মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / ধানখেতিত জৈৱিক পদ্ধতি আৰু প্ৰয়োজনীয়তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ধানখেতিত জৈৱিক পদ্ধতি আৰু প্ৰয়োজনীয়তা

ধানখেতিত জৈৱিক পদ্ধতি আৰু প্ৰয়োজনীয়তাৰ বিষয়ে লিখা হৈছে

 

অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু আৰ্দ্ৰতা তথা-বৰষুণৰ প্রাদুৰ্ভাৱৰ লগতে সাৰুৱা আৰু দ’ মাটিৰ বাবে কিছুমান খাদ্যবস্তু এই অঞ্চলতহে পোৱা যায়। ধানৰ বিভিন্ন প্রজাতিৰ উপৰি ১৯৬৮–১৯৬৯ চনত এই অঞ্চলত প্রায় ৬০০০-৭০০০ বিভিন্ন প্রজাতিৰ ধান ইয়াত উদ্ধাৰ কৰা হৈছিল। ইয়াৰ বাহিৰেও থলুৱা তিঁয়হ, ভেণ্ডি, অমৰা, কাজিনেমু, হাবিতলীয়া হালধি, আদা, ভোট-জলকীয়া, ইলাচী আদিৰো উৎপত্তি আৰু প্রাপ্তিস্থল ইয়াতেই।

অসম এখন কৃষিপ্রধান ৰাজ্য। ধানখেতি অসমৰ প্রধান খেতি। জলীয় বাষ্প আৰু বৰষুণ বেছি হোৱাৰ বাবে ধান খেতি ভাল হ’লেও জৈৱিক এই ধানবোৰ সংৰক্ষণ কৰাটো এটা সমস্যা। উত্তৰ-পূব ভাৰতৰ বিভিন্ন প্রজাতি ধানৰ বীজ লৈ ভাৰতত আৰু ভাৰতৰ বাহিৰতো বহু উন্নত জাতৰ ধানৰ খেতি কৰা হৈছে। অসমৰ খেতিয়ক উচ্চাকাংক্ষী নোহোৱা বাবে খেতি কৰি নিজৰ খোৱা চাউলকেইটা আৰু তাৰে অলপ বিক্ৰী কৰি তেল-নিমখকণ খায়। বাৰীৰ শাক-পাচলি, পুখুৰীৰ পুঠি-খলিহনা মাছেৰেই চলি থাকে। মানে আকালো নাই ভঁৰালো নাই অৱস্থা। এইবাবে অসমৰ খিলঞ্জীয়া অসমীয়া খেতিয়কৰ নিজৰ নামত থকা খেতিৰ মাটিৰ পৰিমাণ নিচেই নগণ্য।

উত্তৰ-পূৰ্বাঞ্চল আৰু দক্ষিণ-পূব এছিয়াৰ অঞ্চলসমূহত থকা-ধানৰ প্ৰজাতি সমূহ হৈছে—

 

(১) আহুধান।

(২) শালিধান

(৩) বৰোধান

(৪) আৰ্শ্ৰা

(৫) বাওধান

(৬) পাহাৰীয়া ধান।

আহুধান

আহুধানৰ খেতি দুটা প্ৰকাৰে কৰা হয়। আগতীয়া আৰু শেহতীয়া। তাৰে আগতীয়া খেতি ফেব্ৰুৱাৰীৰ পৰা মে’ মাহলৈ আৰু শেহতীয়া খেতি মে’ মাহৰ পৰা আগষ্ট মাহলৈ কৰা হয়। আহুধানৰ খেতি দুটা প্ৰকাৰে কৰা হয়। তাৰে এবিধ ধান ছটিয়াই বাম মাটিত কৰা হয় যেনে ৰঙাদৰীয়া, ৰঙা আহু, বাংলামী, কৈমুৰালী, দুমাই, ডিমৰুৰু, মাইবী' ইত্যাদি আৰু আনবিধ আহুধানৰ খেতি কঠীয়া ৰুই বোকা মাটিত কৰা হয়।

