অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পতংগ নিয়ন্ত্ৰণত থলুৱা প্ৰযুক্তি জ্ঞানৰ প্ৰয়োগ

পতংগ নিয়ন্ত্ৰণত থলুৱা প্ৰযুক্তি জ্ঞানৰ প্ৰয়োগ

মানৱ সভ্যতাৰ বিকাশত কৃষি পদ্ধতিৰ এক সুকীয়া স্থান আছে। আমাৰ মাংসভোজী পূৰ্ব্বজে এদিনাখন শস্যৰ বীজৰ পৰা শস্য সৃষ্টি হোৱা পৰিঘটনাটো লক্ষ্য কৰি কৃষি ক্ষেত্ৰখনলৈ আকৰ্ষিত হৈছিল। সেই সময়ৰ মানুহৰ মগজুৰ বিকাশৰ অনুপাতে কৰ্ষণ পদ্ধতিৰ আৱিষ্কাৰ, চকাৰ যুগান্তকাৰী আৱিষ্কাৰতকৈ কোনো গুণে কম নাছিল। সময়ৰ লগে লগে কৃষি পদ্ধতিৰো যথেষ্ট বিকাশ হ’ল। ন-ন কৃষিপ্ৰযুক্তি কৃষি ক্ষেত্ৰলৈ আহিল, সেই প্ৰযুক্তি কৌশল বোৰৰো বিৱৰ্ত্তন হ’ল। তত্ৰাচ কেঁকোৰা নাঙল খনৰ গুৰুত্ব অদ্যপি বিদ্যমান।

অসমৰ সাৰুৱা ভূমিভাগ কৃষি, শাক-পাচলি আৰু ফল-মূল উৎপাদনৰ বাবে অনুকূল। যথেষ্ট সম্ভাৱনাপূৰ্ণ এই কৃষি বা উদ্যান শস্যখণ্ডৰ পৰা কম আয়াসতে অধিক উপাৰ্জন পাব পৰা যায়। একোজন কৃষকৰ মাহিলি আয়ৰ এক অংশ ফলমূল, শাক-পাচলিৰে ভৰি থকা বাৰীখনৰ পৰাই আহে। এজন সহজ সৰল অসমীয়া কৃষকে এডৰা কৃষিভূমিৰ পৰা সৰ্বোচ্চ পৰিমাণৰ ফচল উৎপাদনৰ নিমিত্তে যিবোৰ সমস্যাৰ সন্মুখীন হয় তাৰ ভিতৰত কীট-পতংগৰ আক্ৰমণ অন্যতম। বছৰ বছৰ ধৰি কৃষি কৰ্ম্মৰ লগত জড়িত হৈ থাকোতে, কৃষকসকলে নিজস্ব অভিজ্ঞতাৰে এই অপকাৰী কীট-পতংগৰ বিৰুদ্ধে কিছুমান ৰণ-কৌশল উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে। এই কৌশল সমূহক থলুৱা প্ৰযুক্তি জ্ঞান বা চমুকৈ আইটিকে বুলি কোৱা হয়। কীট-পতংগ নিয়ন্ত্ৰণৰ নামত এজন পেটে-ভাতে খাই থকা কৃষকৰ বাবে দামী কীটনাশক দৰৱ প্ৰয়োগ সম্ভৱপৰ নহয়, তদুপৰি বিষাক্ত কীটনাশকে পৰিৱেশ প্ৰদূষিত কৰাৰ লগতে মানুহ তথা উপকাৰী জীৱৰ বাবেও বিপজ্জনক। এই ৰাসায়নিক দ্ৰব্যবোৰৰ বিকল্পৰূপে কৃষক সমাজৰ অভিজ্ঞতালব্ধ আইটিকে কিছুমানৰ গুৰুত্ব বৰ্তমানে বাঢ়িব ধৰিছে, যিবোৰ পাৰিপাৰ্শ্বিকতাৰ ফালৰ পৰা সম্পূৰ্ণ বিপদমুক্ত তথা কীট-পতংগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সুফলদায়ক। কৃষি কৰ্মৰ লগত জড়িত এই আইটিকে বোৰৰ কিছুমান বিজ্ঞানসন্মত যুক্তি আছে। বৰ্তমান কৃষিৰ গৱেষণা আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত আইটিকে বোৰৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে।

