অংশিদাৰী

কৃষক জী‌ৱ

কৃষক জী‌ৱ

ভগৱান বিষ্ণুৰ হলিৰাম অৱতাৰৰ পূৰ্বে বোধহয় মানুহে কৃষিকৰ্ম কৰাৰ উদাহৰণ নাছিলেই। পিছে, মানুহৰ বাদে অন্য জীৱ-জন্তুৱেনো কেতিয়াৰ পৰা কৃষিকৰ্ম কৰিবলৈ আৰম্ভ কৰিছিল, তাৰ তথ্যহে বিচাৰি পোৱাটো মস্কিল। কথাষাৰ শুনি হয়তো আপোনাৰ হাস্যকৰ যেন লাগিব পাৰে, কিন্তু শুনিবলৈ তেনে লাগিলেও এই কথা সত্য যে মানুহৰ উপৰিও পৃথিৱীত বাস কৰা অন্য কিছুমান জীৱ-জন্তুৱেও মানুহৰ দৰে কৃষিকাৰ্য আৰু পশুপালনত পূৰ্বৰে পৰা আত্মনিয়োগ কৰি আহিছে। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ খাটিৰত এবিধ জীৱই আন এবিধ জীৱক এনেদৰে লালন-পালন কৰা কাৰ্যক জীৱবিজ্ঞানৰ ভাষাত সহজীৱিতা বা অন্যোন্যজীৱিতা (ইং Symbiosis) বোলা হয়। মানুহৰ জ্ঞাতে-অজ্ঞাতে জীৱজগতত অন্যোন্যজীৱিতাৰ অজস্ৰ পৰিঘটনা চলি আছে। ইয়াৰে কিছুমান পৰিঘটনাৰ সাদৃশ্য মানু্হৰ কৃষিকাৰ্য বা পশুপালনৰ সৈত্যে ইমান বেছি যে এইবিলাকক কৃষি বা পশুপালন বুলি ক’লেও বঢ়াই কোৱা নহয়।

পূৰ্বতে ধাৰণা কৰা হৈছিল যে মধ্য আৰু দক্ষিণ আমেৰিকাত পোৱা পাত খোৱা পৰুৱা (Leaf-cutter ants) নামৰ পৰুৱাবিলাকে গছৰ পাত খাই জীয়াই থাকে। পিছে, পিছলৈ গম পোৱা গ’ল যে পৰুৱাবিধে আচলতে গছৰ পৰা কুটি নিয়া পাত বা ফুলৰ টুকুৰাবিলাক নিজৰ বাহত বা এক নিৰ্দিষ্ট স্থানত গোটাই লৈ তাত এবিধ ভেঁকুৰৰ সঁচ মেলি দিয়ে। পাতৰ টুকুৰাৰ মাজত ভেঁকুৰবিধৰ বিকাশ আৰু বংশবৃদ্ধি হ’বলৈ দি পৰুৱাবিলাকে পিছলৈ সেই ভেঁকুৰবিলাকক খাদ্য হিচাবে গ্ৰহণ কৰে। চোং সলনি কৰাৰ সময়ত ৰাণী পৰুৱাজনীয়ে এই ভেঁকুৰবিধৰ সঁচ নিজৰ মুখগহ্বৰৰ ভিতৰৰ এক আছুতীয়া অংশত কঢ়িয়াই লৈ যায় আৰু কৰ্মী পৰুৱাবিলাকে নতুন বাহলৈ নতুন নতুন পাত কঢ়িয়ায় অথবা বাহৰ পুৰণি বা অপ্ৰয়োজনীয় পাতসমূহ আঁতৰাই নিতৌ নতুন পাতৰ টুকুৰা গোটাই ভেঁকুৰবিধৰ কাৰণে উপযোগী খাদ্যৰ যোগান ধৰে। ইয়াৰ উপৰি, পৰুৱাবিলাকে নিজৰ শষ্যডৰাক অন্য পোক আৰু শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ দায়িত্বয়ো লয়। পাত খোৱা পৰুৱাৰ ভিন ভিন প্ৰজাতিয়ে কৃষিৰ বাবে একেই লেপিয়’টেচি (Lepiotaceae) পৰিয়ালৰ ভেঁকুৰৰ সঁচ ব্যৱহাৰ কৰে যদিও প্ৰতিবিধ পৰুৱাৰ বাবে ভেঁকুৰৰ প্ৰজাতি বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়।

আমাৰ অতিকে চিনাকি উঁইপৰুৱাৰ কোনো কোনো বংশও প্ৰায় চল্লিশৰ পৰা ষাঠি নিযুত বছৰৰ কৃষি অভিজ্ঞতাৰে অভিজ্ঞ। উঁইপৰুৱাৰ ২৬০০ প্ৰজাতিৰ প্ৰায় ৩৩০ বিধ মান প্ৰজাতিয়ে টাৰ্মাইট’মাইচিছ নামৰ ভেঁকুৰবিধৰ খেতি কৰে আৰু সিবিলাকে উৎপাদন কৰা পুষ্টিকৰ আহাৰসমূহ গ্ৰহণ কৰে। এই ভেঁকুৰবিধে উঁই হাঁফলুৰ বিভিন্ন অংশত উঁইপৰুৱাই নিৰ্মাণ কৰা উঁই-কৰ্কৰা (বা বিচনী)ৰ মাজত গজি উঠি তাৰ পৰা আহাৰ গ্ৰহণ কৰে আৰু তাতেই নিজৰ বংশ বিস্তাৰ ঘটায়। ভেঁকুৰবিলাকে তাত উঁইপৰুৱাৰ বাবে এবিধ পুষ্টিকৰ খাদ্য তৈয়াৰ কৰে আৰু উঁই হাফলুটোত জলীয় বাষ্প ধৰি ৰাখি হাফলুটোৰ ভিতৰত উষ্ণতা নিয়ন্ত্ৰণ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। উঁইপৰুৱাই কৰ্কৰা বা বিচনী তৈয়াৰ কৰাৰ পদ্ধতিটোও বেছ আমোদজনক। এদল উঁইৰ মাজৰ খাদ্য সংগ্ৰহকাৰী পৰুৱাবিলাকে বাহৰ বাহিৰৰ পৰা শুকান গছপাত, কাঠ বা অন্যান্য চেলুল’জজাতীয় আহাৰ মুখেৰে সংগ্ৰহ কৰি আনে আৰু সেইবিলাক চোবাই কোমল আৰু আঠালেতীয়া কৰি বাহৰ ভিতৰত আহি বাহ সজা “মিস্ত্ৰী” উঁইৰ হাতত চমজাই দিয়েহি। মিস্ত্ৰী উঁইপৰুৱাসমূহে এনে আঠালেতীয়া পদাৰ্থসমূহ সংগ্ৰহ কৰি ততাতৈয়াকৈ নিৰ্দিষ্ট স্থানত নিৰ্দিষ্ট আকাৰ দি একেলগ কৰেগৈ আৰু তাত ভেঁকুৰৰ সঁচ মেলি দিয়ে। উঁইৰ বিচনী সাধাৰণতে অৰ্ধগোলাকাৰৰ পৰা গোলাকাৰ আকৃতিৰ হয় আৰু এইবিলাক ইহঁতে হাফলুটোৰ বিভিন্ন স্থানত অৰ্ধগোলাকাৰ খলপা সাজি তাত ৰাখিবলৈ যত্ন কৰে।  টাৰ্মাইট’মাইচিছ ভেঁকুৰে উঁইৰ দ্বাৰা অৰ্ধভক্ষিত চেলুল’জৰ পৰা উচ্চখাপৰ অলিগ’চেক্কেৰাইড আৰু সহজপাচ্য জটিল শৰ্কৰাৰ সৃষ্টি কৰে, যিবিলাক ইহঁতে বিচনীৰ নিম্নাংশত জমা কৰে আৰু তাৰ পৰা উঁইপৰুৱাই পুষ্টি লাভৰ বাবে খাদ্য হিচাবে গ্ৰহণ কৰে। আচলতে উঁইপৰুৱাৰ দেহত চেলুল’জৰ সম্পূৰ্ণ পাচন নহয় আৰু ইহঁতে দৈহিক পুষ্টি লভিব নোৱাৰে। ইহঁতৰ অতি-আধিভৌতিক (extracorporeal অৰ্থাৎ দেহৰ বাহিৰৰ) খাদ্যৰ পাচন প্ৰক্ৰিয়াটোত টাৰ্মাইট’মাইচিছ ভেঁকুৰৰ প্ৰয়োজনীয়তা অপৰিসীম বাবেই উঁইয়ে কৃষিকাৰ্যত মনোনিৱেশ কৰিবলগাত পৰে। প্ৰক্ৰিয়াটোত সামান্য নাইট্ৰ’জেন স্থায়ীকৰণো সংঘটিত হয়। একেটা হাফলুতে উঁইৰ দ্বাৰা নতুন নতুন বিচনী নিৰ্মান আৰু টাৰ্মাইট’মাইচিছৰ দ্বাৰা উঁইৰ আহাৰ তৈয়াৰ কৰা প্ৰক্ৰিয়াকেইটা নিৰন্তৰ চলি থাকে আৰু এনেদৰে হাফলুৰ আকাৰো বৃদ্ধি হৈ গৈ থাকে আৰু খেতিডৰাৰ আকাৰো বাঢ়ি গৈ থাকে।

