মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / নহৰু আৰু বিলাহীৰ কৃষি প্ৰ্নালী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নহৰু আৰু বিলাহীৰ কৃষি প্ৰ্নালী

নহৰু আৰু বিলাহীৰ কৃষি প্ৰ্নালীৰ বিষয়ে লিখা হৈছে

নহৰুৰ কৃষি প্রণালী


নহৰু এবিধ মছলা জাতীয় শস্য যদিও ইয়াৰ বহুতো ঔষধি গুণো আছে। নহৰু কেঁচাই হওঁক বা ৰান্ধিয়েই হওঁক ইয়াৰ উপকাৰ সকলো সময়তে আছে। পৃথিবীৰ ভিতৰত ভাৰতবৰ্ষতেই সকলোতকৈ বেছি নহৰু উৎপাদন হয়।

জাত

ইকনেলিয়া, টি-৫৬-৪, জি-১৭, জি-১, ফাউৰি এ চি ৩৩, জি ৪১ ইত্যাদি।

মাটি

নহৰু খেতিৰ বাবে সাধাৰণতে বালিচহীয়া মাটি উপযোগী আৰু মাটিডোখৰত যথেষ্ট পৰিমাণে জৈৱিক পদার্থ থাকিব লাগে। মাটিৰ অম্লতা ৫.৫-৭.৫ ৰ ভিতৰত হ’ব লাগে।

বীজ

শুকান নহৰুৰ সৰু সৰু ফুটাবোৰকে বীজ হিচাবে ব্যৱহাৰ কৰা হয়। প্রতিবিঘা মাটি ৰোপন কৰিবৰ বাবে ৫০–৬০ কিলোগ্রাম নহৰুৰ ফুটাৰ আৱশ্যক হয়।

সাৰ প্রয়োগ

প্রতিবিঘাত ২ টন গোবৰ বা পচন সাৰ, ২৫ কিলোগ্রাম ইউৰীয়া, ৭০ কিলোগ্রাম একক চুপাৰ ফচফেট আৰু ১২ কিলোগ্রাম মিউৰেট অৱ পটাচ সাৰ প্রয়োগ কৰিব লাগে। ইয়াৰে আধাভাগ ইউৰীয়া আৰু গোটেইকিনি একক চুপাৰ ফচফেট আৰু মিউৰেট অৱ পটাচ সাৰ শেষৰবাৰ হালবোৱাৰ আগত মাটিডোখৰত সামভাৱে ছটিয়াই মাটিৰ লগত মিহলাই দিব লাগে। বাকী থকা আধাভাগ ইউৰীয়া সাৰ বীজ সিঁচাৰ ৩০ দিনৰ পিছত টপ ড্রেচিং পদ্ধতিৰে শস্য শাৰীৰ মাজত ছটিয়াই দিব লাগে।

বীজ সিঁচাৰ পদ্ধতি

মাটিডোখৰত প্রয়োজনীয় গোবৰ, সাৰ প্রয়োগ কৰি নহৰুৰ ফুটাবোৰ আহিন-কাতি মাহত শাৰী শাৰীকৈ ৰোপন কৰিব লাগে। এই ক্ষেত্ৰত দুটা শাৰীত ফুটাবোৰ ৫-৭ ছে.মি. অন্তৰত পুতিব লাগে। আহিন-কাতি মাহত যদি বৰষুণৰ পৰিমাণ বেছি হয়। তেনে ক্ষেত্ৰত আঘোণ মাহলৈকে নহৰু ৰোপন কৰিব পাৰি।

জলসিঞ্চন

খৰাং বতৰত শস্য কালছোৱাৰ প্ৰথম ভাগত ১০ দিনৰ ব্যৱধানত পানী যোগান ধৰা অতি প্রয়োজন। শস্য চপোৱাৰ এমাহৰ আগত পানীৰ যোগান বন্ধ কৰিব লাগে|

পৰিচৰ্যা

শস্য ডৰাত গজি উঠা বন-বাতবোৰ আঁতৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। নহৰুৰ শস্যকাল ১৪০– ১৫০ দিন হোৱা বাবে অন্ততঃ ৩-৪ বাৰ বন-বাত নিৰণি কৰিব লাগে। প্রয়োজন সাপেক্ষে দুবাৰ গছৰ গুৰিত মাটি চপাই দিব লাগে।

