মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / মৰাপাট উৎপাদনৰ উন্নত পদ্ধতিঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মৰাপাট উৎপাদনৰ উন্নত পদ্ধতিঃ

মৰাপাট উৎপাদনৰ উন্নত পদ্ধতিৰ বিষয়ে লিখা হৈছে

 

ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ প্ৰায় ১১ শতাংশ মৰাপাট খেতি অসমত হয়। অসমত প্ৰায় ৯০ হাজাৰ হেক্টৰ মাটিত মৰাপাট খেতি কৰা হয়। মৰাপাটৰ গড় উৎপাদন সৰ্বভাৰতীয় পৰ্যায়ত ২০০০ কিলোগ্ৰামৰ বিপৰীতে অসমত ইয়াৰ গড় উৎপাদন ১৭০০ কিলোগ্ৰাম/হেক্টৰ। অসমৰ নগাঁও আৰু মৰিগাঁও জিলাত মৰাপাট অৰ্থকৰী ফচল হিচাপে বহু পৰিমাণে কৰা হয়। নগাঁও জিলাত প্ৰায় ১১ হাজাৰ হেক্টৰ মাটিত এই খেতি কৰা হয়। আৰ্থ-সামাজিক, কৌশলগত বহুতো অন্তৰায়ৰ উপৰি সুস্থিৰ বজাৰৰ অভাৱতেই অসমত মৰাপাট খেতি সীমিত হৈ আছে আৰু কৃষকসকল উচিত লাভালাভৰ পৰা বঞ্চিত হৈ থকা দেখা যায়। তুলনামূলকভাৱে মৰাপাট খেতি ব্যয়বহুল। সেয়ে মৰাপাট খেতিত উৎপাদন কেনেকৈ বঢ়াব পাৰি লগতে উন্নতমানৰ আঁহৰ বাবে প্ৰয়োজনীয় কৃষি প্ৰণালীৰ প্ৰতি কৃষকসকল সচেতন হোৱাটো অতি প্ৰয়োজনীয় কথা। আনহাতে মৰাপাটৰ পৰা উৎপাদিত বিভিন্ন প্ৰকাৰৰ সামগ্ৰীৰ ৰপ্তানিৰ পৰিমাণ প্ৰতি বছৰে বৃদ্ধি হৈ আহিছে আৰু দেশেবুজন পৰিমাণৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰিবলৈ সক্ষম হৈছে। সেয়েহে জাত নিৰ্বাচনকে আদি কৰি বিজ্ঞানসন্মত উন্নত কৃষি পদ্ধতি অৱলম্বন কৰি কিদৰে মৰাপাটৰ উৎপাদন বৃদ্ধিত সহায় হ’ব পাৰে তাক ইয়াত আলোচনা কৰিবলৈ লোৱা হৈছে।

জাত নিৰ্বাচনঃ

 

অসমত মৰাপাট খেতিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত জাত নিৰ্বাচন কৰি লোৱা উচিত। এনে জাতসমূহ হ’ল-

তিতামৰা

জাত

সিঁচাৰ সময়

জে আৰ চি-২১২

(সবুজ সোণা)

মাৰ্চৰ মাজভাগৰ পৰা মে’ মাহ

জে আৰ চি-৩১২

(সোণালী)

ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা এপ্ৰিল

ইউ পি চি-৯৪

(ৰেশমা)

ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা এপ্ৰিল

জে আৰ চি-৭৪৪৭

(শ্যামলী)

মাৰ্চ-এপ্ৰিল

 


মিঠামৰা

জাত

সিঁচাৰ সময়

জে আৰ অ’-৫২৪

(নবীন)

মাৰ্চ-এপ্ৰিল

জে আৰ অ’-৭৮৩৫

(বামুদেৱ)

মাৰ্চৰ মাজভাগৰ পৰা মে’ মাহ

জে আৰ অ’-৬২৩

(বৈশাখী পাট)

মাৰ্চৰ মাজভাগৰ পৰা মে’ মাহ

চিলেকচন-২

(বহাগী)

এপ্ৰিলৰ মাজভাগৰ পৰা মে’ মাহ

তৰুণ

মাৰ্চৰ শেষৰ পৰা মে’ মাহৰ শেষলৈকে

 

মাটি নিৰ্বাচন আৰু প্ৰস্তুতিঃ

 

সাধাৰণতে বালিচহীয়া আৰু পলসুৱা মাটি মৰাপাট খেতিৰ বাবে উপযুক্ত। তথাপি পানী ধৰি ৰাখিব পৰা ক্ষমতাযুক্ত সাৰুৱা মাটি মৰাপাটৰ বাবে অতি উত্তম। এই শস্যবিধ বৰ্ষানিৰ্ভৰশীল হোৱা বাবে ইয়াৰ বীজ অংকুৰিত হ’বলৈ মাটিডৰাত আৰ্দ্ৰতা থকা দৰকাৰ। মৰাপাটৰ বাবে মাটিডৰা ৫-৬ বাৰ হালবাই সমান কৰি মিহি কৰি ল’ব লাগে।