শালিধান

শালিধানৰ খেতি মাটি চহাই কঠীয়া ৰুই কম দ’ মাটিত কৰা হয়। বাৰিষা কালৰ শালি খেতি অসমৰ প্ৰধান খেতি। অলপ দ মাটিত শালিখেতি কৰা হয় আৰু ইয়াৰ বহুতো প্রজাতি আছে। শালিধানৰ লগে লগে অলপ কম দ মাটিত লাহী ধানৰ খেতি কৰা হয়। বোকা মাটিত কঠীয়া ৰুই লাহীখেতি কৰা হয়। লাহী ধানৰ ভিতৰত ক’লা জহা, ভোগজহা, বগাজহা, মালভোগ, বৰাধান, চকোৱা ধান, কৃষ্ণজহা, কুনকুনি জহা, গোবিন্দভোগ জহা আদিয়েই প্রধান। লাহী ধানৰ চাউল ভাত আৰু জলপান দুয়োটাতে ব্যৱহাৰ কৰা হয়। জলপানৰ লাহীধানবোৰ হৈছে বৰা, চকোৱা, মালভোগ ইত্যাদি।

পানী থকা দ মাটিত য’ত কঠীয়া ৰোৱা সম্ভৱ নহয় তেনে মাটিত বাওধান খেতি কৰা হয়। বাওধানৰ কঠীয়া নকৰি ধান হিচাপে এপ্রিল মাহ মানত ছটিয়াই দিয়া হয়। দ পানীত হোৱা এই ধানৰ চাউলৰ ৰং ৰঙা। বাওধান বিভিন্ন প্রজাতিৰ আছে। যেনে: অমনা বাও, কোকোৱা বাও, মাগুৰী বাও, জাহিঙিয়া, মমল সিঙিয়া, ৰাঙলী, নেঘেৰীবাও, যোল বাও ইত্যাদি।

খেতিয়কে বিভিন্ন প্রজাতিৰ ধান মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰে। যদি সঠিক মাটিত সঠিক মতে পোৱা নাযায়।

অসমৰ ধান খেতি মুখ্যত : জৈৱিক আছিল। পচনসাৰ, গোবৰ আদি দি কীটনাশক ঔষধ নিদিয়াকৈ কৰা এই ধানৰ পৰা ঢেকীৰে উলিওৱা চাউল অত্যন্ত সুস্বাদু আৰু স্বাস্থ্যৰ বাবে ভাল। ধানৰ তুঁহ আৰু চাউলৰ মাজত প্রায় ৭ তৰপ বিভিন্ন ভিটামিন, খনিজ দ্রব্য আৰু আইৰন থাকে। ঢেঁকীত উলিওৱা চাউলত প্রায় সকলো তৰপেই থাকে। যদিও মিলত পলিছ কৰি উলিওৱা চাউলৰ শেষৰ তৰপৰ আধাহে থাকে গতিকে আমি শ্বেতসাৰ যুক্ত চাউলহে পাওঁ, যিয়েই বহুমূত্ৰ আদি ৰোগৰ বাবে ভাতক অনুপযুক্ত কৰে। ধান চাউল উলিয়ালে অর্থাৎ উখুৱা চাউল বা ঢেঁকীৰ চাউলত প্রায়বোৰ তৰপেই থাকে। ই হজমো হয় লাহে লাহে। গতিকেই এই উখুৱা চাউলৰ ভাত বহুমূত্র ৰোগীয়ে খাব পাৰে আৰু ই ৰুটিৰ বিকল্প।

অসমৰ জলবায়ুত শতকৰা ৬০ পৰা ৭৫ ভাগ পর্যন্ত জলীয় বাষ্প থাকে। খাদ্য শস্য সংৰক্ষণৰ বাবে শতকৰা ১৫ ভাগ জলীয় বাষ্প থাকিব লাগে। তাৰ বাবে শীত-তাপ নিয়ন্ত্রিত গুদাম ঘৰতহে চাউল বা ঘেঁহু আদি সংৰক্ষণ কৰিব লাগে বা শুকান ৰাজ্যতহে ই সম্ভৱ। আমি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত চাউল সংৰক্ষণ নকৰি যুগ যুগ ধৰি ধান সংৰক্ষণ কৰাৰ কাৰণ এইটোৱেই। পঞ্জাব, হাৰিয়ানাৰ জলবায়ু শুকান, তাত ঘেঁহু বা চাউলৰ সংৰক্ষণ দৰব নিদিয়াকৈ সম্ভৱ। অসমত হোৱা বাওধান, আহুধান আৰু কেইবিধমান শালিধানৰ চাউলৰ ৰং ৰঙা। এই ৰঙা ৰং চাউলত থকা এন্থাচায়েনিন নামৰ পদার্থৰ বাবে হয়। ৰঙা এন্থাচায়িনিন ৰঙত জিংক, লৌহ-পদার্থ, ভিটামিন এ-বি, বহু এণ্টি অক্সিডেণ্ট থকা বাবে উপকাৰী। এই ভিটামিনযুক্ত জৈৱিক চাউলবোৰ বিভিন্ন সময়ত বাহিৰলৈ ৰপ্তানি কৰা হৈছিল। ৰঙাচাউলৰ জৈৱিক ধান অসমৰ ধেমাজি, লখিমপুৰ, শিৱসাগৰ, মাজুলী, দুধনৈ আদিত কৰা হয়।