চিত্ৰ (৩২): ঘাঁহত প্ৰয়োগ কৰা ডি.ডি.টি. গো-খাদ্যৰ মাধ্যমেৰে গাখীৰত প্ৰৱেশ

চিত্ৰ (৩৩): প্ৰাপ্তবয়স্ক “ফ্ৰুইট ফ্লাই”

চিত্ৰ(৩৪): প্ৰাপ্তবয়স্ক গান্ধী পতংগ

তালিকা (৬): কৃষকৰ অভিজ্ঞতাৰে সমৃদ্ধ থলুৱা প্ৰযুক্তি জ্ঞান

পদ্ধতি

অৱলম্বনৰ উদ্দেশ্য

মন্তব্য

শস্য: ধান

ধানৰ গুছা বন্ধা স্তৰত সোনবৰিয়ালৰ পাতবোৰ টুকুৰা টুকুৰকৈ কাটি পথাৰত প্ৰয়োগ কৰা হয়।

ধানৰ মজাখোৱা পোক আৰু চৰহা পোককে ধৰি বহিস্ত্বক আক্ৰমণকাৰী পতংগ নিয়ন্ত্ৰণত সহায় হয়। তদুপৰি এই পদ্ধতিয়ে শস্যকৃমিৰ বৃদ্ধিত বাধা প্ৰদান কৰে।

ঔষধী গুণেৰে সমৃদ্ধ সোনবৰীয়ালৰ পাত, কাণ্ড আৰু মূল সবত্ৰ তিতাস্বাদ যুক্ত হোৱাৰ বাবে অপকাৰী কীট-পতংগক নিয়ন্ত্ৰণত সহায় হয়।

ধানৰ পথাৰত কঠীয়া ৰোপন কৰাৰ পাছত ফুটুকাৰ ঠাৰি বা নেমুৰ টুকুৰা পেলায় থোৱা হয়

এইবোৰৰ গোন্ধৰ দ্বাৰা পতংগ বিকৰ্ষিত হয়

নেমুৰ টুকুৰাবোৰ টেঙেচী, গন্ধময় আৰু ৰসময় হোৱাৰ সূত্ৰেই পতংগ নিয়ন্ত্ৰণত সহায়ক হয়।

বহুত শাখা-প্ৰশাখাযুক্ত বাঁহৰ আগ খেতিৰ মাজত পুতি ৰখা হয়

চৰাই উৰি আহি বাঁহৰ শাখাবোৰত পৰাৰ পাছত খেতিডৰাক আক্ৰান্ত কৰা পতংগবোৰে ধৰি খোৱাৰ বাবে সুবিধা হয়।

কোমল বাঁহৰ ৰস হাইড্ৰচায়েনিক এচিডেৰে সমৃদ্ধ হোৱাৰ বাবে পতংগৰ পলুনাশক হিচাপে ক্ৰিয়া কৰে।

শস্যডৰা বাঢ়ি আহোতে পথাৰখনত বিহলঙনীৰ পাত মিহলি কৰা হয়।

মজাখোৱা পোকৰ আক্ৰমণ ৰোধ কৰে।

বিহলঙনীত থকা প্ৰাকৃতিক ৰাসায়নিক পদাৰ্থবোৰে প্ৰাণীস্বাস্থ্যৰ ক্ষতি কৰে।

ছজিনা গছৰ ছাল খুন্দি গুড়ি কৰি ধানখেতিডৰাত ছটিয়াই দিয়া হয়।

মজাখোৱা পোকৰ আক্ৰমণ ৰোধ কৰে।

ছজিনা গছ ঔষধী গুণেৰে সমৃদ্ধ।

কলা কচু কুটি কুটি গোৱৰৰ লগত সানি পথাৰত জমা হোৱা পানীত মিহলি কৰা হয়।

পানীত ওপঙি থকা কেছ ৱৰ্ম বা টুপলিকটা পোকক নিয়ন্ত্ৰণ কৰে।

কচুত কেলচিয়াম অক্সালেটৰ স্ফটিক আৰু হাইড্ৰচায়ানিক এচিড থকাৰ বাবে পতংগ নিয়ন্ত্ৰণত গুৰুত্ব আছে।

