মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / পাচলি খেতিৰ খুটি-নাটি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পাচলি খেতিৰ খুটি-নাটি :

পাচলি খেতিৰ খুটি-নাটিৰ বিষয়ে লিখা হৈছে ।

 

মানুহৰ দৈনন্দিন জীৱনত শাক-পাচলিৰ আৱশ্যকতা অপৰিসীম। শাক-পাচলিত প্ৰচুৰ পৰিমাণে খাদ্য প্ৰাণ, খনিজ পদাৰ্থ আদি থকাৰ বাবে মানুহৰ স্বাস্থ্য বৰ্ধনত ইয়াৰ ভুমিকা লেখত ল’বলগীয়া। পাচলিৰ পেলনীয়া অংশসমুহো জীৱ-জন্তুক খাদ্য হিচাপে দিয়াৰ উপৰি জৈৱিক সাৰ প্ৰস্তুত কৰাটো ব্যৱহাৰ কৰিব পাৰি। শাক-পাচলিৰ বজাৰ মুল্য আৰু চাহিদা কোনোদিনে কমা নাই। ব্যাৱসায়িক ভিত্তিত শাক-পাচলিৰ খেতি কৰি উপাৰ্জনৰ পথ মুকলি কৰাৰ লগতে দেশৰ নিবনুৱা সমস্যা সমাধানৰ পথো সুগম কৰিব পৰা যায়। আমাৰ ৰাজ্যখনত গ্ৰীষ্মকাল আৰু শীতকালত শাক-পাচলিৰ উৎপাদন আশানুৰুপ বৃদ্ধি হোৱা নাই। শাক-পাচলিৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে পাচলি খেতিৰ অন্তৰায়সমুহ দুৰ কৰি বিজ্ঞানসন্মতভাৱে খেতি কৰিব লাগিব।

শাক-পাচলিৰ খেতিত সাধাৰণতে দেখা পোৱা খুটি-নাটিসমুহৰ বিষয়ে তলত বিশ্লেষণ কৰা হ’ল-

১)  খেতিৰ উৎপাদন বিশেষভাৱে নিৰ্ভৰ কৰে খেতিত প্ৰয়োগ কৰা জাত আৰু বীজখিনিৰ ওপৰত। খেতিৰ বাবে নিৰ্বাচন কৰা বীজখিনি উন্নতমান বিশিষ্ট নহ’লে শস্যডৰাৰ গজন আৰু বাঢ়ন শক্তি হ্ৰাস পায়, বেমাৰ আজাৰৰ প্ৰাদুৰ্ভাৱ বাঢ়ে আৰু উৎপাদনত ঘাটি খাবলগা হয়। উপযুক্ত অংকৰণ ক্ষমতা থকা, সবল, পৈণত, অক্ষত আৰু ৰোগমুক্ত বীজৰ দ্বাৰাহে খেতি পৰা আশানুৰুপ সফলতা লাভ কৰিব পাৰি। আমাৰ ভালেমান কৃষকে শস্যৰ জাত আৰু বীজ নিৰ্বাচনত গুৰুত্ব নিদিয়ে আৰু নিম্নমানৰ বীজকে খেতিত প্ৰয়োগ কৰে। কৃষি বিজ্ঞানৰ অগ্ৰগতিৰ লগে শাক-পাচলিৰ বিভিন্ন উন্নত জাত উদ্ভাৱন কৰা হৈছে আৰু তেনে জাতৰ খেতি কৰি আশানুৰুপ লাভৱান হোৱা দেখা গৈছে। আমি বজাৰৰ পৰা সংগ্ৰহ কৰা বীজখিনি খালী চকুৰে ৰোগমুক্ত যেন দেখিলেও তাত বেমাৰৰ বীজানু নিহিত হৈ থাকিব পাৰে। গতিকে, পথাৰত সিঁচাৰ আগতে বীজখিনি উপযুক্ত ঔষধেৰে শোধন কৰা বৰ দৰকাৰ। বীজশোধন নকৰাৰ বাবে শাক-পাচলিৰ পুলিবাৰীৰ  উপৰি মুল পথাৰতো বিভিন্ন বেমাৰ-আজাৰে শস্যখিনি আক্ৰমণ কৰে আৰু ফলত উৎপাদনৰ পৰিমাণ হ্ৰাস পোৱা দেখা যায়।

২) খেতিৰ পৰা অধিক উৎপাদন আশা কৰিবলৈ হ’লে সময়মতে খেতিৰ কাম আৰম্ভ কৰা বাঞ্চনীয়। শাক-পাচলিৰ কিছুমান জাতৰ খেতি শেহতীয়াকৈ কৰিব পৰা যায়। সময়মতে পথাৰত গুটি নিসিঁচাৰ বাবে কৃষকে খেতিৰ পৰা আশানুৰুপ সফলতা লাভ কৰিব নোৱাৰে। আনহাতে , পুলি ৰোপণৰ ব্যৱধান আৰু মাটি প্ৰস্তুতিকৰণৰ ওপৰতো কৃষি উৎপাদন নিৰ্ভৰশীল। লৰালৰিকৈ দুই-এচাল হাল বাই বা কোৰ মাৰি মাটি প্ৰস্তুত কৰি খেতি আৰম্ভ কৰিলে অথবা পুলি ৰোৱাৰ ব্যৱধান সঠিক নহ’লে পাচলিৰ উৎপাদন হ্ৰাস পোৱাটো নিশ্চিত।

৩) শাক-পাচলিৰ খেতিৰ পৰা আশানুৰুপ উৎপাদন লাভ কৰিবলৈ হ’লে অনুমোদিত পৰিমাণত সাৰ-জাৱৰ প্ৰয়োগ কৰাটো অপৰিহাৰ্য। শস্যক ডালে-পাতে , ফলে-ফুলে জাতিষ্কাৰ হ’বলৈ ভালেমান খাদ্যপ্ৰাণ বা পোষক দ্ৰব্যৰ প্ৰয়োজন হয়। শাক-পাচলিৰ শ্ৰীবৃদ্ধিৰ বাবে আৱশ্যক হোৱা পোষক দ্ৰব্যবোৰ আমি ৰাসায়নিক বা জৈৱিক সাৰৰ যোগেদি যোগান ধৰিব পাৰোঁ। উল্লেখযোগ্য যে আমি সাধাৰণতে পথাৰত প্ৰয়োগ কৰা ইউৰিয়া, ছুপাৰ ফচফেট আৰু পটাছ সাৰত কিছুমান ক্ষুদ্ৰ মৌল সন্নিহিত হৈ নাথাকে। বৰ’ণ, মেগনেছিয়াম, জিংক প্ৰভৃতি মৌলসমুহ পাচলিজাতীয় শস্যই কম পৰিমাণত গ্ৰহণ কৰে যদিও তাৰ অভাৱ হ’লে পাচলি খেতিত নানাধৰণৰ বিসংগতিয়ে দেখা দিব পাৰে। তেনেধৰণৰ সুক্ষ্মসাৰ প্ৰয়োগত অগ্ৰাধিকাৰ দিয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ ৰাজ্যখনত শাক-পাচলিৰ খেতিত নানা ধৰণৰ মোৰ-আজাৰে আক্ৰমণ কৰে আৰু ফলস্বৰুপে তাৰ উৎপাদনৰ পৰিমাণ বহুগুণে হ্ৰাস পায়।

৪) আমাৰ ৰাজ্যখনৰ অধিকাংশ কৃষকে খেতি এটা আৰম্ভ কৰাৰ পিছত তাক প্ৰতিপালন কৰিবলৈ পাহৰি যায়। শাক-পাচলিৰ পুলি ৰোৱাৰ পিছৰে পৰা তাত পাতলীয়াকৈ ছাঁ দিয়া, পানী যোগান ধৰা, অলাগতীয়াল ঘাঁহ বনবোৰ উভালি দিয়া, প্ৰয়োজন সাপেক্ষে সাৰ প্ৰয়োগ কৰা কামবোৰ সময়মতে কৰিব নোৱাৰিলে পাচলিৰ উৎপাদন বহুগুণে কমে। তদুপৰি কিছুমান পোক-পতংগ আৰু বেমাৰে শাক-পাচলিৰ খেতিৰ অপুৰণীয় ক্ষতিসাধন কৰা দেখা যায় । আমি সাধাৰণতে দেখা পাওঁ, ভালেমান কৃষকে শাক-পাচলিৰ বেমাৰ-আজাৰ বা কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে যধে-মধে বিষাক্ত ঔষধ প্ৰয়োগ কৰে। এনে বিষাক্ত দৰৱ-পাতি দিয়া শাক-পাচলিৰ গুণাগুণ বিনষ্ট হয়, বজাৰত অধিক মুল্য পোৱা নাযায় আৰু তেনে পাচলি খাই মানুহৰো বিভিন্ন বেমাৰ হোৱা দেখা যায়। কৃষি বিজ্ঞানীসকলে অনুমোদন নজনোৱা ঔষধপাতিবোৰ যধে-মধে প্ৰয়োগ কৰাৰ ফলস্বৰুপে পাচলিৰ গুণগত মান কমি যোৱাৰ পৰিপ্ৰেক্ষিতত কৃষক ৰাইজে বজাৰত প্ৰকৃত মুল্য পোৱাৰ পৰা বঞ্চিত হ’ব লগা হয়।

৫) শাক-পাচলি খেতিৰ পৰা উপযুক্ত মুল্য পাবলৈ হ’লে সময়মতে শাক-পাচলি চপোৱাৰ ব্যৱস্থা কৰিব লাগিব। অন্যথা, তাৰ পৰা সন্তোষজনক উপাৰ্জন পোৱা সম্ভৱ নহয়। কিছুমান শাক-পাচলি উপযুক্ত অৱস্থাত চপোৱাৰ ব্যৱস্থা নকৰিলে তাৰ গুণাগুণ আৰু মান বহুগুণে হ্ৰাস পায়। বজাৰত সঠিক মুল্য পাবলৈ আৰু পাচলিৰ অপচয় ৰোধ কৰিবলৈ হ’লে আমি শস্য চপোৱাৰ ওপৰত গুৰুত্ব দিব লাগিব। উপযুক্ত ব্যৱস্থাৰ অবিহনে শাক-পাচলি বহুদিনলৈ সংৰক্ষণ কৰা সহজ নহয়। সেইবাবে, বজাৰৰ দুৰত্ব, বতৰৰ গতি বিধি আদি কাৰকসমুহৰ ওপৰত ভিত্তি কৰি পাচলি চপোৱৰ ব্যৱস্থা কৰা উচিত। তেতিয়াহে আমাৰ ৰাজ্যখনতো শাক-পাচলিৰ উৎপাদন বৃদ্ধি হ’ব আৰু কৃষক ৰাইজে পাচলি খেতিৰ জৰিয়তে উপাৰ্জনৰ পথ সুগম কৰিব পাৰিব।

লেখক: ড° কুমুদ চুতীয়া (দৈনিক জনমভুমি)

3.29032258065
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top