মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / মৰাণ সমাজত প্ৰচলিত কেইটামান কৃষিভিত্তিক অনুষ্ঠান আৰু লখিমি খেৰী :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মৰাণ সমাজত প্ৰচলিত কেইটামান কৃষিভিত্তিক অনুষ্ঠান আৰু লখিমি খেৰী :

মৰাণ সমাজত প্ৰচলিত কেইটামান কৃষিভিত্তিক অনুষ্ঠান আৰু লখিমি খেৰীৰ বিষয়ে লিখা হৈছে ।

 

অনাদি কালৰ পৰা প্ৰচলিত প্ৰবাদ মতে, ঈশ্বৰে ফৰিঙৰ মুখত কচু আৰু নৰৰ মুখত অনমুঠি দি আহিছে। অতীজৰে পৰা মৰাণ জনগোষ্ঠীৰ লোকসকলে কৃষিকাৰ্যক জীৱিকাৰ প্ৰধান উৎস হিচাপে ব্যৱহাৰ কৰি আহিছে। সেয়েহে তেওঁলোকে পৰম্পৰাগতভাৱে চলি অহআ সেই ৰীতিকেই মানি আজিও সম্পুৰ্ণ ধৰ্মীয় ৰীতি-নীতিমতে ক্ৰিষি কাৰ্য সম্পন্ন কৰে। মৰাণ জনগোষ্ঠীৰ লোকসকলৰ কৃষি কাৰ্যৰ লগত জড়িত বিভিন্ন অনুষ্ঠানসমুহৰ ধৰ্মীয় তাৎপৰ্যৰ চমু আভাস দিবলৈ এই লিখাটোৰ যোগেদি সামান্য প্ৰয়াস কৰা হৈছে।

পৰম্পৰাগত প্ৰথা অনুযয়ী ব’হাগৰ পিছত জেঠ সোমোৱৰ লগে লগে অসমৰ গ্ৰাম্যজীৱী চহাসকলে নাঙল, কোৰ, যুঁৱলি, মৈ, গৰু, ম’হ আদি খেতিৰ বাবে যাৱতীয় সঁজুলি জা-যোগাৰ কৰাত প্ৰস্তুতি চলোৱা দেখা যায়। আনহাতে প্ৰচলিত ধৰ্মীয় আচাৰ-নীতি  অনুযায়ী মৰাণ জনগোষ্ঠীৰ সমাজত ভাল দিন এটা চাই ভকতে পথাৰত গৰুহাল নমাবৰ বাবে ৰাইজৰ জাননী দিয়ে। পথাৰত গৰুহাল নমাওঁতে হৰজী (হৰৰ-জী, অৰ্থাৎ গোপিনী) সকলে হাল নমোৱা খেৰী গায় এনেধৰণে-

ঈশ্বৰৰ পথাৰখন কানাইয়ে জুৰিলে

তৰুৱা কদমত নুঠি

কুবেৰৰ কঠিয়া দেউতাক খুজিলে

ইন্দ্ৰক খুজিলে মাটি

ৰামে হাল বালে বাঘে ভালুকে

কাৰ্শলা সাপৰে লাঠী

হাবিৰ হলৌমন্তে আলিপাৰ কাটিলে

বান্দৰে ৰাখিলে গৰু

গোসাঁই ধান বোলে মণিকি

ঠোকে হালিজালি পৰে

ক’ৰ পৰা আহিলে খকুৱা ব্ৰাহ্মাণটি

চুচি গাল মাৰি খালে

আই ঐ লখিমি সহিব নোৱাৰি

পিঠিতে বাকলি ল’লে

হৰজী সকলে তুতিহে কৰিছে

কল পিঠাগুৰি টল

কঠালৰে মুচি বৰাধানৰ পিঠা

লনী আহু লাহেকৈ উঠা

যিহেতু সৃষ্টিকৰ্তাৰ অধীনত গোটেই সৃষ্টিখন, জগতখন নিয়ন্ত্ৰণ হৈ আছে, সেয়েহে তৰুৱা কদমত উঠি তেৰাই সকলো নিৰীক্ষণ কৰি আছে আৰু তেৰাৰ প্ৰতি উক্ত লখিমী খেৰীৰ যোগেদি ভক্তি নিবেদন কৰা হৈছে যাতে তেৰাৰ কৃপাত কৃষিকৰ্মত কোনো থিৰ-থিহ, বিৰ-বিৰ, অপায় অমঙ্গল আদি নহৈ সুকলমে কৃষি-কাৰ্য সমাপন কৰিব পাৰে আৰু চাৰিওফালে যেন মঙ্গলময় হয়। ইয়াৰ যোগেদি মানুহৰ মনৰ প্ৰণতা বৃদ্ধি হয় আৰু কৃষিকাৰ্য কৰিবলৈ উৎসাহ উদ্দীপনা বৃদ্ধি হয়। উক্ত খেৰীত ব্যৱহাৰ কৰা প্ৰতিটো জীৱ-জন্তুৱেই ভগৱানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে। আনহাতে হাল বাওঁতে ব্যৱহাৰ কৰা এচাৰিডালক কাৰ্শলা সাপৰ লগত তুলনা কৰা হৈছে। যিদৰে কাৰ্শলা সাপৰ শৰীৰটো মুৰৰ পৰা নেজলৈ ক্ৰমান্বয়ে ছিয়াঁ হৈ যোৱা, ঠিক তেনেদৰে হালোৱাৰ এচাৰিডালো এমুৰৰ পৰা আনমুৰলৈ ক্ৰমান্বয়ে ছিয়াঁ হৈ যোৱা। যিহেতু সাপে এন্দুৰ, নিগনি খায় গতিকে ইয়াক শস্য ৰক্ষাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়।

পথাৰতে কৃষি কাৰ্য সমাপন হোৱাৰ পিছত পোক, পৰুৱা, ৰোগ, ব্যাধি আদিৰ পৰা যাতে ৰুপিত শস্যখিনি ৰক্ষা পাই আৰু লহপহকৈ ঠন ধৰি উঠে তাৰ নিমিত্তে হৰজীসকলে এখনি লখিমী সবাহ পাতে। এই সবাহখনি এখন মুকলি পথাৰত গোপিনীসহ গৃহত অনুষ্ঠিত কৰা হয়। উক্ত সবাহলৈ গাঁৱৰ বুঢ়ীমেথিসকল আহি এখনি গুৱাপাণ কাটি খাই আৰু উঠি অহা ধানবোৰ যাতে ঠোৰ পোক, মোৱা পোক, নানা বিঘিনি, ব্যাধিয়ে নষ্ট কৰিব নোৱাৰে তাৰ বাবে তুতি প্ৰাৰ্থনা কৰি এনেদৰে খেৰী গায়-

আই ঐ লখিমি পথাৰত থাকিবি

নিজে পোক, পৰুৱা খেদি

বতাহত হালিবি, বতাহত জালিবি

ঠোকতো ধৰিবি গুটি

আমি নৰমনীয়ে একোকে নেজানো

আমাকো বুটলি লবি।

সময় বাগৰে, শস্যই পোখা মেলে, গেৰ ধৰে। ধাননি পথাৰ শ্যামলী হয়। লাহেকৈ শস্য চপাবৰ হয়। এই সময়ত মৰাণসকলে কাচি লোৱা অনুষ্ঠাটি পালন কৰা দেখা যায়। সভক্তিৰে এই অনুষ্ঠানটি পালন কৰিবলৈ যাওঁতে এওঁলোকে স্বকীয় বৈশিষ্ট্য বজাই ৰাখিছে। যিহেতু মৰাণ জনগোষ্ঠীৰ লোকসকলৰ সকলোবিলাক ধৰ্মীয় আচাৰ-অনুষ্ঠান সত্ৰৰ গোসাঁই দ্বাৰা পৰিচালিত হয়। এই কাচি লোৱা অনুষ্ঠানটিত ভকতসকলে নামঘৰত এটি শুভ দিন চাই ৰাইজক কাচি ল’বলৈ আজ্ঞা দিয়ে। সভক্তিৰে ধানত কাচি লগাই তিনি মুঠি ধান ঘৰৰ গৃহস্থ বা গৃহিনেয়ে এখন নতুন গামোচাত নুৰিয়াই মুৰত তুলি ঘৰলৈ আনে। ইয়াৰ প্ৰথম মুঠি ধান গুৰুৰ নামত উচৰ্গা কৰে। দ্বিতীয় মুঠি ধান ভকতৰ নামত উচৰ্গা কৰে আৰু তৃতীয় মুঠি ধানহে ভঁৰালত ৰাখে। যিহেতু ওপৰত উল্লেখ কৰা হৈছে যে, মৰাণ জনগোষ্ঠীৰ লোকসকলৰ ধৰ্মীয় আচাৰ-নীতি যিহেতু সত্ৰৰ গোসাঁইৰ দ্বাৰা পৰিচালিত হয়, সেয়েহে প্ৰথম মুঠি ধান গুৰু গোসাঁইৰ নামত উচৰ্গা কৰে।

কাচি লওঁতেও হৰজীসকলে ধৰ্মীয় নীতি পালন কৰে আৰু কাচি লোৱা খেৰী গায়-

সাগৰৰ মাজত গৈ তিয়াই আহ তিয়নি

গুৰুক (নিজ স্বামীক)মুৰা ডঙাই লওঁ

গৰুক মুৰা ডঙাই হাতত কাচি লৈ

গোসাঁই ধান দিবলৈ যাওঁ

জুখিয়াই কাটিবি, নুৰিয়াই বান্ধিবি

জাপ মাৰি বহুৱাম মুঠি

গৰুৰ পথাৰখন ধুৱলী কুঁৱলী

দেখিলেই বিমুৰত পৰো

গুৰুৰ ধানদাই আহো ল’ৰ মাৰি

নৰাৰ সুৰঙনি পাই

গাদীৰ পৰা গুৰুৱে (গোসাঁই) মাত লগালে

গোপিনীয়ে উলটি চাবি।

লাহেকৈ ধান কাটি শেষ হয়। লখিমিক ঘৰলৈ আদৰবিলৈ সকলোৱে প্ৰস্তুত হয়। এই অনুষ্ঠানটিক লখিমী আদৰা অনুষ্ঠান বা আগনিয়া অনুষ্ঠান বুলিও কোৱা হয়। ধান দোৱা শেষ হোৱাৰ দিনা ঘৰৰ চোতাল, পদুলি ধুনীয়াকৈ সাৰি মুচি ৰখা হয়। সেয়েহে গোপিনীসকলে লখিমীক আদৰিবলৈ লখিমীক আদৰিবলৈ লখিমী আদৰা খেৰী গায়-

চোতালো সাৰিলো , পদুলি সাৰিলো

লক্ষ্মী আই আহিব বুলি

আজিহে লক্ষ্মী আই ঘৰলৈ আহিব

নাৰক পালিবলৈ বুলি

সোণালী ভঁৰালটি দীঘলকৈ মাৰলি

ওখকৈ বন্ধালে ভেটি

আই ঐ লখিমী তাতে জিৰাই থাকিব

গৃহস্থই ননমাই যদি

মন কৰিবলগীয়া কথা এয়ে যে , ধান দোৱা শেষ হোৱাৰ দিনা ঘৰৰ গৃহস্থ বা গৃহস্থনীয়ে এটা খৰাহি লৈ পথাৰত বৈ যোৱা ধান অৰ্থাৎ লেচেৰী বুটলে। লেচেৰী বুটলা কাম সম্পন্ন হোৱাৰ পিছত উক্ত খৰাহিটো ওচৰত সযতনেৰে ৰাখি, এখন গুৱা তামোল দি ভক্তিৰে প্ৰণিপাত জনাই এইদৰে কয়-

‘আই লখিমী, ইমান দিন বনবাস খাটিলে, এতিয়া ঘৰলৈ বলক’

উক্ত দিনটোতে ভাৰুৱাই ধান কঢ়িয়াই শেষ কৰিব লাগিব আৰু গৃহস্থনীয়ে শেষভাৰৰ ধানৰ ভাৰুৱাৰ পিছে পিছে নতুন দুকঠীয়া কাপোৰেৰে খৰাহিটো নুৰিয়াই বোকোচাত বান্ধি ঘৰলৈ খোজ লয়। এই সময়ত লগৰ সমীয়াই ৰং তামাচা কৰাও দেখা যায়। কিয়নো লোক বিশ্বাস মতে আগ নিওঁতে আগনিয়া গৰাকীয়ে মুখেৰে মাত মাৰিব নেলাগে, আৰু পিছলৈও উভটি চাব নেপায়, কিয়নো তাকে কৰিলে লখিমী ঘৰলৈ নাযায়। সেয়েহে সমনীয়াই মুখৰ পৰা মাত উলিয়াবলৈ বা টলটি চাবলৈ নানা ধৰণৰ ধেমালী কৰাও পৰিলক্ষিত হয়।

লখিমী আদৰা খেৰী-

লক্ষ্মী আই, লক্ষ্মী আই, লক্ষ্মী আই নহ’লে

নবৰো তৰণি নাই

আগে সৰজিলে ছমুঠি চাউলে

পিছে সৰজিলে নৰ

ছমুঠি চাইলক স্খলন নকৰিবা

জীৱ তৰিবলৈ লাগে

সাগৰৰ মাজতে পদুমৰ পাততে

লক্ষ্মী আই আছেহি ৰৈ

শৰাই তিনিখনি সজাই লৈ আহিছো

লক্ষ্মী আইক আদৰো গৈ

ৰাইজৰ পথাৰত লক্ষ্মী আই আছেহি

মুৰত সোণোৱালী টুপী

গোপিনীসকলে সহিব নোৱাৰি

কাৰো নামঘৰত তুতি।

বৰ্তমান একবিংশ শতিকাত বিজ্ঞানৰ অগ্ৰগতিৰ ফলস্বৰুপে কিছুমান জাতি জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে চলি অহা ৰীতি-নীতিৰ পৰা আঁতৰি অহা পৰিলক্ষিত হয়। কিন্তু মৰাণ জনগোষ্ঠীৰ লোকসকলে আজিও স্বকীয় ৰীতি-নীতিসমুহ অটল বিশ্বাসেৰে পালন কৰি নিজৰ বৈশিষ্ট্যসমুহ মহিমামণ্ডিত কৰি ৰাখিছে।

লেখিকা: বন্দনা বৰা (সেউজ সোপান)

 

 

 

 

3.20833333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top