অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পতংগৰ আত্মৰক্ষাৰ বিচিত্র কৌশল

পতংগৰ আত্মৰক্ষাৰ বিচিত্র কৌশল

বিশ্বৰ প্রাচীন জীৱবোৰৰ ভিতৰত পতংগ অন্যতম।  বিভিন্ন দেশত উদ্ধাৰ হোৱা ফছিল অধ্যয়ন কৰি পতংগবিদ সকলে জনাইছে যে,- প্রায় ৩৫০-৫০০ নিযুত বছৰৰ পূৰ্বেই পৃথিৱীত পতংগৰ প্রবেশ ঘটিছিল। সময়ে সময়ে পৃথিৱীলৈ অন্যান্য বহু জীৱ আহিল আৰু বহু জীৱ বিলোপ্তও হ’ল। ইয়াৰ ভিতৰতে, মাত্র ২ লাখ বছৰৰ আগতহে আৱিৰ্ভাব ঘটা, আধুনিক মানুহে মগজুৰ পাৰদৰ্শিতাৰে জীৱশ্রেষ্ঠৰূপে পৰিগণিত হৈ পৰিল, কিন্তু জৈৱবৈচিত্র্যৰে ঠাহ খাই থকা ভূ-ভাগত, ক্ষুদ্রকায় মস্তিষ্কবিশিষ্ট পতংগবোৰ আজিও আধুনিক মানুহৰ  বাবে  গুৰুত্বপূৰ্ণ। এফালে যদি,-ম’হ, মাখি, পৰুৱা মানুহৰ কাৰণে ঘোৰ শত্ৰু; আনফালে,- মৌ-মাখি, লা পোক, এৰি-মুগা পোক অতি উপকাৰী। এফালে যদি,- মেলেৰীয়া মহে কামুৰি মৃত্যু ঘটাব পাৰে; আনফালে,- ‘জুৱেল বিটল’ নামৰ এক গুৱৰুৱা জাতীয় পতংগক মানুহে অলংকাৰ ৰূপে পৰিধান কৰে।  পোক পতংগই আনকি অপৰাধী চিনাক্ত কৰিবলৈও সক্ষম, যাৰ ফলত ফৰেণছিক পতংগবিদ্যা শীৰ্ষক বিজ্ঞানৰ শাখা এটাও উদ্ভৱ হ’ল। সৰ্বোপৰি, পৃথিবীৰ ভিন ভিন প্রান্তৰ কিছুমান মানুহৰ বাবে পতংগ হ’ল এবিধ সুস্বাদু খাদ্য।

এই পতংগবোৰেই জীৱনযুদ্ধত জয়ী হ’বলৈ প্রাকৃতিকভাবে যিসমূহ কৌশল অৱলম্বন কৰে, তাৰ ভিতৰত অনুকাৰিতা আৰু ছদ্মাৱৰণ উল্লেখনীয়। অনুকাৰিতা (Mimicry) হ’ল, পৰভক্ষী শত্রুৰ কৱলৰ পৰা আত্মৰক্ষাৰ নিমিত্তে ব্যৱহৃত এক কৌশল৷ বিশেষ পৰিস্থিতিত অনুকাৰক (Mimic) পতংগই অন্য একধৰণৰ পতংগৰ আৰ্হি (Model,- যি পৰভক্ষী শত্রুৰ বাবে ক্ষতিকাৰক)ত ৰঙ, গঠন অথবা আন স্বভাৱজাত লক্ষণ ধাৰণ কৰে, ফলত অনুকাৰক পতংগই জীয়াই থকাৰ সংগ্ৰামত অগ্রাধিকাৰ লাভ কৰে৷ আনহাতে পতংগৰ ছদ্মাৱৰণ (Camouflage) হ’ল, চৌপাশৰ বিভিন্ন বস্তু, অৰ্থাৎ,- গছৰ ঠাল-ঠেঙুলী-ডাল-পাত, ভেঁকুৰ লগা শিল আদিৰ দৰে আকৃতি ধাৰণ কৰাৰ ফলত শত্রুৱে চিনাক্ত কৰিবলৈ অক্ষম হোৱাৰ কাৰণে দুৰ্বলী পতংগৰ আত্মৰক্ষা সহজ হৈ পৰে৷ উদাহৰণ স্বৰূপে:- পত্র সদৃশ পতংগ।

লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate