মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / বিজ্ঞানসন্মত পদ্ধতিৰে বিলাহীৰ খেতি:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিজ্ঞানসন্মত পদ্ধতিৰে বিলাহীৰ খেতি:

বিজ্ঞানসন্মত পদ্ধতিৰে বিলাহীৰ খেতি কৰাৰ কথা লিখা হৈছে

 

বিলাহী হৈছে এক জনপ্ৰিয় আৰু সফলতাৰে কৰিব পৰা পাচলিৰ খেতি-

 

বিলাহীত প্ৰচুৰ পৰিমাণে খাদ্যপ্ৰাণ আৰু খনিজ পদাৰ্থ থাকে। বিলাহী তৰকাৰী হিচাপে আৰু কেঁচাই চালাদ হিচাপে খোৱাৰ উপৰি ছুপ, আচাৰ, চছ, ফেটচাপ আদি প্ৰস্তুত কৰিও খাব পাৰি।

বিলাহী খেতিৰ বাবে ৰ’দ পৰা, ওখ, বালিচঁহীয়া মাটি বাছনি কৰি ল’ব লাগে। মাটিখিনি ৪-৫ বাৰ দ’কৈ হাল বাই মিহি কৰি মৈয়াই সমান কৰি ল’ব লাগে। আম্লিক মাটিৰ বাবে অতি কমেও ১০-১৫ দিনৰ আগেয়ে চূণ প্ৰয়োগ কৰি ল’ব পাৰিলে ভাল।

বিলাহী খেতিৰ বাবে কৃষকসকলে পঞ্জাব চুহাৰা, পঞ্জাব কৈশৰী, এছ-১২, পুচা আৰ্লি ডোৱাৰ্ফ, চিয়ক্স, পুচা ৰূবী, আৰ্কা আভা, বি টি-১ ইত্যাদি জাত নিৰ্বাচন কৰিব লাগে। হাইব্ৰীড জাতৰ ভিতৰত ৰূপালী, বৈশালী, নবীন, মংগলা, ৰজনী, অবিনাশ, পুচা হাইব্ৰীড-১, পুচা হাইব্ৰীড-২ আদি জাত নিৰ্বাচন কৰিব লাগে। এবিঘা মাটিৰ বাবে উন্নত জাতৰ ৬৬ গ্ৰাম আৰু হাইব্ৰীড জাতৰ ২০ গ্ৰাম বীজৰ প্ৰয়োজন হয়। বিলাহীৰ পুলিবোৰ পুলিবাৰীত গজাই ল’ব লাগে। পুলিবাৰীত বীজ সিঁচাৰ উপযুক্ত সময় হৈছে অক্টোবৰ-নৱেম্বৰ মাহ অৰ্থাৎ আহিন মাহৰ শেষৰপৰা আঘোণ মাহলৈকে। পুলিবোৰ যেতিয়া ২৫-৩০ দিন বয়সৰ হয়, তেতিয়াই পুলিবোৰ সাৱধানে উঠাই মূল পথাৰত ৰোপণ কৰিব লাগে।

মূল পথাৰত মাটিডোখৰ কেইবাবাৰো হাল-কোৰ মাৰি প্ৰয়োজনীয় সাৰ, গোবৰ প্ৰয়োগ কৰি শাৰী শাৰীকৈ পুলিবোৰ ৰোপণ কৰিব লাগে। ৰোওঁতে একোটা শাৰীৰ পুলি আৰু পুলিৰ মাজৰ দূৰত্ব ৪৫ ছেন্টিমিটাৰ আৰু দুটা শাৰীৰ মাজৰ দূৰত্ব ৬০ ছেন্টিমিটাৰ হ’ব লাগে। হাইব্ৰীড জাতৰ বাবে ৭৫ ছেন্টিমিটাৰ শাৰীৰ মাজত আৰু ৬০ ছেন্টিমিটাৰ শাৰীৰ ভিতৰৰ পুলিৰ মাজত হ’ব লাগে।

