মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / টেঙা শস্যত সাৰ প্ৰয়োগ পদ্ধতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

টেঙা শস্যত সাৰ প্ৰয়োগ পদ্ধতি

টেঙা শস্যত সাৰ প্ৰয়োগ পদ্ধতিৰ বিষয়ে লিখা হৈছে

 

ফল-মূল শস্যবোৰৰ ভিতৰত ফলমূল টেঙা শস্যৰো এটা সুকীয়া স্থান আছে। অসম তথা উত্তৰ-পূব অঞ্চল পৃথিৱীত টেঙা শস্যৰ বাবে বিখ্যাত। কাৰণ উত্তৰ-পূব অঞ্চল হৈছে টেঙা শস্যৰ কিছুমান প্রজাতিৰ উৎপত্তিস্থল। অসমত উপলব্ধ হোৱা কমলা টেঙা (খাচী মেন্দেৰিন)। চকলা টেঙা, জৰাটেঙা, গোল নেমু, আছাম লেমন নামৰ নেমুটেঙা ইত্যাদিৰ বাবে অসমৰ স্থান সুকীয়া। গতিকে বর্তমান অসমত আছাম লেমন, কমলাটেঙা, গোলনেমু, ৰবাব টেঙাৰ খেতি ঠাই বিশেষে ব্যৱসায়িক ভিত্তিত খেতি কৰা হয়।

ব্যৱসায়িক ভিত্তিত খেতি কৰি উৎপাদন বঢ়াবৰ বাবে বৈজ্ঞানিক ভিত্তিত চকু-কোণ মাৰি খেতি কৰিব লাগিব। সঁচ বাছনিৰ পৰা আৰম্ভ কৰি ৰোপণ প্রণালী, পদ্ধতি, সাৰ-গোবৰকে প্রয়োগ কৰাকে আৰম্ভ কৰি সকলো বিলাক প্ৰতিপালন ব্যৱস্থা একাদিকক্ৰমে কৰিব লাগিব। শস্যৰ উৎপাদন বঢ়াবৰ বাবে আৰু গুণগত মানৰ ফল পাবৰ বাবে টেঙা শস্যৰ গছত মাটিৰ উৰ্বৰতা অনুসৰি সাৰ-প্রয়োগ কৰিব লাগিব। অন্য ফল-মূল শস্যৰ তুলনাত গছে প্রতি সাৰৰ পৰিমাণ বেছি আৰু মুখ্য সাৰ যেনে নাইট্র’জেন, ফছফৰাছ আৰু পটাছ সাৰৰ বাহিৰেও গৌণ সাৰ প্রয়োগ কৰা অপৰিহার্য হৈ পৰে। কাৰণ গৌণ মৌল বা সাৰৰ অভাৱত বিশেষকৈ দস্তা, লৌহ, তাম বৰণ, মেংগানিজ, আদি মৌলৰ অভাৱত টেঙা শস্যৰ গঠন, বাঢ়ন, ফুল, ফল আদিৰে ফলৱতী হোৱাত ব্যাঘাত জন্মায়।

মাটিৰ গড় সাৰুৱা তাৰ ওপৰত নিৰ্ভৰ কৰি টেঙা শস্যৰ ভিতৰত নেমু শস্যৰ (কাজিনেমু আৰু গোল নেমুৰ বাবে) ফলৱতী গছত গছে প্রতি ৪-৫ পাচি গোবৰ, ১২০০ গ্রাম ইউৰিয়া সাৰ, ২৫০০ গ্রাম একক ছুপাৰ ফছফেট আৰু ১০০০ গ্রাম মিউৰেট অব পটাছ সাৰৰ প্রয়োজন হয়। সাৰখিনি সমানে তিনিভাগ কৰি এভাগ চ’ত-বহাগ মাহত অর্থাৎ গর্ভধাৰণ হোৱাৰ পাছত, এভাগ জেঠ-আহাৰৰ মাজত আৰু তৃতীয় ভাগটো আহিন-কাতি মাহত প্রয়োগ কৰিব লাগে। কমলা টেঙা, সুমথিৰা টেঙা আৰু ৰবাব টেঙাৰ আদি শস্যৰ বাবে অনুমোদিত সাৰৰ পৰিমাণ হৈছে ফলৱতী গছে প্রতি ৪-৫ পাচি গোবৰ বা পচনসাৰ, ১৫০০ গ্রাম ইউৰিয়া সাৰ, ৩৫০০ গ্রাম একক ছুপাৰ ফছফেট সাৰ আৰু ৮৫০ গ্রাম মিউৰেট অব পটাছ সাৰৰ প্রয়োজন হয়। নেমু গছত প্রয়োগ কৰাৰ দৰে কমলা, সুমথিৰা আদি গছতো সাৰখিনি তিনি ভাগ কৰি এভাগ চ’ত-বহাগ মাহত, এভাগ জেঠ-আহাৰ মাহত আৰু তৃতীয় ভাগটো আহিন-কাতি মাহত প্রয়োগ কৰিব লাগে।

গছত সাৰ প্রয়োগৰ বাবে গছজোপাই আগুৰি ৰখা মাটিখিনিৰ পৰা বন-বাতবোৰ আঁতৰাই এবাৰ পাতলীয়াকৈ কোৰ মাৰি প্ৰথমে আধা ভাগ গোবৰ চাৰিওফালে সমভাৱে ছটিয়াই দিব লাগে আৰু পাছত বাকী থকা গোবৰখিনি সাৰৰ ওপৰত ছটিয়াই কোৰেৰে মিহলাই দিব লাগে। এনেদৰে সাৰ প্রয়োগ কৰাৰ মুখ্য উদ্দেশ্য হৈছে সাৰখিনি সমভাৱে গছৰ চাৰিওফালে পৰে। মাটিত জীৱ থাকিলেহে সাৰ প্রয়োগ কৰিব লাগে।

টেঙা শস্যত গৌণ সাৰ বা অনুসাৰৰ প্রয়োজনীয়তা অপৰিহার্য। অনুসাৰৰ অভাৱ পূৰাবৰ অর্থে বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ অনুসাৰৰ মিশ্রণ যেনে পলিমেক্স, মাল্টি প্লেক্স, এগ্রমিন, ট্রেছেল আদিৰ যিকোনো এটা শতকৰা দশমিক তিনি ভাগ শক্তিৰ মিশ্রণ তিনিবাৰ গছত ছটিয়াব লাগে। এবাৰ জেঠ মাহত, এবাৰ আহাৰ মাহত আৰু এবাৰ শাওণ মাহত বা আহাৰ-শাওণ-ভাদ মাহত| এটা মাহৰ ব্যৱধানত তিনিবাৰ ছটিয়াব লাগে। অনুসাৰৰ প্রয়োগে গছজোপা গঠন, বাঢ়ন ভাল হয়। ফল সৰি পৰাটো কম হয় আৰু ফলৰ গুণাগুণ উন্নত হয়। কাৰণ টেঙা শস্যত অনুসাৰৰ অভাৱৰ বাবে গছজোপা লাহে লাহে মৰি আহিব ধৰে। অৱশ্যে ইয়াৰ বাবে অন্য কিছুমান কাৰণো আছে। দস্তা মৌলৰ অভাৱত গছৰ পাতবোৰ সৰু সৰু আৰু থিয় হয়। তাম, লৌহ সাৰৰ অভাৱত কুমলীয়া আৰু উৎপাদনক্ষম পাতৰ ক্ষমতা কমি যায়। ব’ৰন সাৰৰ অভাৱত পাতত ক’লা দাগ পৰে, ফলবোৰ সৰু হয়, সঠিক আকাৰৰ নহয় আৰু গুণগত মান কমি যায়। গতিকে টেঙা শস্যত মুখ্যসাৰ আৰু অনুসাৰৰ ব্যৱহাৰ সঠিক আৰু সময়োপযোগী হ’ব লাগে।

লিখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস, দৈনিক জনমভূমি।

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top