 

 

এম্ব্ৰ’চিয়া বীটেল (Ambrosia Beetle) নামৰ কাঠ পোকবিধৰ কৃষি পদ্ধতিও অতি আশ্চৰ্যকৰ। বিজ্ঞানীসকলে অনুমান কৰা মতে ইহঁতৰ কৃষিপদ্ধতিও ষাঠি নিযুত বছৰতকৈও অধিক পুৰণি। সদ্যমৃত অথবা মৃত্যুমুখী বৃক্ষৰ দেহত খননকাৰ্য চলাই ইহঁতে নিজৰ বাসস্থান তৈয়াৰ কৰাৰ লগতে তাত এবিধ ভেঁকুৰৰ উদ্যান প্ৰতিষ্ঠা কৰে। এইবিধ পোকে সাধাৰণতে বৃক্ষৰ জাইলেম অংশলৈকে সুৰঙ্গ উলিয়াই এম্ব্ৰ’চিয়া নামৰ ভেঁকুৰবিধৰ বীজ মেলি দিয়ে। এই ভেঁকুৰবিধে বৃক্ষৰ জাইলেম কলাবিলাকক দূৰলৈকে ভেদ কৰি নিজৰ বংশবিস্তাৰ ঘটায় আৰু সেইবিধ কলাৰ পৰাই নিজৰ খাদ্যও আহৰণ কৰে। এম্ব্ৰ’চিয়াই এনেদৰে আহৰণ কৰা খাদ্যৰ পৰা পোকবিধৰ কাৰণে পুষ্টিকৰ হৈ উঠা এবিধ আহাৰ তৈয়াৰ কৰে আৰু সেইবিলাক গছজোপাত বাস কৰা পোকৰ সুৰঙ্গস্থিত বাসস্থানৰ ওচৰে পাজৰে জমা কৰে। কেৱল এম্ব্ৰ’চিয়া ভেঁকুৰৰ দ্বাৰা তৈয়াৰ হোৱা এনে খাদ্যকেই আহাৰ হিচাপে গ্ৰহণ কৰি পোকবিধে জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় পুষ্টি লাভ কৰিব পাৰে। বিভিন্ন প্ৰজাতিৰ এম্ব্ৰ’চিয়া বীটেলে খেতি কৰা ভেঁকুৰৰ প্ৰজাতিও ভিন ভিন হ’ব পাৰে আৰু বেলেগ বেলেগ প্ৰজাতিয়ে নিৰ্বাচন কৰা গছৰ প্ৰকাৰ বা সুৰঙ্গৰ আকৃতি বা দীৰ্ঘতাও ভিন ভিন হ’ব পাৰে।

 

