মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / জৈৱিক খেতি কৰোঁ আহক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জৈৱিক খেতি কৰোঁ আহক

 

কোনো ধৰণৰ ৰাসায়নিক সাৰ, কীটনাশক দৰব আদি ব্যৱহাৰ নকৰাকৈ কেৱল জাৱৰ-জোঁথৰ, পচন সাৰ, শুকান গোবৰ তথা জৈৱিক নিয়ন্ত্ৰণ পদ্ধতি আদিৰ সহায়ত যি খেতি কৰা হয় সেয়াই জৈৱিক খেতি। সুদূৰ অতীতৰ পৰাই, তথ্য মতে বৈদিক যুগৰে পৰা মানুহে খেতিত গোবৰ, জাবৰ-জোঁথৰ, পচন-সাৰ, হাড়ৰ গুৰি, খলিহৈ আদি ব্যৱহাৰ কৰি আহিছে। সাম্প্ৰতিক কালত অৰ্থাৎ ৰাসায়নিক সাৰ আৱিষ্কাৰ হোৱাৰ পাছৰে পৰা মানুহে বহুলভাৱে প্ৰয়োগ কৰিবলৈ লোৱাৰ ফলত কৃষিৰ উৎপাদন বৃদ্ধি হ’ল যদিও অত্যধিক তথা অসমতাপূৰ্ণভাৱে ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত পৰিৱেশ তথা মাটিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। ফলত ৰাসায়নিক সাৰৰ ব্যৱহাৰ কমাই জৈৱিক সাৰ ব্যৱহাৰৰ গুৰুত্ব বৃদ্ধি পাব ধৰিছে। পোক-পৰুৱা নিয়ন্ত্ৰণ, ৰোগ-ব্যাধি আৰু বন-বাত আদি নিয়ন্ত্ৰণৰ বাবেও জৈৱিক নিয়ন্ত্ৰণ পদ্ধতিয়ে সুফল দিয়াত দিনে দিনে ইয়াৰ গুৰুত্ব বৃদ্ধি পাব ধৰিছে।

জৈৱিক খেতিৰ সুবিধাসমূহ-

 

১)জৈৱিক খেতিৰ বাবে প্ৰয়োজনীয় সাৰ আৰু ইয়াৰ উপাদানবোৰ সহজলভ্য। আমাৰ চৌপাশৰ প্ৰকৃতিৰ পৰা এইবোৰ সংগ্ৰহ কৰিব পৰা যায়। সেউজীয়া সাৰ, পচন সাৰ, গোবৰ সাৰ আৰু জৈৱিক নিয়ন্ত্ৰণৰ বাবে ব্যৱহৃত নিমপাত, চিত্ৰনলা আৰু সহজলভ্য। কৃষকসকলে এইবোৰ সহজে ঘৰতে প্ৰস্তুত কৰি ল’ব পাৰে।

২)জৈৱিক সাৰ ব্যৱহাৰৰ পৰা পৰিৱেশ দূষিত হোৱাৰ আশংকা কম থাকে।

৩)অত্যধিক তথ্য অসমতাপূৰ্ণ ৰাসায়নিক সাৰৰ ব্যৱহাৰ তথা কীটনাশক দৰবৰ ব্যৱহাৰে পৰিৱেশ প্ৰদূষিত কৰি মানুহ তথা জীৱ-জন্তুৰ অনিষ্ট সাধন কৰাৰ সম্ভাৱনা থাকে, যিটো জৈৱিক সাৰত নাথাকে।

৪)জৈৱিক সাৰ সকলো খেতিত ব্যৱহাৰ কৰিব পাৰি।

৫)খুব কম খৰচতে কৃষকসকলে নিজে জৈৱিক সাৰ প্ৰস্তুত কৰি ল’ব পাৰে বাবে এডৰা খেতিৰ মুঠ খৰচ কমি যায়।

৬)জৈৱিক খেতিয়ে মাটিৰ গঠন ভাল কৰি মাটিৰ মাজেৰে বায়ু-পানী আদিৰ চলাচল বৃদ্ধি হোৱাত সহায় কৰে।

৭)জৈৱিক খেতিৰ পৰা উৎপাদিত ফচলবোৰ সুস্বাদু, টাটকা হৈ থাকে বাবে ইয়াৰ চাহিদাও বেছি। সেয়ে অধিক মূল্যত বিক্ৰী কৰি লাভৱানো হ’ব পাৰে কৃষকসকলে।

লেখক: প্ৰসাদ দাস(নিয়মীয়া বাৰ্তা)

2.92857142857
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top