মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / তিচি- ইয়াৰ উদ্যোগিক ব্যৱহাৰ আৰু ঔষধি গুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তিচি- ইয়াৰ উদ্যোগিক ব্যৱহাৰ আৰু ঔষধি গুণ

তৈল বীজ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰ পৰাই ভাৰতত তিচিৰ খেতি কৰা হৈছিল| প্ৰধানকৈ তেলৰ বাবেই ইয়াৰ

বিৱৰণ

তৈল বীজ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰ পৰাই ভাৰতত তিচিৰ খেতি কৰা হৈছিল| প্ৰধানকৈ তেলৰ বাবেই ইয়াৰ খেতি কৰা হৈছিল যদিও দেখা গৈছে যে তিচি গছৰ সকলো অংশই ব্যৱহাৰৰ উপযোগী| দক্ষিণ পশ্চিম এছিয়াৰ বিশেষকৈ তাৰ্কিস্থান, আফগানিস্থান আৰু ভাৰতবৰ্ষত প্ৰধানকৈ তেলৰ বাবে ইয়াৰ খেতি কৰা হৈছিল| বিশ্বৰ তিচিৰ মুঠ মাটিকালিৰ ১৬ শতাংশ আমাৰ দেশখনে আগুৰি আছে আৰু বিশ্বৰ মুঠ উৎপাদনৰ ৭ শতাংশ আমাৰ দেশখনে পূৰণ কৰে| আমাৰ মাটি আৰু জলবায়ু তিচি খেতিৰ বাবে উপযোগী| আমাৰ ৰাজ্যখনত সাধাৰণতে বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতি হিচাপে ইয়াৰ খেতি কৰা হয়| বৰ্তমান সময়ত বহু অঞ্চলত ধান চপোৱাৰ আগে আগে ‘ৰিলে’ হিচাবে তিচিৰ খেতি কৰা হয়| অন্যান্য ৰবি শস্যৰ তুলনাত তিচিৰ খেতি আমাৰ বহুতো কৃষকৰ বাবে নতুন খেতি হ’লেও অসমৰ জলবায়ুত ইয়াৰ খেতি কৰি বিশেষকৈ ধান খেতিৰ পিচত ছন পৰি থকা মাটিত বৰষুণ নিৰ্ভৰ খেতি হিচাপে পলমকৈ কৰিও যথেষ্ট ভাল উৎপাদন পোৱাটো সম্ভৱ| কম সাৰুৱা মাটি, কম পৰিমাণৰ বৰষুণ, উদঙীয়া গৰু ছাগলী আদিয়েও ইয়াৰ উৎপাদনত বিশেষ প্ৰভাৱ পেলাব নোৱাৰে| অসমৰ বজাৰত বৰ্তমান সময়ত তিচি কুইণ্টলে প্ৰতি ৩৫০০-৪০০০ টকাত বিক্ৰী হয়|

তিচিৰ ইংৰাজী নাম হ’ল Linseed আৰু ইয়াৰ বৈজ্ঞানিক নাম Linum usitatissimum. ই ‘লিনিয়েচি’ পৰিয়ালৰ এবিধ আঁহ আৰু তেল দুয়োটাই দিব পৰা শস্য| তিচিৰ খেতি প্ৰধানতঃ তেলৰ বাবেই কৰা হৈছিল যদিও বৰ্তমান তিচিৰ গা-গছৰ পৰা উন্নত মানৰ আঁহ উৎপাদন কৰিব পৰা হৈছে| ইতিমধ্যে গুটি আৰু আঁহ দুয়োটাই দিব পৰা জাতও উদ্ভাৱন কৰা হৈছে| সাধাৰণতে তিচিৰ তেল খাদ্য হিচাপে ব্যৱহাৰ কৰিব পৰা হোৱা নাছিল| কিন্তু এতিয়া খোৱাৰ উপযোগী তিচি তেলৰ বাবে জাত উদ্ভাৱনৰ প্ৰচেষ্টা হাতত লোৱা হৈছে| ই আমাৰ বাবে অতি সু-খবৰ|