কৃষিকাৰ্যৰ উপৰি এক প্ৰজাতিৰ পৰুৱাই এফিড্ বা গছ ওকণি (Aphids/plant lice in Britain) নামে পৰিচিত এবিধ জীৱৰ সৈত্যে অন্যোন্যজীৱি হিচাবে বাস কৰি পশুপালনৰ ক্ষেত্ৰত নিজৰ দক্ষতা প্ৰমাণ কৰিছে। মানৱ কৃষকৰ বাবে এফিড্এক ভয়ানক নাম হ’লেও পৰুৱাৰ বাবে ই সুমিষ্ট আহাৰ তৈয়াৰ কৰি নিজৰ দায়িত্বশীলতাৰ পৰিচয় দিয়ে। গছৰ পাত খাই জীৱন নিৰ্বাহ কৰা এফিডৰ দেহৰ নিৰ্দিষ্ট অংশত সুৰসুৰণি তুলিলে পতঙ্গবিধে নিজৰ শৰীৰৰ পৰা  এক সুমিষ্ট নিৰ্যাস (honeydew) নিঃসৰণ কৰিব পাৰে। পতঙ্গবিধৰ এই গুণাগুণৰ বাবে পৰুৱাই নিজৰ এলেকাত ইহঁতক লালন-পালন কৰি ৰাখে আৰু বাহিৰা শত্ৰুৰ পৰা ইহঁতক সুৰক্ষাও দিয়ে। পৰুৱাই আনকি এফিডক অন্য প্ৰাণীৰ হাতত নিজৰ নিৰ্যাস নেহেৰুৱাবৰ কাৰণে প্ৰায়ে প্ৰশিক্ষণো দিয়ে। পাখি গজা প্ৰাপ্তবয়স্ক এফিডে পৰুৱাবিধৰ এলেকা এৰি যোৱাৰ ভয়ত আনকি কেতিয়াবা পৰুৱাই এফিডৰ পাখি কুটি তাক নজৰবন্দী কৰি ৰখাৰ উদাহৰণো পোৱা যায়। পৰুৱাই নিজৰ চোং সলাবৰ সময়ত বা এফিডৰ পলুৰ বিপদৰ কালত পলুবিলাকক সুৰক্ষিত স্থানলৈ কঢ়িয়াই লৈ যায়। পৃথিৱীত প্ৰায় চাৰিহাজাৰতকৈয়ো অধিক প্ৰজাতিৰ এফিড্ আছে যদিও পৰুৱাৰ ভিন ভিন প্ৰজাতিয়ে একোএকোবিধ নিৰ্দিষ্ট প্ৰজাতিৰ এফিডকহে নিজৰ অন্যোন্যজীৱি হিচাবে নিৰ্বাচন কৰে।

 

নিজৰ নান্দনিক সৌন্দৰ্য্যৰ বাবে জলজীৱালয়ৰ উপযুক্ত মাছ হিচাবে জনপ্ৰিয় ডামচেলফিছ (Damselfish) নামৰ মাছবিধ বিজ্ঞানীসকলৰ মাজত আকৌ অন্য এক কাৰণতহে গুৰুত্বপূৰ্ণ। সাগৰৰ তলিৰ প্ৰৱাল দ্বীপপুঞ্জসমূহত ডামচেলফিছৰ তত্বাৱধানত থকা বৃহত্তৰ কৃষিভূমিয়ে বিভিন্ন সময়ত বিজ্ঞানীসকলক চিন্তাৰ খোৰাক যোগাই আহিছে। ইজিপ্ত, কেনিয়া, মৰিছাছ, মালদ্বীভ আদি ৩২০খন স্থানত ১৮বিধ ভিন্ন প্ৰজাতিৰ ডামচেলফিছৰ প্ৰজাতিৰ ওপৰত অধ্যয়ণ চলাই বিজ্ঞানীসকলে মাছবিধৰ কৃষিপদ্ধতিৰ বিষয়ে ইতিমধ্যে বহুতো তথ্য আহৰণ কৰিছে। মাছবিধে পলিচিফনিয়া (Polysiphonia) গণৰ শেলুৱৈবিধৰ খেতি কৰে আৰু এইবিধ শেলুৱৈক ইহঁতে খাদ্য হিচাবে গ্ৰহণ কৰে। ডামচেলফিছে নিজৰ খেতিডৰাৰ পৰা অপতৃণ আঁতৰ কৰি শেলুৱৈবিধৰ বিস্তাৰ আৰু বংশবৃদ্ধিত উদগণি যোগায় আৰু খেতিডৰাৰ ওচৰলৈ অহা যিকোনো প্ৰাণীক শত্ৰু জ্ঞান কৰি সেইবিলাকক দূৰলৈ খেদি পঠায়। মাছবিধৰ কিছুমান প্ৰজাতিয়ে আনকি শেলুৱৈবিধৰ এক নিৰ্দিষ্ট প্ৰজাতিকো চিনাক্ত কৰি উলিয়াব পাৰে। অকিনাৱা দ্বীপ অঞ্চলৰ ডামচেলফিছে নিজৰ খেতিডৰাত কেৱল ৰঙা বৰণৰ শেলুৱৈবিধকহে থাকিবলৈ দিয়ে, অন্যহাতে মৰিছাছৰ ডামচেলফিছে কেইবাটাও ৰঙৰ শেলুৱৈৰে নিজৰ খেতিডৰা সজাই তোলে। বহুতো বিজ্ঞানীয়ে অনুভৱ কৰে যে শেলুৱৈৰ কেইবাটাও প্ৰজাতি কেৱল ডামচেলফিছৰ তত্বাৱধানৰ বাবেই এতিয়াও জীয়াই থাকিবলৈ সক্ষম হৈছে, এই খেতিয়ক মাছবিধ নথকা হ’লে এতিয়ালৈ সেইবিলাকৰ অস্তিত্ব বিপন্ন বা লুপ্ত হৈ পৰিলহেঁতেন।


