অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পতংগৰ অদ্ভুত জীৱনশৈলী

“ৰমলাই গাখীৰৰ চছপেনটো গেছৰ ষ্ট’ভত উঠাই জুইকুৰা চিমত দি, লৰালৰিকৈ পাছলি কাটিবলৈ বহিল। বাৰীৰে সাৰ নিদিয়াকৈ ৰোৱা পাছলি দৰাৰ পৰা গিৰিয়েকে আনি থোৱা বন্ধাকবিটো কাটি থাকোতে তাই মন কৰিলে-কৰিব পাতত কিছুমান সৰু-সৰু হালধীয়া বৰণৰ খিচ-খিচিয়া মনিৰ দৰে বস্তু। পাত খিলা গুচাই দিলে যদিও ভিতৰৰ তৰপটোত দেখা পালে আমাৰ এৰী লেটাটোৰ নিচিনা কেইটামান লেটা, সেইকেইটা তাই গুচাই পেলালে। তাৰ পাছত কবিটো দুফালকৈ কাটোতে ভিতৰত লিৰ লৰাই থকা শকত ক’লা বৰণৰ পলু দেখা পালে। হাতত পলু এডাল লগাত তাই হাত ধুই পেলালে।” এই ঘটনাটোত ৰমলাই দেখা পোৱা বস্তুকেইটা আছিল-পতংগৰ কণী, লেটা আৰু পলু। মানুহৰ জীৱনত যিদৰে শৈশৱ, কৈশোৰ, যুৱা আৰু বৃদ্ধ আদি পৰিক্ৰমা পৰস্পৰ সংগতি ৰাখি সম্পন্ন হয় থিক সেইদৰেই পতংগৰ জীৱন বুৰঞ্জীত কণী, পলু, লেটা আৰু পূৰ্ণবয়স্ক (পখিলা, মাখি বা গুবৰুৱা) আদিৰে সম্পূৰ্ণ হয়। এনে ধৰণেৰে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক কায়ান্তৰণ বোলা হয়।

চিত্ৰ (১০): বিভিন্ন পতংগৰ ডিম্ব (পেডিগ’ ২০০৬)

কায়ান্তৰণ মানেনো কি?

কীট-পতংৰ ক্ষেত্ৰত তিনি ধৰণৰ কায়ান্তৰণ দেখা যায়

১) অকায়ান্তৰণ: পতংগৰ অপত্যস্তৰ আৰু পূৰ্ণ বিকশিত পতংগৰ মাজত আকাৰ বৃদ্ধিৰ বাদে অন্য কোনো পৰিৱৰ্তন নঘটে। যেনে: পুৰণা কিতাপ পত্ৰৰ ভিতৰত দেখা পোৱা “চিলভাৰ ফিছ”।

২) অসম্পূৰ্ণ কায়ান্তৰণ: পতংগৰ অপত্যস্তৰ বোৰ জলজ হয়। ইয়াক “নায়াদ” বোলা হয়। যেনে: জিঁঞা।

৩) ক্ৰমিক কায়ান্তৰণ: পতংগৰ অপত্যস্তৰ বোৰক “নিম্ফ” বোলা হয়। যেনে: পইতাচোৰা।

৪) সম্পূৰ্ণ কায়ান্তৰণ: কণীৰ পৰা ফুটি ওলোৱা পলুবোৰ লেটা বান্ধে পাছত পূৰ্ণবিকশিত পতংগৰ সৃষ্টি হয়। যেনে: পখিলা।

চিত্ৰ (১১): পখিলা জাতীয় পতংগৰ পলু (পেডিগ’ ২০০৬)

চিত্ৰ (১২): পতংগৰ অকায়ান্তৰিত বিকাশ “চিলভাৰ ফিছ” (পেডিগ’, ২০০৬)

চিত্ৰ (১৩): পতংগৰ ক্ৰমিক কায়ান্তৰিত বিকাশ “ষ্টিংক বাগ” (পেডিগ’, ২০০৬)

চিত্ৰ (১৪): পতংগৰ অসম্পূৰ্ণ কায়ান্তৰিত বিকাশ “মে” ফ্লাই” (পেডিগ’, ২০০৬)

চিত্ৰ (১৫): পতংগৰ সম্পূৰ্ণ কায়ান্তৰিত বিকাশ “মাখি”(পেডিগ’, ২০০৬)

তালিকা (১): পতংগবিদ্যা অনুযায়ী পতংগৰ বৰ্গীকৰণ

বৰ্গ

উদাহৰণ

ক) পাখিহীন Apterygota

১) Thysanura

২) Collembola

৩) Protura

৪) Diplura

 

Silverfish

Springtail

Telsontail

Japygids

খ) পাখিযুক্ত Pterygota

৫) Ephemeroptera

৬)Odonata

৭)Plecoptera

৮)Grylloblatodia

৯)Orthoptera

১০)Phasmida

১১)Dermaptera

১২)Embioptera

১৩)Dictyoptera

১৪)Isoptera

১৫)Zoraptera

১৬)Psocoptera

১৭)Mallophaga

১৮)Siphonculata

১৯)Hemiptera

২০)Thysanoptera

২১)Neuroptera

২২)Mecoptera

২৩)Lepidoptera

২৪)Trichoptera

২৫)Diptera

২৬)Siphonaptera

২৭)Hymenoptera

২৮)Coleoptera

২৯)Strepsiptera

৩০)Mantophasmatidae

 

Mayfly

জিঁঞা

Stonefly

Rock crawlers

ফৰিং, কুমতি

Stick insect, Leaf insect

Earwig

Webspiner

পইতাচোৰা

উঁই-পৰুৱা

Zorapteran

কিতাপৰ ওকনি

চৰাইৰ ওকনি

মানুহৰ ছাল-ওকনি

গান্ধী পোক

Thrips

Antlion, Aphidlion

Scorpion fly

পখিলা

Caddisfly

মাখি

Fleas

পৰুৱা, মৌ, বৰল

গুবৰুৱা

Stylopids

Gladiator

(দ্ৰষ্টব্য: নতুনকৈ স্বীকৃতি পোৱা বৰ্গ)

অসমীয়াত গোটেইবোৰ বৰ্গৰ নাম পোৱা নাযায় বাবে, ইংৰাজীয়েই ব্যৱহাৰ কৰা হৈছে।

চিত্ৰ (১৬): গুবৰুৱা জাতীয় পতংগৰ পলু (পেডিগ’, ২০০৬)


চিত্ৰ (১৭): বিভিন্ন পতংগৰ লেটা (ক), (খ) আৰু
(গ) পখিলাজাতীয় বা লেপিড’প্টেৰা; (ঘ) পৰুৱা আৰু (ঙ)মহ(পেডিগ’, ২০০৬)

 

চিত্ৰ(১৮): প্ৰাপ্তবয়স্ক গুবৰুৱা জাতীয় পতংগ (পেডিগ’, ২০০৬)

তালিকা (২): পলু আৰু লেটাৰ শ্ৰেণীবিভাজন

স্তৰ

বিভিন্ন ভাগ

উদাহৰণ

কণী

-

-

পলু

অপদী

মাখি

অল্পপদী

গুবৰুৱা

বহুপদী

পখিলা

লেটা

ইক্সাৰেট

গুবৰুৱা

অৱটেক্ট

মথ

ক্ৰাইচেলিচ

পখিলা

ক’ৱাৰ্কটেট

মাখি

প্ৰাপ্তবয়স্ক

-

-

লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি

শেহতীয়া উন্নীতকৰণ: : 5/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate