মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / নাৰ্ছাৰী স্থাপন আৰু প্ৰতিপালন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নাৰ্ছাৰী স্থাপন আৰু প্ৰতিপালন

নাৰ্ছাৰী স্থাপন আৰু প্ৰতিপালনৰ বিষয়ে লিখা হৈছে

যি স্থানত বৈজ্ঞানিক পদ্ধতিত সৰু পুলি বা উদ্ভিদৰ কলম উৎপাদন কৰা হয় আৰু ৰোপণৰ পুৰ্ব পৰ্যন্ত যত্ন সহকাৰে পৰিচৰ্যা কৰা,ৰক্ষণাবেক্ষণ কৰা হয়,তাকে নাৰ্ছাৰী বোলা হয়।ইয়াত অতি যত্নৰে সৈতে ফল,ফুল,শাক-পাচলি আৰু মচলাজাতীয় যিকোনো গছৰ পুলি আৰু কলম উৎপাদন কৰা হয়।

আধুনিক কৃষিত নাৰ্ছাৰীৰ গুৰুত্ব অপৰিসীম।নাৰ্ছাৰী অবিহনে কৃষি কাৰ্য অসম্পুৰ্ণ বুলি ক’ব পাৰি।ইয়াৰ প্ৰধান কাম হ’ল পুলি উৎপাদন আৰু পুলিৰ যত্ন লোৱা।প্ৰকৃতপক্ষে নাৰ্ছাৰীত বীজ উৎপাদন,অংগজ পুলি উৎপাদন,বিভিন্ন ৰো পণ দ্ৰব্য সংগ্ৰহ আৰু সংৰক্ষণ,জাত উৎপাদন ক্ষণস্থায়ী গছৰ ব্যৱস্থাপনা,স্থায়ী গছ আৰু বীজ উৎপাদনকাৰী মাতৃ গছৰ সঠিক পৰিচৰ্যা কৰা ইত্যাদি কাম কৰা হয়।নাৰ্ছাৰীয়ে কেৱল উন্নতমানৰ বীজ আৰু পুলিৰ সৰবৰাহেই নিশ্চিত নকৰে,জনগণৰ কৰ্মসংস্থানৰ পৰিৱেশৰ ভাৰসাম্যও ৰক্ষা কৰে।যি এলেকাত ভাল নাৰ্ছাৰী আছে,তাত গছ,ফল-ফুল আৰু শাক-পাচলিৰ সৰবৰাহ বেছি থাকে।ফলত মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকে।

নাৰ্ছাৰীৰ অৰ্থনৈতিক গুৰুত্বও অনেক।সৰু সৰু নাৰ্ছাৰীৰ পৰা বছৰি লাখ লাখ টকা অৰ্জন কৰা সম্ভৱ।কাৰণ এক বৰ্গমিটাৰ ঠাইতে কেইবাহাজাৰ পুলি উৎপাদন কৰিব পৰা যায়।অনেক পুলি বিক্ৰীৰ বাবে উপযোগী কৰিবলৈ মাত্ৰ ৩-৪ সপ্তাহ সময় লাগে।আগতীয়া পুলি উৎপাদন কৰিব পাৰিলে লাভো বহুগুণে বাঢ়ি যায়।সেয়ে নাৰ্ছাৰী স্থাপন কৰি নিজে লাভৱান হ’ব পাৰি,পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰি আৰু দেশকো সমৃদ্ধিশালী কৰি গঢ়ি তোলাত অৱদান যোগাব পাৰি।

নাৰ্ছাৰী কেইবাপ্ৰকাৰৰো আছে

 