বিলাহী খেতিত এবিঘা মাটিৰ বাবে প্ৰয়োজনীয় অনুমোদিত সাৰৰ পৰিমাণ হৈছে- ইউৰীয়া ২০ কিলোগ্ৰাম, একক ছুপাৰ ফছফেট ৫০ কিলোগ্ৰাম, মিউৰিয়েট অব পটাছ ১৪ কিলোগ্ৰাম আৰু এক কুইন্টল গোবৰ সাৰ। সেইদৰে হাইব্ৰীড জাতৰ ক্ষেত্ৰত বিঘাই প্ৰতি ৩৬ কিলোগ্ৰাম ইউৰীয়া, ১৭০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ৪৬ কিলোগ্ৰাম মিউৰিয়েট অব পটাছ সাৰৰ প্ৰয়োজন। এই ৰাসায়নিক সাৰখিনিৰ আধাভাগে ইউৰীয়া আৰু সম্পূৰ্ণ ভাগ গোবৰ, ছুপাৰ ফছফেট আৰু পটাছ সাৰ শেষৰবাৰ হাল মৰাৰ আগেয়ে মাটিত সমভাৱে প্ৰয়োগ কৰি হাল মাৰি মৈয়াই সমান কৰি থ’ব লাগে। বাকী থকা আধাভাগ ইউৰীয়া সাৰ পথাৰত পুলি ৰোৱাৰ এমাহৰ পিছত প্ৰতিটো পুলিৰ গুৰিত বা দুটা শাৰীৰ মাজৰ ঠাইডোখৰত পাতলীয়া লোৰ কৰি সমভাৱে প্ৰয়োগ কৰি মাটি জাপি দিব লাগে। সাৰখিনি গোবৰ বা পচনসাৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে।

পথাৰত পুলিবোৰ ৰোৱাৰপৰা পুলি সজল ধৰালৈ সদায় আবেলি এবাৰ পানীৰ যোগান ধৰিব লাগে আৰু পিছত প্ৰয়োজন অনুসাৰে ১০-১২ দিনৰ অন্তৰে অন্তৰে এবাৰকৈ পানী যোগান ধৰিব লাগে। ওখ জাতৰ পুলিবোৰ যাতে হাউলি নাযায়, তাৰ বাবে বাঁহৰ খুঁটি পুলিৰ গুৰিত পুতি বান্ধি দিব লাগে। পুলি ৰোৱাৰ ২০ দিনৰ পিছত এবাৰ নিৰণি কৰিব লাগে। জিবাৰিলিক এচিডৰ ২০ পি পি এম অৰ্থাৎ ২০ মিলিগ্ৰাম এক লিটাৰ পানীত মিহলাই ৰোৱাৰ এমাহৰ পিছত স্প্ৰে কৰিলে ফলন বাঢ়ে। অন্তৰ্ৱতী শস্য হিচাপে দুই শাৰী বিলাহীৰ মাজত দুই শাৰী ওলকবি ৰুব পাৰি।

বিলাহী খেতিত বিভিন্ন ধৰণৰ বেমাৰ আৰু পোক-পৰুৱাই আক্ৰমণ কৰা দেখা যায়-

 

বিলাহীৰ মৰহি যোৱা বেমাৰ ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা হ’ব পাৰে। ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত হ’লে প্ৰথমতে গছৰ তলৰ পাতবোৰ লেৰেলিবলৈ ধৰে আৰু লাহে লাহে ওপৰৰ পাতবিলাকো লেৰেলিবলৈ ধৰে। এই বেমাৰৰ প্ৰতিকাৰৰ বাবে ‘কেপটান’ বা ‘বেভিষ্টিন’ নামৰ ঔষধ ২ গ্ৰাম প্ৰতি লিটাৰ পানীত মিলাই গছৰ গুৰি অংশ তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে। আনহাতে, বেক্টেৰিয়াৰদ্বাৰা আক্ৰান্ত গছৰ প্ৰথমতে ওপৰৰ পাতবোৰ লেৰেলিবলৈ ধৰে আৰু ২-৩ দিনৰ ভিতৰত গোটেই গছজোপাই লেৰেলি যায়।

এই বেমাৰৰ পৰা প্ৰতিকাৰ পাবলৈ হ’লে ‘ষ্ট্ৰেপ্টামাইচিন ছালফেট’ নতুবা ‘এগ্ৰ’মাইচিন’ নামৰ ঔষধ ২০০ মিলিগ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই গছৰ গুৰিৰ শিপা তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে। নতুবা ১ গ্ৰাম হিং, ৫ গ্ৰাম হালধি গুড়ি ১০ লিটাৰ পানীত মিহলি কৰি মাটি তিতি যোৱাকৈ ৰোৱাৰ ১৫, ৩০ আৰু ৪৫ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। বেছি অম্লযুক্ত মাটিত বেক্টেৰিয়াৰ দ্বাৰা হোৱা বেমাৰ বেছিকৈ হোৱা দেখা যায়। সেয়েহে মাটিত অম্লতা কমাবৰ বাবে কঠাই প্ৰতি ২০ কিলোগ্ৰাম চূণ ৩ বছৰৰ মূৰে মূৰে মাটিত প্ৰয়োগ কৰিব লাগে। তদুপৰি মাটিত খলিহৈ, নিম কেক, হাড় সাৰ আদি প্ৰয়োগ কৰিলে মাটিডৰা সাৰুৱা কৰাৰ উপৰি মাটিত থকা জীৱাণুৰ পৰিমাণ হ্ৰাস কৰে। ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হোৱা গছ মাটিৰে সৈতে উভালি দূৰত পুতি বা পুৰি পেলাব লাগে।

