মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / পিঁয়াজ খেতিৰ উন্নত কৃষিব্যৱস্থা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পিঁয়াজ খেতিৰ উন্নত কৃষিব্যৱস্থা

পিঁয়াজ খেতিৰ উন্নত কৃষিব্যৱস্থা লিখা হৈছে

 

পিঁয়াজ এবিধ মছলাজাতীয় শস্য-

 

ই হৈছে মাটিৰ তলত ওফন্দি হোৱা কাণ্ডৰ অংশ বিশেষ যদিও কার্য কৰা পাতবোৰ একেবাৰে তলৰ অংশত (কাণ্ডৰ লগত সংযুক্ত) খাদ্য জমা হৈ মঙহাল হোৱা অংশ। অৱশ্যে পিঁয়াজৰ মূল অংশৰ বাহিৰেও সেউজীয়া পাতবোৰো খোৱাৰ বাবে ব্যৱহাৰ হয়। পিঁয়াজত যথেষ্ট পৰিমাণে প্ৰ’টিন, খনিজ লৱণ, আৰু ভিটামিন চি পোৱা যায়। পিঁয়াজৰ কিছু ঔষধি গুণো আছে।

পিঁয়াজৰ খেতিৰ বাবে বালিচহৰীয়া পলসুৱা মাটিৰ আৱশ্যক। বালিৰ পৰিমাণ বেছি থকা মাটিত যথেষ্ট পৰিমাণে পচা গোৱৰ বা পচন সাৰ প্ৰয়োগ কৰি ইয়াৰ খেতি কৰিব পাৰি। নদীৰ পাৰৰ পলসুৱা মাটি বা বানপানী হোৱা বালি-পলস মিহলি মাটিত সহজে পিঁয়াজৰ খেতি কৰিব পৰা যায়। মাটিত যথেষ্ট পৰিমাণে জৈৱিক পদার্থ থাকিব লাগে আৰু মাটিডোখৰ ওখ ৰ’দ ঘাই পানী জমা নোহোৱা হ’ব লাগে।

পিঁয়াজৰ উন্নত মানৰ সঁচবোৰ হৈছে পুচা ৰে’ড, পুচা ৰত্না, পুচা হোৱাইট। নাচিক ৰে’ড বা এন-৫৩, এগ্রি ফাউণ্ড ৰেড, পুচা মাধুৰী, তার্কা নিকেটন, অর্কা কন্যাল ইত্যাদি। ইয়াৰ ভিতৰত এগ্রি ফাউণ্ড লাইট ৰে’ড, অর্কা কন্যাল আৰু অৰ্কা নিকেটন নামৰ সঁচকেইটা অন্য সঁচতকৈ ১৫-২০ দিন আগতে পূৰঠ হয়। আৰু আমাৰ জলবায়ু অনুসৰি এই সঁচকেইটাৰ খেতি কৰিব পাৰি। কাৰণ মার্চ মাহত (চ’ত মাহত) বৰষুণ হোৱাৰ আগতেই পথাৰৰ পৰা চপাব পাৰি। অসমত অসমীয়া পিঁয়াজৰ খেতিও কৰিব পাৰি।

অধিক উৎপাদনক্ষম জাতৰ বীজ সংগ্ৰহ কৰাৰ পাছত ভালদৰে শোধন কৰি ল’ব লাগে-

ইয়াৰ বাবে এক কিল’গ্ৰাম বীজ এচামুচ বেভিষ্টিন বা কেপটান বা থিৰাম ঔষধেৰে ভালদৰে মিহলাই ল’ব লাগে। কিন্তু দৰৱ মিহলোৱাৰ আগতে বীজখিনি এৰাতি পানীত তিয়াই পাছত ভালদৰে পানীৰ পৰা টুকি শুকুৱাই জৰজৰীয়া কৰি ল’ব লাগে। ৰাসায়নিক দৰৱেৰে মিহলাই ল’লে বীজত থকা বেমাৰৰ পৰা শস্যডৰা ৰক্ষা পৰিব। বীজ শোধনৰ পিছত বীজবোৰ পুলিবাৰীত শাৰী শাৰীকৈ সিঁচিব লাগে। বীজ সিঁচাৰ পাছত পুলিবাৰীখন পলিথিন কাপোৰেৰে বা কলপাতেৰে ৩-৪ দিন ঢাকি ৰাখিব লাগে। মাজে মাজে পুলিবাৰীত পাতলীয়াকৈ পানী দিব লাগে। বৰষুণ আৰু দুপৰীয়াৰ চোকা ৰ’দৰ পৰা ৰক্ষা কৰিবৰ বাবে ওপৰত অস্থায়ী চালিৰ ব্যৱস্থা কৰিব লাগে। বীজ সিঁচাৰ আগতে বীজতলীখন চাৰি শতাংশ শক্তিৰ বা দশমিক তিনি শতাংশ কেপটান দৰৱৰ মিশ্রণেৰে শোধন কৰি ল’ব লাগে।

পুলিবাৰীত পুলিৰ বয়স যেতিয়া ৪০ দিন হ’ব তেতিয়াই পুলিবোৰ মূল পথাৰত ৰোৱাৰ উপযোগী হয়। পথাৰত পুলিবিলাক শাৰীৰ ব্যৱধান ২০ ছেঃ মিঃ আৰু শাৰীত ১০ ছেঃ মিঃ ব্যৱধানত সাৱধানে পুলিৰ গুৰিটো মাত্র পোত যোৱাকৈ ৰোপণ কৰিব লাগে। পথাৰত ভালদৰে হাল-কোৰ মাৰি মাটি সৰিয়হ খেতি কৰিব পৰা অৱস্থালৈ আনি সাৰ-গোৱৰ প্রয়োগ কৰি পথাৰত পোনপটিয়াকৈ বীজ সিঁচি মৈয়াই দিও পিঁয়াজ খেতি কৰিব পাৰি।

পিঁয়াজ খেতিৰ বাবে বাছনি কৰা পথাৰখন হাল-কোৰ মাৰি শেষৰ বাৰ হাল মৰাৰ আগতে বিঘাই প্রতি ২৫ কুইণ্টল গোবৰ, ১৬ কিঃ গ্রাম ইউৰিয়া, ৪০ কিঃগ্ৰাঃ একক ছুপাৰ ফচফেট আৰু ১০ কিঃ গ্ৰাঃ মিউৰেট অব পটাছ সাৰ সমভাৱে ছটিয়াই মৈয়াই সমান কৰি ল’ব লাগে। ইউৰিয়া সাৰৰ ১০ কিঃগ্ৰাঃ প্ৰথমতে প্রয়োগ কৰি পাছত থকা ৬ কিঃগ্ৰাঃ ইউৰিয়া দুভাগ কৰি এভাগত তিনি কিঃ গ্ৰাঃ ইউৰিয়া ১০০ লিটাৰ পানীত মিহলাই পুলি ৰোৱাৰ ৪০ দিনৰ পাছত আৰু বাকী তিনি কিঃ গ্ৰাঃ ইউৰিয়া আকৌ ১০০ লিটাৰ পানীত মিহলাই পুলি ৰোৱাৰ ৭০-৮০ দিনৰ পাছত গছৰ পাতত সমভাৱে ছটিয়াব লাগে। ইউৰীয়া সাৰ ছটিয়াবৰ সময়ত বতৰ ফৰকাল থাকিব লাগে।