ভেকুলী বা বেং হত্যা কৰি বাঁহৰ আগত ওলমাই খেতি পথাৰত পুতি ৰখা হয়।

গান্ধীপোক মৃতপ্ৰাণীৰ গোন্ধৰ দ্বাৰা আকৰ্ষিত হোৱাৰ বাবে খেতিডৰাৰ পৰা বিকৰ্ষিত হয়।

গান্ধীপোক গেলা গোন্ধৰ প্ৰতি আকৰ্ষিত হয়।

কাতিবিহুৰ দিনা, ধানৰ ঠোক বন্ধা সময়ত খেতি পথাৰৰ মাজত আকাশ বন্তি জ্বলোৱা

কিছুমান পোক জুইৰ ফালে আকৰ্ষিত হৈ শেষত জাহ যায়।

পোক পতংগৰ কিছুমান প্ৰজাতিয়ে পোহৰৰ প্ৰতি ধনাত্মক সঁহাৰি জনায়।

ডাঙৰ ৰছি এডাল দুমূৰে দুজন ব্যক্তিয়ে ধৰি কেৰাছিন তেলত ডুবাই খেতিডৰাৰ ওপৰেদি চুঁচি নিয়া হয়।

টুপলিকটা পোকক এই পদ্ধতিৰে নিয়ন্ত্ৰণ কৰিব পাৰি।

কেৰাছিন তেলৰ গোন্ধই চৰহা পোকৰ বিকৰ্ষক হিচাপে ক্ৰিয়া কৰে।

নৰসিংহ বা মহানিমৰ পাত ভৰালত জমা কৰা ধানৰ ওপৰত ৰখা হয়

ভঁৰালৰ কীট পতংগ নিয়ন্ত্ৰণ কৰে

মহানিম আৰু নৰসিংহৰ পাত ঔষধীগুণেৰে সমৃদ্ধ বাবে পোক-পতংগ নিবাৰণ কৰিব পাৰে।

পথাৰত ছাগলীৰ গোবৰ চতিওৱা হয়

চৰহাপোকৰ আক্ৰমণ ৰোধ কৰিব পাৰি।

কিয়নো ইয়াৰ দূৰ্গন্ধৰ বাবে এইবিধ পতংগ বিকৰ্ষিত হয়।

বগৰী গছৰ কাঁইট থকা ডাল পথাৰত পেলাই থোৱাৰ লগতে পথাৰত জমা হৈ থকা পানীত কেৰাচিন তেল অলপমান ঢালি দিয়া উচিত।

টুপলিকটা পোকৰ আক্ৰমণ ৰোধ কৰিব পাৰি।

কাঁইটৰ খঁহটা আৰু কেৰাচিন তেলৰ গোন্ধই পতংগক বিকৰ্ষণ কৰে।

কেটুৰীৰ মিশ্ৰণ প্ৰয়োগ কৰা উচিত

পাত মেৰখোৱা পোকৰ আক্ৰমণৰ পৰা শস্যডৰাক ৰক্ষা কৰিব পাৰি।

কেটুৰী পতংগনাশক গুণেৰে সমৃদ্ধ।

দ মাটিৰ পানীত কেঁচা গোবৰ প্ৰতি বিঘাত এমোন হিচাপত প্ৰয়োগ কৰা হয়

কেঁকোৰাৰ আক্ৰমণ ৰোধ কৰিব পাৰি

কেঁচা গোবৰত থকা ৰসায়নে কেঁকোৰাৰ সমস্যা নিয়ন্ত্ৰণ কৰে

নিম গছৰ পাত সিজাই বা গুটিবোৰ গুড়িবোৰ গুড়ি কৰি পানীত মিহলাই স্ফ্ৰে কৰিলে ভাল হয়

টুপলিকটা পোক আৰু মজা খোৱা পোকৰ আক্ৰমণৰ ৰোধৰ নিমিত্তে

নিম গছৰ কীটনাশক গুণে শস্যৰ ডাল বা পাতক পতংগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে।

খালী টিন বা ড্ৰাম বজাই আৰু কেচেটৰ ৰিল পথাৰত বাঁহৰ সহায়ত বান্ধি দিয়া হয়।

শস্য আক্ৰমণ কৰা চৰাইক বাধা দিব পৰা যায়

ড্ৰামৰ শব্দ আৰু ৰিলৰ জিকমিকনিয়ে চৰাইক বাধা দিয়ে।

ধান কটাৰ পাছত নৰাবোৰ গুটাই জুই জ্বলাই দিব লাগে

সকলো ধৰণৰ কীট পতংগ নিয়ন্ত্ৰণৰ বাবে

কীটপতংগৰ লগতে ইহঁতৰ সদ্য প্ৰসোৱিত কণী বোৰ ধ্বংস হৈ যায়

ধানৰ কঠীয়াৰ আগবিলাক মূল পথাৰত ৰোৱাৰ আগতে কাটি দিব লাগে

মজাখোৱা পোকৰ আক্ৰমণ ৰোধৰ নিমিত্তে

কঠীয়াৰ আগ কাটি অনিষ্টকাৰী কীট পতংগৰ সদ্য প্ৰসোৱিত কণীৰ পৰৱৰ্ত্তী বিকাশক বাধা দিব পাৰি

পথাৰ ডৰা গ্ৰীষ্মকালত দ’ কৈ চাহ কৰা হয়

মজাখোৱা পোকৰ আক্ৰমণ ৰোধ কৰিব পাৰি

ৰ’দত পতংগৰ স্পৰ্শকাতঁৰ স্তৰবোৰ ধ্বংস হয়

শস্য অনিষ্টকাৰী এন্দুৰৰ গাঁতবোৰ খান্দি পানীৰে ভৰ্তি কৰি দিয়াৰ লগতে ধান খেৰ জ্বলাই গাঁতবোৰত ধোৱা দিয়া হয়

এন্দুৰৰ আক্ৰমণ ৰোধিব পৰা যায়

পৰৱৰ্তী শস্যডৰাত এন্দুৰৰ প্ৰকোপ কম দেখা যায়

আলু খেতিৰ বাবে মাটিডৰা চাহ কৰাৰ সময়ত সৰিয়হৰ খলিহৈ মাটিৰ লগত মিহলোৱা উচিত, পুলি অৱস্থাত খেতিডৰাত সামান্য মাত্ৰাত নিমখ প্ৰয়োগ কৰাৰ লগতে খেতিডৰাৰ মাজে মাজে সামান্য দূৰত্বৰ অন্তৰালত ভীমকলৰ টুকুৰা সামান্যকৈ পুতি থ’ব লাগে।

ৰঙা পৰুৱাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা যায়।

খলিহৈ আৰু নিমখে প্ৰত্যক্ষভাৱে ধ্বংস কৰাৰ লগতে ৰঙা পৰুৱাবোৰ কলৰ প্ৰতি আকৰ্ষিত হয় আৰু তেতিয়া অতি সহজেই ইহঁতক নাশ কৰিব পাৰি।

ধানৰ পতান আৰু তুঁহৰ ছাইক আলু গছৰ গুৰিত প্ৰয়োগ কৰা হয়

ৰঙা পৰুৱাৰ পৰা আলু খেতি বচাব পাৰি

ছায়ে পোষকক পতংগৰ বিৰুদ্ধে প্ৰতিৰোধক্ষম কৰি তোলে।

পানী মেটেকা, পুনি, বৰপুনি আৰু সৰুপুনি আদি পুখুৰীৰ পৰা সংগ্ৰহ কৰই আলু খেতিৰ পথাৰত, শস্যকালৰ পূৰ্বেই জমা কৰি আহিন মাহত জ্বলাই দিয়া হয়

ভূমিজ পতংগক ধ্বংস কৰাত ভূমিকা লয়।

পানীমেটেকা আৰু সৰু পুনিত পটাছিয়াম যথেষ্ট পৰিমাণে থাকে। যি উদ্ভিদক প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে

শাক-পাচলি

ধপাতৰ পাত খুন্দি পানীত তিয়াই, সেই ৰস শাক-পাচলিৰ পাতবোৰত ছটিয়াই দিয়া হয়

মোৱা পোকৰ আক্ৰমণ প্ৰতিৰোধ কৰে

ধপাতত থকা নিকটিন নামৰ এলকেলয়ডে পোক-পতংগৰ কেন্দ্ৰীয় স্নায়ৱিক তন্ত্ৰ বিনষ্ট কৰিব পাৰে

বেঙেনা গছত ছাই ছটিয়াই দিয়া

বেঙেনাৰ ফল আৰু কাণ্ড ফুটা কৰা পোক Leuconoides ৰ আক্ৰমণ ৰোধ কৰে

ছায়ে পোষকক পতংগৰ বিৰুদ্ধে প্ৰতিৰোধক্ষম কৰি তোলে।

তিয়হজাতীয় শস্য

এনে শস্যৰ খেতি কৰা পথাৰত নৰাৰ লগত জলকীয়া পুৰি, ইয়াৰ ধোঁৱা দিয়াৰ উপৰিও তিয়হজাতীয় শস্যৰ ফলবোৰ ধানখেৰ বা নৰাৰে ঢাকি দিয়া হয়

