মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / ধান খেতিত গুটি ইউৰিয়াৰ ব্যৱহাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ধান খেতিত গুটি ইউৰিয়াৰ ব্যৱহাৰ

ধান খেতিত গুটি ইউৰিয়াৰ ব্যৱহাৰৰ বিষয়ে লিখা হৈছে ।

ধান খেতিত সাৰৰ সুষম, পৰিমিত, সময়োচিত আৰু নিয়ম মাফিক ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। ইয়াকে দক্ষ সাৰ ব্যৱহাৰ বোলে।

ধান খেতিত গুটি ইউৰিয়া ব্যৱহাৰ কৰি সুষম মাত্ৰাত খেতিডৰাত ইউৰিয়া সাৰৰ ব্যৱহাৰ নিশ্চিত কৰিব পাৰি।

গুটি ইউৰিয়া -

বজাৰত পোৱা সাধাৰণ ইউৰিয়াৰপৰা ব্ৰিকেট মেচিনৰ সহায়ত গুটি ইউৰিয়া প্ৰস্তুত কৰা হয়। বৰ্তমান আমাৰ দেশত তিনি ধৰণৰ গুটি ইউৰিয়া প্ৰস্তুত কৰা হয়।

০.৭-০.৯ গ্ৰাম ওজনৰ ইউৰিয়াৰ তিনিটা গুটি ইউৰিয়া বৰো ধান আৰু দুটি গুটি ইউৰিয়া সাধাৰণ ধানৰ কঠীয়াতলীৰ মধ্যৱৰ্তী স্থানত পুতি ৰখা হয়।

অথবা ১.৫-১.৮ গ্ৰাম ওজনৰ গুটি ইউৰিয়াৰ এটা গুটি সাধাৰণ ধানৰ কঠীয়াতলীত মধ্যৱৰ্তী স্থানত পুতি দিয়া হয়।

২.৫-২.৭ গ্ৰাম ওজনৰ ইউৰিয়াৰ এটা গুটি বৰো ধানৰ কঠীয়াতলীৰ মধ্যৱৰ্তী স্থানত পুতি ৰাখিব লাগে।

গুটি ইউৰিয়াৰ ব্যৱহাৰ -

ধান খেতিত ইউৰিয়া সাধাৰণতে ছটিয়াই প্ৰয়োগ কৰা হয়। এনেভাৱে প্ৰয়োগৰ ফলত ইউৰিয়াৰ কাৰ্যকাৰিতা বহুখিনি কমি যায় আৰু শতকৰা ৭০ ভাগ পৰ্যন্ত অপচয় হৈ থাকে। এই অপচয় তিনি প্ৰকাৰে হৈ থাকে-

প্ৰথমতে, গেছ হৈ বতাহত মিহলি হয়।

দ্বিতীয়তে, পানীৰ সৈতে মিলি এডৰা খেতিৰপৰা আনডৰালৈ গুছি যায়।

তৃতীয়তে, পানীৰ সৈতে মিলি মাটিৰ গভীৰলৈ গুছি যায়।

ইয়াৰ ফলত ধান গছে খাদ্য হিচাপে প্ৰয়োজনীয় পৰিমাণৰ ইউৰিয়া গ্ৰহণ কৰিব নোৱাৰে। নানা সংস্থাৰ গৱেষণালব্ধ ফলাফলত দেখা গৈছে যে মাটিৰ ৭-১০ ছেন্টিমিটাৰ(৩ৰ পৰা ৪ ইঞ্চি) তলত পুতি দিলে ইউৰিয়াৰ কাৰ্যকৰিতা দ্বিগুণৰো বেছি বাঢ়ি যায়। তদুপৰি ধানৰ উৎপাদন যতকৰা ২০-২৫ ভাগ বৃদ্ধি পায়।

গুটি ইউৰিয়াৰ উপযোগিতা -

  • গছত নাইট্ৰ’জেন প্ৰাপ্তি দীৰ্ঘায়িত হয় আৰু বহুলাংশে বৃদ্ধি পায়। গুটি ইউৰিয়াৰ প্ৰয়োগৰ ফলত নাইট্ৰ’জেনৰ অপচয় বহুলাংশে হ্ৰাস পায়। ই গেছ হৈ বতাহত মিলি নাযায়, পানীৰ স্ৰোতত আন মাটি বা গভীৰলৈ যাব নোৱাৰে।
  • ইউৰিয়া কম লাগে। ইউৰিয়াৰ কাৰ্যকাৰিতা বৃদ্ধি পোৱাৰ ফলত ইয়াৰ প্ৰয়োজনীয়তা মাটিভেদে শতকৰা প্ৰায় ৪০ ভাগ পৰ্যন্ত কমি যায়।
  • ফলন আৰু কৃষকৰ আয় বাঢ়ে। বিভিন্ন সমীক্ষাৰ ফলাফলত দেখা গৈছে যে ছটিয়াই ইউৰিয়া ব্যৱহাৰৰ তুলনাত গুটি ইউৰিয়া ব্যৱহাৰৰ ফলত বিঘাই প্ৰতি ধানৰ উৎপাদন মাটি ভেদে ১৬৫ কিলোগ্ৰাম পৰ্যন্ত বৃদ্ধি পায়।
  • মাটি উন্নত হয়। গুটি ইউৰিয়া প্ৰয়োগৰ ফলত মাটি উৰ্বৰ হয় আৰু অধিক উৎপাদনত সহায় কৰে।

গুটি ইউৰিয়া ব্যৱহাৰ পদ্ধতি -

লাইনত ৰোপণকৃত ধানৰ বাবে:

  • গুটি ইউৰিয়া ব্যৱহাৰৰ পাঁচৰপৰা সাত দিন পূৰ্বে ২০*২০ ছেন্টিমিটাৰ(৪*৪ ইঞ্চি) লাইনৰপৰা লাইন আৰু গছৰপৰা গছ দূৰত্বত ধানৰ পুলি ৰোপণ কৰক।
  • ধানৰ পুলি ৰোপণৰ ১০-১২ দিনৰ ভিতৰত মাটি টান হোৱাৰ পূৰ্বে গুটি ইউৰিয়া প্ৰয়োগ কৰক।
  • মাটিত যেতিয়া ২-৩ ছেন্টিমিটাৰ(এক ইঞ্চি) পৰিমাণৰ পানী থাকে, সেই সময়ত গুটি ইউৰিয়া প্ৰয়োগ কৰা সহজ হয়।
  • প্ৰয়োগৰ সময়ত প্ৰয়োজনীয় পৰিমাণৰ গুটি ইউৰিয়া লওঁত, যাতে শাৰীৰ শেষ পৰ্যন্ত পৰ্যাপ্ত হয়।
  • সোঁপিনৰপৰা মাটিত গুটি প্ৰয়োগ আৰম্ভ কৰক। ধানৰ পুলিৰ এক বা দুই শাৰীৰ প্ৰতি চাৰি জোপাৰ মাজত মাটিৰ ৩ৰ পৰা ৪ ইঞ্চি(হাতৰ আঙুলিৰ সমান দীঘল) তলত গুটি ইউৰিয়া পুতি দিয়ক।

বৰো ধানত প্ৰতি চাৰি জোপাৰ বাবে ০.৯ গ্ৰাম ওজনৰ তিনিটা অথবা ২.৭ গ্ৰাম ওজনৰ এটা গুটি প্ৰয়োগ কৰক। বোকা যদি নৰম নাথাকে, তেন্তে স্থাপনকৃত স্থানবোৰক বোকাৰে ঢাকি দিব লাগে। সচৰাচৰ খেতি কৰা ধানৰ প্ৰতি চাৰি জোপাত ০.৯ গ্ৰাম ওজনৰ দুটা বা ১.৮ গ্ৰাম ওজনৰ এটা গুটি প্ৰয়োগ কৰক।

  • গুটি প্ৰয়োগ কৰি মাটিৰ শেষ প্ৰান্তত আহি প্ৰয়োজন মতে পুনৰ গুটি দিয়ক আৰু পূৰ্বৰ দৰে পৰৱৰ্তী তিনি আৰু চাৰি লাইনত পুতি চাৰি জোপাৰ মাজত তিনিটা গুটি প্ৰয়োগ কৰি সন্মুখলৈ আগবাঢ়ি যাব লাগে।
  • অনুৰূপভাৱে পুনৰ মাটিৰ শেষ প্ৰান্তত আহি পাঁচ আৰু ছয় লাইনৰ মাজত একে নিয়মেৰে গুটি প্ৰয়োগ কৰিব লাগে।
  • এই প্ৰক্ৰিয়াৰে সম্পূৰ্ণ মাটিডৰাত গুটি প্ৰয়োগ শেষ কৰক। লক্ষ্য ৰাখিব যাতে গুটি প্ৰয়োগকৃত স্থানত ভৰি নপৰে।
  • কোনো কোনো সময়ত দেখা যায় খেতিয়ক বন্ধুসকলে একেবাৰে ২ অথবা ৪ অথবা ৬ লাইনত গুটি প্ৰয়োগ কৰিবলৈ সুবিধাবোধ কৰে।
  • গুটি প্ৰয়োগৰ ৩০ দিনৰ ভিতৰত মাটিত নমা উচিত নহয়। যদি এই সময়ছোৱাত অগত্যা মাটিত নামিবই লাগে, তেন্তে যি স্থানত ভৰি ৰাখে গুটি প্ৰয়োগ কৰা হৈছিল। সেই স্থানত ভৰি থৈ মাটিত নামিব পাৰে।
  • গুটি প্ৰয়োগৰ পিছত মাটিত প্ৰয়োজনীয় পানী ৰাখিব লাগে, যাতে খেতিডৰাৰ মাটি ফাট নেমেলে।

আনভাৱে ৰোপণকৃত ধানৰ বাবে:

সাধাৰণভাৱে ৰোপণকৃত ধানৰ মাটিডৰাতো গুটি এটা স্থানত স্থাপনৰ পিছত ৪০ ছেন্টিমিটাৰ(১৬ ইঞ্চি) দূৰত্ব অটুট ৰাখি সোঁৱে-বাঁৱে আৰু সন্মুখৰ পিনে গুটি স্থাপন কৰি আগবাঢ়ি যাব পাৰে। এনে কৰিলে হয়তো প্ৰতি জোপাৰ সমদূৰত্বত গুটি স্থাপন সম্ভৱ নহ’বও পাৰে। কিন্তু উৎপাদনৰ দিশত ফচল ভালেই হয়।

গুটি ইউৰিয়া ব্যৱহাৰৰপৰা সুফল লাভ কৰিবলৈ অৱশ্যেই কৰণীয় অন্যান্য কাৰ্যক্ৰম -

  • ইউৰিয়াৰ বাদেও প্ৰয়োজনীয় অন্যান্য সকলো সাৰ ব্যৱহাৰ কৰক।
  • উচ্চ উৎপাদনশীল জাতৰ ভাল বীজ ব্যৱহাৰ কৰক।
  • যিবোৰ মাটিত পানী সোনকালে শুহি যায়, তেনেবোৰ মাটিত গুটি প্ৰয়োগ কৰক।
  • ভাল ফচল লাভৰ বাবে লাইনত ৰোপণকৃত ধানত গুটি ইউৰিয়া প্ৰয়োগ কৰক।
  • সময়মতে কীট-পতংগ নিয়ন্ত্ৰণ কৰক।
  • সময়মতে জলসিঞ্চন প্ৰয়োগ কৰক, যাতে পানীৰ অভাৱ নহয়।
  • নিয়ম মতে অপতৃণ নাশ কৰা দৰকাৰ।

গৱেষণালব্ধ ফলাফলত দেখা গৈছে যে বন্ধাকবি, ফুলকবি আৰু বেঙেনা খেতিতো প্ৰয়োজনতকৈ শতকৰা ১০-২০ ভাল কম পৰিমাণে গুটি ইউৰিয়া প্ৰয়োগ কৰিও লাভজনক ফচল পোৱা যায়। কিছু কিছু কৃষকে মাছৰ খেতিতো পুখুৰীত গুটি ইউৰিয়াৰ ব্যৱহাৰ আৰম্ভ কৰিছে।

গুটি ইউৰিয়াৰ গুণ -

  • গুড়ি ইউৰিয়াৰ কাৰ্যকাৰিতা মাত্ৰ ৩০ শতাংশ।
  • নাইট্ৰ’জেন গেছৰ আকাৰত উৰি যায়।
  • পানীৰ সৈতে মিলি মাটিৰ গভীৰলৈ গুছি যায়। গুটি ইউৰিয়াৰ তুলনাত শতকৰা ৩০-৪০ ভাগ বেছি পৰিমাণে গুড়ি ইউৰিয়া প্ৰয়োগ কৰিব লাগে।
  • এবাৰ প্ৰয়োগ কৰিলেই হয়।
  • ফচলৰ উৎপাদন বেছি হয়।
  • কৃষকৰ লাভ বেছি হয়।
  • বতাহ আৰু পানী দূষণ কৰিব নোৱাৰে।
  • হাবি-বন কম হয়।
  • পৰিৱেশ দূষণমুক্ত থাকে, কাৰণ গেছৰ আকাৰত নাইট্ৰ’জেন বতাহত মিহলি হৈ যাব নোৱাৰে।
  • পানীৰ সৈতে মিহলি হ’ব নোৱাৰে বাবে গুটি ইউৰিয়া প্ৰয়োগৰ ফলত পানী কম দূষিত হয়।

লেখক: ভাস্কৰ পাঠক(দৈনিক অসম)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top