পুলিবাৰীৰ পৰা উঠাই অনা পুলিবোৰ মূল পথাৰত ৰোৱাৰ পাছত সঁজাল ধৰি নুঠালৈকে দুই-তিনিবাৰ পাতলীয়া পানীৰ যোগান ধৰিব লাগে। পুলি ৰোৱাৰ ৩-৪ দিনৰ পাছত শস্যডৰাত গজি উঠা বন-বাতবোৰ চিকুণাব লাগে৷ অপতৃণ নিৰোৱাৰ পাছত এবাৰ পুলি গুৰিবোৰ খুচৰি দিব লাগে। বহল ভিত্তিত খেতি কৰিলে দুটা শাৰীৰ মাজত বুটিকোৰ এখন সোমোৱাৰ সমান ব্যৱধান থাকিলে ভাল, যাতে শাৰীৰ মাজৰ মাটিখিনিত বন-বাত নিৰাব পাৰি আৰু পাতলীয়া কোৰ মাৰি মাটিখিনি ভুৰভুৰীয়া কৰি ৰাখিব পাৰি। প্রয়োজন অনুসৰি শস্যডৰাত পানী যোগানৰ ব্যৱস্থা কৰিব পাৰিলে উৎপাদন বৃদ্ধি হয়। পানী দিয়াৰ ব্যৱস্থা নেথাকিলে শস্যডৰাত আৰম্ভণিতে পর্যাপ্ত পৰিমাণৰ পচা গোৱৰ (৪০-৫০ কুইণ্টল) প্রয়োগ কৰিব লাগে। যদি পানী দিয়াৰ ব্যৱস্থা আছে তেতিয়া প্রতি ১২-১৫ দিনৰ ব্যৱধানত পানী যোগান ধৰিব লাগে। পিঁয়াজ চপোৱাৰ এমাহৰ আগত পানী যোগান বন্ধ কৰিব লাগে।

শীতকালীন শাক-পাচলিবোৰৰ তুলনাত পিঁয়াজৰ পোক আৰু বেমাৰৰ আক্রমণ কম। অনিষ্টকাৰী পোকৰ ভিতৰত থ্রিপচ নামৰ পোকে কুমলীয়া পাতৰ ৰস শুহি খোৱাৰ বাবে পাতবোৰ শুকাই যায়। ইয়াৰ প্ৰতিকাৰৰ বাবে এচামুচ মালাথিয়ন ৫০ ই চিৰ দৰৱ তিনি লিটাৰ পানীত মিহলাই ফৰকাল বতৰত গছত ছটিয়াব লাগে। বেমাৰৰ ভিতৰত পাৰ্পল ব্লটছ নামৰ ভেকুৰ জাতীয় বেমাৰে পাতত আক্রমণ কৰি বগা বগা দাগৰ সৃষ্টি কৰে। বগা ডাগবোৰৰ মাজত বেঙুনীয়া ৰং দেখা যায়। এই বেমাৰ নিৰাময়ৰ বাবে এচামুচ ইন্দোফিল এম-৪৫ নামৰ দৰৱ দুই লিটাৰ পানীত মিহলাই পাতত ছটিয়াব লাগে। এবাৰত বেমাৰ নিয়ন্ত্রণ নহ’লে ৪-৫ দিনৰ পাছত আকৌ ছটিয়াব লাগে। কেতিয়াবা আকৌ গছৰ গুৰি অংশ এবিধ ভেকুৰে আক্রমণ কৰি কৰি পচাই দিয়ে। ইয়াৰ প্ৰতিকাৰৰ বাবেও একেই নিৰিখত ইন্দোফিল এম ৪৫ দৰৱ গছৰ গুৰিত ঢালিব লাগে।

পথাৰত পুলি ৰোৱাৰ ১১০-১২০ দিনৰ পাছত যেতিয়া শস্যডৰাৰ বেছি ভাগ গছেই মৰহি যোৱাৰ দৰে হয় তেতিয়া শস্য চপোৱাৰ সময় হয়। এনে মৰহি যোৱাৰ ২২-২৫ দিনৰ আগতে পিঁয়াজৰ গছৰ গুৰিটো হাতেৰে মোহাৰি গছজোপা হাওলাই দিব লাগে। শস্য ডৰাত যদি ফুলৰ নলা ওলাব ধৰে তেন্তে নলাবোৰ ভাঙি দিব লাগে। পিঁয়াজ গছজোপাৰ গুৰিটো মোহাৰি দিলে তলৰ পিঁয়াজটো ডাঙৰ আৰু সোনকালে পূৰঠ হয়। পথাৰৰ পৰা পিঁয়াজ উভালি ফৰকাল বতৰত পথাৰতে ১-২ দিন মৰহি শুকাবলৈ দিব লাগে। পাছত পাতখিনি গুৰিতে কাটি ৰ’দত শুকুৱাই বস্তাত ভৰাব লাগে।

লিখক: ডাঃ ৰাজেন্দ্ৰ প্ৰসাদ দাস, দৈনিক জনমভূমি।

 

 

3.1
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top