মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / টিমামাহ আৰু মগুমাহৰ নতুন উন্নত জাত
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

টিমামাহ আৰু মগুমাহৰ নতুন উন্নত জাত

টিমামাহ আৰু মগুমাহৰ নতুন উন্নত জাতৰ বিষয়ে লিখা হৈছে

 

মাটিমাহ আৰু মানুহৰ স্বাস্থ্যৰ বাবে মাহজাতীয় শস্যৰ আৱশ্যকতা পুনৰ দোহৰা নিশ্চয় নিষ্প্ৰয়োজন।অসম তথা ভাৰতবৰ্ষ মাহৰ উৎপাদনৰ ক্ষেত্ৰত তেনেই পিছপৰা।মাহৰ বীজ আৰু দাইলৰ ঘাটিৰ পৰিসৰ পিছে তেনেই চকুত লগা।সেয়ে মাহৰ ৰাষ্ট্ৰীয় চাহিদা স্বয়ং পুৰাবৰ বাবে ভাৰত চৰকাৰে ‘মাহৰ বীজ ভাণ্ডাৰ’আদিকে ধৰি কেতবোৰ বিশেষ আঁচনি প্ৰৱৰ্তন কৰিছে।আমাৰ ৰাজ্যতো এই আঁচনিসমুহ পুৰ্ণোদ্যমে চলি আছে।এই আঁচনিবোৰৰ লক্ষ্যপ্ৰাপ্তিৰ মুল আধাৰ হ’ল উন্নত জাত।বীজ তথা খাদ্য উৎপাদনৰ হেতু কৰা খেতিৰ বাবে অধিক উৎপাদনক্ষম,ৰোগ প্ৰতিৰোধ ক্ষমতাসম্পন্ন জাত হোৱাটো বাঞ্জনীয়।

ৰাষ্ট্ৰীয়ভাৱে অসমৰ বাবে অনুমোদিত খাৰিফ (সিঁচাৰ সময় আগষ্ট মাহৰ মাজভাগৰ পৰা ছেপ্টেম্বৰৰ মাজভাগলৈ)শস্য বতৰত কৰিব পৰা মাটিমাহৰ জাতসমুহ হ’ল-ডব্লিউ বি ইউ ১০৯ আৰু এছ বি চি ৪০।

দ্বিতীয় জাতটো আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ,চিলঙনীত উদ্ভাৱন কৰা হৈছে।এই জাতটোৱে ২০১৪ চনত ৰাজ্যিকভাৱে মুক্তিলাভ কৰিছে।ইয়াৰ শস্যকাল ৭৫-৮০ দিন।গড় উৎপাদন ১৫-১৬ কুইণ্টল প্ৰতি হেক্টৰে।ই পাতত দাগ পৰা আৰু ভাইৰাছজনিত হালধীয়া পৰা ৰোগৰ প্ৰতিৰোধ ক্ষমতা বহন কৰে।

‘ডব্লিউ বি ইউ ১০৯’বা সুলতা নামৰ জাতটো পশ্চিমবংগৰ বেহৰামপুৰত উদ্ভাৱিত।৭০-৭৫ দিন শস্যকাল,ভাইৰাছজনিত হালধীয়া পৰা ৰোগ প্ৰতিৰোধ ক্ষমতাসম্পন্ন তথা প্ৰতি হেক্টৰে ১০-১২ কুইণ্টল উৎপাদনক্ষম।এই জাতটোৱে ২০০৮ চনত মুক্তিলাভ কৰিছিল।

উপৰিউক্ত জাত দুটাৰ উপৰি ‘পি ইউ ৩১’নামৰ আন এটা জাত আমাৰ ৰাজ্যৰ বাবে অতি উপযোগী।এই জাতটো উত্তৰাঞ্চলৰ পণ্ট নগৰত অৱস্থিত জি বি পণ্ট কৃষি আৰু কাৰিকৰী বিশ্ববিদ্যালয়ত উদ্ভাৱন কৰা।ভাইৰাছজনিত হালধীয়া পৰা ৰোগ প্ৰতিৰোধক ৭০-৭৫ দিন শস্যকালৰ এই জাতটোৱে ২০০৫ চনত মুক্তিলাভ কৰিছিল।

মগুমাহৰ ৰাষ্ট্ৰীয়ভাৱে অসমৰ বাবে অনুমোদিত খাৰিফ শস্য বতৰত কৰিব পৰা জাত দুটা হ’ল-‘এছ জি চি ১৬’আৰু ‘আই পি এম ০২-৩’

নগাঁৱৰ চিলঙনীত থকা আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত উদ্ভাৱিত ২০১৪ চনত ৰাজ্যিক পৰ্যায়ত মুক্তিলাভ কৰা মগুমাহৰ জাতটো হ’ল ‘এছ জি চি ১৬’।ইয়াৰ উৎপাদন ক্ষমতা ১৩-১৪ কুইণ্টল প্ৰতি হেক্টৰে।শস্যকাল ৬০-৬৫ দিন।ই পাতত দাগ পৰা আৰু হালধীয়া পৰা ৰোগ প্ৰতিৰোধক্ষম।‘আই পি এম-০২-৩’জাতটো উত্তৰ প্ৰদেশৰ কাণপুৰত অৱস্থিত ভাৰতীয় মাহজতীয় শস্য গৱেষণা প্ৰতিষ্ঠান(ICAR-IIRP) ত ২০০৯ বৰ্ষত উদ্ভাৱন কৰা।ইয়াৰ শস্যকাল ৬২-৬৮ দিন আৰু গড় উৎপাদন প্ৰতি হেক্টৰে ১১ কুইণ্টল।ইয়াৰ YMV প্ৰতিৰোধ ক্ষমতা আছে।

ইয়াৰ ভিতৰত ‘পি ইয় ৩১’,’এছ বি চি ৪০’(মাটিমাহৰ জাত),’এছ জি চি ১৬’, ‘আই পি এম ০২-৩’(মগুমাহৰ জাত)আদি জাতৰ বীজ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ নগাঁৱৰ চিলঙনীত অৱস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত উপলব্ধ।জাতভেদে প্ৰজননবিদৰ (Breeder seed)তথা মুল বীজ(Foundation seed) পোৱাৰ সুবিধা আছে।

লেখক:ডা: হেমেন কলিতা,ড° ৰঞ্জনা চক্ৰৱৰ্তী (নিয়মীয়া বাৰ্তা)

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top