তিচিৰ উদ্যোগিক ব্যৱহাৰ:-

তিচি তেল মূলতঃ উদ্যোগিক তেল হিচাপে ব্যৱহাৰ কৰা হয় আৰু শতকৰা ৮০ ভাগ উৎপাদিত তেল পেইণ্ট, বাৰ্ণিছ, ক’টিং তেল হিচাপে, লিন’নিয়াম, পেড আৰু ছপাখানাৰ চিয়াহী, চামৰা উদ্যোগ, চাবোন উদ্যোগ আদিত ব্যৱহাৰ কৰা হয়| তিচিৰ গা-গছৰ পৰা উৎকৃষ্ট আঁহ পোৱা যায় আৰু এই আঁহবিলাক শক্তিশালী আৰু দীৰ্ঘদিন ধৰি ভালে থাকে| এই আঁহ অতি সহজতে অন্য আঁহ যেনে- উল, কপাহ, পাট আদিৰ লগত মিহলাই উন্নতমানৰ আঁহ প্ৰস্তুত কৰিব পাৰি| ইজিপ্তীয় সভ্যতাত ইয়াৰ আঁহ ব্যৱহাৰ কৰি কাপোৰ তৈয়াৰ কৰাৰ উল্লেখ আছে| লিঅলাইটিক যুগৰ আগতেও উত্তৰ ইউৰোপত তিচি আঁহৰ পৰা কাপোৰ তৈয়াৰ কৰা হৈছিল|

তিচিৰ আঁহবিলাক কোমল, উজ্জ্বল, মজবুত আৰু নমনীয়| ভাল আৰু মিহি সুতা বিলাক কাপোৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় আৰু খহটা আৰু টান সুতা বিলাক সাধাৰণতে ৰচী আৰু টুৱাইন উৎপাদনত ব্যৱহাৰ হয়| উন্নত মানদণ্ডৰ কাগছ তৈয়াৰ কৰোতেও তিচিৰ আঁহ ব্যৱহাৰ কৰা হয়| উদাহৰণস্বৰুপে, টকা বনোৱা কাগজ, চিগাৰেট বা মিক্সাৰৰ কাগজ, চাহৰ বেগ আদিত ইয়াক ব্যৱহাৰ কৰা হয়| ইয়াৰ সুতা মাছ ধৰা জাল, কাপোৰ চিলোৱা সুতা, কাৰপেট, মোচা কাপোৰ, টিচু কাগজ, জুই নুমুওৱা হুচ পাইপ, গৰম পানীৰ বেগ আদি তৈয়াৰত ব্যৱহাৰ কৰা হয়|

তিচিৰ ঔষধি মূল্য:-

তিচি ফাইবাৰ বা আঁহ, ভিটামিন আৰু প্ৰটিন চহকী খাদ্য| তিচিৰ গুটিবিলাক পিহি ব্ৰেড, বাৰগা্‌ৰ বা অন্য খাদ্যত মিহলাই খাব পাৰি| তিচিত শতকৰা প্ৰায় ৫০ ভাগ আঁহ থাকে| আঁহ বেছি থকা খাদ্য অতি শকত বা স্থুলতা ৰোগীৰ বাবে অতি প্ৰয়োজনীয়| তিচি তেলত থকা ওমেগা-৩ আৰু ওমেগা-৬ নামৰ ফেটি এচিড আমাৰ শৰীৰৰ বাবে বিশেষকৈ হৃদপিণ্ড সৱল কৰাৰ বাবে অতি আৱশ্যক| ইয়াৰ উপৰিও উচ্চ ৰক্তচাপ, হৃদৰোগ, বহুমূত্ৰ আৰু পেটৰ বিভিন্ন অসুখৰ বাবে তিচি অতি উপযোগী| সম্প্ৰতি কেঞ্চাৰৰ চিকিৎসাতো তিচি ব্যৱহাৰ কৰি সুফল পোৱা গৈছে|

তিচিত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰটিন পোৱা যায় য’ত ৮ বিধ এমাইন’ এচিডেই থাকে| তিচিৰ পৰাই লিন’লেনিক এচিড, কাৰ্বহাইড্ৰেট, ভিটামিন আৰু মিনাৰেল পোৱা যায়| চিকিৎসা বিজ্ঞানৰ আধুনিক গৱেষণাত দেখা গৈছে যে তিচিত উপলব্ধ ওমেগা-৩ আৰু ওমেগা-৬ ফেটি এচিড সমূহে আমাৰ শৰীৰৰ পৰিপুষ্টি আৰু ৰোগ নিয়ন্ত্ৰণত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে| শেহতীয়াকৈ তিচিৰ তেল নিষ্কাষনৰ পিছত পোৱা তিচি খলিহৈ উন্নত জাতৰ কুকুৰাক খুৱাই সেই কুকুৰাৰ পৰা ওমেগা-৩ ফেটি এচিড সমৃদ্ধ কণী উৎপাদন কৰিব পৰা হৈছে| এই কণী আমাৰ শৰীৰৰ বাবে অতি উপযোগী| ইয়াৰ উপৰিও তিচিৰ তেল, অশ্বগন্ধা আৰু ভিটামিন-ইৰ লগত মিহলাই মহাৰাষ্ট্ৰৰ পুনেস্থিত EnSigns, Dietcare Pvt.Ltd য়ে Gurukul alphalite, Omega Shakti ৰ দৰে কেপচুল উৎপাদন কৰি বিক্ৰী কৰিছে| তিচিৰ তেল ও Alphalite flaxseed হিচাপে বিক্ৰী হৈ আছে য’ত ৫৫.৬% ওমেগা-৩ ফেটি এচিড থাকে| এই তেলৰ ব্যৱহাৰে তেজৰ কলেষ্টৰেল আৰু ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে| তদুপৰি ইয়াৰ ব্যৱহাৰে মানসিক অস্থিৰতা কমোৱাৰ লগতে ই চকু আৰু মগজুৰ বাবে স্নায়ু টনিক হিচাপে কাম কৰে| ই আমাৰ শৰীৰটোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে|

বৰ্তমান সময়ত তিচিৰ খাদ্য মূল্যক যথেষ্ট গুৰুত্ব দিয়া হৈছে| ইয়াৰ কাৰণ হৈছে তিচিত থকা উচ্চ পৰিমাণৰ ওমেগা-৩ ফেটি এচিড (৫৫-৬০%) আৰু উচ্চ দ্ৰৱণীয় আঁহ| ইমান খিনি খাদ্য বা ঔষধি মূল্য থকা স্বত্বেও তিচিৰ সহজ ব্যৱহাৰ এতিয়াও সম্ভৱ হোৱা নাই যদিও এই সম্পৰ্কে গৱেষণা যথেষ্ট আগবাঢ়িছে আৰু আশা কৰা হৈছে খুউব সোনকালে কৃষক ৰাইজলৈ সহজে ব্যৱহাৰ কৰিব পৰা তিচিৰ জাত আগবঢ়াই দিব পৰা যাব| এই লেখাত যিবিলাক ঔষধৰ ব্যৱহাৰৰ কথা উল্লেখ কৰা হৈছে সেইবিলাকৰ ক্ষেত্ৰত ওমেগা-৩ ফেটি এচিড বিধ Cold pressed extraction ৰ জৰিয়তে নিষ্কাষন কৰা হয়, যিটো ব্যৱস্থা অতি খৰচী আৰু সুলভ নহয়| সাধাৰণ ব্যৱস্থাৰে নিষ্কাষন কৰা তিচি তেলত যথেষ্ট পৰিমাণে প্ৰতি খাদ্যমৌল থাকে যাৰ বাবে এই তেল খোৱা উপযোগী নহয়, তথাপিও ইয়াৰ উদ্যোগিক আৰু ঔষধি মূল্যৰ বাবে আৰু সহজতে কৰিব পৰা গুনৰ কথা চিন্তা কৰি অসমৰ কৃষক সকলে শালিধানৰ পাছত ছন পৰি থকা মাটিখিনিত ইয়াৰ খেতি কৰি আৰ্থিক ভাৱে লাভৱান হোৱাৰ বাবে তিচিৰ গুৰুত্ব উপলব্ধি কৰি ইয়াৰ খেতি কৰাত মনোনিৱেশ কৰিব লাগিব|

লিখকদ্বয় :শ্ৰী উৎপল কুমাৰ বড়া,  ড তুলসী প্ৰসাদ শইকীয়া

আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ,

অসম কৃষি বিশ্ববিদ্যালয়,

চিলঙণী, নগাঁও-৭৮২ ০০২, অসম

2.94285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top