বিলাহীৰ লেট ব্লাইট বেমাৰে অশেষ অনিষ্ট সাধন কৰে। এই বেমাৰ ভেঁকুৰৰপৰা হয় আৰু পাতবোৰ প্ৰথমে ক’লা পৰি পিছলৈ পুৰি যোৱাৰ দৰে হয়। ডাৱৰীয়া আৰু সেমেকা বতৰত এই বেমাৰ বেছিকৈ বিয়পে। এই ৰোগে আক্ৰমণ কৰিলে ‘মেংকজেব’ ঔষধৰ ২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলি কৰি ৰোৱাৰ এমাহৰ পিছত বিঘাই প্ৰতি ৮০ লিটাৰ, দ্বিতীয় মাহৰ পিছত ১০৬ লিটাৰ আৰু তিনি মাহৰ পিছত ১৩৩ লিটাৰ ঔষধৰ মিশ্ৰণ ছটিয়াব লাগে।

মেঘাচ্ছন্ন বতৰত ৰোগৰ আক্ৰমণ আৰম্ভ হোৱাৰ আগেয়েই ‘মেনক’জেব’ ঔষধ প্ৰতি লিটাৰ পানীত ২ গ্ৰাম হাৰত ছটিয়াব লাগে। নহ’লে ‘ডাইমেন জেদ-৭৮’ নামৰ ঔষধ প্ৰতি লিটাৰ পানীত ২.৫ গ্ৰাম হাৰত মিহলাই ছটিয়াব লাগে। ছটিওৱাৰ সময়ত এইটো মন কৰিব লাগে যে পাতৰ তলফালে যাতে ভালদৰে তিতি যায়।

মেট্ৰালেক্সিল ঔষধ ২.৫ গ্ৰাম প্ৰতি লিটাৰ হাৰত তিনিবাৰ আৰু মেংকজেৱ ২ গ্ৰাম প্ৰতি লিটাৰ হাৰত তিনিবাৰ ১২ দিনৰ অন্তৰত ডিচেম্বৰ মাহৰ ১৫ তাৰিখৰপৰা ছটিয়াব লাগে। বৰষুণৰ বতৰত প্ৰতি ২ লিটাৰ পানীত ১ মিলি লিটাৰ ‘ট্ৰাইটন’ ষ্টিকাৰ মিহলাই ল’লে ভাল ফল পোৱা যায়।

এক শতাংশ বৰড’ মিশ্ৰণ প্ৰয়োগ কৰিও লেট ব্লাইট ৰোগৰপৰা উপশম পোৱা যায়-

 

জৈৱ নিয়ন্ত্ৰণ পদ্ধতিৰে বিলাহীৰ বেক্টেৰিয়া আৰু ভেঁকুৰজনিত উইন্ট ৰোগ নিয়ন্ত্ৰণৰ বাবে কৃষকসকলে ‘চিউড’মনাচ ফ্লৰেচচেন্স’ নামৰ জৈৱ নিয়ন্ত্ৰক ব্যৱহাৰ কৰিব পাৰে। এইবিধ জৈৱ নিয়ন্ত্ৰক পুলিৰ শিপা শোধন কৰিবৰ বাবে প্ৰতি ১২৫০টা পুলিৰ বাবে ২০০ গ্ৰাম ‘চিউড’মনাচ ফ্লৰেচচেন্স’ৰ প্ৰয়োজন হয়।

পুলি ৰোৱাৰ সময়ত মাটি শোধন কৰাত ব্যৱহাৰ কৰিলে, প্ৰতি বিঘা মাটিত এক কিলোগ্ৰাম জৈৱ নিয়ন্ত্ৰকৰ প্ৰয়োজন হয়। আনহাতে, পুলি ৰোপণ কৰাৰ ৩০ দিনৰ ভিতৰত মাটি শোধন কৰিবলৈ প্ৰতি বিঘা মাটিত ২ কিলোগ্ৰাম ‘চিউড’মনাচ ফ্লৰেচচেন্স’ৰ প্ৰয়োজন হয়।

এনেদৰে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি হেক্টৰে প্ৰতি বিলাহীৰ ৩৫০-৪০০ কুইন্টল ফচল চপাব পাৰি

লেখিকা: মামণি হাজৰিকা(দৈনিক অসম)

3.04166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top