মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / থলুৱা গৌণ ফল-মূলৰ উপকাৰিতা আৰু সংৰক্ষণ ব্যৱস্থা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

থলুৱা গৌণ ফল-মূলৰ উপকাৰিতা আৰু সংৰক্ষণ ব্যৱস্থা

থলুৱা গৌণ ফল-মূলৰ উপকাৰিতা আৰু সংৰক্ষণ ব্যৱস্থাৰ বিষয়ে লিখা হৈছে

 

জীয়াই থাকিবলৈ মানৱ দেহক বিভিন্ন খাদ্যৰ প্রয়োজন হয়। কাৰণ এই খাদ্যবোৰে গঠন, বাঢ়ন আৰু পৰিপুষ্টি সাধন কৰে আৰু ইয়াৰ বাবে আমি শ্বেতসাৰ, প্ৰ’টিন, চৰ্বী জাতীয় খাদ্য খোৱাৰ লগে লগে সম্পূর্ণ পৰিপুষ্টিৰ বাবে নানাবিধ ভিটামিন বা খাদ্যপ্রাণ আৰু খনিজ লৱণৰ অতি প্রয়োজন হয়। এই খাদ্যপ্রাণ বা ভিটামিন আৰু খনিজ লৱণবোৰ ফল-মূল আৰু শাক-পাচলিতহে থাকে। ফলমূলবিলাকত নানাবিধ ভিটামিন আৰু খনিজ লৱণ থকাৰ উপৰি কম-বেছি পৰিমাণে শ্বেতসাৰ, প্ৰ’টিন, চৰ্বিও থাকে বাবে আমাক দৈনিক এটা নির্দিষ্ট পৰিমাণৰ ফলৰ আৱশ্যক হয়। ফল-মূল শস্যবোৰত এইবিলাক গুণাগুণৰ বাহিৰেও হজম হোৱা শক্তি চেলুল'জ, পেকটিক, জৈৱিক অম্ল ইত্যাদি যথেষ্ট পৰিমাণে থাকে, যি বিলাক চাউল, আটা, দাইল, তেল আদিত নেথাকে। ফল-মূলবিলাকৰ ঔষধি গুণো আছে।

অসমৰ মাটি আৰু জলবায়ু অনুযায়ী মুখ্য ফল-মূল যেনে কল, কমলা, চকলা, নেমু, মাটিকঁঠাল, কঁঠাল, আম, অমিতা, আদিৰ বাহিৰেও বহুতো থলুৱা ফল-মূল আছে, যি বিলাকৰ গুণা-গুণ মুখ্য ফলবোৰৰ দৰেই। কিন্তু এই গৌণ আৰু থলুৱা ফল-মূলবোৰৰ এই গুণাগুণবোৰৰ বাহিৰেও বহুতো ঔষধি গুণ আছে। অসমত সহজতে হোৱা থলুৱা ফলবোৰ হৈছে- আমলখি, শিলিখা, জলফাই , অমৰা, নগাটেঙা, কজ্জাটেঙা, মিৰিকা টেঙা, ঠেৰেজু আতলাচ, ঔটেঙা, লেটেকু, পনিয়ল, ভোমোৰা, পোৰা আমলখি, হেলচ, বৰথেকেৰা, কুজী থেকেৰা, ৰূপহী থেকেৰা, মাহীথেকেৰা, নুনি, বহঁত, ডিমৰু, ক’লাজামু, কৰদৈ, ৰহদৈ, বগৰী, আহোম বগৰী, নৰা বগৰী, বেল, বন পিঠা, কপাল ফুটা, নগা লিচু ইত্যাদি। অসমৰ গঞাজীৱন এই থলুৱা ফল-মূলবোৰ উপকাৰিতা আৰু ভূমিকাৰ কথা কেইটামান উদাহৰণে শেষ কৰিব নোৱাৰি। বছৰৰ বিভিন্ন সময়ত পূৰঠ হোৱা বতৰৰ ফল হিচাপে ব্যৱহাৰ কৰাৰ উপৰি ইয়াৰ গা-গছৰ পৰা খেতিৰ সঁজুলি, খৰি-কাঠ যোগান ধৰালৈকে সামৰি ল’ব পাৰি। আজিৰ আধুনিক জীৱনত আপেল, আঙুৰ, মৌচুমী আদি ফলৰ প্ৰভাৱৰ পৰা মুক্ত হৈ বাৰীৰ ফল হিচাপে মধুৰী, বগৰী আদিৰ  লগতে সহজে উপলব্ধ হোৱা এই থলুৱা ফলসমূহকে বেছি পৰিমাণে ব্যৱহাৰ কৰিছিল।

