অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কমপোষ্ট ছেপাৰেটৰ :

কমপোষ্ট ছেপাৰেটৰৰ বিষয়ে লিখা হৈছে ।

মাটিডৰাৰ ভাৰ স্বাস্থ্য আৰু উৰ্বৰা ব্যৱস্থাপনা নিৰ্ভৰ কৰে মাটিত বেছি পৰিমাণে জৈৱ পদাৰ্থ ব্যৱহাৰ কৰা আৰু কম পৰিমাণে ৰাসায়নিক সাৰ ব্যৱহাৰৰ ওপৰত।

মাটিৰ উৰ্বৰতা ক্ৰমবৰ্দ্ধমান হাৰত হ্ৰাস পোৱাটো বৰ্তমান এক কঠিন সমস্যা হিচাপে চিহ্নিত হৈছে। ৬০ ভাগৰো অধিক খেতি মাটিত জৈৱ পদাৰ্থৰ পৰিমাণ ১.৫ ভাগৰো তললৈ গুছি গৈছে।

সেয়ে অধিক পৰিমাণে জৈৱ সাৰ ব্যৱহাৰৰ মাধ্যমেৰে ৰাসায়নিক সাৰৰ প্ৰয়োগ হ্ৰাস কৰা দৰকাৰ। কেঁচু সাৰ বা ভাৰ্মি কমপোষ্ট এনে এক ধৰণৰ সাৰ, যাৰ ব্যৱহাৰৰ ফলত ৰাসায়নিক সাৰৰ ব্যৱহাৰ ৫০ শতাংশ পৰ্যন্ত হ্ৰাস কৰা সম্ভৱ।

কিছু নিৰ্বাচিত প্ৰজাতিৰ কেঁচু আছে, যিয়ে গোবৰ, বায়োশ্লাৰি, পচনশীল আৱৰ্জনা, ডাল-পাত ইত্যাদি ভক্ষণ কৰি মলত্যাগ কৰে আৰু সেইবিলাকৰ দেহৰপৰা এক ধৰণৰ ৰাসায়নিক পদাৰ্থ নিঃসৃত হয়।

এইবোৰে জৈৱ পদাৰ্থৰ লগত মিলি উৰ্বৰতা বৃদ্ধি কৰে। বৰ্জ্য পদাৰ্থ যেতিয়া চাহৰ গুড়িৰ দৰে ফৰফৰীয়া হয় তেতিয়া বুজিব লাগিব সাৰ প্ৰস্তুত হৈছে। কেঁচু সাৰ প্ৰস্তুত হ’বলৈ ২৫ৰ পৰা ৩০ দিন সময় লাগে।

প্ৰকৃতপক্ষে কেঁচুৰ মলেই হ’ল সাৰ। এনে অৱস্থাত চালনিৰে চালি কেঁচুৰ কণী আৰু জৰজৰীয়া অংশ পৃথক কৰিব লাগে।

ভাৰ্মি-কমপোষ্ট বা কেঁচু সাৰ তৈয়াৰ কৰিবলৈ সবাতোকৈ ব্যয়বহুল আৰু কষ্টসাধ্য কাম হ’ল কমপোষ্টৰপৰা কেঁচুবোৰ পৃথক কৰা আৰু চালনি মাৰি নিৰ্দিষ্ট আকাৰৰ গুড়ি পেকেটজাত কৰাৰ বাবে বেলেগ কৰা। চালনিৰ মাধ্যমেৰে হাতেৰে চালি আকাংক্ষিত আকাৰৰ সাৰ পাবৰ বাবে দক্ষ শ্ৰমিকৰ প্ৰয়োজন।

হাতেৰে চালি কেঁচু পৃথক কৰা যেনে- কষ্টসাধ্য, তেনেদৰে কেঁচুৰ স্বাস্থ্যৰ বাবেও ক্ষতিকৰ। তাৰ বাহিৰেও এনেদৰে সাৰ কমপক্ষেও দুবাৰ হাতেৰে চালিব লাগে। ভাৰ্মি-কমপোষ্ট তৈয়াৰ কৰা সম্পূৰ্ণ প্ৰক্ৰিয়াটো স্বাভাৱিক হ’লেও চালনি মৰা কামটো বেছ কঠিন।

এইবোৰ সমস্যাৰ কথা মনত ৰাখিয়েই কৃষি বিজ্ঞানীসকলে এক চালনি যন্ত্ৰ উদ্ভাৱন কৰে, যাৰদ্বাৰা একেলগে কেঁচুবোৰ পৃথক কৰি আশানুৰূপ সাৰ পোৱা সম্ভৱ।

যন্ত্ৰটোৰ প্ৰধান বৈশিষ্ট্য -

  • সাধাৰণ লোহাৰে তৈয়াৰ কৰিব পাৰি।
  • মাত্ৰ ০.৫ অশ্বশক্তিৰ বৈদ্যুতিক মটৰেৰে চলাব পাৰি।
  • সাৰৰপৰা কেঁচুক সফলভাৱে সম্পূৰ্ণ বেলেগ কৰিব পাৰি।
  • কম সময় আৰু খৰচত বাণিজ্যিক ভিত্তিত কেঁচু সাৰ তৈয়াৰ কৰিব পাৰি।
  • পুৰুষ-মহিলা উভয়েই এইটো সহজতে চলাব পাৰে।
  • যন্ত্ৰটো চলাবলৈ তিনিজন লোকৰ প্ৰয়োজন হয়।
  • যন্ত্ৰটোৰে পাঁচ মিলিমিটাৰতকৈ কম ব্যাসাৰ্দ্ধৰ চাহ পাতৰ সম আকৃতিৰ সাৰ সহজতে পোৱা যায়।
  • ঘন্টাত ১৫০০ কিলোগ্ৰাম ভাৰ্মি কমপোষ্ট চালিব পাৰি, য’ত হাতেৰে চালি তিনিজন লোকে ঘন্টাত ২৪০ কিলোগ্ৰাম কেঁচুসাৰ চালিব পাৰে।

যন্ত্ৰটোৰ বিৱৰণ -

  • এম এছ নেট(৫ মেছ)ৰ আবৃত চিলিণ্ডাৰ আকৃতিৰ চাকনিখন এটা ‘শাফট’ৰ সাহায্যৰে দুটা বিয়েৰিঙৰ ওপৰত স্থাপিত হৈ থাকে।
  • ০.৫ অশ্বশক্তিৰ বৈদ্যুতিক মটৰৰপৰা মেইন শাফটত শক্তি দিয়া হয়।
  • চিলিণ্ডাৰ শাফটৰ ঘূৰ্ণন গতি মিনিটত ভাৰ্মি কমপোষ্টৰ বাবে ১০ বাৰ আৰু ট্ৰাইকো কমপোষ্টৰ বাবে ১৫ বাৰ।
  • চিলিণ্ডাৰটো ইনপুটৰপৰা আউটপুটৰ দিশে ১০০ কোণত আবিষ্ট কৰা থাকে।
  • মাপ- দৈৰ্ঘ্য চাৰি ফুট(প্ৰস্থ তিনি ফুট), উচ্চতা পাঁচ ফুট।
  • ওজন ৯৫ কিলোগ্ৰাম।

কাৰ্যপ্ৰণালী -

যন্ত্ৰটো এক ছাঁযুক্ত সমতল আৰু খালী ঠাইত বহুৱাই বৈদ্যুতিক লাইনেৰে মটৰক সংযোগ দিয়ক। শ্বুইচ অন কৰিলে মটৰ চলা আৰম্ভ হ’ব আৰু চিলিণ্ডাৰ আকৃতিৰ চালনি ঘূৰি থাকিব। প্ৰৱেশ হুপাৰত সংগ্ৰহ কৰা

‘কমপোষ্টা’খিনি চালক। পাতল আৰ্দ্ৰতাসম্পন্ন কমপোষ্ট সমানভাৱে চালনিত দিব লাগে। মুহূৰ্তৰ ভিতৰতে আকাংক্ষিত চাহৰ দৰে সাৰ চালনিৰ তলত থকা সংগ্ৰহ ট্ৰেত জমা হ’ব আৰু কেঁচু তথা ডাঙৰ আকৃতিৰ আৱৰ্জনা নিৰ্গমন পথৰপৰা ওলাই আহিব।

উল্লেখ্য যে কেঁচুবোৰ এপিনে জমা হ’ব আৰু আৱৰ্জনা দূৰত জমা হ’ব। কেঁচুবোৰক সামান্য আৱৰ্জনাসহ বেলেগ কৰি নতুন গাঁতত দিয়া হয়। ডাঙৰ আকাৰৰ আৱৰ্জনা কমপোষ্ট তৈয়াৰৰ বাবে পুনৰ গাঁতত দিব পাৰি।

সতৰ্কতা:

যন্ত্ৰটো চলোৱাৰ সময়ত ঢিলা পোছাক পৰিধান নকৰাই ভাল। বৈদ্যুতিক লাইন যাতে শ্বৰ্ট চাৰ্কিট নহয়, তালৈ লক্ষ্য ৰাখিব লাগে।

বিশেষ পৰামৰ্শ -

কেঁচু সাৰ তৈয়াৰ কৰা ৰিঙবোৰৰপৰা সাৰ সংগ্ৰহৰ পূৰ্বে যদি স্তৰে স্তৰে সাৰ হাতেৰে বেলেগ কৰি ১ৰ পৰা ২ ঘন্টা ৰখাৰ পিছত সাৰ সংগ্ৰহ কৰা হয়, তেন্তে কেঁচুবোৰ তললৈ গুচি যায়। ফলত সংগ্ৰহকৃত সাৰত কেঁচু কম থাকে।

এনেভাবে কেইবা স্তৰত সাৰক পৃথক কৰি ৰাখি এঘন্টামানৰ পিছত সাৰ সংগ্ৰহ কৰিলে কেঁচু কম পৃথক কৰিব লাগে। এনে কৰিলে অনেক কেঁচুক একেলগে সংগ্ৰহ কৰিব পাৰি আৰু কেঁচুবোৰ আঘাতপ্ৰাপ্ত হোৱাৰপৰা ৰক্ষা পৰে।

লেখক: ভাস্কৰ পাঠক(দৈনিক অসম)

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top