মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / বসন্ত কালত তামোল-নাৰিকলৰ পৰিচৰ্যা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বসন্ত কালত তামোল-নাৰিকলৰ পৰিচৰ্যা

বসন্ত কালত তামোল-নাৰিকলৰ পৰিচৰ্যাৰ কথা লিখা হৈছে

অসমৰ মাটি আৰু জলবায়ু-

 

অসমৰ মাটি আৰু জলবায়ু তামোল আৰু নাৰিকল শস্যৰ বাবে অনুকুল যদিও নাতিশীতোষ্ণ অঞ্চল। সাগৰীয় উপকূল অঞ্চলৰ দৰে কম-বেছি পৰিমাণে গোটেই বছৰ জুৰি গৰম নাথাকে। যাৰ বাবে নাৰিকল শস্যৰ পৰা যিমান উৎপাদন পাব লাগে সিমান উৎপাদন নহয়। তথাপি জাৰ-জহৰ তাৰতম্যতাৰ ওপৰত নিৰ্ভৰ কৰি নাৰিকল শস্যৰ গছে প্রতি ৪/৫ টা থোক লাগে। নাৰিকল গছত প্রতি এমাহৰ ব্যৱধানত এটা ফুলৰ থোক ওলায় আৰু নিয়ম অনুযায়ী বাৰমাহত বাৰটা থোক অর্থাৎ বাৰটা নাৰিকলৰ থোক লাগিব লাগে। কিন্তু জাৰ-জহৰ তাৰতম্যতাৰ কাৰণে বাৰটা ফুলৰ থোকৰ ভিতৰত ৪টা বা ৫টা থোকৰ পৰাহে ফল আমি পাওঁ, যদিহে গছজোপাক ভালদৰে প্ৰতিপালন কৰোঁ।

তামোল-নাৰিকলৰ পৰিচৰ্যা-

 

তামোল-নাৰিকল শস্য একেটা গোত্রতে পৰে বাবে ইহঁতৰ গা-গছৰ গঠন-বাঢ়ন আৰু উৎপাদনৰ বৈশিষ্ট্য প্রায় একে। কিন্তু ফুলৰ থোকৰ সংখ্যা, ফুল ফুলাৰ সময়, থোকে প্রতি ফলৰ সংখ্যাৰ তাৰতম্যতা আছে। তথাপি তামোল নাৰিকল শস্যৰ বাঢ়ন, গঠন উৎপাদনৰ পৰিমাণ আৰু গুণগত মান নিৰ্ভৰ কৰে সময়ানুযায়ী শস্যত কৰা প্রতিপালন ব্যৱস্থা। এই দুয়োটা শস্যৰ এডাল গা-গছৰ হোৱা বাবে বাগিচাৰ মাজত ৰ’দৰ পোহৰ যথেষ্ট পোৱা যায়। বাগিচাত তামোল গছ ৰোপণ কৰা হয় ২.৭ মিটাৰ অর্থাৎ ৯ ফুটৰ ব্যৱধান আৰু নাৰিকল গছ ৰোপণ কৰা হয় ২৫ ফুট অর্থাৎ ৭.৫ মিটাৰ ব্যৱধানত। গতিকে দুজোপা গছৰ মাজৰ ঠাইখিনিত অন্য কম বয়সৰ ফল-মূল যেনে- কল, নেমু, অমিতা, মাটিকঁঠাল আদি ৰোপণ কৰিব পাৰি। গছৰ বয়স বাঢ়ি যোৱাৰ লগে লগে মাজৰ ঠাইখিনি আদা, হালধি, বেঙেনা, জলকীয়া আদি শস্য ৰোপণ কৰিব পাৰি।

গছৰ গুৰিৰ পৰা সদায় সময় অনুযায়ী অপতৃণ বা বন-বাতবোৰ আঁতৰাব লাগে। বসন্ত ঋতুৰ সময়ৰ পৰা এমাহৰ ব্যৱধানত বন-বাত নিৰাব লাগে। বৰষুণ নপৰা গৰমকালি (মে’-জুন মাহত) আৰু খৰালি কালত আঘোণৰ পৰা ফাগুন-চ’ত মাহলৈকে নাৰিকল গছত প্রতি ১০ দিনৰ ব্যৱধানত আৰু তামোল গছত ১৫ দিনৰ ব্যৱধানত পানীৰ যোগান ধৰিব লাগে। তামোল গছৰ তলৰ পৰা শুকান পাত বা জাবৰ-জোথৰবোৰ সময়ে সময়ে আঁতৰাব লাগে। নাৰিকল গছত তললৈ ওলমি থকা শুকান পাতবোৰ (থোক নথকা অৱস্থা) কাটি পৰিষ্কাৰ কৰি দিব লাগে। থোক লাগি থকা শুকান পাতবোৰ আৰু সেউজীয়া পাতৰ গুৰিৰ অঁহীয়া জালিবোৰ আঁতৰাই দিব নেলাগে।

তামোল-নাৰিকল গছত বছৰেকত দুবাৰ সাৰ প্রয়োগ কৰিব লাগে। নির্দিষ্ট পৰিমাণে সাৰৰ সমান এটা ভাগ চ’ত- ব’হাগ মাহত আৰু আনটো সমান ভাগ আহিন-কাতি মাহত প্রয়োগ কৰিব লাগে। এজোপা তামোল গছৰ বাবে এবছৰত সাৰৰ পৰিমাণ হৈছে দুই চাৰি পাচি পচা গোবৰ, ২২৫ গ্রাম ইউৰিয়া, ২৫০ গ্রাম একক চুপাৰ ফচফেট, ২৭৫ গ্রাম মিউৰেট অব পটাছ আৰু ২৫ গ্রাম বৰাক্স সাৰ| অন্যহাতে, এজোপা ফলৱতী নাৰিকল গছৰ বাবে (বয়স ৫-৬ বছৰৰ ওপৰ) ৪-৫ পাচি গোবৰ, ১৫০০ গ্রাম ইউৰিয়া, ২৫০০ গ্রাম একক ছুপাৰ ফচফেট, ১৭৫০ গ্রাম মিউৰেট অৱ পটাছ আৰু ৩০-৫০ গ্রাম বৰাক্স সাৰ। এই সাৰখিনি সমানে দুভাগ কৰি বছৰৰ দুটা সময়ত প্রয়োগ কৰিব লাগে। সাৰ প্রয়োগৰ বাবে তামোল গছজোপাৰ পৰা ২-৩ ফুট আঁতৰত আৰু নাৰিকল গছজোপাৰ পৰা ৫-৬ ফুট আঁতৰত গছজোপাৰ চাৰিওফালে ৪-৫ ইঞ্চি দকৈ একোটা পাতলীয়া লোৰ তৈয়াৰ কৰি তাত আধা গোবৰ প্রয়োগ কৰি পাছত ৰাসায়নিক সাৰ আৰু গোবৰ প্ৰয়োগ কৰি মাটি জাপি দি লোৰটো ঢাকি দিব লাগে। সাৰ প্ৰয়োগ কৰাৰ আগতে লক্ষ্য ৰাখিব লাগে যাতে মাটিত পানীৰ জীপ থাকে। সেই বাবে চ’ত-ব’হাগ মাহত দুই-এজাক বৰষুণ দিয়াৰ পাছতহে সাৰ দিব লাগে।

তামোল-নাৰিকল গছত সাৰ প্রয়োগ কৰাৰ পাছত (দুয়োকাষে) গছৰ গুৰিত শুকান বন-বাত, গছৰ সৰা পাত, মেটেকা, ধানৰ নৰা, খেৰ আদি জাপি দিব লাগে যাতে মাটিত জীপ ধৰি ৰাখে। প্রয়োগ কৰাৰ ২-৩ মাহৰ পাছত এইবোৰ পচি মাটিত জৈৱিক সাৰ তৈয়াৰ কৰে। মাঘ-ফাগুন মাহত তামোল-নাৰিকল গছত নিয়মীয়াকৈ পানী প্রয়োগ কৰিলে আৰু জীপ ৰাখিবৰ বাবে শুকান পাত, জাবৰ-জোথৰ দি থ’লে তামোল সৰি নপৰে। মাঘ-ফাগুন মাহত তামোল-নাৰিকল গছত নিয়মীয়াকৈ পানী প্রয়োগ কৰিলে আৰু জীপ ৰাখিবৰ বাবে শুকান পাত, জাবৰ-জোথৰ দি থ’লে তামোল সৰি নপৰে। চ’ত-ব’হাগ মাহত তামোল-নাৰিকলৰ গুৰিত ৪-৫ ফুট অংশ চূণৰ এটা প্রলেপ দিব লাগে।

লিখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস, দৈনিক জনমভূমি।

 

2.96551724138
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top