অসমৰ বাৰী-ঘৰ, হাবি-বননিত পোৱা প্রায়বোৰ থলুৱা ফলমূলতে প্ৰ’টিন, ভিটামিন, খনিজ লৱণ, শ্বেতসাৰ আদিত চহকী। ফলমূলবোৰৰ ভিতৰত আমলখিত বেছিকৈ ভিটামিন “চি” পোৱা যায়। অর্থাৎ প্রতি ১০০ গ্রাম আমলখিৰ মঙহত ৬০০ মিলিগ্রাম ভিটামিন “চি” পোৱা যায়। লেটেকু, পনিয়ন, কৰ্দৈ, বেল আদিত খনিজ লৱণ যেনে, কেলচিয়াম, মেগনেচিয়াম, ফচফৰাচ, চালফাৰ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। লেটেকু, জলফাই, পনিয়ল, নৰা বগৰী থেৰেজু আদিত থকা প্ৰ’টিন আৰু ভিটামিন 'চি'ৰ পৰিমাণ আপেল, আঙুৰতকৈ বেছি। ঔটেঙা, পনিয়ল, কৰ্দৈ থেৰেজু আদি থলুৱা ফলবোৰত খোৱাৰ উপযোগী আঁহযুক্ত পদার্থ জৈৱিক ৰাসায়নিক পদার্থ যেনে এণ্টি অক্সিডেণ্ট, কেৰটিনইড, ফেনলছ, টেনিন ইত্যাদিৰ উপৰি ভিটামিন এ, বি, চি বিভিন্ন পৰিমাণত পোৱা যায়। এই গৌণ আৰু থলুৱা ফলবোৰ নানান বেমাৰৰ ঔষধ হিচাপে অতীতৰে পৰা গঞা ৰাইজে ব্যৱহাৰ কৰি আহিছে। উদাহৰণস্বৰূপে কৰ্দৈ জণ্ডিচৰ বেমাৰ, ঔটেঙা মধুমেহ আৰু কাহৰ ঔষধ, লেটেকুৰ গুটি এজমা, ব্রংকাইটিচ অসুখ, পনিয়ল গছৰ ফল, শিপা, পাত, কোমল ডাল আদি আয়ুর্বেদিক ঔষধত, কুজী থেকেৰা, বৰথেকেৰা, ৰূপহী থেকেৰা আদি বহল পৰিমাণে ঔষধ হিচাপে ব্যৱহাৰ হয়। থেকেৰা ফলবোৰত থকা হাইডক্সি চাইট্ৰিক এচিডৰ বাবে ইহঁতক কেন্‌ছাৰ বেমাৰ প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা দেখা গৈছে।

এই গৌণ বা থলুৱা ফলমূলবোৰ অতীজৰে পৰা বীজৰ দ্বাৰাই বংশবিস্তাৰ কৰি অহা হৈছে যদিও কিছুমান ফল ডাল কাটি, শিপাৰ পৰা ওলোৱা পুলি, ডাল ধৰি আৰু ডাল জোৰা লগাই বংশবিস্তাৰ কৰিব পাৰি। কৰ্দৈ বীজ, ডালজোৰা লগোৱা পদ্ধতিৰে, ৰূপহী থেকেৰা শিপা, মিৰিকাটেঙা বীজ আৰু ডাল কাটি ৰোৱা হয়। গতিকে আহক যিমান পৰা যায় এই থলুৱা ফল-মূলবোৰ ৰোপণ কৰক, বাৰী-ঘৰত থকাবিলাক সংৰক্ষণ কৰক। আজিকালি এই ফল-মূলবোৰৰ পৰা যেনে কৰ্দৈ, বেল আদিৰ পুষ্টিকৰ ৰস হিচাপে ব্যৱহাৰ কৰে। আচাৰ তৈয়াৰ কৰাত এই ফল-মূলবোৰ আজিকালি বহুল পৰিমাণে ব্যৱহাৰ কৰা হয়।

লিখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস, দৈনিক জনমভূমি।

2.97435897436
দিগন্ত হাজৰিকা Apr 06, 2018 08:10 PM

ভাল লাগিল আপোনাৰ লিখনি।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top