অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জৈৱিক কৃষি

জৈৱিক কৃষি বুলিলে সাধাৰণতে ৰাসায়নিক সাৰ কিম্বা ঔষধ ব্যৱহাৰ নকৰাকৈ খাদ্য-শস্য উৎপাদন কৰা কৃষি পদ্ধতিক বুজা যায়।

চমু বিৱৰণ

জৈৱিক কৃষি বুলিলে সাধাৰণতে ৰাসায়নিক সাৰ কিম্বা ঔষধ ব্যৱহাৰ নকৰাকৈ খাদ্য-শস্য উৎপাদন কৰা কৃষি পদ্ধতিক বুজা যায়। এই পদ্ধতিৰ কৃষিত মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰিবলৈ শস্যাৱৰ্তন, সেউজ সাৰ, পচন সাৰ, কেঁচুসাৰ আদি ব্যৱহাৰ কৰা হয়। শস্যৰক্ষাৰ ব্যৱস্থা হিচাপে প্ৰকৃতিত ঘটি থকা কিছুমান নিয়ম যথাযথ ভাৱে ব্যৱহাৰ কৰাৰ লগতে আৱশ্যক অনুযায়ী বিভিন্ন গছ-লতাৰ পৰা প্ৰস্তুত কৰা ঔষধ প্ৰয়োগ কৰা হয়। আনহাতে এই পদ্ধতিত অধিক উৎপাদনৰ বাবে হাইব্ৰীড নাইবা জিনীয় পৰিবৰ্তন ঘটাই উদ্ভাৱন কৰা জাত, শস্যৰ শ্ৰীবৃদ্ধিৰ বাবে কৃত্ৰিম দ্ৰব্য আদি ব্যৱহাৰ কৰিব পৰা নাযায়।

ইতিহাসঃ

কুৰি শতিকাৰ প্ৰথম চাৰিটা দশকত হোৱা কেতবোৰ আৱিষ্কাৰৰ বাবে খাদ্য-শস্যৰ উৎপাদন বৃদ্ধিৰ নতুন এক কৌশল উদ্ভাৱন হ’ল। এই কৌশলৰ অংঙ্গ হিচাপে মাটি চহ কৰিবলৈ জীৱাশ্মী ইন্ধন চালিত ট্ৰেক্টৰ, মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ ৰাসায়নিক সাৰ, অধিক উৎপাদনৰ বাবে বৰ্ণসংকৰ বীজ আৰু শস্যৰক্ষাৰ বাবে ৰাসায়নিক ঔষধ ব্যৱহাৰ হ’বলৈ ধৰে। ইয়াৰ লগে লগে খাদ্য-শস্যৰ উৎপাদন ক্ৰমে বৃদ্ধি পাবলৈ ধৰে, যাৰ বাবে এই নতুন ধাৰাৰ কৃষিক আধুনিক কৃষি পদ্ধতি বা বৈজ্ঞানিক কৃষি পদ্ধতি বুলি কোৱা হ’ল। কৃষিৰ ক্ষেত্ৰত দেখা দিয়া এই বিপ্লৱক ‘সেউজ বিপ্লৱ’  নামেৰে নামকৰণ কৰা হয়। আনহাতে সেউজ বিপ্লৱৰ চমকপ্ৰদ প্ৰদৰ্শনক এচাম লোকে সহজভাৱে লোৱা নাছিল। এই সকলৰ ভিতৰত জাৰ্মানীৰ ৰ’ডল্ফ স্টেইনাৰ , ইংলেণ্ডৰ লৰ্ড নৰ্থবৰ্ণ, ছাৰ এলবাৰ্ট হোৱাৰ্ড, লেডি ইভলিন বাৰবাৰা , জাপানৰ মাছান’বু ফুক'ৱকা , আমেৰিকাৰ জে আই ৰ’ডেল, এফ এইছ কিং  আদি উল্লেখযোগ্য। জাৰ্মেনিত ৰ’ডল্ফ স্টেইনাৰে এলানি বক্তৃতাৰে জনসাধাৰণক ৰাসায়নিক সাৰৰ কু-প্ৰভাৱৰ বিষয়ে সজাগ কৰিবলৈ যত্ন কৰে। তেখেতে বায়’ডাইনেমিক কৃষি নামেৰে শস্য উৎপাদনৰ এক নতুন ধাৰা প্ৰৱৰ্তন কৰে। এইলানি বক্তৃতাই অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ কৃষি স্নাতক লৰ্ড নৰ্থবৰ্ণক এনেদৰে আগ্ৰহী তোলে যে তেখেতে নিজ পামত এই ধাৰাৰে খেতি কৰিবলৈ আৰম্ভ কৰে আৰু মাটিক জীৱিত ৰূপত কল্পনা কৰি দ্যা ফাৰ্ম এছ অৰগেনিজিম(the farm as organism) বুলি ক’বলৈ লয়। পাছলৈ তেখেতে এই নতুন ধাৰাৰ কৃষিক পোন প্ৰথম বাৰৰ বাবে অৰ্গেনিক ফাৰ্মিং নামেৰে নামকৰণ কৰে। ১৯৪০ চনত লৰ্ড নৰ্থবৰ্ণৰ “লুক টু দ্যা লেণ্ড” শিৰোনামৰ কিতাপখন প্ৰকাশ হোৱাৰ পাছত জৈৱিক কৃষিৰ প্ৰসাৰ ক্ৰমে বাঢ়িবলৈ লয়। সেয়ে লৰ্ড নৰ্থবৰ্ণক জৈৱিক কৃষিৰ পিতৃ আখ্যা দিয়া হয়।

ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ খাদ্য উৎপাদনৰ দিশটো চাবলৈ অহা উদ্ভিদবিদ ছাৰ এলবাৰ্ট হোৱাৰ্ডে প্ৰায় ২৫ বছৰকাল ভাৰতত থাকি এই দেশৰ কৃষকৰ কৃষি কৰ্মসমূহৰ পৰা আহৰণ কৰা অভিজ্ঞতাৰে “এন এগ্ৰিকালচাৰ টেছটামেন্ট" (An Agricultural Testament) নামৰ কিতাপখন প্ৰকাশ কৰে। পাছত তেখেতে অৰ্গেনিক শব্দটোক পূৰ্ণ স্বীকৃতি দি প্ৰথমবাৰৰ বাবে কিতাপৰ শিৰোনামত ব্যৱহাৰ কৰে আৰু ১৯৪৭ চনত “চয়েল এণ্ড হেলথ্‌, এ ষ্টাডি অফ অৰ্গেনিক এগ্ৰিকালচাৰ" (Soil and health, A study of Organic Agriculture) নামেৰে এখন উল্লেখযোগ্য কিতাপ প্ৰকাশ কৰে। লগে লগে লৰ্ড নৰ্থবৰ্ণৰ জৈৱিক কৃষিয়ে এক নতুন ৰূপ পায়, যাৰ বাবে এলবাৰ্ট হোৱাৰ্ডক আধুনিক জৈৱিক কৃষিৰ জনক বোলা হয়।

