মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / বিলাহীৰ খেতি অধিক উৎপাদনৰ বাবে কেনেকৈ কৰিবঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিলাহীৰ খেতি অধিক উৎপাদনৰ বাবে কেনেকৈ কৰিবঃ

বিলাহীৰ খেতি অধিক উৎপাদনৰ বাবে কেনেকৈ কৰিব লিখা হৈছে

 

বিলাহী হ’ল এবিধ জনপ্ৰিয় পাচলি। সমগ্ৰ ভাৰততে সফলতাপূৰ্ণভাৱে উৎপাদন হয় বিলাহী। বিলাহীত কাৰ্ব’হাইড্ৰেট, ভিটামিন, কেলচিয়াম, আইৰন তথা প্ৰচুৰ পৰিমাণে খনিজ লৱণ থাকে। ইয়াত আকৌ লাইক’পিন নামৰ এবিধ পিগমেণ্ট পোৱা যায়। এই পিগমেণ্টবিধক বিশ্বৰ সবাতোকৈ মহত্ত্বপূৰ্ণ এণ্টিঅক্সিডেণ্ট হিচাপে কোৱা হয়। এইবোৰৰ উপৰি কেৰটিন আৰু ভিটামিন ‘চি’ও যথেষ্ট মাত্ৰাত পোৱা যায় বিলাহীত।

বিলাহী খেতিৰ বাবে প্ৰয়োজনীয় জলবায়ুঃ

 

জলবায়ুৱে বিলাহী উৎপাদনত যথেষ্ট অৰিহণা যোগায়। এইবিধ ফচলৰ বাবে আদৰ্শ তাপমান হ’ল ২০-২৫০ চেণ্টিগ্ৰেড। যদি তাপমান ইয়াতকৈ বেছি হয়, তেনেহ’লে ইয়াৰ ফুল আৰু কেঁচা ফলবোৰ সৰিবলৈ আৰম্ভ কৰে। যদি তাপমান ১৩০তকৈ কম আৰু ৩৫০তকৈ বেছি হয়, তেতিয়া পৰাগ ৰেণুৰ অংকুৰণ যথেষ্ট কম হয়। যদি বজাৰত বিলাহীৰ চাহিদা হ্ৰাস পায়, তেনেহ’লে কিছুদিনৰ বাবে ইয়াক শীতল ভাণ্ডাৰত ৰাখিব পাৰি। যদি সামান্য কেঁচা ফল হয়, তেনেহ’লে ১২.৫০ চেণ্টিগ্ৰেড তাপমানত ইয়াক ৩০ দিনলৈ ৰাখিব পাৰি আৰু যদি পকা ফল হয়, তেনেহ’লে ইয়াক ৪ৰ পৰা ৪০ ডিগ্ৰী চেণ্টিগ্ৰেড তাপমানত ১০ দিনলৈ ভালে ৰাখিব পাৰি।

বিলাহীৰ বাবে ভূমি তৈয়াৰঃ

 

বিলাহী খেতিৰ বাবে মাটিৰ পি এইচৰ মান ৬.০ৰ পৰা ৭.০লৈ হোৱা উচিত। এনেধৰণৰ মাটিত যথেষ্ট পৰিমাণে বিলাহী উৎপাদন হয়। বিলাহীৰ পুলিবোৰ ৰোপণ কৰাৰ পূৰ্বে কৃষিভূমি ভালদৰে চহাই ল’ব লাগে।

বিলাহীৰ কেইটামান প্ৰজাতিঃ

 

স্বৰ্ণ নবীনঃ

এইবিধ বিলাহীৰ খেতি জুলাইৰ পৰা ছেপ্টেম্বৰ আৰু এপ্ৰিলৰ পৰা মে’ মাহৰ ভিতৰত কৰিব পাৰি। এইবিধ বিলাহীৰ প্ৰতি হেক্টৰত উৎপাদন ক্ষমতা হ’ল ৬০০ৰ পৰা ৭০০ কুইণ্টল। এইবিধ জাতৰ বিলাহী জীৱাণুজনিত ৰোগৰ প্ৰতি সহনশীল।

স্বৰ্ণ লালিমাঃ

এইবিধ জাতৰ বিলাহীৰ খেতি জুলাইৰ পৰা ছেপ্টেম্বৰ আৰু ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত কৰিব পাৰি। এইবিধ জাতৰ বিলাহী প্ৰতি হেক্টৰত উৎপাদন হয় ৬০০ৰ পৰা ৭০০ কুইণ্টল।

কাশী অমনঃ

প্ৰতি হেক্টৰ কৃষিভূমিত এইবিধ বিলাহী উৎপাদন হয় ৪০০ৰ পৰা ৬০০ কুইণ্টল। এইবিধ জাতৰ বিলাহী বীজাণুজনিত পৰ্ণপুচন ৰোগৰ প্ৰতি সহনশীল।

কাশী বিশেষঃ

এইবিধ জাতৰ বিলাহী প্ৰতি হেক্টৰ কৃষিভূমিত উৎপাদন হয় ৪৫০ৰ পৰা ৬০০ কুইণ্টল। এইবিধ জাতৰ বিলাহী বীজাণুজনিত পৰ্ণপুচন ৰোগৰ প্ৰতি সহনশীল।

বৰ্ণশংকৰ বিলাহীঃ

স্বৰ্ণ বৈভৱঃ

এইবিধ জাতৰ বিলাহীৰ খেতি ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰৰ ভিতৰত কৰিব পাৰি। প্ৰতি হেক্টৰ কৃষিভূমিত এইবিধ বিলাহী উৎপাদন হয় ৪০০ৰ পৰা ১০০০ কুইণ্টল পৰ্যন্ত।

স্বৰ্ণ সম্পদাঃ

এইবিধ জাতৰ বিলাহীৰ খেতি আগষ্টৰ পৰা ছেপ্টেম্বৰ অথবা ফেব্ৰুৱাৰীৰ পৰা মে’ মাহৰ ভিতৰত কৰিব পাৰি। প্ৰতি হেক্টৰ কৃষিভূমিত এইবিধ জাতৰ বিলাহী উৎপাদন হয় ৫০০ৰ পৰা ১০০০ কুইণ্টল।

কাশী অভিমানঃ

প্ৰতি হেক্টৰ কৃষিভূমিত এইবিধ জাতৰ বিলাহী উৎপাদন হয় ৭৫০ৰ পৰা ৮০০ কুইণ্টল।

সাৰ প্ৰয়োগঃ

বিলাহীৰ কৃষিভূমিত সদায় মাটিৰ আধাৰতহে সাৰ প্ৰয়োগ কৰিব লাগে। সাধাৰণতে ২০০ৰ পৰা ২৫০ কুইণ্টল গোবৰ বা কম্প’ষ্ট সাৰৰ সৈতে ২০০ৰ পৰা ২৫০ কিলোগ্ৰাম নাইট্ৰ’জেন, ৭০ৰ পৰা ৮০ কিলোগ্ৰাম স্ফুৰ আৰু ৫০ৰ পৰা ৬০ কিলোগ্ৰাম পটাছ ব্যৱহাৰ কৰিব লাগে। নাইট্ৰ’জেনৰ এক তৃতীয়াংশ বা সম্পূৰ্ণ স্ফুৰ বা পটাছ বিলাহী ৰোপণৰ আগতে ব্যৱহাৰ কৰিব লাগে। নাইট্ৰ’জেনৰ বাকীখিনি দুভাগ কৰি ২৫-৩০ দিন আৰু ৪৫-৫০ দিনৰ ভিতৰত ব্যৱহাৰ কৰিব লাগে।

বীজৰ মাত্ৰাঃ

এক হেক্টৰ কৃষিভূমিৰ বাবে সাধাৰণ বা সংকৰণ দুই বিধৰে ক্ৰমে ৩৫০ৰ পৰা ৪০০ গ্ৰাম আৰু ২০০ৰ পৰা ২৫০ গ্ৰাম বীজৰ প্ৰয়োজন হয়।

বীজ ৰোপণৰ সময়ঃ

সাধাৰণতে বিলাহীৰ খেতি গোটেই বছৰটোতে কৰিব পাৰি। শৰৎ কালত জুলাইৰ পৰা ছেপ্টেম্বৰ আৰু গ্ৰীষ্মকালত নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত কৰিব পাৰি।

বিলাহীৰ পুলি কেনেকৈ সাজু কৰিবঃ

স্বাস্থ্যৱান বিলাহীৰ পুলি ৰোপণৰ বাবে সাজু কৰিবলৈ হ’লে ২০ গ্ৰাম ডায়মেনিয়াম ফছফেট আৰু ১.৪ৰ পৰা ২ কিলোগ্ৰাম গোবৰ প্ৰতি বৰ্গমিটাৰত ব্যৱহাৰ কৰিব লাগে। সেই পুলিবোৰত ৪-৬টা পাত ওলালে আৰু ২০ৰ পৰা ২৫ চেণ্টিমিটাৰ ওখ হ’লে বুজিব লাগিব যে সেই পুলিবোৰ ৰোপণৰ বাবে সাজু হৈ উঠিছে। পুলিবোৰ ৰোপণৰ পাছত ৩-৪ দিনলৈ পুলিবোৰত পানী দিয়া উচিত। এই বিলাহীৰ পুলিবোৰৰ পৰা অধিক উৎপাদনৰ বাবে ওচৰে-পাঁজৰে থকা অপতৃণবোৰ মাজে মাজে নিৰাই দিব লাগে। তেতিয়া সেই বিলাহী গছবোৰৰ পৰা অধিক উৎপাদন আশা কৰিব পাৰি।

(উৎসঃ নিয়মীয়া বাৰ্তা)।

3.02631578947
kumud borah Sep 20, 2018 12:48 PM

বিলাহী খেতিত ৰচী বা চালি ব্যৱহাৰ কৰি বৰষুণৰ পৰা কেনেকৈ বিলাহীবোৰ ৰক্ষা কৰিব পাৰি তাৰ বিষয়ে জানিব বিছাৰিছিলো।
আৰু বিলাহীৰ মাজৰ অপতৃণ কি ঔষধ ব্যৱহাৰ কৰি নাশ কৰিব তাৰ বিষয়েও জ্ঞাত হব বিছাৰিছিলো।

Uday sonowal Jun 15, 2018 06:08 PM

Agoloi aru barta pam buli akha krilu

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top