ব্যৱসায়িক ভিত্তিত ধান খেতিত ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ দিয়া চাউল মুঠি লৈ আমাৰ ভৱিষ্যৎ প্রজন্মক আগবঢ়াই দিয়াটো একেবাৰে সমীচীন নহ’ব। এতিয়া ৪০ শতাংশ ঠাইতহে জৈৱিক ধানখেতি হৈ আছে। আমেৰিকাৰ দৰে ধনী দেশেও খাদ্যক জৈৱিক ভাৱেহে ব্যৱহাৰ কৰিছে। কাষতে থকা ভূটান আদি ৰাজ্যও জৈৱিক হৈছে। আমি আমাৰ চাউলমুঠি জৈৱিক পৌৰাণিক পদ্ধতিত ৰাখি বাহিৰৰ আমদানিকৃত ৰাসায়নিক চাউলখিনিক আৰু লিভাৰৰ ৰোগৰ পৰা বাছি থাকিব পাৰিম।

অসমত ধানৰ পৰা হ’ব পৰা উদ্যোগবোৰত বিভিন্ন ধৰণৰ জলপান যেনে কোমল চাউল, তিনি মাহমান থ’ব পৰা বৰাচাউলৰ শুকান পিঠা, পিঠাগুৰি, সান্দহ গুৰি, সিজাই খাব পৰা আৰৈ বৰা চাউল আদি প্রস্তুত কৰিব পাৰি। জৈৱিক বিভিন্ন ধৰণৰ চকুত লগা পেকেটত আহোম ৰজাই খোৱা জয়খামদাং খাতৰ চাউল, নগাঁৱৰ বিৰহী চাউল, লখিমপুৰ, ধেমাজি, মাজুলীৰ বিভিন্ন বাওধানৰ চাউল, অসমৰ বিভিন্ন ঠাইৰ সুগন্ধি জহা চাউলবোৰ আৰু পাহাৰীয়া চিংফৌ লাহী চাউলবোৰৰ বাবে এখন সুন্দৰ ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বজাৰ আছে।

জৈৱিক খেতি কৰিবৰ বাবে আমাক লাগিব অসমৰ চুকে-কোণে বহুতো ডায়েৰী ফার্ম যি আমাক গাখীৰ, গো-মূত্র, গোবৰ যোগান ধৰিব পাৰে। গোমূত্র কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়। খেতি উঠাৰ পিছত পথাৰতে জহি পমি যাবলৈ এৰি দিয়া নৰাখিনিৰ পৰা গৰু-ম’হৰ খাদ্য, ষ্ট্ৰ’ ব’ৰ্ড আদি বৃহৎ উদ্যোগ স্থাপন কৰিব পাৰি। গৰু-ম’হ পোহা লোকক উদগনি দি ৰাজ্যখনক জৈৱিক কৰিবলৈ উন্নত জাতৰ ঘাঁহ, পশুধন, চাপৰ আদি গৰু-ম’হৰ খাদ্য আৰু মাটিৰ যোগান ধৰিব লাগিব। জৈৱিক ৰাজ্য ভূটানক আমি আদর্শ হিচাপে ল’বই লাগিব। গোবৰৰ লগত দ’ মাটিত থকা প্লাষ্টিক বিহীন তৰানি-মেটেকানিবোৰক আমি পচন সাৰলৈ পৰিৱর্তন কৰি ৰাইজক সহায় কৰিব পাৰো।

লিখক: ডাঃ হৰিনাৰায়ণ বৰকটকী, দৈনিক জনমভূমি।

2.93548387097
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top