শস্য ৰক্ষা

শীতকালীন শাক-পাচলিবোৰৰ তুলনাত নহৰুৰ পোক আৰু বেমাৰ-আজাৰৰ আক্রমণ কম। অনিষ্টকাৰী পোকৰ ভিতৰত থ্রিপচেই প্রধান। এই পোকে কুমলীয়া পাতৰ ৰস শুহি খোৱাৰ বাবে পাতবোৰ শুকাই যায়।

প্রতিকাৰ

০.২ শতাংশ শক্তিৰ মালাথিয়ান ৫০ ইচিৰ (এচামুচ ঔষধ আঢ়ৈ লিটাৰ পানী হিচাবে) মিশ্রণ পাতত ছটিয়াব লাগে।

বেমাৰৰ ভিতৰত কেতিয়াবা এবিধ ভেকুৰে আক্রমণ কৰি পাতত বগা বগা দাগৰ সৃষ্টি কৰে। এই বগা দাগবোৰৰ মাজত বেঙুনীয়া ৰঙৰ সৰু দাগ হয়।

প্রতিকাৰ

এচামুচ ইন্দোফিল এম-৪৫ ঔষধ ২ লিটাৰ পানীত মিহলাই পাতত ছটিয়াব লাগে|

কেতিয়াবা বেলেগ এবিধ ভেকুঁৰে পুলিৰ গুৰি অংশ আক্রমণ কৰি পচাই দিয়ে। এই ক্ষেত্ৰতো ০.২৫ শতাংশ ইন্দোফিল এম-৪৫ মিশ্রণ পুলিৰ গুৰিত ঢালিব লাগে, আৰু লগতে পানী যোগান বন্ধ কৰিব লাগে।

খেতি চপোৱাৰ উপযুক্ত সময়

নহৰুৰ পাতবোৰ যেতিয়া শুকাবলৈ আৰম্ভ কৰিব, হালধীয়া ৰঙৰ হ’ব।

 

বৈজ্ঞানিক ভিত্তিত বিলাহী খেতি


বিলাহী এবিধ উন্নত মানদণ্ড আৰু সকলোৰে প্রিয় পাচলি যাক আলুৰ পাছতেই বিভিন্ন দেশত দ্বিতীয়তে স্থান দিয়া হয়। ভাৰতবৰ্ষত প্রায় ৮০ হেজাৰ হেক্টৰ মাটিত বিলাহী খেতি কৰা হয়। অসমত প্রায় ১২,৫৫০ হেক্টৰ মাটিত বিলাহী খেতি কৰা হয়। বিলাহীত যথেষ্ট পৰিমানে ভিটামিন “চি” পোৱাৰ উপৰিও খনিজ লৱনো পোৱা যায়।

ব্যৱহাৰ

কেঁচাই খাব পাৰি, ৰান্ধি খাব পাৰি, চ’চ (Sauce) পিউৰী (Puree) আৰু বাণিজ্যিক ভিত্তিত সংৰক্ষিত খাদ্য প্রস্তুত যথেষ্ট উপার্জন লাভ কৰিব পাৰি।

জলবায়ু

বিলাহী খেতিৰ বাবে ২০-২৪° চেলচিয়াচ উষ্ণতাৰ আৱশ্যক আৰু ১৬° চেলচিয়াচতকৈ কম আৰু ২৭° চেলচিয়াচতকৈ বেছি উষ্ণতা বিলাহী খেতিৰ বাবে অনুপযোগী।

মাটি

ৰ’দ ঘাই, ওখ বালিচহীয়া, পলসুৱা মাটি বিলাহী খেতিৰ বাবে উপযোগী।

বীজ সিঁচাৰ সময়

সাধাৰণতে মুকলি পৰিৱেশত বিলাহী খেতি কাতি মাহৰ পৰা পুহ মাহলৈকে আৰু সেউজ গৃহত ফাগুন মাহৰ পৰা জেঠ মাহলৈকে কৰা হয়।

জাত/সঁচ: পুচা ৰুবী, আৰ্কা আভা, আৰ্কা আলোক, নবীন, অবিনাশ, আৰ্কা অভিজিৎ, আৰ্কা শ্রেষ্ঠ, নামধাৰী সুৰক্ষা, ইত্যাদি।

বীজৰ পৰিমাণ

সাধাৰণ জাত: ৪-৬০ গ্রাম প্রতি বিঘাত ৰোপনৰ বাবে।

হাইব্ৰীড জাত: ৪-২৫ গ্রাম প্রতি বিঘাত ৰোপনৰ বাবে।

ৰোপন পদ্ধতি

বিলাহী খেতিত প্রথমতে উপযুক্ত পৰিমাণৰ বীজ পুলিবাৰীত গজাই ল’ব। লাগে। পুলিবাৰীৰ মাটিডোখৰ ভালদৰে চাহ কৰি বেমাৰ-আজাৰৰ পৰা মুক্ত কৰিবৰ বাবে ১৫ মাইক্রন ডাঠ বগা পলিথিনেৰে ২০-২৫ দিন ঢাকি ৰাখিব লাগে।

ৰোৱাৰ সময়

পুলিবাৰীৰ বীজ সিঁচাৰ উপযুক্ত সময় হৈছে অক্টোবৰ-নৱেম্বৰ মাহ অৰ্থাৎ আহিন মাহৰ শেষৰ পৰা আঘোণ মাহলৈকে। পুলিবোৰ যেতিয়া ২৫-৩০ দিনৰ বয়স হয় তেতিয়া পুলিবোৰ সাৱধানে উঠাই মূল পথাৰত ৰোপন কৰিব লাগে।

ৰোৱাৰ ব্যৱধান

সাধাৰণ জাত: ৪৫ ছেঃ মিঃ x ৬০ ছেঃ মিঃ

হাইব্ৰীড জাত: ৭৫ ছেঃমি x ৬০ ছেঃ মিঃ

সাৰ প্ৰয়োগ

বিলাহী খেতিত অনুমোদিত সাৰৰ পৰিমাণ হৈছে-

ইউৰিয়া               -    ২১ কিঃগ্ৰাঃ প্রতি বিঘা।

একক চুপাৰ ফচফেট       -    ৫০ কিঃগ্ৰাঃ প্রতি বিঘা।

মিউৰেট অৱ পটাছ        -    ১৪ কিঃগ্ৰাঃ প্রতি বিঘা।

এই ৰাসায়নিক সাৰখিনিৰ আধাভাগ ইউৰিয়া আৰু সম্পূর্ণ ভাগ চুপাৰ ফচফেট আৰু পটাছ সাৰ শেষৰবাৰ হালবোৱাৰ আগতে মাটিত সমভাৱে প্রয়োগ কৰি হাল বাই মৈয়াই সমান কৰি ল’ব লাগে। বাকী থকা আধাভাগ ইউৰীয়া সাৰ পথাৰত পুলি ৰোৱাৰ এমাহৰ পিছত প্ৰতিটো পুলিৰ গুৰিত নতুবা দুটা শাৰীৰ মাজৰ ঠাইডোখৰতে পাতলীয়াকৈ লোৰ কৰি সমভাৱে প্রয়োগ কৰিব লাগে|

পৰিচৰ্য্যা

ওখ জাতৰ পুলিবোৰ যাতে হাউলি পৰি নাযায় তাৰ বাবে বাঁহৰ খুঁটি পুলিৰ গুৰিত পুতি বান্ধি দিব লাগে। এনে কৰিলে ফলসমূহ নিৰোগী কৰি ৰখাত সহায় কৰে।

শস্য চপোৱা আৰু উৎপাদন

সাধাৰণতে বিলাহী বজাৰৰ চাহিদা অনুযায়ী ৪ দিনৰ অন্তৰত চপোৱা হয় আৰু প্রায় ১০ বাৰলৈকে ছিঙিব পাৰি। সংৰক্ষিত খাদ্য প্রস্তুতকৰণত বিশেষকৈ সম্পূর্ণ পকা ফল চিঙা হয়। ভাৰতবৰ্ষত সাধাৰণ জাতৰ ক্ষেত্ৰত ২.১-৩.৩ টন প্রতি বিঘা হিচাপে উৎপাদন পোৱা যায় আৰু হাইব্ৰীডৰ ক্ষেত্ৰত ই ৮.০-১০.৭ টন প্রতিবিঘা পৰ্য্যন্ত হয়।

শস্য ৰক্ষা

বিলাহী খেতি সাধাৰণতে বিভিন্ন ৰোগ, পোক-পতঙ্গ আৰু অনিয়মিত কিছুমান ৰোগৰ দ্বাৰা আক্রান্ত হয়।

ৰোগ

১) শিপা বা গছ পচা: গছৰ শিপা সমূহ আৰু মাটিত লাগি থকা গা গছৰ অংশসমূহ পচি যায়।

প্রতিকাৰ:

(ক) পুলিবাৰীৰ মাটি ২% ফৰমেলিডিহাইড দ্রৱৰ দ্বাৰা দুসপ্তাহৰ আগতে শোধন।

(খ) আক্রান্ত গছত কেপটন অথবা ফাইট’লান ২-৩ গ্রাম প্রতি লিটাৰ পানীত মিহলাই ছটিয়াব লাগে।

২) লেট ব্লাইট (Late blight): গছৰ পাতত মটিয়াৰ পৰা বেঙুনীয়া ৰঙৰ দাগৰ আৱিৰ্ভাব গোটেই গছজোপলৈ বিয়পি পৰে আৰু গছজোপা মৰহি যায়।

প্রতিকাৰ

(ক) আক্রান্ত গছসমূহ উঘালি ধ্বংস কৰিব লাগে,

(খ) ৰিডমিল এম জেদ ৭২, ডাইথেন এম- ৪৫ মেটালেক্রিল আৰু ডেকানিল ২.০ গ্রাম প্রতি লিটাৰ পানীত মিহলাই এসপ্তাহৰ অন্তৰত কেইবাবাৰো ছটিয়াব লাগে।

৩) ফল পঁচা (Fruit rot): সৰু ডাঙৰ বিভিন্ন ঘূৰণীয়া মুগা বৰণীয়া দাগ পৰে।

প্রতিকাৰ

(ক) নলা নর্দমা খান্দি মাটিডৰাৰ পৰা পানী ওলায় যোৱাৰ ব্যৱস্থা কৰিব লাগে,

(খ) এগ্ৰ’চান ২.৫ গ্রাম প্রতি কে: জিঃ হিচাপে বীজত মিহলাই এবাতি ৰাখি শোধন কৰি বীজখিনি সিঁচিব লাগে।

৪) মৰহি যোৱা (wilting): আক্রান্ত গছ চাপৰ হৈ যায়, পাতবোৰ হালধীয়া পৰি শেষত গছ

মৰহি যায়।

প্রতিকাৰ

(ক) এগ্ৰ’বিট আৰু চিনাইন ফুডজলৰ দ্বাৰা ২.৫ গ্রাম প্রতি কেজি হিচাপে বীজ শোধন কৰিব লাগে,

(খ) বায়ফৰ পি’ এফ নামৰ জৈৱিক পদার্থৰ দ্বাৰা বীজ, শিপা তথা মাটি শোধন কৰি সুফল পোৱা যায়।

কীট-পতঙ্গ

১) বিলাহীৰ ফল বিন্ধা পোক (Tomato fruit borer): পলুবোৰ পাতবোৰ খায় নষ্ট কৰে

আৰু শেষত ফলবোৰ বিন্ধা কৰি ভিতৰৰ কোমল অংশ খাই ব্যৱহাৰৰ অনুপযোগী কৰি তোলে। প্রতিকাৰ

(ক) আক্রান্ত ফলবোৰ হাতেৰে চিঙি ধ্বংস কৰিব লাগে,

(খ) মালাথিয়ন বা এন্দ ছালফেন ১ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে।

২) থ্ৰিপছ (Thrips): বিলাহীৰ ফলটোত বগা টেমুনাৰ সৃষ্টি কৰে।

প্রতিকাৰ

মন’ক্ৰ’টফচ অথবা এচিফেটৰ (৫% পাউদাৰ) দ্বাৰা মাটি শোধন কৰিব লাগে|

অনিয়মিত ৰোগ

১) কলি পচা (Blossom end rot): বিলাহীৰ কলিটো সেউজীয়া হৈ থাকোতেই ফুলৰ পাহি লাগি থকা অংশটো গেলি পছি যায়।

কাৰক

(ক) সেমেকা খেতি-মাটি,

(খ) খেতিমাটিত কেলছিয়াম আৰু মেগনেচিয়াম নামৰ পদার্থৰ পৰিমান অধিক।

প্রতিকাৰ: ৰ’দ ঘাই মাটিত খেতি কৰা।

২) ওফন্দি উঠা (Puffliness): ফলৰ আকাৰৰ অসামান্যতা ফলৰ ওজন কমি যোৱা আৰু আংশিক পূর্ণতা।

কাৰক

ক) সেমেকা খেতি মাটি।

খ) অত্যাধিক উষ্ণ জলবায়ু।

গ) অসামান্য পৰাগ সংযোগ।

৩) ছালফটা (Cracking): ফলটোৰ ঠাৰিৰ ওচৰত অথবা গোটেই গাৰ ছাল ফাটি যায়। কাৰক

ক) অত্যাধিক উষ্ণ জলবায়ু

খ) বংশগত কাৰক।

প্রতিকাৰ: নিৰোগী বীজৰ প্ৰয়োগ।

 

উৎস: অসম কৃষি বিভাগ।

2.97222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top