মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / ধানখেতিৰ পথাৰত লাভজনক প্ৰযুক্তি শ্ৰীপদ্ধতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ধানখেতিৰ পথাৰত লাভজনক প্ৰযুক্তি শ্ৰীপদ্ধতি

ধানখেতিৰ পথাৰত লাভজনক প্ৰযুক্তি শ্ৰীপদ্ধতিৰ বিষয়ে লিখা হৈছে

 

শ্ৰীপদ্ধতিত প্রতিবর্গমিটাৰ কৃষিভূমিত কেৱল ১৬জোপা ধানৰ কঠীয়া ৰোৱা হয়। এই পদ্ধতিত কেৱল এডাল ধানৰ কঠীয়া প্রতি ২৫ ছেঃমিঃ x ২৫ ছেঃমিঃ ঘনত্বত ৰোৱাৰ বাবে কঠীয়াডালৰ স্বাস্থ্য ভাল হয় আৰু কঠীয়া ৰোৱাৰ পিছত প্রতিজোপা ধান গছৰ পোখা মেলাৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে ধান গছৰ থোকৰ পৰিমাণো সমানে বৃদ্ধি পায়। যাৰ ফলত প্ৰতিবিঘা মাটিত ধানৰ উৎপাদন যথেষ্ট বৃদ্ধি হয়।

শ্ৰী পদ্ধতিত ধানৰ কঠীয়াতলী প্রস্তুত কৰোঁতে মাটিখিনি ভালদৰে হাল বাই সমান কৰি ল’ব লাগে-

 

কঠীয়াতলীত অতিৰিক্ত পানী জমা হৈ থাকিব নালাগে। কঠীয়াতলীৰ জোখ ১০ মিটাৰ দীঘল আৰু ১ মিটাৰ বহল হ’ব লাগে। দুখন কঠীয়াতলীৰ মাজত ৩০ ছেঃমিঃ ব্যৱধান থাকিব লাগে, যাৰ দ্বাৰা পানী যোগান ধৰিব পাৰি। কঠীয়াতলীত পানী যোগানৰ সু-ব্যৱস্থা থাকিব লাগে। প্ৰতিখন কঠীয়াতলীত ২০-৩০ কিলোগ্রাম পচন সাৰ, শুকান গোবৰ, ৮০ গ্রাম ইউৰিয়া, ৮০ গ্রাম একক ছুপাৰ ফছফেট আৰু ৪০ গ্রাম মিউৰিয়েট অৱ পটাছ প্রয়োগ কৰিব লাগে।

'শ্ৰী' (SRI) পদ্ধতি (system of Rice Intensification) হৈছে এনে এটা প্ৰযুক্তি যাৰ দ্বাৰা ধানখেতিৰ উৎপাদন ক্ষমতা আমাৰ পৰম্পৰাগতভাবে কৰা ধানখেতিৰ তুলনাত বহু পৰিমাণে বৃদ্ধি পায়। ১৯৮৩ চনত মাদাগাস্কাৰত ফাদাৰ হেন্‌ৰী দি লৌলেনীয়ে এই পদ্ধতিৰ বিকাশ কৰে আৰু ক্ৰমান্বয়ে এই পদ্ধতিৰ প্রযুক্তি বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰে। ভাৰতবৰ্ষৰ বহু ৰাজ্যত যেনে- অন্ধ্ৰ প্রদেশ, তামিলনাডু, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, ছট্রিশগড়, মহাৰাষ্ট্র, কর্ণাটক আদিত এই শ্ৰী (SRI) পদ্ধতিৰ দ্বাৰা ধানখেতিৰ উৎপাদন ক্ষমতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অসমতো এই পদ্ধতি সফল হৈছে। বর্তমান এই শ্ৰীপদ্ধতি ধানখেতিৰ উপৰি ঘেঁহু, সৰিয়হ, কুঁহিয়াৰ আদি শস্যতো সিদ্ধ ব্যৱহাৰ কৰা হৈছে।

“শ্রী” প্রযুক্তিৰ মূল লক্ষ্য হৈছে সংমিশ্রণেৰে কঠীয়া ৰোৱাৰ ঘনত্ব হ্ৰাসকৰণ আৰু প্রতিজোপা ধান গছৰ পোখা বৃদ্ধি কৰি প্রতিবিঘা পথাৰৰ মাটিৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা। আমাৰ আন থলুৱা বা অধিক উৎপাদনক্ষম। (HYV- High Yielding Variety) জাতৰ ধানখেতিৰ কঠীয়া, যি সাধাৰণতে ১৫ ছেঃমিঃ x ২০ ছেঃমিঃ ঘনত্বত ৰোৱা যায়, তাতোকৈ শ্ৰী পদ্ধতিত কঠীয়া ৰোৱাৰ ঘনত্ব হ্রাস কৰি ২৫ ছেঃমিঃx২৫ ছেঃমিঃ ঘনত্বত কেৱল এডাল ধানৰ কঠীয়া ৰোৱা হয়। প্রতি বর্গমিটাৰত কেৱল ১৬জোপা ধানৰ কঠীয়া ৰোৱা হয়। এই পদ্ধতিত ধানৰ উৎপাদন ক্ষমতা বৃদ্ধি পোৱাৰ মূল কাৰণ হৈছে যে এই পদ্ধতিৰ দ্বাৰা কেৱল এডাল ধানৰ কঠীয়া প্রতি ২৫ ছেঃমিঃ x ২৫ ছেঃমিঃ ঘনত্বত ৰোৱাৰ বাবে পিছত প্রতিজোপা ধান গছৰ পোথা (Tillers) মেলাৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে প্রতিজোপা ধান গছত থোকৰ পৰিমাণো সমানে বৃদ্ধি পায়। এইদৰে প্ৰতিজোপা ধান গছত অতিৰিক্তভাৱে কেইবাথোক ধান হোৱাৰ ফলতেই এই পদ্ধতিত প্রতিবিঘা মাটিত ধানৰ উৎপাদন যথেষ্ট বৃদ্ধি হয়। যিহেতু এই পদ্ধতিত ধান ৰোৱাৰ ঘনত্ব ২৫ x ২৫ বর্গ ছেণ্টিমিটাৰত ৰখা যায়, সেয়েহে পথাৰৰ অপতৃণবোৰ উভালি পেলাবৰ বাবে নিৰণি কার্যত যান্ত্ৰিক সঁজুলি (Cono-Weeder) বা ৰ’টাৰী-ৱীডাৰ (Rotary-Weeder) ব্যৱহাৰ হোৱা বনুৱা কৰ্মীৰ খৰচ যথেষ্ট পৰিমাণে হ্ৰাস পাব। এই পদ্ধতিত পথাৰত লীফ্‌ কালাৰ শ্বার্ট (Leaf Colour Chart) ব্যৱহাৰ কৰি নাইইট্র’জেনৰ পৰিমাণ নির্ণয়ৰে ৰাসায়নিক সাৰৰ পৰিমাণ নির্ণয় কৰা যায়, যাৰ বাবে অতিৰিক্ত ৰাসায়নিক সাৰৰ প্রয়োগ হ্রাস পায়।

শ্ৰী পদ্ধতিত প্ৰধানকৈ বৰ্ণসংকৰ (Hybrid) ধানৰ জাত, যেনে— এৰাইজ-৬৪৪৪, পি এ চি-৮৩২. চি আৰ এইচ আৰ-৫, ডি আৰ আৰ এইচ-১, পি এ চি-৩৫, পি এ চি-৮৩৭, এন কে-৫২৫১, জে কে-৪০১ আৰু চাহিদ্ৰী আদি ধানৰ জাতত শালি আৰু বৰো খেতি হিচাপে প্রয়োগ কৰিব পাৰি। বৰ্ণসংকৰ জাতৰ উৎপাদন ক্ষমতা আন ধানৰ থলুৱা জাত বা অধিক উৎপাদনক্ষম জাত (HYV) আদিতকৈ বহুগুণে বেছি হয়। বৰ্ণসংকৰ ধানৰ জাতৰ উৎপাদন প্রতিহেক্টৰত ৫.৫-৬ টন হ’ব পাৰে। বর্ণসংকৰ ধানৰ জাত মানে হৈছে হাইব্রিড ধানৰ জাত। এই বর্ণসংকৰ ধানৰ জাতৰ উৎপাদন দুবিধ পৃথক চৰিত্ৰ বহন কৰা ধানৰ জাতৰ মাজত সংকৰণ ঘটাই যি প্রথম প্রজন্মৰ (F1) ধানৰ বীজৰ উৎপাদন হয়, সেই প্রথম প্রজন্মৰ ধানৰ বীজকে বর্ণসংকৰ বা হাইব্রিড ধানৰ বীজ বোলা হয়। কিন্তু বর্ণসংকৰ ধানৰ বীজ পিছৰ দ্বিতীয় (F2) বা তৃতীয় (F3) প্রজন্মৰ বীজ ব্যৱহাৰ কৰিব নালাগে, কাৰণ দ্বিতীয় বা তৃতীয় প্রজন্মৰ বীজ ব্যৱহাৰ কৰিলে চেগ্রিগেচনৰ (Segreqation) ফলত হাইব্রিড বীজৰ গুণবোৰ বিছিন্ন হ’বলৈ ধৰে আৰু ক্ৰমান্বয়ে দ্বিতীয় আৰু তৃতীয় প্রজন্মৰ বীজৰ উৎপাদন ক্ষমতা হ্রাস পায়। সেয়েহে, কৃষকসকলে প্ৰতিবছৰত নতুনকৈ ধানৰ হাইব্ৰিড বীজ ক্ৰয় কৰিব লাগে।

শ্ৰী পদ্ধতিত অধিক উৎপাদনক্ষম ধানৰ বীজ, যেনে— আই আৰ-৩৬, পংকজ, পিয়লি, লিখিমী, বাহাদুৰ, মাছুৰী, স্বৰ্ণচাব-১, গীতেশ আৰু ৰঞ্জিত আদি ধানৰ জাতত প্রয়োগ কৰিব পাৰি। সাধাৰণতে ধানখেতিত প্রতিবিঘা মাটিত যিমান পৰিমাণৰ বীজৰ প্রয়োজন হয়, শ্ৰীপদ্ধতিত অতি সামান্য পৰিমাণৰ বীজতে ধানখেতি কৰিব পাৰি। যিহেতু, হাইব্রিড ধানৰ মূল্য বজাৰত বহু বেছি, সেইবাবে শ্ৰীপদ্ধতি হাইব্রিড ধানৰ বাবে অতি উপযোগী। শ্ৰীপদ্ধতিত ধানৰ বীজ প্রায় ৮০% হ্রাস পোৱা পৰিলক্ষিত হৈছে।

ধানখেতিৰ কঠীয়াৰ বাবে সদায় উন্নত জাতৰ ধানৰ বীজ ব্যৱহাৰ কৰিব লাগে-

 

ধানৰ বীজখিনি পানীত তিয়াই থ’ব লাগে আৰু যিখিনি বীজ পানীত ডুব যায়, সেই বীজহে কঠীয়াৰ বাবে ব্যৱহাৰ কৰিব লাগে। তদুপৰি বীজখিনি ভেঁকুৰনাশক (Fungicide) দৰকসমূহ, যেনে— মেংকোজেৱ (২.৫ গ্রাম/লিটাৰ), কেপ্‌টাফ (২.৫ গ্রাম/লিটাৰ) আৰু কার্বেন্দজিম (১.০ গ্রাম/লিটাৰ) পানীত ধানৰ বীজ ২৪ ঘণ্টাৰ বাবে পানীত ডুবাই থ’ব লাগে আৰু কঠীয়াৰ বাবে ব্যৱহাৰ কৰিব লাগে। শুকান পদ্ধতিত ভেঁকুৰনাশক দৰবসমূহৰ পাউদাৰ যেনে— মেংকোজেৱ ২.৫ গ্রাম, কেপ্‌টাফ ২.৫ গ্রাম আৰু কার্বেন্দাজিম ১.০ গ্রাম প্রতি কিলোগ্রাম বীজৰ লগত ৫ মিনিটৰ বাবে মিহলি কৰি ল’ব লাগে। ভালকৈ গজালি মেলা ধানৰ বীজহে কঠীয়াতলীত ব্যৱহাৰ কৰিব লাগে।

শ্ৰী (SRI) পদ্ধতিত ধানৰ কঠীয়াতলী প্ৰস্তুত কৰোঁতে মাটিখিনি ভালদৰে হাল বাই সমান কৰি ল’ব লাগে। কঠীয়াতলীৰ জোখ ১০ মিটাৰ দীঘল আৰু ১ মিটাৰ বহল হ’ব লাগে। দুখন কঠীয়াতলীৰ মাজত ৩০ ছেঃমিঃ ব্যৱধান থাকিব লাগে, যাৰ দ্বাৰা পানী যোগান ধৰিব পাৰি। কঠীয়াতলীত পানী যোগানৰ সু-ব্যৱস্থা থাকিব লাগে। প্ৰতিখন কঠীয়াতলীত ২০-৩০ কিলোগ্রাম পচন সাৰ, শুকান গোবৰ, ৮০ গ্রাম ইউৰিয়া, ৮০ গ্রাম একক ছুপাৰ ফছফেট আৰু ৪০ গ্রাম মিউৰিয়েট অৱ পটাছ প্রয়োগ কৰিব লাগে।

কঠীয়াতলীত ব্লাষ্ট বেমাৰে দেখা দিলে, প্ৰতিলিটাৰ পানীত ১ গ্ৰাম কাৰ্বেনডাজিম মিহলাই স্প্ৰে-মেচিনৰ সহায়ত কঠীয়াতলীত স্প্ৰে কৰিব লাগে। তদুপৰি, কঠীয়াতলীত কীট-পতংগ নিবাৰণ কৰিবৰ বাবে কীটনাশক দৰব যেনে—ক্ল’ৰ’পাইৰিফ’ছ ০.১০ মিলিলিটাৰ (প্রতিলিটাৰ পানীত) আৰু কুইনালফ’ছ ০.১৫ মিলিলিটাৰ (প্রতিলিটাৰ পানীত) হিচাপত কঠীয়াতলীত স্প্ৰে কৰিব লাগে।

শ্ৰীপদ্ধতিত ১০-১২ দিনীয়া কঠীয়া (৩/৪ পতীয়া) মূল পথাৰত ৰোৱা হয়। এই কঠীয়াসমূহ ৰোৱাৰ আগতে শোধন কৰি ল’ব লাগে। তাৰ বাবে ০.০২% ক্ল’ৰপাইৰিফ'ছ দ্রব্য (১ মিলিলিটাৰ/লিটাৰ)ত আৰু ১% ইউৰিয়া (১০ গ্রাম/লিটাৰ) পানীত মিহলাই এই মিশ্রণত কঠীয়াবোৰৰ শিপাবোৰ ৩ ঘণ্টাৰ বাবে ডুবাই শোধন কৰি ল’ব লাগে। ইয়াৰ সলনি কঠীয়া তোলাৰ ৫-৭ দিনৰ আগতে কার্বোফুৰাণ ৩ গ্রাম/বর্গমিটাৰত ছটিয়াব লাগে নাইবা ক্ল’ৰ’পাইৰিফ'ছ ০.০২% দ্রব্য (১ মিলিলিটাৰ/লিটাৰ) পানীত মিহলাই স্প্ৰে কৰিব লাগে। এই শোধন কার্যই ধানৰ কঠীয়াখিনিক বহুবিধ কীট-পতংগ যেনে— মজাখোৱা পোক (Stem Borer), পিয়াঁজী পোক (Gall Midge), সেউজীয়া সোহনী পোক (Green Leaf-hopper) ইত্যাদিৰ পৰা ৰক্ষা কৰে।

