মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / মাহজাতীয় শস্যৰ চাৰিটা নতুন জাত উদ্ভাৱন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাহজাতীয় শস্যৰ চাৰিটা নতুন জাত উদ্ভাৱন :

মাহজাতীয় শস্যৰ চাৰিটা নতুন জাত উদ্ভাৱনৰ বিষয়ে লিখা হৈছে ।

 

অসমৰ কৃষসকললৈ এটা সুখবৰ। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নগাঁও জিলাৰ চিলিঙনিস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰই উদ্ভাৱনা কৰিছে মাহজাতীয় শস্যৰ চাৰিটা জাত। এই উদ্ভাৱন প্ৰক্ৰিয়া বিশিষ্ট কৃষি বিজ্ঞানী ডঃ হিৰণ্য কুমাৰ বৰাৰ তত্ত্বৱধানত সম্পন্ন হৈছে। কৃষি বিজ্ঞানীগৰাকীয়ে জনোৱা মতে, মগু মাহৰ দুটা জাত উদ্ভাৱন কৰাৰ লগতে মাটি মাহৰ দুটা জাত উদ্ভাৱন কৰা হৈছে। মগু মাহৰ এই জাত দুটা হৈছে-

১)এছ জি চি ১৬(থলুৱা ভাষাত ৰূপহী নাম দিয়া হৈছে) আৰু

২)এছ জি চক ২০(থলুৱা ভাষাত বুৰৈ)।

মাটি মাহৰ জাত ফুটা হৈছে-

১)এছ বি চক ৪০(থলুৱা ভাষাত শ্যালম) আৰু

২)এছ বি চি ৪৭(থলুৱা ভাষাত লক্ষী)।

সাধাৰণতে ৱবৰ্ষা কালতহে মাটি মাহ আৰু মগু মাহৰ খেতি কৰিব পাৰি। কিন্তু উদ্ভাৱিত এই জাতকেইটাৰ খেতি গ্ৰীষ্মকালতো কৰি৮ব পাৰি। বিশেষকৈ মগু মাহৰ এছ জি চি ১৬ আৰু মাটি মাহৰ এছ বি চি ৪০ নামৰ জাত দুটাৰ খৰাং পৰিস্থিতি সহ্য কৰাৰ গুণ আছে। ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয় আৰু ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ যুটীয়া কৰ্মশালাত এই জাতকেইটাই অনুমোদন লাভ কৰিছে। মধ্য অসমৰ কৃষকসকলে পথাৰত এই জাতকেইটাৰ খেতি কৰাত ভাল ফল কৰিবলৈ সক্ষম হৈছে। কৃষি বিজ্ঞানী ডাঃ হিৰণ্য কুমাৰ বৰাই জনোৱা মতে, এই উন্নত জাতৰ মগু মাহৰ গড় উৎপাদন প্ৰতি হেক্টৰ কৃষিভূমিত ১০ৰ পৰা ১২ কুইন্টল হয়। ইয়াৰ কৃষিকাল হৈছে ৬০ৰ পৰা ৬৫ দিন। একেদৰে মাটি মাহৰ উন্নত জাতকেইটাৰ গড় উৎপাদন প্ৰতি হেক্টৰ কৃষি ভূমিত ১২ৰ পৰা ১৪ কুইন্টল। ইয়াৰ কৃকাল ৭৫ৰ পৰা ৮৫ দিন। ডঃ বৰাই জনোৱা মতে এই উন্নত জাতকেইটাৰ হালধীয়াপৰা ৰোগ, অৰ্থাৎ ইয়েল মজাইক ভাইৰাচ, পাতত দাগ পৰা ৰোগ অৰ্থাৎ চাৰকুচপাৰা লিফছ স্পট আদি ৰোগ প্ৰতিৰোধক ক্ষমতা আছে। তদুপৰি পোক-পৰুৱাৰ আক্ৰমণ, প্ৰতিকূল বতৰ আদিও প্ৰতিৰোধ তথ্য সহ্য কৰিব পাৰে। কৃষি বিজ্ঞানীগৰাকীয়ে জনোৱা মতে, অসমত মাহ জাতীয় শস্য উৎপাদনৰ যথেষ্ট সম্ভাৱনা থকাৰ পিছতো আমি বহিঃৰাজ্যৰপৰা ৮০ শতাংশ মাহজাতীয় শস্য আমদানি কৰিবলগীয়া হয়। ইয়াৰ মূল কাৰণ হ’ল কৃষকৰ মাহজাতীয় শস্যৰ খেতি কৰাৰ প্ৰতি অনীহা। চেচুক ঠাইত মাহজাতীয় শস্যৰ বীজ সিঁচি থৈ অহাৰ পিছত কৃষকে বন-পাত নিৰোৱা আদি একো কাম নকৰে। ফলত উৎপাদন কম হয়। ২০১৬-১৭ বৰ্ষত অসমত ১ লাখ ৪৬ হাজাৰ ৩৭৭ হেক্টৰ কৃষিভূমিত মাহজাতীয় শস্যৰ খেতি কৰা হৈছিল। উৎপাদন হৈছিল ১ লাখ ৭৫ হাজাৰ ৪১ মেট্ৰিক টন। প্ৰতি হেক্টৰ কৃষি ভূমিৰ বিপৰীতে ৭৩৫ কিলোগ্ৰামকৈ উৎপাদন হৈছিল। অসমৰ ভিতৰত বৰপেটা জিলাতে অধিক কৃষি ভূমিত মাহজাতীয় শস্যৰ খেতি কৰা হয়। জিলাখনত ২০১৬-১৭ বৰ্ষত ১৩৬১১ হেক্টৰ কৃষিভূমিত ৮৪৭৫ মেট্ৰিক টন মাহজাতীয় শস্য উৎপাদন হৈছিল। দ্বিতীয় স্থানত আছে যোৰহাট জিলা। যোৰহাট জিলা বিশেষকৈ বৰ্তমানৰ মাজুলী জিলাত ১১ হাজাৰ ৭৯১ হেক্টৰ কৃষিভূমিত ৬২০১ মেট্ৰিকটন মাহজাতীয় শস্য ২০১৬-১৭ বৰ্ষত উৎপাদন হৈছিল। তৃতীয় স্থানত আছে ধুবুৰী জিলা। জিলাখনৰ ১০ হাজাৰ ৬৫৭ হেক্টৰ কৃষিভূমিত সেই বৰ্ষটোত ৮১০৩ মেট্ৰিকটন মাহজাতীয় শস্য উৎপাদন হৈছিল। ইপিনে, নগাঁও জিলাত ৬৮০২ হেক্টৰ কৃষিভূমিত ৫১৯০ মেট্ৰিকটন মাহজাতীয় শস্য উৎপাদন হৈছিল। সৰ্বনিম্ন মাহজাতীয় শস্য উৎপাদন কৰা জিলাখন হৈছে কামৰূপ মেট্ৰ’। এই জিলাখনত ২০১৬-১৭ বৰ্ষত ৪৯০ হেক্টৰ কৃষিভূমিত ৩৩১ মেট্ৰিকটন মাহজাতীয় শস্যহে উৎপাদন হৈছিল।

কৃষি বিজ্ঞানী ডঃ হিৰণ্য কুমাৰ বৰাই জনোৱা মতে-

*উন্নত উচ্চ উৎপাদনক্ষম জাতৰ ব্যৱহাৰ,

*বন-পাত নিয়ন্ত্ৰণ,

*ৰাসায়নিক অথবা জৈৱিক উপায়েৰে ৰোগ আৰু পোক-পৰুৱা নিয়ন্ত্ৰণ,

*ৰাসায়নিক সাৰৰ সুষম ব্যৱহাৰ,

*জৈৱিক সাৰৰ ব্যৱহাৰ,

*গ্ৰীষ্মকালত জলসিঞ্চন ব্যৱস্থা আদিৰ দ্বাৰাহে মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰি।

উল্লেখ্য, অহা ছেপ্টেম্বৰ মাহত যোৰহাটত অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু নগাঁও চিলঙনী আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ উদ্যোগত আৰু ভাৰতীয় কৃষি গৱেষণা পৰিসদৰ সহযোগত খৰালী কালৰ মাহজাতীয় শস্যৰ সৰ্বভাৰতীয় পৰ্যায়ৰ এক গৱেষণা প্ৰকল্প অনুষ্ঠিত হ’ব।

লেখক: চন্দজ্যোতি বৰা(দৈনিক অসম)

3.22222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top