক কৃষিৰ দ্বাৰা উৎপাদিত সামগ্রী খাবই লাগিব। নহ’লে অধিক কষ্টৰে নিৰ্মাণ কৰি লোৱা পকীঘৰ, সুন্দৰ গৃহ, মটৰ গাড়ীত উঠিবলৈ আমি আশা কৰাতকৈ দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ মৃত্যুৰ ক্ষণ গণিব লাগিব। ভগৱানৰ নামত উৎসর্গিত প্রসাদ খাই মৃত্যুৰ কাতৰ যন্ত্ৰণাত চিকিৎসালয়ত ভর্তি হোৱা খবৰে নিতৌ খলক লগাইছে।

স্বাস্থ্যসন্মত খাদ্য নোখোৱাৰ বাবে চিকিৎসালয়ত সকলোৱে ভিৰ কৰিছোঁ। স্বাস্থ্যসন্মত খাদ্য একমাত্র জৈৱিক কৃষিৰ দ্বাৰাহে উৎপাদন কৰিব পাৰি।

অসমত জৈৱিক খেতিৰ সম্ভাৱনা

 

প্রকৃতিৰ মনোৰম সম্পদেৰে পৰিপূৰ্ণ অসম জৈৱিক কৃষিৰ চিৰসেউজীয়া প্ৰচুৰ সম্ভাৱনাময় ক্ষেত্র। অৱশ্যে অল্পবিদ্যা ভয়ংকৰী হৈ আৰু ধনৰ লালসাত অধিক উৎপাদনৰ বাবে ব্যাপক হাৰত ৰাসায়নিক সাৰ প্ৰয়োগ, পশ্চিমিয়া দেশত নিষিদ্ধ ভয়ানক কীটনাশক দৰব ব্যৱহাৰে নামনি অসমৰ অধিক ভাগ কৃষিভূমি নষ্ট কৰি পেলাইছে। খাৰুপেটীয়া, বৰপেটা আদি অঞ্চলত মৃত্যুদূতৰ সমাবেশ হৈছে আৰু শ শ মটৰগাড়ীৰে ব্যৱসায়ীসকলে গুৱাহাটী মহানগৰী, উজনি অসমৰ ঘৰে ঘৰে মেলি দিছে স্বাস্থ্য হানিকাৰক বিষাক্ত দ্রব্যযুক্ত কৃষিজাত উৎপাদিত সামগ্ৰী। নিষ্কৰ্মা খিলঞ্জীয়া অসমীয়াই এইবোৰ কিনি বিষাক্ত দ্রব্যযুক্ত খাদ্য খাই বেমাৰী হৈ মৰিবলৈ ওলাইছে। বি টি এ ডিত ৬টা বছৰ থাকোঁতে বন্ধৰ দিনবোৰত নামনি অসমৰ খেতিয়কসকলৰ ঘৰলৈ খেতিপথাৰ চাবলৈ যাওঁতে এক বিৰল অভিজ্ঞতা হ’ল— তেওঁলোকে নিজে খাবলৈ খেতিৰ এখন সুকীয়া বাৰী থাকে। তাত গোবৰ-জাবৰ দি সাৱধানতা অৱলম্বন কৰে। তাৰ পৰা কিছু সামগ্রী ছিঙি তেওঁলোকে কয়— ছাৰ, এয়া ঘৰত খাবলৈ কৰা খেতিৰ পৰা দিছোঁ। আন এটা দৃশ্য হ’ল— কালফুলটো কাটি কলথোকত লাগি থকা ঠাৰিডালত ডি এ পি আৰু কিছু ৰাসায়নিক সাৰ প্লাষ্টিকৰ বেগ দি বান্ধি দিছে তৎকালে পূৰঠ হ’বলৈ।