যিকোনো প্ৰসংগত মানুহে শামুকৰ ধীৰ গতিৰ বদনামী উপমা প্ৰয়োগ কৰা শুনা যায় যদিও কৃষিকাৰ্যৰ ইতিহাসত মানুহতকৈ আগতেই শামুকে নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছিল বুলি অনুমান কৰে বিজ্ঞানীসকলে। সাগৰীয় আৰু নিমখীয়া পানীৰ আৱেশত জীৱন ধাৰণ কৰা লিট্ট’ৰেৰিয়া ইৰ’ৰাটা (Littoraria irrorata) নামৰ শামুকবিধে সৃষ্টিৰ পুৰাতন ক্ষণৰ পৰাই ভেঁকুৰৰ খেতি কৰি আহিছে। সচৰাচৰতে উত্তৰ আমেৰিকাৰ আটলাণ্টিক আৰু উপসাগৰীয় অঞ্চলত পোৱা এই শামুকবিধে নিমখীয়া পানীত গজা স্পাৰটিনা অল্টাৰ্নিফ্লোৰা (_Spartina alterniflora_) নামৰ এবিধ ঘাঁহৰ পাতত মুখেৰে কামুৰি কিছুমান ঘাঁৰ সৃষ্টি কৰে। এই ঘাঁবিলাকত ফেয়’ছফেৰিয়া আৰু মাইক’স্ফেৰেলা (Phaeosphaeria, Mycosphaerella) গণৰ কিছুমান ভেঁকুৰ সংক্ৰমিত হয় আৰু বিস্তাৰ লাভ কৰে। পিছত এই ভেঁকুৰবিলাকক শামুকবিধে আহাৰ হিচাবে গ্ৰহণ কৰে আৰু তাৰ পৰাই সম্পূৰ্ণ পৰিপুষ্টি লাভ কৰে। শামুকবিধে নিজৰ খেতিডৰাৰ নিৰন্তৰ যতন লৈ থাকে আৰু বিস্তাৰিত কৰাৰ প্ৰচেষ্টাত থাকে আৰু তাত উপযুক্ত সাৰৰো প্ৰয়োগ কৰে। এই ঘাঁবিলাকৰ ওপৰতেই ইহঁতে মলত্যাগ কৰে, যি ভেঁকুৰবিধৰ বাবে নাইট্ৰ’জেনযুক্ত সাৰৰ কাম কৰে আৰু মলত থকা ভেঁকুৰবিধৰ অণন্ধসূত্ৰ (hyphae)ৰ জৰিয়তে সেইবিলাকে অধিক বিস্তৃতি লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, লিট্ট’ৰেৰিয়া ইৰ’ৰাটাৰ নৱজাতক পোৱালিক এই ভেঁকুৰবিধৰ পৰা আঁতৰাই ৰাখিলে ইহঁতে পুষ্টিৰ অভাৱত মৃত্যুবৰণ কৰে, ইয়ে শামুকবিধৰ জীৱনত পৰিপুষ্টিৰ বাবে ভেঁকুৰৰ অত্যাৱশ্যকতাৰ কথা প্ৰমাণ কৰে।

 

জেলিফিছ নামৰ সাগৰীয় মাছবিধৰ কৃষি পদ্ধতিও অতি পুৰণি বুলি অনুমান কৰা হৈছে।ঘাইকৈ দক্ষিণ-পশ্চিম প্ৰশান্ত মহাসাগৰ আৰু পালাউ (Palau) দ্বীপৰ হ্ৰদবিলকত পোৱা এইবিধ প্ৰাণীয়ে নিজৰ দেহৰ ভিতৰতে এবিধ শেলুৱৈৰ খেতি কৰে। জেলিফিছৰ দেহটো প্ৰায় স্বচ্ছ হোৱা বাবে ইয়াৰ দেহৰ ভিতৰত গজি উঠা সেউজীয়া শেলুৱৈবিলাকে সূৰ্যৰ পোহৰ গ্ৰহণ কৰি সালোক সংশ্লেষণ পদ্ধতিৰে নিজৰ আহাৰৰ উপৰি এবিধ শৰ্কৰা প্ৰস্তুত কৰিব পাৰে। মাছবিধে এই শৰ্কৰাবিলাকক নিজৰ অতিৰিক্ত আহাৰ হিচাবে গ্ৰহণ কৰে। শেলুৱৈবিধৰ সালোক সংশ্লেষণৰ সুবিধাৰ অৰ্থে মাছবিধে দিনটোৰ অধিকাংশ সময় ৰ’দৰ পোহৰত কটাবলৈ চেষ্টা কৰে। পালাউ দ্বীপত অৱস্থিত ১২০০০ বছৰ পুৰণি প্ৰায় ১৪ একৰ কালিৰ জেলিফিছ হ্ৰদত থকা এই মাছবিলাকে সূৰ্যৰ পোহৰ খেদি কৰা অনুশীলন অতি আমোদজনক আৰু আশ্বৰ্যকৰ হোৱাৰ বাবে ই বিজ্ঞানী আৰু পৰ্যটকৰ আকৰ্ষণৰ কাৰণ হৈ পৰিছে। এই হ্ৰদত বাস কৰা সোণালী জেলিফিছে সূৰ্যোদয়ৰ সময়ত হ্ৰদটোৰ পশ্চিম অংশৰ কেন্দ্ৰস্থলত পানীৰ প্ৰায় পৃষ্ঠভাগত অৱস্থান কৰে আৰু সেই গভীৰতাইদিয়েই প্ৰায় ৯:৩০ বজালৈকে পূব পাৰৰ ফাললৈ ৰাওণা হয়। ঠিক দুপৰীয়াৰ পৰা আবেলি ৩:৩০ বজালৈকে সিহঁতে একে গভীৰতাতে থাকি পশ্চিম পাৰৰ অভিমূখে গতি কৰে। সূৰ্যাস্তৰ পিছত ইহঁত পশ্চিম পাৰৰ পৰা সামান্য পূবৰ দ অংশলৈ আহে আৰু নিশাৰ প্ৰায় ১৪ ঘণ্টা সময় হ্ৰদৰ পানীৰ মাজত পৌণঃপুনিক উলম্বভাবে উঠা-নমা কৰি থাকে। দিনৰ ভাগত হ্ৰদৰ পানীয়েদি সাতুৰি ফুৰাৰ সময়ত ইহঁতে ঘড়ীৰ কাটাৰ বিপৰীত দিশত অনবৰতে আৱৰ্তন কৰি থাকে। হ্ৰদটোত চলোৱা জেলিফিছৰ এই তিনিবিধ গতিৰ ফলত শেলুৱৈবিলাকে পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰ পোৱাৰ উপৰি প্ৰয়োজনীয় নাইট্ৰ’জেনজাতীয় উপাদানসমূহো লাভ কৰে। অষ্ট্ৰেলিয়ান ফুটুকী জেলিফিছ (Australian Spotted Jellyfish, Phyllorhiza punctata), কেছিয়’পিয়া (Cassiopeia), সোণালী জেলিফিছ আদি কেইবাটাও প্ৰজাতিৰ মাছে এই পদ্ধতিৰে কৃষিকাৰ্যৰ জৰিয়তে অন্যোন্যজীৱিতাৰ সুন্দৰ উদাহৰণ দাঙি ধৰিছে।
জীৱজগতৰ বিভিন্ন সদস্যৰ মাজৰ অন্যোন্যজীৱিতাৰ এইকেইটা উদাহৰণেই মানুহৰ মাজত প্ৰচলিত কৃষি বা পশুপালনৰ ধাৰণাৰ ইতিহাসৰ ওপৰত প্ৰশ্নবোধক চিন আঁকিবলৈ যঠেষ্ট।

তথ্যসূত্ৰসমূহ:
(১) http://en.wikipedia.org/wiki/Leafcutter_ant

(২) http://en.wikipedia.org/wiki/Aphid

(৩) http://www.biomedcentral.com/imedia/5290654783355333_article.pdf?random=67890

(৪) http://en.wikipedia.org/wiki/Ambrosia_beetle

(৫) http://www.ambrosiasymbiosis.org/

(৬) http://www.ncbi.nlm.nih.gov/pmc/articles/PMC137700/

(৭) http://www.esf.edu/efb/turner/termitepages/termiteFungSym.html

(৮) http://www.sciencedaily.com/releases/2009/11/091120000437.htm

(৯) http://en.wikipedia.org/wiki/Littoraria_irrorata

(১০) http://www.nature.com/news/1998/031201/full/news031201-2.html

(১১) http://propelsteps.wordpress.com/2013/08/01/earth-our-home-too-snail/

(১২) http://en.wikipedia.org/wiki/Jellyfish_Lake

লিখক: অচিন্ত বৰঠাকুৰ।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top