ৰাসায়নিক সাৰৰ প্রয়োগৰ ক্ষেত্ৰত অধিক উৎপাদনক্ষম ধানৰ জাতৰ বাবে পথাৰত পচন সাৰ ১.৫-২ টন/বিঘা আৰু জীৱাণু সাৰ ৪ কিলোগ্রাম/বিঘা মাটিত ব্যৱহাৰ কৰিব লাগে। ৰাসায়নিক সাৰ যেনে— ইউৰিয়া ১২ কিলোগ্রাম, একক ছুপাৰ ফছফেট, ১৭ কিলোগ্রাম আৰু মিউৰিয়েট অৱ পটাছ ৪ কিলোগ্ৰাম প্ৰতিবিঘা মাটিত ব্যৱহাৰ কৰিব লাগে। ইউৰিয়া সাৰৰ তিনি ভাগৰ এভাগ, একক ছুপাৰ ফছফেট আৰু মিউৰিয়েট অৱ পটাছৰ আটাইখিনি সাৰ পথাৰত প্রথমে হাল বাই বোকা কৰাৰ সময়ত প্রয়োগ কৰিব লাগে। বাকী থকা দুভাগ ইউৰিয়া সাৰৰ এভাগ পোখা মেলাৰ সময়ত আৰু আনভাগ গেঁৰ ধাৰাৰ সময়ত ব্যৱহাৰ কৰিব লাগে।

হাইব্রিড ধানৰ খেতিত প্রতিবিঘা মাটিত ইউৰিয়া ২৯ কিলোগ্রাম, একক ছুপাৰ ফছফেট ৫০ কিলোগ্রাম, মিউৰিয়েট অৱ পটাছ ১৩ কিলোগ্রাম আৰু জিংক ছালফেট ৬ কিলোগ্রাম হাৰত প্রয়োগ কৰিব লাগে।

শ্ৰীপদ্ধতিৰে পথাৰত কঠীয়া ৰোৱাৰ সময়ত পথাৰখন ভালদৰে হাল বাই, বোকা কৰি মৈ টানি সমান কৰি ল’ব লাগে। পথাৰত পানী জমা হৈ থাকিব নালাগে। বাঁহৰ শলা ব্যৱহাৰ কৰি ২৫ ছেন্টিমিটাৰত ব্যৱধান ৰাখি পথাৰৰ বোকা মাটিৰ ওপৰত দীঘলে আৰু পথালিকৈ আঁকি টানি ২৫×২৫ বর্গ ছেণ্টিমিটাৰত দাগ দি ল’ব লাগে। ইয়াৰ পিছত প্ৰতিটো বৰ্গাকাৰৰ চাৰিটা কোণত একোডালকৈ কঠীয়া ৰুব লাগে। প্ৰতি বৰ্গমিটাৰত ১৬ ডাল কঠীয়া ৰোৱা হ’ব। ৬-৭ দিনৰ পিছত যিখিনি কঠীয়া মৰি যায়, সেই ঠাইত পুনৰবাৰ এডালকৈ কঠীয়া ৰুব লাগে। পথাৰত পানীৰ স্তৰ ১-২ ইঞ্চি ৰাখিব লাগে। পথাৰৰ মাটিত যেতিয়া সামান্য পৰিমাণৰ ফাট মেলে। তেতিয়া জলসিঞ্চনৰ ব্যৱহাৰ কৰি পথাৰত ১-২ ইঞ্চি স্তৰলৈকে পানীৰ যোগান ধৰিব লাগে। গেঁৰ ধৰাৰ পৰা ধান পকালৈকে পথাৰত এক ইঞ্চি পানীৰ স্তৰ ৰাখিব লাগে। গেঁৰ ধৰাৰ আগত পথাৰত পানী জমা ৰাখিব নালাগে।

যিহেতু শ্ৰীপদ্ধতিত পথাৰত সীমিত পৰিমাণৰ জলস্তৰ বৰ্তাই ৰখা যায়, সেয়েহে পথাৰত অপতৃণৰ পৰিমাণ যথেষ্ট পৰিমাণে হ্রাস পায়। কঠীয়া ৰোৱাৰ প্ৰতি ১০ দিনৰ মূৰে মূৰে পথাৰত ক’ন’- বীডাৰ ব্যৱহাৰ কৰি অপতৃণবোৰ নষ্ট কৰি নিৰণি কার্য কৰিব লাগে। এই পদ্ধতিত ৰাসায়নিক অপতৃণনাশক দ্রব্যৰ (Herbicide) ব্যৱহাৰ কৰিব নালাগে। নিৰণি কাৰ্য্য কৰাৰ আগতে পথাৰত সামান্য পৰিমাণৰ জলসিঞ্চনেৰে পানী যোগান ধৰিব লাগে।

তামিলনাডু কৃষি বিশ্ববিদ্যালয়ৰ এক পৰীক্ষণত শ্ৰীপদ্ধতিৰে কৰা ধানখেতিত প্রায় ২৬.৭০% উৎপাদন ক্ষমতা বৃদ্ধি পোৱা পৰিলক্ষিত হয়। ধান গছৰ পোখা মেলাৰ পৰিমাণ বহুগুণে বৃদ্ধি হোৱা দেখা যায় আৰু পথাৰত উচিত পৰিমাণত পানীৰ ব্যৱহাৰেৰে জলসিঞ্চনৰ দক্ষতা বৃদ্ধি পায়। উক্ত পৰীক্ষণৰ তথ্য তলত উল্লেখ কৰা হৈছে।

উক্ত পৰীক্ষণত দেখা যায় যে শ্ৰী পদ্ধতিৰে ধানখেতি কৰিলে ধানখেতিৰ উৎপাদন ক্ষমতা আন গতানুগতিক খেতিৰ পদ্ধতিতকৈ ধানৰ বীজ প্রায় ৮০%, জলসিঞ্চন ২৯% আৰু কঠীয়াৰ বয়স ১২ দিনলৈ হ্রাস হয়। যিহেতু এই পদ্ধতিত জল সঞ্চয় হয়, সেয়েহে যি ঠাইত পানীৰ অভাৱ আছে, তেনে ঠাইত ধানখেতি শ্ৰী পদ্ধতিৰে কৰিব পাৰি। সেয়েহে, কৃষক ৰাইজে এই পদ্ধতি গ্ৰহণৰ দ্বাৰা অতিৰিক্ত ব্যয়ৰ বোজা হ্রাস কৰাৰ লগতে ধানখেতিৰ উৎপাদন বৃদ্ধি কৰি অধিক লাভান্বিত হ’ব পাৰিব। এই শ্ৰী পদ্ধতিৰ বিষয়ে আৰু অধিক জানিবৰ বাবে আৰু পৰামৰ্শৰ বাবে কৃষক ৰাইজে অসম চৰকাৰৰ কৃষি বিভাগৰ লগত যোগাযোগ কৰিব পাৰিব।

লিখক: সিদ্ধাৰ্থ দত্ত, পূৰ্বাচল।

3.12
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top