এতিয়া আমাৰ স্পষ্ট নীতি হ’ব লাগে যিমানখিনিলৈকে নষ্ট হ’ল আৰু মাটি এইদৰে নষ্ট হ’বলৈ এৰি দিব নালাগে। অসম, নাগালেণ্ড, অৰুণাচল, মেঘালয়ৰ সীমান্ত অঞ্চলৰ উচ্চ কৃষিভূমি, দিচাং, দিহিং, ধনশিৰি নদীৰ পলসুৱা মাটি, মাজুলীৰ বৃহৎ অঞ্চল এতিয়াও জৈৱিক কৃষিৰ বাবে উপযুক্ত হৈ আছে। সাধাৰণভাবে ক্ষতি হোৱা অঞ্চলবোৰ পুনৰুজ্জীৱিত কৰিব পাৰি আৰু যিবোৰ অঞ্চল এতিয়াও প্ৰদূষিত হোৱা নাই, তাত একমাত্র জৈৱিক খেতিহে কৰিব লাগে। কাম কৰা মানুহৰ বাবে জৈৱিক কৃষিত উদ্ভৱ হোৱা সমস্যাবোৰ সমাধান কৰিব পাৰি, কিন্তু কাম-বন কৰিবলৈ আগ্রহ নথকাসকলে দাঙি ধৰা তৰ্ক-যুক্তিবোৰ কোনোদিনে সমাধান নহ’ব, কাৰণ তেওঁলোকৰ মন আৰু মগজুত নেতিবাচক চিন্তাই বাহ বান্ধিছে। এই শ্রেণীৰ বিষয়া, কর্মচাৰী, খেতিয়কসকলো দ্বিধাৰ মাজত আবদ্ধ হৈ আছে। জৈৱিক কৃষিত উৎপাদন কম বুলি সকলোৱে শংকা প্রকাশ কৰে— বৰপেটা, খাৰুপেটীয়াত এজোপা পোৱাল বেঙেনাত অত্যধিক ৰাসায়নিক সাৰ, কীটনাশক দৰব প্রয়োগ কৰি ৬/৭ কিলোগ্রাম বেঙেনা উৎপাদনা কৰে, মই নিজেই জৈৱিক সাৰ প্রয়োগ কৰি ৮/১০ কেজি বেঙেনা এজোপা গছত উৎপাদন কৰিছোঁ। পাঁচ কেজি ৰহৰ গুটি সিঁচি ৫০০ কেজি ৰহৰ উৎপাদন কৰিছোঁ।

কেঁচুসাৰ সকলোৱে উৎপাদন কৰিব নোৱাৰিব পাৰে, অথবা কিনিবলৈও খৰচী হ’ব পাৰে। কিন্তু ঘৰৰ বাৰীত চোতালৰ ঘাঁহ-বন, লতা, সেউজীয়া গছ, পেলনীয়া শাক-পাচলিৰ পৰা ঘৰতে পচন সাৰ অতি কম দিনতে ব্যাপক হাৰত প্রস্তুত কৰি কোনো অঞ্চলৰ বাবে সমস্যা সৃষ্টি হোৱা কলমৌ, প্রয়োজনীয় উৎকৃষ্ট সামগ্রী।

অসমৰ চাহ উদ্যোগেও বিদেশৰ বজাৰত চাহ বিক্ৰী কৰি জীয়াই থাকিবলৈ ৰাসায়নিক সাৰ নিয়ন্ত্ৰণ কৰি লগতে জৈৱিক সাৰ প্রয়োগ কৰি মাটিত উৰ্বৰতা ঘূৰাই আনিব বিচাৰিছে, বিষাক্ত কীটনাশক দৰৱ হ্ৰাস কৰি বিভিন্ন গতানুগতিক পদ্ধতিৰে এইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হৈছে। ক্ষুদ্ৰ চাহ খেতিয়কে নিজে জীয়াই থাকিবলৈ জৈৱিক চাহ উৎপাদনৰ বিকল্প নাই। নহ’লে অত্যাধিক ৰাসায়নিক সাৰ আৰু বিষাক্ত কীটনাশক দৰৱ প্ৰয়োগ কৰি তৎকালে কিছু সুফল পালেও নিজৰ ভৰিত নিজে কুঠাৰৰ ঘাপ মৰাৰ দৰে অনুতপ্ত হ’ব লাগিব।

বাৰিষাৰ বানপানী সমস্যা থকা নদী কাষৰীয়া পলসুৱা মাটিত বজাৰৰ দাম থকা মাটিমাহ, মগু, মটৰমাহ, বাদাম, নহৰু, পিয়াজ, আলু ব্যাপক হাৰত ব্যৱসায়িকভাৱে কৰিব পাৰোঁ, পাহাৰৰ কাষৰ ওখ ভূমিত বজাৰ থকা আদা, জালুক, বিভিন্ন জলকীয়া, বিভিন্ন জাতৰ কল, হালধি কৰিব পাৰোঁ। আনহাতে, সত্ৰসমূহে ব্যৱহাৰ কৰিব নোৱাৰা মাটিসমূহত জৈৱিক কৃষিৰ বাবে চুক্তিবদ্ধ হৈ মাটিসমূহ মেলি দিব লাগে আৰু মাটিত বিক্ৰী কেন্দ্ৰ আৰু সঞ্চয়ৰ ভঁৰাল আদি স্থাপন কৰি দেশীয় আৰু বিদেশী বজাৰৰ বাবে জাতিটোলৈ অৱদান যোগাব পাৰে। সত্ৰসমূহে ধৰ্মীয় পৰ্য্যটনৰ লগতে কৃষি পৰ্য্যটনৰ পৰাও ধন ঘটাৰ পথ মুকলি হ’ব। সুস্থ-সবল, স্থায়ী কৰ্ম আঁচনিৰ জৰিয়তে সত্ৰৰ মাটি সুৰক্ষিত হ’ব। আইন, পুলিচ, চৰকাৰে ৰক্ষা কৰিব নোৱাৰে। নহ’লে যি দিন আহিছে সন্দেহযুক্ত বিদেশী নালাগে, স্বদেশীয়েই দখল কৰিব।

বজাৰ আছে-নিজে ARG Organic Food Pvt. Ltd, নামৰ কোম্পানী ৰেজিষ্ট্ৰেশ্বন কৰি Green Organic Life.Net নামৰ ৱেবছাইটত অসমৰ জৈৱিক চাউল, আলু, মচলা আদি গ্ৰাহকৰ বাবে এৰি দিয়াত এইবোৰ বিচাৰি দেশী-বিদেশী কোম্পানীৰ অলেখ অনুৰোধ লাভ কৰিছোঁ।

ব্যৱসায়িকভাৱে কৰা জৈৱিক কৃষিৰ নীতি-নিয়ম

 

জৈৱিক কৃষি ব্যৱসায়িকভাৱে সফল হ’বলৈ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি কিছু নীতি-নিয়মেৰে আগবাঢ়িব লাগিব। কাৰণ জৈৱিকভাৱে উৎপাদিত বুলি নথিপত্র, সামগ্ৰীৰ গুণাগুণ, কৃষিপথাৰৰ পাৰিপাৰ্শ্বিক পৰিবেশ, মাটিৰ স্বাস্থ্য সম্পৰ্কীয় ইত্যাদি বিষয়ৰ বিতং তথ্য থাকিব লাগিব আৰু এইবোৰ পৰীক্ষা কৰি জৈৱিক প্রমাণ-পত্ৰ দিয়া স্বীকৃতিপ্রাপ্ত সংগঠনে জৈৱিক প্রমাণ-পত্ৰ দিলেহে উৎপাদিত সামগ্ৰী বিক্ৰীৰ সঠিক পথ মুকলি হ’ব। সুস্থিৰ বিশ্বাসযোগ্য পৰিবেশে এখন আশাব্যঞ্জক জৈৱিক কৃষিৰ দেশীয় আৰু বিদেশী বজাৰত প্রৱেশ কৰাৰ সহায়ক হ'ব। কৃষকসকলেও নিজৰ উৎপাদিত সামগ্ৰীৰ যথোচিত মূল্য লাভ কৰিবলৈ এই লক্ষ্য আৰু উদ্দেশ্য, নীতি-নিৰ্দেশনা আন্তঃকৰণেৰে মানি চলিব লাগিব।

জৈৱিক কৃষিৰ উদ্দেশ্য

 

১) ৰাসায়নিক সাৰ আৰু বিষাক্ত পৰিৱেশ ৰোধ কৰা।

২) মানুহ আৰু জীৱকুলৰ বাবে স্বাভাৱিক গুণযুক্ত নিৰাপদ শস্য উৎপাদন কৰা।

৩) মাটিৰ কৃষি উপযোগী স্বাস্থ্য ৰক্ষা কৰি স্থায়ী উৎপাদনশীলতাত গুৰুত্ব।

এই উদ্দেশ্য সফলতাৰে পূৰণ কৰিবলৈ কৃষক অথবা জৈৱিক কোম্পানীসমূহে নিম্নলিখিত নীতি-নিয়মসমূহ মানি চলিলে সততে সুফল লাভ

কৰিব।

১) কৃষিৰ বাবে মাটিয়েই হ’ল মূল আধাৰ। সেয়ে মাটি কৃষি স্বাস্থ্য  উপযোগী স্বাস্থ্য ৰক্ষাত গুৰুত্ব আৰোপ।

২) এক সুস্থ-সবল প্রাকৃতিক জৈৱিক কৃষিৰ সফলতাৰ দুৱাৰ মুকলি কৰে। সেয়ে জৈৱিক কৃষকে পৰিৱেশ ৰক্ষাৰ মহামিত্ৰ হিচাপে কাম কৰিব লাগিব।

৩) নিজৰ লগতে আনকো জীয়াই ৰখাৰ সহৱস্থান আৰু সততা নীতি মানি চলা।

৪) জৈৱিক কৃষিৰ চিৰস্থায়ী উৎপাদনশীলতাৰ স্বাৰ্থত মাটিত থকা অনুজীৱৰ প্ৰতি সদয় হ’ব লাগিব।

বিজ্ঞানীসকলে উপৰিউক্ত নীতি-নিয়মসমূহ সফলতাৰে সহজ আৰু সঠিকভাৱে ৰূপায়ণ কৰাৰ সুবিধাৰ্থে কিছু বাস্তৱিক পৰামৰ্শ আগবঢ়াইছে, যাক ইংৰাজীত অৰ্গেনিক কৃষিৰ গাইড লাইন বুলি ক’ব পাৰি। এই পৰামৰ্শসমূহ মানি চলিলে জৈৱিক কৃষিৰ উৎপাদিত বুলি প্রমাণ-পত্ৰ লাভ কৰাত সহায়ক হয় আৰু অতি প্রয়োজনীয় চৰ্ত হিচাপে ধৰা হয়।

১) জৈৱিক ক্ষেত্ৰখনত আত্ম পৰিচয় আৰু আত্মৰক্ষাৰ বাবে এটা প্রাকৃতিক সুৰক্ষিত বান্ধ (যাক ইংৰাজীত কোৱা হৈছে Buffer zone) গঢ়ি তোলা।

২) জৈৱিক কৃষিপামতে জৈৱিক কৃষিৰ প্রয়োজনীয় আৰু সহায়ক হোৱাকৈ আনুষংগিক কৰ্ম আঁচনি আগবঢ়াই নিয়া। যেনে— গৰু-ছাগলী পালন কৰি গোবৰ-মূত্ৰৰ পৰা সাৰ আৰু কীটনাশক দৰব প্রস্তুত কৰা।

৩) জৈৱিক ক্ষেত্ৰখনত মাটিৰ লগত পচি মিলি যোৱা দ্ৰব্যহে ব্যৱহাৰ কৰিব লাগে।

৪) শস্য কীট-পতংগই নষ্ট কৰিলে নিয়ন্ত্ৰণৰ বাবে জৈৱিক প্রমাণ-পত্র সংস্থাৰ দ্বাৰা অনুমোদিত দৰব অনুমোদিত পৰিমাণত ব্যৱহাৰ কৰিব লাগে।

৫) জৈৱিক দৰব প্রস্তুত কৰা আৰু জৈৱিক দৰবৰ ঘাঁহ-বন উৎপাদন কৰা।

৬) পৰিৱেশ দূষিতকৰণ কার্য বন্ধ কৰাৰ বাবে সজাগতা সৃষ্টি কৰা, যেনে— মুকলিভাৱে জুই লগোৱা বন্ধ কৰা, নদী-বিলৰ পানী দূষিত নকৰা, মুকলিভাৱে শৌচ-প্ৰস্ৰাৱ নকৰা।

বৰ্তমান অসমত জৈৱিক কৃষিয়ে সন্মুখীন হোৱা গুৰুত্বপূর্ণ সমস্যা

নকৈ গঢ় লৈ উঠা জৈৱিক ক্ষেত্ৰখনত অলেখ সমস্যা আছে। কিন্তু ইয়াৰে বহু সমস্যা কৃষক, স্বেচ্ছাসেবী সংগঠন, জৈৱিক কোম্পানীসমূহে সমাধান কৰিব পৰা বিষয়বোৰ দাঙি নধৰি বৃহৎ পৰিসৰত একমাত্র চৰকাৰে সমাধান কৰিব পৰা সমস্যাকেইটাহে দাঙি ধৰা হ'ল।

অসমত জৈৱিক কৃষি কৰিব পৰা নষ্ট নোহোৱা অলেখ সম্ভাৱনাপূর্ণ মাটি আছে। কিন্তু মাটিৰ স্থায়ী প্রমাণ-পত্ৰৰ অভাৱত অর্থাৎ স্থায়ী পট্টা নোহোৱাৰ বাবে নিম্নলিখিত সমস্যাসমূহে বাধাৰ প্রাচীৰ হৈ পৰিছে।

ক) মাটিৰ পট্টাৰ অভাৱত ৰাজা আৰু কেন্দ্রীয় চৰকাৰৰ জৈৱিক কৃষি আঁচনিসমূহ কৃষক বা কোম্পানীসমূহে গ্ৰহণ কৰিব নোৱাৰে।

খ) জৈৱিক কৃষিৰ উৎপাদনৰ বাবে চৰকাৰে আগবঢ়োৱা উদগনিমূলক ভাত্তা নাপায়।

গ) জৈৱিক কৃষিৰ বাবে কোনো বিত্তীয় প্রতিষ্ঠানৰ পৰা পট্টাৰ অভাৱতে ঋণ ল’ব নোৱাৰে।

ঘ) মাটিৰ পট্টাৰ অভাৱত শস্যৰ বীমা কৰিব নোৱাৰে।

ঙ) বিশেষকৈ জৈৱিক উৎপাদনৰ প্রয়োজনীয় প্রমাণ-পত্ৰ স্থায়ী মাটি পট্টাৰ অভাৱত লাভ কৰিব নোৱাৰে।

সেয়ে চৰকাৰে জৈৱিক কৃষি কৰা কৃষক, কোম্পানীসমূহক তৎকালেই মাটিৰ পট্টা দি নতুন কৃষি উদ্যোগ এটা গঢ় দিয়াত গুৰুত্ব আৰোপ কৰক। আনহাতে, ইতিমধ্যে ২০১৩ বৰ্ষৰ পৰা সমষ্টি ভিত্তিত জৈৱিকভাৱে খেতি কৰা পথাৰসমূহ জৈৱিক প্রমাণ-পত্ৰ দিয়াৰ প্রক্রিয়া আৰম্ভ হৈছিল। কিন্তু প্রমাণ-পত্ৰ দিয়া কোম্পানীক পঞ্জীয়নৰ বাবদ দিব লগা ধনৰ অভাৱত এবছৰীয়া-দুবছৰীয়া প্রমাণ-পত্ৰও হাতৰ পৰা হেৰাই যাব৷ জৈৱিক কৃষক গোটসমূহে ইয়াৰ বিনিময়ত জৈৱিকভাৱে উৎপাদিত সম্পদৰ যথোচিত মূল্য হেৰুৱাবলগীয়া হ'ব আৰু জৈৱিক কৃষি ব্যৱস্থাৰ বাবে আগবাঢ়ি অহা কৃষকৰ মনোবল ভাগি পৰিব।

সমস্যাক সম্ভাৱনালৈ আৰু সফলতালৈ পৰিৱৰ্তন কৰিব পৰাটোৱেই আধুনিক সভ্যতাত বাচি থাকিব পৰা একমাত্র মহৎ উপায়। একমাত্র নিজৰ বাবে কামটো কৰিছোঁ বুলিলে সমস্যাবোৰৰ সমাধানৰ পথ মুকলি হ’বই, আনৰ বাবে আৰু হ’ব নহ’ব বুলি কৰা জৈৱিক কৃষি সমস্যাবোৰ সমস্যা হৈ থাকিব। চৰকাৰেও বাস্তৱবাদী হৈ হাতে-কামে কৃষিপথাৰত নামিলেহে জৈৱিক কৃষিৰ সপোন বাস্তৱ হ’ব। নিয়োগৰো বৃহৎ সম্ভাৱনাময় ক্ষেত্র এখন গঢ়ি উঠিব।

মাটি, পানী, গছ-লতা, ঘাঁহ-বন, হাঁহ-কুকুৰা, গৰু-ছাগলী আৰু অলেখ মানৱ সম্পদ থকা অসমত পুনৰ চিৰসেউজীয়া কৰোঁ আহক।

লিখক: ৰাজেন গগৈ, পূৰ্বাচল।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top