অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বন্ধা কবি:

বন্ধা কবিৰ বিষয়ে লিখা হৈছে

 

মাটি:

 

পানী ওলাই যোৱাৰ সুব্যৱস্থা থকা বালিচহীয়া পলসুৱা মাটি আৱশ্যক। মাটিৰ অম্লতা ৫.৫-৬.৫ হ’ব লাগে।

পথাৰৰ প্ৰস্তুতি:

 

৩-৪ বাৰ হাল বাই মৈয়াই চহ কৰিব লাগে। মাটি পৰীক্ষা কৰি পুলি ৰোৱাৰ ৩০ দিন আগেয়ে চূণ প্ৰয়োগ কৰিব লাগে। বিঘাই প্ৰতি তিনি কুইন্টল চূণ দিব লাগে।

জাত নিৰ্বাচন:

 

আগতীয়া গ’লডেন একৰ, কে এছ পি ৯৯, এন-৪৩, জেনিথ; মধ্যমীয়া আৰু শেহতীয়া- বি চি ৭৬, গ্ৰীণ এক্সপ্ৰেছ, ৰচাবল, আশা।

ৰোৱাৰ সময়:

 

ছেপ্টেম্বৰ-নৱেম্বৰ।

সাৰ প্ৰয়োগ:

গোবৰ বা পচন সাৰ বিঘাই প্ৰতি ১.৩ টন, ইউৰীয়া ৩০ কিলোগ্ৰাম, ছুপাৰ ফছফেট ৫০ কিলোগ্ৰাম, মিঃঅঃ পটাছ ১৩ কিলোগ্ৰাম, বৰাক্স এক কিলোগ্ৰাম।

বীজতলী প্ৰস্তুত:

 

বীজতলীৰ বহল এক মিটাৰ, ওখ ১৫-২০ ছেন্টিমিটাৰ আৰু দীঘল সুবিধা অনুসৰি। প্ৰতি বৰ্গমিটাৰত ১০ কিলোগ্ৰাম শুকান পচন সাৰ দিব লাগে। বীজতলীৰ মাটি হাতেৰে মোহাৰি ধূলিৰ দৰে কৰি ল’ব লাগে। প্ৰতি বৰ্গমিটাৰত ১০ গ্ৰাম বীজ লাগিব। এবিঘা মাটিত এনে ১৮খন বীজতলি লাগিব। অৰ্থাৎ এবিঘা মাটিৰ বাবে ১৮০ গ্ৰাম বীজৰ প্ৰয়োজন। গুটি সিঁচাৰ আগেয়ে বীজতলীখন শোধন কৰা ভাল। প্ৰতি বৰ্গ মিটাৰত ৫ গ্ৰাম মালাথিয়ন ৫ শতাংশ বা ব্ৰেচিকল ২ গ্ৰাম*১ লিটাৰ পানীত গুলি পুলিবোৰ বুৰাই মূল পথাৰত ৰুব লাগে।

পুলিৰ ব্যৱধান:

 

আগতীয়া ৪৫*৪৫ ছেন্টিমিটাৰ, শেহতীয়া ৬০*৬০ ছেন্টিমিটাৰ।

প্ৰতিপালন:

 

পুলি ৰোৱাৰ ঠিক পিছতে আৰু পুলিবোৰ ঠন ধৰি উঠালৈকে পাতলীয়াকৈ পানী দিব লাগে। পিছত প্ৰয়োজনবোধে পানী দিব লাগে। ৰোৱাৰ ২০ দিন পিছত আৰু ৪০ দিন পিছত পুলিৰ গুৰিবোৰ খুচৰি দি সাৰ প্ৰয়োগ কৰিব লাগে।

উৎপাদন:

 

প্ৰতি হেক্টৰত ২০০-২৪০ কুইন্টল।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)

3.06896551724
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top