অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিলাহী :

বিলাহীৰ বিষয়ে লিখা হৈছে ।

 

মাটি:

বিলাহী খেতিৰ বাবে মাটি সাৰুৱা হোৱা উচিত। পলসুৱা বা বালিচহীয়া পলসুৱা মাটি এই খেতিৰ বাবে উৎকৃষ্ট। জেকা মাটিত বিলাহীৰ খেতি ভাল নহয়। মাটি শুকান আৰু ৰ’দ পৰা হ’ব লাগে।

পথাৰ প্ৰস্তুত:

মাটিডৰা ৩-৪ বাৰ হাল বাই মৈয়াই সমান কৰি ল’ব লাগে। মুঠৰ ওপৰত ১৫-২০ ছেন্টিমিটাৰ দকৈ চাহ কৰিব লাগে।

উন্নত জাত:

১)ৰোমান,

২)পুচা আৰ্লি,

৩)পুচা-১২০,

৪)পুচা গৌৰৱ।

বীজতলী প্ৰস্তুত:

৮ মিটাৰ দীঘল, ১ মিটাৰ বহল আৰু ১৫ ছেন্টিমিটাৰ ওখ কৰি একোখন বীজতলী প্ৰস্তুত কৰিব লাগে। এনেকুৱা এখন বীজতলীত ৪০ গ্ৰাম বীজৰ প্ৰয়োজন হয়।

পচন সাৰ আৰু ২০ কিলোগ্ৰাম বালিৰ মিশ্ৰণ কৰি বীজতলীৰ ওপৰত ছটিয়াই দি বীজবোৰ ঢাকি দিব লাগে।

মনত ৰখা ভাল হ’ব যে বিঘাই প্ৰতি ১০০ গ্ৰাম বীজৰ প্ৰয়োজন হয়।

বীজ শোধন:

বীজতলীত বীজবোৰ সিঁচাৰ আগেয়ে ৩ গ্ৰাম ব্ৰেছিকল আৰু এক কিলোগ্ৰাম বীজ- এই অনুপাতত গুটিবোৰ শোধন কৰি ২.৫ ছেন্টিমিটাৰ ব্যৱধানত বীজতলীত বীজবোৰ সিঁচিব লাগে।

সিঁচাৰ সময়:

অক্টোবৰ-নৱেম্বৰ।

মূল পথাৰত সাৰ প্ৰয়োগ:

মাটি চাহ কৰাৰ সময়ত শুকান গোবৰ বা পচন সাৰ ৮০ কিলোগ্ৰামকৈ প্ৰতি বিঘাত প্ৰয়োগ কৰিব লাগে।

আনহাতে, পুলি ৰোৱাৰ তিনিদিন আগেয়ে ইউৰিয়া ৩.৫ কিলোগ্ৰাম, ছুপাৰ ফছফেট ২৫ কিলোগ্ৰাম আৰু মিঃ অঃ পটাছ ১০ কিলোগ্ৰাম প্ৰয়োগ কৰি মিহিকৈ হাল বাই বহি লাগে।

ৰোৱাৰ ২০ দিন পিছত নিৰণি দিওঁতে ইউৰিয়া সাৰ ৩.৫ কিলোগ্ৰাম পুলিত গুৰিত প্ৰয়োগ কৰিব লাগে।

ৰোপণ:

বীজতলীত গুটি সিঁচাৰ ৪-৬ সপ্তাহ পিছত পুলিবোৰ ৪-৫ ছেন্টিমিটাৰ ওখ হ’লে পুলিবোৰ সিপাৰ সৈতে সাৱধানে উভালি আনি মূল পথাৰত ৬০ ছেন্টিমিটাৰ*৪৫ ছেন্টিমিটাৰ ব্যৱধানত ৰুব লাগে।

প্ৰতিপালন ৰোৱাৰ ২০-২৫ দিন আৰু ৪০-৪৫ দিন পিছত গছবোৰৰ মাজে মাজে পাতলীয়াকৈ কোৰ মাৰি বনবাত নিৰণি কৰি দিব লাগে।

গছবোৰৰ গুৰিত মাটি চপাই দিব লাগে। সময়মতে খেতি কৰিলে বিলাহীৰ পানী যোগানৰ প্ৰয়োজন নহয়।

শস্য চপোৱা:

৩ মাহ পিছত বিলাহী চিঙিব পৰা হয়। আধা পকা অৱস্থাত চিঙিব লাগে।

উৎপাদন:

প্ৰতি হেক্টৰত ৩৫০-৪০০ কিলোগ্ৰাম।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top