অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সু-সংহত কীট পতংগ নিয়ন্ত্ৰণ-এক ধাৰণা

সু-সংহত কীট পতংগ নিয়ন্ত্ৰণ-এক ধাৰণা

অধিক মাত্ৰাত কীটনাশক প্ৰয়োগৰ ফলত ৰাসায়নিক প্ৰতিৰোধক্ষম পতংগ সৃষ্টি হোৱাত, পাছৰ পৰ্য্যায়ৰ ইয়াৰ ব্যৱহাৰ অসাৰ হৈ পৰে। প্ৰতিৰোধক্ষম পতংগই নিৰ্দয়ভাৱে ধ্বংস কৰা কপাহ খেতিয়ে অন্ধ্ৰপ্ৰদেশ আৰু হাৰিয়ানাৰ কৃষকক আত্মহত্যা কৰিবলৈ বাধ্য কৰা অসংখ্য কৰুণ উদাহৰণ কৃষিপ্ৰধান দেশ ভাৰতত আছে। সেয়েহে পতংগ নিয়ন্ত্ৰণৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানী সমাজে উমৈহতীয়াভাৱে এক নতুন ধাৰণাৰ উদ্ভাৱন কৰিছে, যি সু-সংহত কীট-পতংগ নিয়ন্ত্ৰণ বা চমুকৈ আইপিএম নামেৰে জনাজাত।

সু-সংহত কীট-পতংগ নিয়ন্ত্ৰণ ধাৰণাটো হ’ল: সংযোজিত পৰিৱেশ আৰু পতংগৰ ঘনত্বৰ প্ৰতি লক্ষ্য ৰাখি, পতংগ নিয়ন্ত্ৰণৰ বাবে ব্যৱহৃত সকলো পদ্ধতিক পৰ্য্যায়ক্ৰমে নিৰ্দিষ্ট পৰিকল্পনাৰে উদ্ভিদৰ আৰ্থিক ক্ষতি ৰোধৰ বাবে প্ৰয়োগ। বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানী মহলে মানি লোৱা সু-সুহত কীট পতংগ নিয়ন্ত্ৰণ বা আইপিএম ৰ সংজ্ঞাটো হ’ল: “Integrated pest control is a pest management system that, in the context of associated environment and population dynamics of the pest species, utilizes all suitable techniques and methods in as compatible a manner as possible and maintains pest population at levels below those causing economic injury.” FAO Panel of Experts, 1967.

সাধাৰণতে, সু-সংহত কীট-পতংগ নিয়ন্ত্ৰণ বা আইপিএম ত ব্যৱহৃত গতানুগতিক উপাদানসমূহ হ’ল-কৰ্ষিত নিয়ন্ত্ৰণ পদ্ধতি আৰু ৰাসায়নিক নিয়ন্ত্ৰণ পদ্ধতি আদি।

অনিষ্টকাৰী পতংগক প্ৰতিহত কৰিবৰ বাবে পতংগবিদসকলে অহৰহ চেষ্টা চলাই আছে। মানুহ আৰু পতংগৰ যুদ্ধখন অসহজ কৰি জৈৱ-বৈচিত্ৰ্যৰ চহকী পতংগই মানৱকৃত নিত্য নতুন কৌশলসমূহ নস্যাৎ কৰি প্ৰতিৰোধক্ষম হৈ উঠিছে।

তালিকা (১০):কীট-পতঙ্গ নিয়ন্ত্ৰণৰ যুগান্তকাৰী পৰিঘটনা

কাল

যুগান্তকাৰী পৰিঘটনা

প্ৰাচীন

পতংগ নিৰ্মূলৰ বাবে, চীনাসকলে চক আৰু ছাই ব্যৱহাৰ কৰিছিল, ভাৰতীয় সকলে ভড়ালত নিমপাত ৰাখিছিল আৰু মধ্যপ্ৰাচ্যৰ বাসিন্দাসকলে “ক্ৰিছেন্থেমাম” ফুলক কীট নাশকৰ দৰে ব্যৱহাৰ কৰিছিল।

৯০০ খ্ৰীষ্টাব্দ

উদ্যান শস্যৰ কীট নাশকৰ বাবে চীনাসকলে আৰ্চেনিক ব্যৱহাৰ কৰিছিল।

১৬৯০ খ্ৰীষ্টাব্দ

পতংগ নিয়ন্ত্ৰণৰ বাবে ইউৰোপৰ কিছু কিছু ঠাইত ধপাতৰ ৰস চটিওৱা হৈছিল।

১৭৬২ খ্ৰীষ্টাব্দ

কাকতী ফৰিং নাশ কৰিবৰ বাবে ভাৰতৰ পৰা মৰিছাচলৈ মাইনা চৰাই প্ৰেৰণ কৰা হৈছিল-বহি ৰাষ্ট্ৰৰ পৰা জৈৱ নিয়ন্ত্ৰক আমদানি কৰাৰ ইয়েই প্ৰথম উদাহৰণ।

১৭৮২ খ্ৰীষ্টাব্দ

আমেৰিকা যুক্তৰাজ্যত “Under Hill” নামৰ ঘেঁহুৰ এটা জাঁতে “হেছিয়ান ফ্লাই” নামৰ বৰল বিধৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা প্ৰদৰ্শন কৰিছিল-পতংগৰ আক্ৰমণ প্ৰতিৰোধক্ষম উদ্ভিদৰ প্ৰথম তথ্য।