অৰ্থনৈতিক বিবেচনাৰ নাৰ্ছাৰী

গাৰ্হস্থ্য নাৰ্ছাৰী:এনে প্ৰকাৰৰ নাৰ্ছাৰী ব্যক্তিগত বা পাৰিবাৰিক প্ৰয়োজন পুৰাবৰ লক্ষ্যৰে স্বল্প স্থানতে নজৰ ঘৰত স্থাপন কৰে।ইয়াত নিজৰ চাহিদা অনুযায়ী ফুল,ফল বা বনজ পুলি উৎপাদন কৰা হয়।ব্যৱসায়িক নাৰ্ছাৰী:সৰু পুলি বা কলমৰ পৰা পুলি উৎপাদন কৰি বিক্ৰয়ৰ বাবে যি নাৰ্ছাৰী স্থাপন কৰা হয়,তাকে ব্যৱসায়িক নাৰ্ছাৰী বোলে।এনেবোৰ নাৰ্ছাৰীত ফুল,ফল,শাক-পাচলি,মচলা বা বনজ পুলি উৎপাদন কৰা হয় ব্যৱসায়িক ভিত্তিত।বৰ্তমান বিভিন্ন চহৰৰ উপকণ্ঠ,বন্দৰ বা গ্ৰামাঞ্চলত এনেধৰণৰ নাৰ্ছাৰী দেখিবলৈ পোৱা যায়।

ব্যৱহাৰভিত্তিক নাৰ্ছাৰী

ফলৰ নাৰ্ছাৰী:নাৰ্ছাৰীত কেৱল ফলৰ পুলি পোৱা যায়।

ফুলৰ নাৰ্ছাৰী:কেৱল নানা জাতৰ ফুলৰ পুলি উৎপাদন কৰা হয়।

বনজ নাৰ্ছাৰী:কেৱল বনজ উদ্ভিদ (শাল,মেহগনি,চেগুণ,ৰেইনট্ৰী ইত্যাদি)ৰ পুলি উপলব্ধ হয়।

শাক-পাচলিৰ নাৰ্ছাৰী:বিভিন্ন জাতৰ শাক-পাচলিৰ পুলি পোৱা যায়।

মচলাজাতীয় গছৰ নাৰ্ছাৰী:কেৱল মচলা জাতীয় শস্যৰ বাবে।

অৰ্কিড নাৰ্ছাৰী:নানা জাতৰ অৰ্কিডৰ পুলি পোৱা যায়।

কেকটাছ আৰু ফাৰ্ণৰ নাৰ্ছাৰী: এইবোৰ নাৰ্ছাৰীত কেকটাছ জাতীয় পুলি পোৱা যায়।

স্থায়িত্বৰ ভিত্তিত নাৰ্ছাৰী

অস্থায়ী নাৰ্ছাৰী:যিবোৰ নাৰ্ছাৰী এক নিৰ্দিষ্ট সময় আৰু নিৰ্দিষ্ট বাগিচাৰ বাবে স্থাপন কৰা হয়,তাকে অস্থায়ী নাৰ্ছাৰী বোলে।অস্থায়ী নাৰ্ছাৰীবোৰ সাধাৰণতে বাগিচাৰ ওচৰত কৰা হয়।নিৰ্দিষ্ট কাৰ্যকালৰ পিছত এইবোৰ নাৰ্ছাৰীৰ কোনো অস্তিত্ব নাথাকে।

স্থায়ী নাৰ্ছাৰী:যি নাৰ্ছাৰীত বছৰৰ পিছত বছৰ সকলো সময়তে পুলি উৎপাদন আৰু বিক্ৰী কৰা হয়,তাকে স্থায়ী নাৰ্ছাৰী বোলে।যোগাযোগৰ সু-ব্যৱস্থা থকা বিভিন্ন স্থানত চৰকাৰী বা বেচৰকাৰী পৰ্যায়ত স্থায়ী নাৰ্ছাৰী স্থাপন কৰা হয়।

বাণিজ্যিক ভিত্তিত পুলি উৎপাদনৰ বাবে নিম্নলিখিত বিষয়বোৰ বিবেচনা কৰিব লাগে-

 

*স্থান নিৰ্বাচন:এনে স্থানত নাৰ্ছাৰী স্থাপন কৰা ভাল,য’ত সৰ্বদিশ বিবেচনা কৰিলে স্থানটো নাৰ্ছাৰীৰ বাবে আদৰ্শ হিচাপে বিবেচিত হয় আৰু য’ত নাৰ্ছাৰী স্থাপন কৰি অৰ্থনৈতিকভাৱে প্ৰচুৰ লাভৱান হ’ব পাৰি।সেয়ে নাৰ্ছাৰীৰ বাবে উপযুক্ত স্থান নিৰ্বাচনৰ ক্ষেত্ৰত তলত দিয়া বিষয়বোৰ বিবেচনা কৰিব লাগে-

অৱস্থান:নাৰ্ছাৰীৰ অৱস্থান অতি গুৰুত্বপুৰ্ণ বিষয়।নাৰ্ছাৰীখন যেন সহজেই সকলোৰে দৃষ্টিগোচৰ হয়,তাৰ প্ৰতি লক্ষ্য ৰখা উচিত।সেয়ে নাৰ্ছাৰীখন কোনোবা ঘাইপথ,চহৰ বা বজাৰৰ ওচৰত গঢ়ি তুলিব লাগে,যাতে নাৰ্ছাৰীখনৰ সন্ধান কৰিবলৈ ক্ৰেতাসকলৰ কোনো অসুবিধা নহয়।কেৱল সেয়ে নহয়,সহজে পোহৰ-বতাহ প্ৰৱেশ কৰিব পৰা স্থানতে নাৰ্ছাৰী প্ৰতিষ্ঠা কৰা উচিত।নাৰ্ছাৰীৰ অৱস্থান যেন কোনো ঘোপমৰা স্থানত নহয়,য’ত সকলো সময়তে অতিৰিক্ত আৰ্দ্ৰ আৰু খোলা আবহাৱা বিৰাজমান নাথাকে।

যোগাযোগ ব্যৱস্থা:য’ত যোগাযোগ ব্যৱস্থা বা ৰাস্তা ঘাট ভাল নহয়,তাত নাৰ্ছাৰী স্থাপন কৰা উচিত নহয়।নাৰ্ছাৰীৰ বাবে উন্নত যোগাযোগ ব্যৱস্থা লাগে।

মাটি:নাৰ্ছাৰীৰ মাটি অত্যন্ত উৰ্বৰ হোৱা বাঞ্জনীয়।নাৰ্ছাৰী অৱশ্যেই ওখ ঠাইত হ’ব লাগে,যাতে বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত নহয়।নাৰ্ছাৰীৰ মাটি সুনিষ্কাষিত হোৱা প্ৰয়োজন,যাতে অতিবৃষ্টিত বীজতল বা নাৰ্ছাৰী বেডত পানী জমা নহয়।

মাটিৰ মুল্য আৰু সহজলভ্যতা:য’ত ওখ মাটি সহজতে পোৱা যায় আৰু মাটিৰ দামো তুলনামুলকভাৱে কম,অথচ যোগাযোগ ব্যৱস্থাভাল তেনে স্থানত ব্যৱসায়িক ভিত্তিত নাৰ্ছাৰী স্থাপন কৰিলে লাভৱান হোৱাৰ নিশ্চয়তা বেছি থাকে।অনেক ঠাইত বেছি দাম দিলেও সুবিধাজনক বা উপযুক্ত মাটি পোৱা নাযায়।সেয়ে নাৰ্ছাৰী স্থাপনৰ বাবে নিৰ্বাচিত ঠাইত মাটিৰ সহজলভ্যতা,আনকি তাৰ মুল্যও বিবেচনালৈ আনিব লাগিব।

পানীৰ সহজলভ্যতা:নাৰ্ছাৰীত সকলো সময়তে পানীৰ প্ৰয়োজন।পানীৰ উৎসৰ পৰা নাৰ্ছাৰীৰ দুৰত্ব বা জলসিঞ্চনৰ সুবিধা আছে নে নাই সেয়াও বিবেচনাৰ আওতালৈ আহিব।পানী দিয়া আৰু নিষ্কাষণৰ উন্নত ব্যৱস্থা থকা অতি প্ৰয়োজন।

অন্যান্য সুযোগ সুবিধা:পৰিবহন আৰু বিপণনৰ সুবিধা,টেলিফোন আৰু বিদ্যুৎ সুবিধা,দক্ষ শ্ৰমিকৰ সহজলভ্যতা,সমভাৱাপন্ন আহাওৱা ইত্যাদি সুযোগ-সুবিধা আৰু আৰ্থ-সামাজিক অৱস্থা বিবেচনা কৰি নাৰ্ছাৰীৰ বাবে স্থান নিৰ্বাচন কৰা উচিত।

*সীমা নিৰ্দ্ধাৰণ আৰু দেৱাল নিৰ্মাণ:প্ৰয়োজন মতে মাটি ক্ৰয় কৰি বা লীজত লৈ প্ৰথমে সীমা নিৰ্দ্ধাৰণ কৰি নাৰ্ছাৰীৰ চাৰিওদিশে সীমাৰ প্ৰাচীৰ নিৰ্মাণ কৰিব লাগে।তাৰ ফলত নাৰ্ছাৰীৰ চাৰিওপিনে থকা আন মাটিৰ গৰাকীবোৰৰ সৈতে ভুমি সংক্ৰান্ত বিবাদৰপৰা আঁতৰি থাকিব পৰা যাব আৰু ক্ৰয়কৃত মাটিত নিজৰ দখলীস্বত্ব নিশ্চিত হ’ব।বিভিন্ন জীৱ-জন্তুৰ উপদ্ৰৱৰ পৰা পুলি আৰু কলমক ৰক্ষা কৰাৰ বাবেও নাৰ্ছাৰীৰ চাৰিওদিশে বেৰ দিয়া প্ৰয়োজন।এই বেৰ বিভিন্ন ৰকমৰ হ’ব পাৰে-ইটা-বালি-চিমেণ্টৰ দেৱাল,লোহাৰ জালৰ বেৰ,জীৱন্ত গছৰ বেৰ,কাঁটা তাঁৰৰ বেৰ,বাঁহৰ বেৰ ইত্যাদি।

*নাৰ্ছাৰীৰ নামকৰণ আৰু নামফলক:নাৰ্ছাৰীৰ এক সুন্দৰ নামকৰণ কৰিব লাগে আৰু সন্মুখত সুবিধাজনক স্থানত এখন আকৰ্ষণীয় ছাইনব’ৰ্ড লগাব লাগে।

*নক্সা প্ৰস্তুতকৰণ:সু-পৰিকল্পিতভাৱে নাৰ্ছাৰী স্থাপনৰ বাবে বগা কাগজত নাৰ্ছাৰীৰ Lay out নক্সা প্ৰস্তুতকৰণ অতি আৱশ্যক।নক্সাত নাৰ্ছাৰীৰ বিভিন্ন অংশৰ অৱস্থান নিৰ্দেশিত থাকিব।লে আউট অনুযায়ী নাৰ্ছাৰীখনে লাহে লাহে পুৰ্ণাংগ ৰুপ লাভ কৰিব।

*ভুমি উন্নয়ন:মাটিডৰাৰ অপতৃণ আৰু অবাঞ্চিত গছ-গছনি কাটি পৰিষ্কাৰ কৰি জৈৱ পদাৰ্থ আৰু পচন সাৰ প্ৰয়োগ কৰা বাঞ্চনীয়।এনে কৰিলে নাৰ্ছাৰীৰ মাটি উৰ্বৰ হ’ব।মাটিখিনি সমান কৰি ল’ব লাগে।

*নাৰ্ছাৰীৰ বিভিন্ন অংশ চিহ্নিতকৰণ আৰু প্ৰয়োজনীয় পৰিকাঠামো নিৰ্মাণ:নক্সা অনুযায়ী নাৰ্ছাৰীত কাৰ্যালয় আৰু অন্যান্য ‘প্ৰয়োজনীয় গৃহ,যেনে-শ্বোৰুম,বিপণন কাউণ্টাৰ,গুদাম ঘৰ,বাকিং চেড,নেট হাউছ,কমপোষ্ট চেড,পলিটানেল আদি প্ৰস্তুত কৰিব লাগে।নাৰ্ছাৰীখনক বিভিন্ন ব্লকত বিভক্তকৰণ,গুটিৰ বেড,গভীৰ আৰু অগভীৰ নলকুপ,পৰিদৰ্শন পথ,পানী নিষ্কাসনৰ নলা,পট য়াৰ্ড,পাৰ্কি য়াৰ্ড,পাৰ্কিং প্লেচ,পানী জমা ৰখা চৌবাচ্ছা ইত্যাদিৰ অৱস্থান নিহ্নিত কৰি পৰ্যায়ক্ৰমে এইবোৰ যথাযথভাৱে প্ৰস্তুত লাগে।

*যন্ত্ৰাদি আৰু অন্যান্য দ্ৰব্যাদি সংগ্ৰহকৰণ:নাৰ্ছাৰীৰ কামত ব্যৱহৃত বিভিন্ন যন্ত্ৰাদি যেনে-কোৰ,ট্ৰাওয়েল,গাৰ্ডেন ফৰ্ক,বাডিং নাইফ,চিকেটিয়াৰ,প্ৰুণিং ছিয়াৰ ,কৰত,তুলাচনী,ডিবলাৰ ,হেজ কাটাৰ আৰু অন্যান্য প্ৰয়োজনীয় দ্ৰব্যাদি সংগ্ৰহ কৰিব লাগে।

জনবল নিয়োগকৰণ:পৰিচালক,দক্ষ মালি আৰু শ্ৰমিক,চকীদাৰ আৰু অন্যান্য প্ৰয়োজনীয় জনবল নিয়োগ কৰিব লাগে।

*আধুনিক সুবিধাদিৰ ব্যৱস্থাকৰণ:নাৰ্ছাৰীত টেলিফোন আৰু বিদ্যুতৰ সংযোগ দিব লাগে আৰু পৰ্যায়ক্ৰমে গৱেষণাগাৰ,গ্ৰন্থাগাৰ,গ্ৰীণহাউছ,লেথ হাউছ,নেত হাউছ,মিষ্ট প্ৰপাগেটিং ইউনিট ইত্যাদি আধুনিক সুযোগ-সুবিধাৰ ব্যৱস্থা কৰিব লাগে।

*জাৰ্মপ্লাজম আৰু অন্যান্য ৰোপণ দ্ৰব্য সংগ্ৰহকৰণ:বিভিন্ন ফচলৰ নাম কৰা জাতৰ জাৰ্মপ্লাজম আৰু অন্যান্য ৰোপণ দ্ৰব্য সংগ্ৰহ কৰিব লাগে আৰু স্থায়ী বা অস্থায়ীভাৱে সেইবোৰ যথাযথ স্থানত ৰোপণ কৰিব লাগে।তাৰ পিছত নাৰ্ছাৰীৰ কাৰ্যকড়ম আৰম্ভ কৰিব পাৰে।

*নাৰ্ছাৰীৰ কাৰ্যক্ৰম আৰম্ভকৰণ:পৰিকল্পিতভাৱে নাৰ্ছাৰীৰ বিভিন্ন কাৰ্যক্ৰম আৰম্ভ কৰাটো হ’ল প্ৰথম পদক্ষেপ।

লেখক:ভাস্কৰ পাঠক (দৈনিক অসম)

2.89655172414
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top