আপেল খেতিৰ বাগিচাত এখন জাননী ফলকঃ

এলবাৰ্ট হোৱাৰ্ডৰ কৰ্মৰাজিৰ দ্বাৰা অনুপ্ৰাণিত হৈ ১৯৩৯ চনত লেডি ইভলিন বাৰবাৰাই ইংলেণ্ডৰ হাউঅলে গ্ৰীণ (Haughly Green) নামৰ ঠাইত নিজৰ পামত এলানি পৰীক্ষা আৰম্ভ কৰে। পাছলৈ "হাউঅলে এক্সপেৰিমেন্ট"(Haughly Experiment) নামেৰে জনাজাত হৈ পৰা এইলানি পৰীক্ষা বিশ্বৰ প্ৰথমটো বৈজ্ঞানিক পৰীক্ষা য’ত জৈৱিক কৃষি পদ্ধতিৰ লগত ৰাসায়নিক সাৰ আদি প্ৰয়োগ কৰি কৰা কৃষিৰ তুলনামূ্লক অধ্যয়ন কৰা হৈছিল। এই পৰীক্ষাৰ ফলাফলখিনি তেখেতে “দ্যা লিভিং চয়েল"(The Living Soil) নামকৰণেৰে এখন কিতাপত প্ৰকাশ কৰাৰ লগে লগে বহুতো কৃষি বিজ্ঞানী জৈৱিক কৃষিৰ প্ৰতি আগ্ৰহী হৈ উঠে আৰু এই ধাৰাৰ কৃষিৰ প্ৰচাৰ আৰু প্ৰ্সাৰৰ বাবে ১৯৪৭ চনত ইংলেণ্ডত চয়েল এছচিয়েচন(Soil Association) নামেৰে এটি অনুষ্ঠানৰ জন্ম দিয়ে। পাছত বিভিন্ন দেশৰ অনুৰূপ অনুষ্ঠানসমূহ মিলিত হৈ বিশ্বব্যাপী জৈৱিক কৃষিৰ এক আন্দোলন চলাবলৈ ‘ইণ্টাৰনেচনেল ফেডাৰেচন অব অৰ্গেনিক মুভমেণ্ট’ (IFOAM) নামেৰে এটা আন্তজাৰ্তিক অনুষ্ঠান গঢ়ি তোলে। আজি এই অনুষ্ঠাটোৱেই বিশ্বত জৈৱিক কৃষি আন্দোলনৰ গুৰি বঠা ধৰি আছে।

জৈৱিক কৃষিৰ প্ৰসাৰঃ

কুৰি শতিকাৰ প্ৰায় মাজ ভাগত মেক্সিকোত আৰম্ভ হোৱা সেউজ বিপ্লৱ নামৰ অভিযান অতি কম সময়ৰ ভিতৰতে বিশ্বৰ প্ৰায় সকলো দেশতে বিয়পি পৰিল। আনহাতে প্ৰায় একে সময়তে উদয় হোৱা জৈৱিক কৃষিৰ চিন্তাধাৰাই বিশেষ প্ৰ্সাৰ লাভ কৰিব পৰা নাছিল। এচাম ব্যক্তিৰ মাজতে ই আৱদ্ধ আছিল। কিন্তু ১৯৬২ চনত ৰাচেল কাৰ্চনৰ  আলোড়নকাৰী কিতাপ ‘‘Silent Spring’’ প্ৰকাশ হোৱাৰ পাছৰে পৰা জৈৱিক কৃষিৰ চিন্তাই প্ৰাধান্য পাবলৈ ধৰে আৰু ১৯৭২ চনত ‘ইণ্টাৰনেচনেল ফেডাৰেচন অব অৰ্গেনিক মুভমেণ্ট’(IFOAM) নামৰ অনুষ্ঠানটো প্ৰতিষ্ঠা হোৱাত এই কিতাপখনেও ইন্ধন যোগায়। আনহাতে একমাত্ৰ এই কিতাপখনৰ বাবেই ১৯৭২ চনৰ ১৪ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰত আধুনিক কৃষিৰ এক প্ৰধান আহিলা ডিডিটি(DDT) ৰ ব্যৱহাৰ বন্ধ হ’ল। একেটা বছৰতে ঘটা এই দুই ঘটনাই জৈৱিক কৃষিৰ প্ৰসাৰ হোৱাত প্ৰধান সহায়ক হৈ পৰে।

যোৱাটো শতিকাৰ সত্তৰ দশকত ‘ইণ্টাৰনেচনেল ফেডাৰেচন অব অৰ্গেনিক মুভমেণ্ট’ IFOAM প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰা ইয়াৰ সদস্যৰ সংখ্যা ক্ৰমে বাঢ়িবলৈ ধৰে। উন্নত দেশৰ সদস্যসকলে নিজ নিজ চৰকাৰৰ ওচৰত জৈৱিক কৃষিৰ পোষকতা কৰি কৃষিনীতি সলনি কৰিবলৈ হেঁচা দিবলৈ ধৰে, যাৰ ফলত আশী দশকৰ মাজ ভাগত জৈৱিক পদ্ধতিৰে উৎপাদন কৰা সামগ্ৰী বজাৰত উপলব্ধ হ’ল। অতি কম সময়ৰ ভিতৰতে এনে সামগ্ৰীৰ প্ৰতি জনসাধাৰণ আকৃষ্ট হৈ পৰে আৰু জৈৱিক সামগ্ৰীৰ চাহিদা বৃদ্ধি পাবলৈ ধৰে। ইয়াৰ লগে লগে চৰকাৰ আৰু বিত্তীয় প্ৰ্তিষ্ঠানসমূহ জৈৱিক কৃষিৰ প্ৰতি আগ্ৰহী হৈ উঠিল আৰু গৱেষণাৰ বাবে অধিক পুঁজিৰ যোগান ধৰিবলৈ আগবাঢ়ি আহিল।

জৈৱিক কৃষি পদ্ধতিঃ

জৈৱিক সামগ্ৰীৰ উৎপাদনঃ

যোৱাটো শতিকাৰ নব্বৈ দশকৰ আগ ভাগৰ পৰা আমেৰিকা আৰু ইউৰোপৰ ভালে কেইখন দেশত জৈৱিক খাদ্যভিত্তিক ব্যৱসায় বছৰি প্ৰায় ২০% লৈকে বৃদ্ধি পাবলৈ ধৰে। ২০০১ চনত বিশ্বত জৈৱিক সামগ্ৰীৰ প্ৰায় ২০ বিলিয়ন ডলাৰৰ ব্যৱসায় হৈছিল য’ত উত্তৰ আমেৰিকা আৰু ইউৰোপৰ ভাগ আছিল ক্ৰমে ৬ আৰু ৮ বিলিয়ন ডলাৰ। জৈৱিক সামগ্ৰীৰ বৃহৎ বজাৰৰ প্ৰ্তি লক্ষ্য ৰাখি আন আন দেশবোৰেও অধিক মাটি জৈৱিক কৃষিৰ অধিনলৈ আনিবলৈ আৰম্ভ কৰে। ‘ইণ্টাৰনেচনেল ফেডাৰেচন অব অৰ্গেনিক মুভমেণ্ট’(IFOAM) ৰ বছৰেকীয়া প্ৰতিবেদনৰ পৰা জনা যায় যে ২০০৭ চনত বিশ্বৰ ১৪১ খন দেশৰ ১.২ মিলিয়ন জৈৱিক উৎপাদনকাৰীয়ে ৩২.২ মিলিয়ন হেক্টৰ মাটিত এনে সামগ্ৰী উৎপাদন কৰি বিশ্ব বজাৰত এৰি দিছিল। ইয়াৰ ভিতৰত অষ্ট্ৰেলিয়াই ১২ মিলিয়ন হেক্টৰ মাটি জৈৱিক কৃষিলৈ ৰূপান্তৰ কৰি শীৰ্ষ স্থানত আছে। আনহাতে ২০০১ চনৰ ২০ বিলিয়ন ডলাৰৰ ব্যৱসায় বিপৰীতে ২০০৭ চনত জৈৱিক সামগ্ৰীয়ে ৪৬.১বিলিয়ন ডলাৰৰ ব্যৱসায় কৰে। এনে এক পৰিৱৰ্তনলৈ লক্ষ্য কৰি ‘ইণ্টাৰনেচনেল ফেডাৰেচন অব অৰ্গেনিক মুভমেণ্ট’(IFOAM) য়ে অনুমান কৰিছে যে অনাগত সময়ত বিশ্ববজাৰত জৈৱিক সামগ্ৰীৰ ব্যৱসায় প্ৰ্তি বছৰত অতি কমেও ৫ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।সদ্য প্ৰকাশিত এক তথ্য অনুসৰি ২০১০ চনত বিশ্বত জৈৱিক খাদ্য আৰু পানীয়ৰ বজাৰখনৰ মুঠ মূল্য আছিল ৩,২০,৩২০ কোটি টকা অৰ্থাৎ ৫.৮২ বিলিয়ন আমেৰিকান ডলাৰ আৰু ২০১৫ চনত এই বজাৰৰ মূল্য ৫,৬২,৫২০ কোটি হোৱাৰ অৰ্থাৎ ১০ বিলিয়ন আমেৰিকান ডলাৰ অধিক হোৱাৰ সম্ভাৱনা আছে।

জৈৱিক কৃষি আৰু ভাৰতবৰ্ষ

ভাৰতৰ কৃষি পদ্ধতিক জৈৱিক কৃষিলৈ পৰিৱৰ্তন কৰাৰ বাবে বিজ্ঞানী তথা বিশেষজ্ঞসকলে আশী দশকৰ পৰাই মতপোষণ কৰি আহিছিল। এই সময়চোৱাত প্ৰধানকৈ বেচৰকাৰী অনুষ্ঠানসমূহে সীমিত পৰিসৰৰ মাজত থাকি জৈৱিক কৃষিৰ প্ৰচাৰ আৰু প্ৰ্সাৰৰ বাবে চেষ্টা চলাই আছিল। এনে এক বেচৰকাৰী অনুষ্ঠান এচেছিয়েচন ফ'ৰ প্ৰপাগেচন অফ্‌ ইণ্ডিয়ান জাৰ্মপ্লাজম ৰিৰ্চজ(Association for Propagation of Indian Germplasm Resources (APIGR))ৰ সৌজন্যত ১৯৮৪ চনৰ অক্টোবৰ মাহত ভাৰতত পোন প্ৰথম বাৰৰ বাবে জৈৱিক কৃষিৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। ৱাৰ্ধাত অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰখনৰ পাছত দেশৰ আন আন অঞ্চলতো এনে আলোচনা তথা অধ্যয়ন চক্ৰৰ জৰিয়তে জৈৱিক কৃষিৰ সপক্ষে জনমত গঢ়ি তোলা হয়। এনে প্ৰচেষ্টাৰ ফলত মহাৰাষ্ট্ৰ আৰু দক্ষিণৰ ৰাজ্যসমূহত জৈৱিক কৃষিয়ে প্ৰ্সাৰ লাভ কৰে আৰু বহুতো কৃষকে জৈৱিক সামগ্ৰী উৎপাদন কৰিবলৈ লয়। বেচৰকাৰী অনুষ্ঠানসমূহে আগ ভাগ লৈ এই উৎপাদিত সামগ্ৰীসমূহ বিশ্ববাসীক পৰিচয় কৰাই দিয়ে। অতি সোনকালে ভাৰতবৰ্ষৰ জৈৱিক সামগ্ৰীসমূহে বিদেশত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়।

বিদেশত ভাৰতৰ জৈৱিক সামগ্ৰীয়ে সমাদৰ পোৱা দেখি ভাৰত চৰকাৰে ২০০১ চনত নেচনেল প্ৰগাম ফৰ অৰগেনিক প্ৰদাকচন(National Programme for Organic Production NPOP) নামৰ এখন আঁচনি উন্মোচন কৰাৰ লগতে দেশত উৎপাদিত জৈৱিক সামগ্ৰীসমূহৰ উৎপাদন তথা বিতৰণৰ সকলো দিশ চাবলৈ এগ্ৰিকালচাৰ এণ্ড প্ৰচেষ্ট ফুড প্ৰদাক্ত এক্সপাৰ্ট ডেভেলপমীন্ট অথৰিটী(Agricultural and Processed Food Products Export Development Authority (APEDA)) আৰু চাহ ব’ৰ্ডকে ধৰি এনে আন পাঁচটা সংস্থাক কৰ্তৃত্ব প্ৰদান কৰে। আনহাতে এগ্ৰিকালচাৰ এণ্ড প্ৰচেষ্ট ফুড প্ৰদাক্ত এক্সপাৰ্ট ডেভেলপমীন্ট অথৰিটী(APEDA) ই জৈৱিক কৃষিৰ অধিক প্ৰ্সাৰৰ সুবিধাৰ্থে চাৰিটা অনুষ্ঠানক জৈৱিক প্ৰমাণ পত্ৰ  অৰগেনিক চাৰ্টিফিকেট (Organic Certification)প্ৰদান কৰিবলৈ অনুমতি দিয়ে। এনে পদক্ষেপৰ বাবে ২০০২ চনত ভাৰতবৰ্ষই দেশত উৎপাদিত ১৪,০০০ মেট্ৰিক টন জৈৱিক সামগ্ৰীৰ ৮৫% ৰপ্তানি কৰিবলৈ সক্ষম হয়। প্ৰাৰম্ভিক সফলতাত উৎসাহিত হৈ ভাৰত চৰকাৰে ২০০৩ চনত উত্তৰ প্ৰদেশৰ গাজিয়াবাদত নেচনেল ইঞ্চটিটিউড অফ্‌ অৰগেনিক ফাৰ্মিং (National Institute of Organic Farming (NIOF)) নামৰ প্ৰতিষ্ঠানটো গঢ়ি তোলে। বৰ্তমান এগ্ৰিকালচাৰ এণ্ড প্ৰচেষ্ট ফুড প্ৰদাক্ত এক্সপাৰ্ট ডেভেলপমীন্ট অথৰিটী(APEDA) সহ আন পাঁচটা সংস্থাৰ জৰিয়তে নেচনেল ইঞ্চটিটিউড অফ্‌ অৰগেনিক ফাৰ্মিং(NIOF) য়ে জৈৱিক সামগ্ৰীৰ উৎপাদনৰ নিয়ম নীতি নিৰ্ধাৰণ কৰাৰ লগতে এইবোৰৰ গুণগত মান নিৰূপণ কৰে।

ভাৰতবৰ্ষত জৈৱিক কৃষক আৰু সামগ্ৰী

বৰ্তমান ভাৰতত ১৫,০০০ জনৰো অধিক জৈৱিক কৃষক আছে। ২০০৭-০৮ চনত প্ৰাকৃতিকভাবে জৈৱিক ৰূপত থকা অঞ্চলকে ধৰি মুঠ ২.৮ মিলিয়ন হেক্টৰ মাটিত ৩,৯৬,৯৯৭ মেট্ৰিক টন জৈৱিক সামগ্ৰী উৎপন্ন হৈছিল আৰু ৮৬ বিধ সামগ্ৰীৰ ৩৭,৫৩৩ মেট্ৰিক টন ৰপ্তানি কৰি ১০০.৪ মিলিয়ন আমেৰিকান ডলাৰ উপাৰ্জন হৈছিল। সদ্য প্ৰকাশিত এক তথ্য অনুসৰি ভাৰতত জৈৱিক খাদ্যৰ বাৰ্ষিক বিকাশ ২০শতাংশকৈ বৃদ্ধি পাইছে আৰু ২০১০ চনত ৩১ লাখ টন জৈৱিক খাদ্য উৎপাদন হৈছিল।

উৎস: আই এন ডি জি দল

2.925
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top