১৮৮৯ খ্ৰীষ্টাব্দ

অষ্ট্ৰেলিয়াৰ পৰা সংগ্ৰহ কৰা “Vedalia beetle” ক নেমুৰ “Cottony cushion scale” নিৰ্মূলৰ বাবে ব্যৱহাৰ কৰি অভূতপূৰ্ব্ব সাফল্য লাভ কৰা হৈছিল-সৰ্ব প্ৰথম পতংগ নিৰ্মূলৰ বাবে পতংগ নিয়োগ কৰা হয়।

১৯৩৯ খ্ৰীষ্টাব্দ

ছুইজাৰলেণ্ডৰ বিজ্ঞানী ড০ পল মুলাৰে ডি.ডি.টি. ৰ কীটনাশক গুণ আৱিষ্কাৰ কৰে।

১৯৪৮ খ্ৰীষ্টাব্দ

বিজ্ঞানী ড০ পল মুলাৰৰ নবেল বটা লাভ।

১৯৫৫ খ্ৰীষ্টাব্দ

পতংগবিদ ড০ এডৱাৰ্ড এফ. নিপলঙ উদ্ভাৱিত বন্ধ্যাকৰণ পদ্ধতিৰে “স্ক্ৰীউৱৰ্ম”, Cochliomyia hominivorax ৰ নিয়ন্ত্ৰণৰ গৱেষণাৰ তথ্য প্ৰকাশ পায়।

১৯৬২ খ্ৰীষ্টাব্দ

“Silent Spring” নামৰ গ্ৰন্থত ৰাছেল কাৰছন নামৰ লেখিকাই ডি.ডি.টি ৰ অবিবেচনীয় ব্যৱহাৰৰ ফলত মৃত্যু হোৱা এটা সুঁতিৰ কথা উল্লেখ কৰিছিল। অত্যাধিক ডি.ডি.টি. প্ৰয়োগৰ ফলত সুঁতিটোৰ পানী ইমানেই বিষাক্ত হৈছিল যে তাত থকা সকলো জলজ জীৱ মৰি ওপঙি গৈছিল।

ভাৰতীয় বিজ্ঞানী ড০ এছ প্ৰধানে নিমৰ কীটনাশক তত্ব আৱিষ্কাৰ কৰিলে।

১৯৮৭ খ্ৰীষ্টাব্দ

প্ৰথম ট্ৰেন্সজেনিক উদ্ভিদ “Belgian Biotechnology Compeny” য়ে জৈৱ প্ৰযুক্তিৰে সৃষ্টি কৰে। “Bacillus thuringiensis” বেক্টেৰীয়াৰ “endotoxin gene” যুক্ত ধপাত গছ জোপাই “Manduca sexta” নামৰ পতংগ বিধৰ আক্ৰমণ প্ৰতিহত কৰিব পাৰে।

১৯৯২ খ্ৰীষ্টাব্দ

ড০ এডৱাৰ্ড এফ. নিপলিঙ আৰু ড০ ৰেইমণ্ড চি. বুশ্বলেণ্ডৰ “World Food Prize” লাভ।

১৯৯৭ খ্ৰীষ্টাব্দ

সু-সংহত কীট-পতঙ্গ নিয়ন্ত্ৰণক বিকাশৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ড০ ৰেই এফ.স্মিথ আৰু ড০ পেৰি এল. এডকিছনক “World Food Prize” ৰে ভূষিত কৰা হয়।

২০০২ খ্ৰীষ্টাব্দ

ভাৰতত প্ৰথম ট্ৰেন্সজেনিক শস্য “Bacillus thuringiensis” ৰ জিনযুক্ত কপাহ “Bt Cotton” বাণিজ্যিকভাৱে মুকলি কৰা হয়। এই সূত্ৰে মুঠ ৪৫,০০০ হেক্টৰ কৃষি ভূমিত “Bt Cotton” ৰোপন কৰা হয়। কপাহৰ অনিষ্টকাৰী পতংগ “Helicoverpa armigera” ৰ বিৰুদ্ধে এই “Bt Cotton” সুফল দায়ক।

২০০৬ খ্ৰীষ্টাব্দ

নিউয়ৰ্কস্থিত, International Service for the Acquisation of Agro-biotech Applications (ISAAA) ৰ জৰীপ মতে ভাৰতত ট্ৰেন্সজেনিক কৃষিভূমিৰ পৰিমাণ ৩.৮ নিযুত হেক্টৰলৈ বৃদ্ধি হয়।

 

চিত্ৰ(৪৭): ৰাছেল কাৰছনৰ “Silent Spring”

বৰ্দ্ধিত জনসংখ্যাই দাবী কৰা অন্ন উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি, হ্ৰাস পোৱা কৃষি ভূমিৰ পৰা অধিক ফচল লাভৰ বাবে পতংগ নিয়ন্ত্ৰণ নিতান্ত্যই প্ৰয়োজনীয়। এই ক্ষেত্ৰত সু-সংহত কীট-পতংগ নিয়ন্ত্ৰণ বা আইপিএম য়ে কৃষকৰ প্ৰতি আশাৰ বতৰা আনিবলৈ সক্ষম হ’ব।

লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি

শেহতীয়া উন্নীতকৰণ: : 12/31/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate