অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰোটাৰি টিলাৰ

ৰোটাৰি টিলাৰ

শেহতীয়াভাৱে আমাৰ একাংশ মহিলা কৃষকৰ মাজত জনপ্ৰিয় হৈ পৰা ৰোটাৰি টিলাৰ মূলতঃ এক যান্ত্ৰিক নিৰনি যন্ত্ৰ। ধান, কুঁহিয়াৰ, আলু, পাচলি নাইবা উদ্যান শস্যৰ খেতিৰ দুটা শাৰীৰ মাজত গজি উঠা অপতৃন বা অলাগতিয়াল ঘাঁহ-বনবোৰ নিৰাবলৈ ই এক উত্তম যন্ত্ৰ। আনহাতে, এই যন্ত্ৰ বিধেৰে কম পৰিসৰৰ সকলো ধৰণৰ মাটিৰ ক্ষেত্ৰত দ্বিতীয় পৰ্য্যায়ৰ মাটি চহোৱাৰ কাম ভালদৰে কৰিব পাৰি। যদিহে মাটিদৰা পলসুৱা হয়, তেনেহ’লে ৰোটাৰি টিলাৰেৰে এনে মাটিত প্ৰথম পৰ্য্যায়ৰ চহোৱাৰ কামো কৰিব পৰা যায়। এই যন্ত্ৰত ব্যৱহাৰ কৰা সঁজুলিসমূহৰ সহায়েৰে মাটিত থকা অপতৃন নাশ কৰাৰ লগতে গছৰ গুৰি অংশৰ মাটি কোমলাই দি শিপা অঞ্চলত বতাহৰ চলাচল বৃদ্ধি কৰিব পাৰি।

ৰোটাৰি টিলাৰখন অমাৰ সকলোৰে পৰিচিত পাৱাৰ টিলাৰতকৈ আকাৰত সৰু আৰু ওজনতো কম। গতিকে এই যন্ত্ৰবিধ আমাৰ পুৰুষসকলৰ উপৰি মহিলা কৃষকসকলেও আয়াসতে চলাব পাৰে। সেয়েহে মহিলা কৃষকৰ শ্ৰম লাঘৱ কৰিবলৈ কৃষি বিভাগে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ জৰিয়তে মহিলা কৃষকৰ মাজত ৰোটাৰি টিলাৰ বিতৰণৰ আঁচনি ৰুপায়ণ কৰিছে। ইয়াৰ বাবে ৫০ শতাংশ ৰাজসাহায্য আগবঢ়োৱা হৈছে।

ৰোটাৰি টিলাখন ৪-৬.৫ অশ্বশক্তিযুক্ত, একক চিলিণ্ডাৰযুক্ত আৰু ডিজেল নাইবা পেট্ৰোল ইঞ্জিন চালিত। মাটিৰ গঠন, অপতৃণৰ ঘনত্ব, খেতিডৰাৰ আকাৰ আদি বিভিন্ন বিষয়ৰ ওপৰত দৃষ্টি ৰাখি ইয়াৰ সৈতে বিভিন্ন সঁজুলি স্ংলগ্ন কৰাৰ ব্যৱস্থা আছে। কৃষকে নিজৰ প্ৰয়োজন অনুসৰি স্প্ৰীং টাইন, ৰোটাৰি হো, স্পাইক হেৰ’, চোভেল আদি সঁজুলি বাচি লৈ ইয়াত স্ংলগ্ন কৰিব পাৰে। এই সঁজুলিসমূহ ২০-৮০ ছেণ্টিমিটাৰ পৰ্যন্ত প্ৰ্স্থৰ হোৱাৰ লগতে এইসমূহৰ খনন গভীৰতা হ’ল ৬-৩০ ছেণ্টিমিটাৰ। যন্ত্ৰবিধৰ কাৰ্যকুশলতা ইঞ্জিনৰ অশ্বশক্তিৰ ওপৰত নিৰ্ভৰশীল যদিও প্ৰচলিত ৰোটাৰি টিলাৰে প্ৰতি ঘণ্টাত কমেও তিনি কঠা শুকান মাটি চহাব পাৰে আৰু এবিঘা পৰ্যন্ত মাটিৰ খেটি নিৰাব পাৰে। কিছুমান ৰোটাৰি টিলাৰত ৰবৰৰ চকাৰ সলনি লোৰ চকা ব্যৱহাৰ কৰি মাটি বোকা কৰাৰ ব্যৱস্থা আছে।

কৃষি বিভাগে ৰাজ্যখনৰ কৃষকলৈ ১১ টা ব্ৰেণ্ডৰ ৰোটাৰি টিলাৰৰ অনুমোদন জনাইছে। আগ্ৰহী কৃষক বা কৃষক গোটে এই যন্ত্ৰবিধৰ দক্ষতা, ইন্ধনৰ খৰচ, পৰিচৰ্যা বিধি আদি বিভিন্ন দিশ বিবেচনা কৰি নিজৰ পছন্দ অনুসৰি ব্ৰেণ্ডটো নিৰ্বাচন কৰিব পাৰে। অসমৰ কৃষিখণ্ডত ৰোটাৰি টিলাৰৰ স্ংযোজনে মহিলা কৃষকসকলক শ্ৰমৰ মৰ্য্যদা দিয়াৰ লগতে কৃষিক্ষেত্ৰৰ প্ৰতি তেওঁলোকৰ আৰু অধিক অনুপ্ৰাণিত কৰি তুলিব বুলি ক’ব পাৰি।

উৎসঃ কৃষি বিভাগ, অসম

শেহতীয়া উন্নীতকৰণ: : 7/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate