মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / টাই আহোমসকলৰ কৃষি পদ্ধতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

টাই আহোমসকলৰ কৃষি পদ্ধতি :

টাই আহোমসকলৰ কৃষি পদ্ধতিৰ বিষয়ে লিখা হৈছে ।

 

চীন দেশৰ য়ুনান প্ৰদেশৰ পৰা পাটকাই পৰ্বত পাৰ হৈ ১২২৮ চনৰ ২ ডিচেম্বৰত । চাওলুং চুকাফাই প্ৰাচীন কামৰুপৰ সৌমাৰপীঠ অঞ্চলৰ পুৰ্ব দিশৰ টিপামত প্ৰৱেশ কৰে। তেখেতে সোণোৱালি শস্যৰে ভৰপুৰ মুন-ডুন-চুন খামত প্ৰৱেশ কৰি মৰাণ, বৰাহী, চুতীয়া, কছাৰী আদি জনগোষ্ঠীসমুহক এক কৰি যি আহোম ৰাজ্য গঠন কৰিছিল সেই ৰাজ্যখন হৈছে অসম। আহোম সকলৰ নিজা ভাষা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আৰু নিজা ধৰ্মও আছিল। শেষলৈ নিজৰ ভাষা, নিজৰ ধৰ্মক ত্যাগ কৰি সাতৰাজক এক কৰি সম্পুৰ্ণৰুপে অসমীয়া হ’ল।

আহোম ৰাজ্য প্ৰতিষ্ঠাতা চাওলুং চুকাফাই “নিজ ৰাজ্যলৈ পুনৰ ঘুৰি নোযোৱাৰ দৃঢ় সংকল্পৰে অহা তাই সকলৰ লগত অত্যাৱশ্যকীয় সকলোধৰণৰ সামগ্ৰী লগত লৈ আহিছিল যাতে নতুন ঠাইত কোনো ধৰণৰ অসুবিধাত পৰিব লগা নহয়। বুৰঞ্জী, সংস্কৃতি আৰু লোক কথাৰ ভিত্তিত উল্লেখ কৰিব পাৰি যে শালিধানৰ সঁচ, আহোম বগৰীৰ দৰে ফল-মুলৰ সঁচ, ৰিহা গছৰ সঁচ, মুগা পুহিবলৈ চোমগছ, ঘৰৰ চালৰ কাৰণে টকৌ গছ, নেফাফু, সুমথিৰা টেঙা, ইত্যাদি। বহুবিধ শালিধানৰ সঁচ অনাৰ ফলত অসমীয়া খেতিয়কসকলৰ অৰ্থনৈতিক ভেটি সুৰক্ষিত হোৱাত সহায়ক হৈছিল”।

আহোম ৰাজত্বকালত অসমৰ সৰহভাগেই খেতিয়ক আছিল। ধান খেতিয়েই আছিল প্ৰধান খেতি। “কৃষি ভিত্তিক তাই সংস্কৃতিৰ বহু উপাদানেৰে অসমলৈ অহা আগতে উজনি অসমত বাস কৰা লোকসকল আছিল মৰাণ, বৰাহী, কছাৰী, চুতীয়া আদি। এই লোকসকলে পাহাৰীয়া অঞ্চল বা বৰষুণৰ পানী জমা নোহোৱা বাম অঞ্চলত শস্যৰ খেতি কৰিছিল। অসমত স্থায়ী ভিত্তিত বৰষুণৰ পানী জমা হোৱা পথাৰবিলাকত বা বৰষুণৰ পানী পথাৰত ধৰি ৰাখি পানী খেতি অৰ্থাৎ শালিধানৰ খেতি আৰম্ভ কৰে আহোমসকলে। স্বৰ্গদেউসকলে খেতি-বাতিৰ উন্নতিৰ কল্পে বিভিন্ন ব্যৱস্থা লোৱাৰ কথা বুৰঞ্জীৰ পাতত পোৱা যায়। সেই পদ্ধতিৰ বাবে বৰষুণৰ পানী ধৰি ৰাখিবৰ বাবে খেতি পথাৰত আলি দি সৰু সৰু ডোবা বা ডোখৰত ভাগ কৰিছিল। বিশেষজ্ঞসকলৰ মতে, এই পদ্ধতি আহোমৰে অৱদান”।

আহোম ৰাজ্যত স্বৰ্গদেউ সকলে অৰ্থনৈতিক-সামাজিক আৰু প্ৰতিৰক্ষা দিশত পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল। চাৰিজনৰ ভিতৰত এজনে সৈনিক বা ৰাজকাৰ্যত সহায়ক হিচাবে কাম কৰিব লাগিছিল আৰু অন্য তিনিজনে কৃষি কৰ্মত মনোনিবেশ কৰিছিল। সেইকাৰণে প্ৰতিজন পাইকে ৮ বিঘাকৈ খেতি মাটি লাভ কৰিছিল। অতিৰিক্ত খেতি কৰিলে ৰজাক কৰ দিব লাগিছিল।

ইতিহাসবিদসকলৰ মতে আহোম ৰাজ্য প্ৰতিষ্ঠাতা চাওলুং চুকাফায়ো থলগিৰিসকলৰ সৈতে নিজে গৰু বা মহেৰে হাল বাইছিল।

“আহোম ৰাজত্বকালত পামঘৰ পাতি খেতিবাতি কৰাৰ চিন্তাধাৰা তাই-আহোমসকলৰ অতীজৰে পৰা আছিল। ঘৰৰ লগতে এখন বাৰী থকাৰ কাৰণে লাগতিয়াল গছ-গছনি ৰুইছিল, শাক-পাচলিৰ খেতি কৰিব পাৰিছিল। সেয়ে পৰিয়ালবিলকত খাদ্য সংকট বা অৰ্থনৈতিক অভাৱে দেখা দিয়া নাছিল। স্বাৱলম্বী হৈ থকাৰ সুবিধা হৈছিল। বাৰীৰ চাৰিওফালে ঢাপ মাৰি, তামোল-পাণ, কলগছ, বাঁহ-বেত আদি ৰুই ৰাজ্যখন স্বাৱলম্বী কৰি তোলাৰ প্ৰচেষ্টা চাওলুং চুকাফাৰ দিনৰ পৰাই আৰম্ভ হৈছিল। বাৰীত বতৰৰ ফলমুল, বিভিন্ন ঔষধি গছ-বন, শাক-পাচলি, বিবিধ টেঙা আদি ৰোৱাৰ ৰীতি আহোম সকলৰে অৱদান”।

“পৰৱৰ্তী সময়ত মোমাই তামুলী বৰুৱাই বাৰীৰ চাৰিওফালে খাৱৈ খান্দি, ঢাপ মাৰি, তাৰ ওপৰত জেউৰা, চকোৱা দি বাৰী পাতিবলৈ অসমীয়াক শিকাই থৈ গ’ল। সেই অনুক্ৰমে গাঁৱলীয়া অসমীয়াই আজিও বাৰী পাতে। বাঁহ অসমীয়াৰ সকলো কামতে আৱশ্যক হোৱাৰ কাৰণে প্ৰত্যেক অসমীয়াই উত্তৰ আৰু পশ্চিমফালে বাঁহ ৰোৱে। বাৰীৰ আগফালে তামোল, নাৰিকল আদি ঢাপত আম, কঁঠাল, জামুক, লেটেকু, পনীয়ল আদি আৰু আওহতীয়া ঠাইত জৰা, ৰবাব, আহোম বগৰী, নৰা বগৰী, নগাটেঙা আদি গুটি লগা গছ ৰোৱে। তামোল আৰু পাণ গছ লগায়। বাৰীৰ বাকী অংশত ঘৰে-ঘৰে আৰু নানান তৰহৰ শাক-পাচলি, যেনে-মুলা, লাই, লফা, ধনিয়া, চুকা, বাবৰি, পালেং, হালিম, তিল, জাতিলাউ, ৰঙালাও, কোমোৰা, তিয়ঁহ, তিতাকেৰেলা , ভাতকেৰেলা, কুন্দুলি, জিকা ভোল, চিৰাল, জলকীয়া, বেঙেনা, জালুক, পিপলি, পুৰৈ, তিতামৰা, মিঠামৰা, টেঙামৰা, মৰিছা, হালধি, নহৰু, পিয়াঁজ, আলুগুটি, ৰঙা আলু, কাঠআলু, মোৱা আলু, পানী আলু, কনীকছু, বৰকচু, ওলকচু, আহিনীয়াকচু, ঘিউকচু, পাঁচমুখীয়া কচু, অমিতা আদি খেতি কৰে। বাৰীৰ ভিতৰত নাইবা অন্য ওখ মাটিত মাটিকঁঠাল , নেমু , সুমথিৰা, কুঁহিয়াৰ , কল যেনে ভীম, আঁঠীয়া, খোন্দা, চেনিচম্পা, পুৰা , জাহাজী ,জাতি, মনোহৰ, মালভোগ, দীগযোৱা আৰু চাপৰি মাটিত মাটিমাহ, মগুমাহ, তিল, সৰিয়হ, আহুধান, বাওধান আদি আৰু বামখেতিও কৰে। আহিন, কাতিমাহত পানী ৰোৱা দ-মাটিত নানান শালিধান, তাতকৈ বাম মাটিত মাটিমাহ, মগুমাহ, তিল, সৰিয়হ, আহুধান, বাওধান আদি আৰু বামখেতিও কৰে। আহিন, কাতি মাহত পানীৰোৱা দ মাটিত নানাবিধৰ শালি ধান তাতকৈ বাম মাটিত নানান বিধৰ লাহী আৰু বৰ দ মাটিত নানাবিধ বাওধানৰ খেতি কৰে”।