ফ্ৰুইট ফ্লাই নামৰ পতংবিধৰ আক্ৰমণৰ বাবে এনে শস্যৰ ফলবোৰ গেলি যায়। এই পতংগবিধ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

ইয়াৰ পৰা উৎপন্ন হোৱা অসহ্যকৰ ধোঁৱাই ফ্ৰুইট ফ্লাই নিয়ন্ত্ৰণত সহায় কৰে আৰু ঢাকি দিলে ফ্ৰুইট ফ্লাইয়ে সহজতে ফলবোৰ আক্ৰমণ কৰিব নোৱাৰে।

মাহজাতীয় শস্য

মাহজাতীয় শস্যৰ পৰা ডাইল বনাই ১০ মি:লি: প্ৰতি কেজি হিচাপত মিঠাতেল সানি ৰখা হয়

ভঁৰালৰ পতংগৰ পৰা ডাইলখিনি ৰক্ষা পৰে

সৰিয়হৰ তেল বিকৰ্ষক গুণেৰে সমৃদ্ধ

নেমুটেঙা:

নেমুটেঙাৰ গা-গছজোপাত গুৰিৰ পৰা এক-ডেৰ মিটাৰমান ওপৰলৈকে এটা চূণৰ প্ৰলেপ দিয়াৰ লগতে ট্ৰাংক ব’ৰাৰে গা-গছত কৰা বিন্ধাবোৰ বোকাৰে বন্ধ কৰি দিয়া উচিত

নেমুটেঙাৰ প্ৰধান শক্ৰ গা-গছক বিন্ধা কৰা ট্ৰাংক ব’ৰাৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়

চূণৰ ক্ষাৰকীয় গুণৰ বাবে গছজোপাক আক্ৰমণক কৰিব নোৱাৰে আৰু বিন্ধাবোৰ বোকাৰে বন্ধ কৰিলে পতংগবিধ গছজোপাৰ ভিতৰতে আবদ্ধ হৈ মৰি যায়।

ফল

মাঘবিহুৰ দিনা আমগছক, গুড়িৰ পৰা অলপ ওপৰত খেৰেৰ মেৰিয়াই দিয়া হয়

মাটিত অপত্যস্তৰৰ বিকাশ ঘটা পোকৰ পূৰ্ণাংবোৰ গা-গছৰ ওপৰলৈ উঠাত বাধা পায়।

খেৰৰ গাঠিয়ে পতংগৰ অবাধ আহ-যাহত বাধা দিয়ে।

ফুল ফুলাৰ সময়ত আম গছৰ তলত ধোঁৱা দিয়া হয়

ফুলত আক্ৰমণ কৰা পতংগৰ পৰা গছজোপাক ৰক্ষা কৰিব পাৰি

ধোঁৱাই পতংগৰ বিকাশৰ লগত জড়িত কাৰ্য-কলাপক বাধাগ্ৰস্ত কৰে।

নাৰিকল গছৰ কেন্দ্ৰীয় মুকুলত ৩-৪ দিনৰ বাবে এপোৱাকৈ গাখীৰ ঢালা হয়

গুৱৰুৱা জাতীয় পতংগৰ পৰা গছজোপাক ৰক্ষা কৰে

গাখীৰত থকা কেজিন নামৰ প্ৰ’টিনে প্ৰিডেটৰ আৰু পেৰাছাইটিক আমন্ত্ৰণ কৰি পতংগ নিয়ন্ত্ৰণত সহায় কৰে

সামৰণি

সৰ্বসাধাৰণ কৃষক ৰাইজৰ মাজত প্ৰচলিত এই কৌশলসমূহ অধ্যয়ন কৰি পৰিৱেশৰ ফালৰ পৰা নিৰাপদ, আৰ্থিকভাৱে কমখৰচী আৰু খেতিয়কক আকৰ্ষণ কৰিব পৰাকৈ কৃষি পদ্ধতি বিকাশ কৰিব পৰা যায়। অত্যন্ত মিতব্যয়ীতাৰে পৰিৱেশৰ দৃষ্টিৰ পৰা বিপদমুক্ত, কৃষকৰ গ্ৰহণযোগ্য কৃষি পদ্ধতিৰ বাবেই এই থলুৱা প্ৰযুক্তি জ্ঞানৰ যথেষ্ট গুৰুত্ব আছে।

লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate