মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / জৈৱিক কৃষিৰ বাবে উপযুক্ত কিছু দ্ৰৱ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জৈৱিক কৃষিৰ বাবে উপযুক্ত কিছু দ্ৰৱ্য

জৈৱিক কৃষিৰ বাবে উপযুক্ত কিছু দ্ৰৱ্যৰ বিষয়ে লিখা হৈছে

 

অতি প্ৰাচীন কালৰে পৰা ভাৰত উপমহাদেশত জৈৱিক কৃষি পদ্ধতিৰ প্ৰচলন হৈ আহিছে৷ এই জৈৱিক কৃষি ব্যৱস্থাত কৃষি ভুমিডৰাক এনে ধৰণে তৈয়াৰ কৰা হয় যে, ভুমিভাগ জীৱন্ত হৈ থকাৰ বাবে জৈৱ বৰ্জ্য দ্ৰৱ্য (উদ্ভিজ আৰু প্ৰাণীজ পদাৰ্থ) আৰু অন্যান্য জৈৱিক পদাৰ্থৰ লগতে উপকাৰী অনুজীৱ(জীৱানুসাৰ)ক সুস্থ পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাৰ নিমিত্তে প্ৰয়োগ কৰা হয়৷ এই পৰম্পৰাগত কৃষি পদ্ধতিক বিজ্ঞানৰ দৃষ্টিকোনেৰে পৰিশোধিত কৰি বৰ্ধিত জনগণক অন্নৰ যোগান ধৰিব লাগিব৷ ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগে বৃদ্ধি কৰা উৎপাদন ক্ষণস্থায়ী, ইয়াৰোপৰি ৰাসায়নিক পদাৰ্থৰ লগত সংপৃক্ত হৈ থকা অশুভ দিশ সমূহ চালিজাৰি নিৰীক্ষণ কৰিলে দেখা যায় আধুনিক কৃষি ব্যৱস্থাত জৈৱিক কৃষিৰ বিকল্প নাই৷

অজৈৱিক সাৰৰ বিকল্পৰূপে ব্যৱহৃত দ্ৰব্য

 

পামসাৰ

জৈৱিক কৃষি পামৰ ভিতৰত বা জৈৱিক কৃষিৰ নিৰ্দেশণাৰ আধাৰত প্ৰতিপালন কৰা গৰু, ম’হ, ছাগলী ইত্যাদিৰ গোবৰ, মুত্ৰ, শস্যৰ খেৰ, অন্যান্য জাৱৰ-জোথৰ, শস্যৰ মুঢ়া, তুঁহগুড়ি আদিক উপযুক্তভাৱে শস্য ক্ষেত্ৰত প্ৰয়োগ কৰি শস্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰি৷

পচন সাৰ

বাৰীৰ অলাগতীয়া জৈৱিক সামগ্ৰীখিনি মানে,- গছৰ পাত, শাক-পাচলি, ফল-মূলৰ বাকলিকে ধৰি অন্যান্য জাৱৰ-জোথৰ এটা গাঁতত জমা কৰি পচিবলৈ দি ইয়াক শস্যৰ পথাৰত ৰাসায়নিক সাৰৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি৷ পচন সাৰে মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে ফলত মাটিডোখৰ জিপাল হোৱাৰ লগতে মাটিৰ প্ৰদূষণ হ্ৰাস কৰে আৰু ভুমিজ উপকাৰী জীৱানুৰ শ্ৰীবৃদ্ধি তথা সক্ৰিয় হয় আৰু মাটিৰ বায়ু চলাচলৰ ক্ষমতা বাঢ়ি যায়৷

সেউজ সাৰ

বিভিন্ন মাহজাতীয় শস্য, ধইনচা বা খৰিমৰা, শল, মেডেলুৱা আদি উদ্ভিদক সেউজ সাৰৰ ৰূপত ব্যৱহাৰ কৰিব পাৰি৷

কেঁচু সাৰ

কিছুমান অতিশীঘ্ৰে বৃদ্ধি ঘটা কেঁচুক এই সাৰ প্ৰস্তুতিত ব্যৱহাৰ কৰা হয়৷ জৈৱিক আৱৰ্জনাৰে গাঁত ভৰ্তি কৰি নিৰ্দিষ্ট প্ৰজাতিৰ কেঁচু এৰিলে ৫০-৬০ দিন মানৰ ভিতৰত সাৰ প্ৰস্তুত হৈ উঠে৷

জীৱাণু সাৰ

মাটিৰ উৰ্বৰতা বৰ্ধক অনুজীৱ, ৰাইজ’বিয়াম, এজট’বেক্টৰ, এজ’স্পাইৰিলাম, এজলা, নীল-সেউজ এলগি, মাইকৰ হাইজা ইত্যাদিক ব্যৱহাৰ কৰা হয়৷

যদিও, সচৰাচৰ দেখা যায় যে, জৈৱিক কৃষিত ৰোগে আক্ৰমণ কৰাৰ পাছত প্ৰতিকাৰ কঠিন হৈ পৰে, সেয়েহে প্ৰতিষেধকেই উদ্ভিদ ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়৷ জৈৱিক কৃষিত বিশেষকৈ-

(১) উদ্ভিদৰ ৰোগাক্ৰান্ত অংশ বৰ্জন,

(২) বনবাত নিৰাই পৰিচ্ছন্নতাৰে কৃষি কৰ্ম পালন,

(৩) সুস্থ-সুবীজ বাচনি,

(৪) শস্যাকৰণ,

(৫) শস্যাৱৰ্তন,

(৬) কীট-পতংগক হাতেৰে বা ফাণ্ডেৰে ধৰি নিয়ন্ত্ৰণ আৰু

(৭) জৈৱিক কীটনাশকৰ ব্যৱহাৰ আদি দিশ সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লগা হয়৷

জৈৱিক কৃষিত শস্য ৰক্ষাৰ বাবে উপকাৰী বেক্টেৰিয়া, ভাইৰাচ, উদ্ভিজ ৰসায়ন ব্যৱহাৰ হয়৷ বেক্টেৰিয়াৰ ভিতৰত বেচিলাচ থুৰিজিয়েনচিচ (বিশেষকৈ পখিলাজাতীয় পতংগৰ বিৰুদ্ধে), ভেঁকুৰৰ ভিতৰত বিউভেৰিয়া বেচিয়ানা, ট্ৰাইক’ডাৰ্মা, ভাইৰাচৰ ভিতৰত এন. পি. ভি. আৰু উদ্ভিজ ৰসায়ন বুলিলে নিম উল্লেখযোগ্য৷ মন কৰিবলগীয়া যে, জৈৱিক কৃষিত ধপাতৰ নিৰ্যাসক শস্য ৰক্ষাৰ নিমিত্তে ব্যৱহাৰ কৰা নিষেধ৷

গোকেন্দ্ৰিক পৰম্পৰাগত জৈৱিক পদাৰ্থ

 

য’ৰ তৰ পৰা সংগ্ৰহ কৰা গৰুৰ গোবৰ জৈৱিক কৃষিত ব্যবহাৰ কৰা নিষিদ্ধ৷ সম্পূৰ্ণ জৈৱিক প্ৰথাৰে উৎপাদিত গোৱৰ বা অন্যান্য গো-জাত সামগ্ৰীহে জৈৱিক কৃষিত অনুমোদিত৷ থলুৱাভাৱে উপলব্ধ আৰু কমখৰছী সুলভ বস্তুবোৰক কীটনাশক বা কীট বিকৰ্ষক ৰূপে জৈৱিক কৃষিত ব্যৱহাৰ কৰিব পাৰি৷ এইবোৰ মানৱ স্বাস্থ্যৰ বাবে উপকাৰী আৰু পৰিবেশৰ দৃষ্টিকোনেৰে নিৰাপদ৷
(ক) বীজামৃত: ইয়াক বীজ শোধনৰ নিমিত্তে ব্যৱহাৰ কৰা হয়৷ ইয়াত ৫ লিটাৰ গোমুত্ৰ, ৫ কিলোগ্ৰাম গোবৰ, ১০০ গ্ৰাম জীৱিত মাটি, ২০০ গ্ৰাম গুড় আৰু ২০ লিটাৰ পানী মিহলাই এই মিশ্ৰণ ২০ দিনলৈ জমা ৰাখি পাছত মাটিত প্ৰয়োগ কৰিলে ভূমিজ উপকাৰী জীৱাণু বাঢ়ে আৰু অপকাৰী বিজাণু হ্ৰাস পায়৷

(খ) জীৱামৃত: ১ লিটাৰ গোমুত্ৰ, ১ কিলোগ্ৰাম গোবৰ, ১ লিটাৰ গাখীৰ আৰু ২৫০ গ্ৰাম চূণক ১০০ লিটাৰ পানীৰে সৈতে মিহলাই এই মিশ্ৰণ ১০ দিনলৈ বন্ধ পাত্ৰত জমা ৰাখি পাছত এই দ্ৰৱনত বীজ শোধন কৰি ছাঁত শুকুৱাই সিঁচিব লাগে৷

(গ) গোমুত্ৰ: এপষেক পুৰণি ১ লিটাৰ গোমুত্ৰৰ লগত ১০ লিটাৰ পানী মিহলাই গছৰ পাতত প্ৰয়োগ কৰিলে, কীট পতংগ বিকৰ্ষিত হয়৷

(ঘ) পঞ্চগব্য: ইয়াৰ বাবে প্ৰয়োজনীয় উপকৰণসমূহ হ’ল- চাৰি লিটাৰ গোবৰৰ পংক, ২ কিলোগ্ৰাম সতেজ গোবৰ, ৩ লিটাৰ গোমুত্ৰ, ২ লিটাৰ গাখীৰ, ২ লিটাৰ দৈ আৰু ১ কিলোগ্ৰাম দেশী ঘিউৰ; এই মিশ্ৰণ ১০-১৫ দিনলৈ এটি পাত্ৰত বায়ুৰুদ্ধকৈ ভৰাই ৰ’দ পৰা স্থানত ৰাখিব লাগে৷ প্ৰত্যেক দিনা পুৱাবেলা মিশ্ৰণটো লৰাই থাকিব লাগে৷ ১০ শতাংশ শক্তিৰ এই মিশ্ৰণে বিকৰ্ষক ৰূপে কাম কৰে৷

(ঙ) আগ্নেয়াস্ত্ৰ: মিহিকৈ কুটা ১ কিলোগ্ৰাম আইপ’মিয়া অপতৃন, ৫ কিলোগ্ৰাম ঘোৰা নিমৰ পাত আৰু ১০ কিলোগ্ৰাম গোমুত্ৰক ১০ লিটাৰ পানীত মিহলাই, থেতেলিওৱা ৫০০ গ্ৰাম জলকীয়া আৰু ৫০০ গ্ৰাম নহৰু সংযোগ কৰি এই মিশ্ৰণ উতলাই আধা পৰিমানৰ কৰিব লাগে৷ এই দ্ৰৱনৰ ১০ মিলিলিটাৰৰ লগত ২০০ মিলিলিটাৰ পানী মিলাই ছটিয়ালে পাত ফুটা কৰা আৰু পাত মেৰিওৱা পোকৰ আক্ৰমণৰ পৰা উপশম পাব পাৰি৷

অৱশ্যে, এইটো সত্য যে, জৈৱিক কৃষি উৎপাদিত সামগ্ৰীৰে সমূদায় ভাৰতীয় জনগণৰ দুবেলাৰ অন্নৰ যোগান ধৰা অসম্ভৱ৷ সেয়েহে, অৱহেলাৰ বাবে অজৈৱিক পদাৰ্থ অব্যৱহৃত অঞ্চলসমূহ চিনাক্ত কৰি ইয়াক জৈৱিক কৃষিৰ বাবে সময় আহি পৰিছে৷

লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি।

 

2.94
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top