“তাই আহোমসকলে এখন স্বাধীন ৰাজ্য স্থাপন কৰিবলৈ আহি তাই সংস্কৃতিৰ ধাৰাৰে প্ৰাকৃতিক সম্পদৰ ভিত্তিত যি কৰ্ম-সংস্কৃতিৰ পাতনি মেলিছিল সিয়েই পৰৱৰ্তীকালত আত্মনিৰ্ভৰশীল অসমীয়া সমাজ গঢ় দিয়াত সহায়ক হৈছিল। তাই আহোমসকলৰ কৃষি কৰ্মৰ অভিজ্ঞতা, উদ্ভিদৰ জাতি-প্ৰজাতিৰ গুণাগুণ, বিভিন্ন উদ্ভিদৰ অৱস্থা, ব্যৱহাৰ আৰু সংৰক্ষণ ইত্যাদিৰ ক্ষেত্ৰত যি অপৰিমীয় জ্ঞানৰ পৰিচয় দিছিল সেইখিনিয়েই আধুনিক কৃষি বিজ্ঞানৰ  পদ্ধতি। সঞ্চয় আৰু সম্প্ৰসাৰণ, পাৰিপাশ্বিক ভাৰসাম্যতাৰ অগ্ৰগতিত এই দিশ বিলাকৰ কথাকে বুজায়”।

“তাই আহোম স্বৰ্গদেউসকলে বৃক্ষ ৰোপণতো গুৰুত্ব আৰোপ কৰিছিল। স্বৰ্গদেউসকলে ৰাজসিংহাসনত উঠাৰ সাতদিনৰ পাছত শুভদিন চাই চৰাইদেউত আওবড় আৰু পাটকাইট বড়গছ ৰুইছিল”।

দক্ষিণ-পুব এচিয়াৰ দেশসমুহ সাধাৰণতে কৃষিভিত্তিক দেশ। কৃষি কৰ্মৰ ওপৰতে সেই দেশসমুহে নিৰ্ভৰ কৰে। অসমতো আহোম স্বৰ্গদেউসকলে প্ৰধানকৈ কৃষিকৰ্মৰ ওপৰতে নিৰ্ভৰ কৰি দেশ শাসন কৰিছিল। তেখেতসকলে সমাজতান্ত্ৰিক সমবায়ভিত্তিক সমাজ ব্যৱস্থাৰ দ্বাৰা অসমক শাসন কৰিছিল। আজিও অসমীয়া সমাখনত ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হয়। আজি আধুনিক প্ৰযুক্তি বিদ্যা আৰু বিশ্বায়নৰ যুগত গৰু-মহেৰে হাল বোৱা পৰিৱৰ্তে টেক্টৰে মাটি চহোৱা হয়। যুগ যুগ ধৰি খেতি কৰি অহাৰ ফলত আগৰ সাৰুৱা মাটিত ৰাসায়নিক সাৰ, ডি.এ.পি; এম. অ.পি. আদি প্ৰয়োগ কৰা হয়। পুৰ্ব পাইক প্ৰথা দিনৰ মাটি বংশানুক্ৰমিকভাৱে ভাগ ভাগ হৈ খেতি মাটিৰ সংকোচিত হোৱাৰ ফলত আধুনিক প্ৰযুক্তি আৰু কৃষি গৱেষকসকলে আৱিষ্কাৰ কৰা ধান খেতি কৰিবলৈ লোৱা হ’ল। তথাপিও কোমল চাউল, বৰা চাউল, আখৈ, হুৰুম আদিৰ জলপান আদি বৰা ধান আৰু শালি ধানৰ পৰাই তৈয়াৰ কৰা হৈছিল। আজিও লাওপানী (সাঁজপানী) আৰু লুকলাও ( ৰহি সাঁজপানী) চেৱাদিয়া বৰাভাতো আহোমসকলৰ পৰম্পৰাগত খাদ্য। তামোল-পাণ খোৱাও অতিথিক আপ্যায়ন কৰা আহোমসকলৰ পৰম্পৰা ৰীতি।

লেখক: ড° ৰত্নগোপাল গগৈ (সেউজ সোপান)

3.16
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top