 

বীজ সিঁচাৰ সময়ঃ

 

অসমত তিতামৰা ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল অৰ্থাৎ ফাগুন মাহৰ পৰা আৰম্ভ কৰি বহাগ মাহৰ মাজভাগলৈ সিঁচা হয়। সেইদৰে মিঠামৰা মাৰ্চ মাহৰ পৰা মে’ মাহলৈকে অৰ্থাৎ চ’ত মাহৰ পৰা জেঠ মাহৰ মাজভাগলৈ সিঁচা হয়। বতৰৰ ওপৰত ভিত্তি কৰি বীজ সিঁচাৰ সময় সামান্য তাৰতম্য হ’ব পাৰে।

বীজৰ হাৰঃ

 

মৰাপাটৰ প্ৰকাৰ আৰু পদ্ধতি অনুসৰি বীজৰ পৰিমাণ (বিঘাই প্ৰতি) বেলেগ বেলেগ হয়। এই পৰিমাণ এনেধৰণৰ-

মাটিৰ প্ৰকাৰ

শাৰী পদ্ধতি

সিঁচা পদ্ধতি

তিতামৰা

৮০০-৯০০ গ্ৰাম

১৩০০-১৫০০ গ্ৰাম

মিঠামৰা

৬০০-৭০০ গ্ৰাম

৮০০-৯০০ গ্ৰাম

 

সাৰৰ পৰিমাণ আৰু প্ৰয়োগ পদ্ধতিঃ

 

মৰাপাটৰ খেতিত ৰাসায়নিক সাৰৰ পৰিমাণ জাতভেদে সামান্য তাৰতম্য থাকিলেও জৈৱিক সাৰৰ পৰিমাণ একে।

সাৰৰ পৰিমাণ এনেধৰণৰ-

সাৰৰ নাম

সাৰৰ পৰিমাণ- তিতামৰা

(কিলোগ্ৰাম প্ৰতি বিঘা)

সাৰৰ পৰিমাণ- মিঠামৰা

(কিলোগ্ৰাম প্ৰতি বিঘা)

জৈৱিক/পচন সাৰ

৭০০

৭০০

ইউৰিয়া

ডি এম পি

মিউৰেট অব পটাছ

 

প্ৰয়োগ পদ্ধতিঃ

 

মাটি প্ৰস্তুতিৰ সময়তে সমুদায় জৈৱিক অথবা পচন সাৰখিনি আটাইখিনি ছুপাৰ ফছফেট আৰু পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। ইউৰিয়া সাৰখিনি সমানে দুভাগ কৰি এভাগ গুটি সিঁচাৰ একৰ পৰা ডেৰ মাহৰ ভিতৰত আৰু আনভাগ ডেৰৰ পৰা দুমাহ পাছত টপ ড্ৰেছিং কৰিব লাগে।

যিবোৰ মাটিত গুটি সিঁচাৰ কিছুদিন পিছত পানী জমা হয় তাত ইউৰিয়া টপ ড্ৰেছিং কৰিবলৈ অসুবিধা হয়। এনেকুৱা ক্ষেত্ৰত ৩০ গ্ৰাম ইউৰিয়া এক লিটাৰ পানীত মিহলাই ইউৰিয়া দ্ৰৱণ (৩ শতাংশ) তৈয়াৰ কৰিব লাগে। এনে দ্ৰৱণ গুটি সিঁচাৰ ৪০-৪৫ দিনৰ পাছত এবাৰ আৰু ৫৫-৬০ দিনৰ পাছত আৰু এবাৰ স্প্ৰে’ কৰিব লাগে।

বীজ সিঁচাৰ পদ্ধতিঃ

 

সাধাৰণতে মৰাপাটৰ বীজ শাৰী আৰু ছটিওৱা দুয়োটা পদ্ধতিত সিঁচা হয়। শাৰীবদ্ধ পদ্ধতিত সিঁচিলে দুয়া শাৰীৰ মাজৰ দূৰত্ব ২৫ ছেণ্টিমিটাৰ (১০ ইঞ্চি) আৰু দুয়া পুলিৰ মাজৰ দূৰত্ব ৫-৭ ছেণ্টিমিটাৰ (২-৩ ইঞ্চি) হ’ব লাগে। ছটিয়াই সিঁচিলে প্ৰতি বৰ্গমিটাৰত ৬০-৭০ জোপা পুলি থাকিব লাগে।

বনবাত নিয়ন্ত্ৰণ বা নিৰনি দিয়াঃ

 

বনবাত বা অপতৃণ মৰাপাট খেতিৰ এটা প্ৰধান সমস্যা। এই হিচাপ মতে এই খেতিৰ মুঠ খৰচৰ ৩০-৪০ শতাংশ অপতৃণ নিবাৰণ কৰোতেই খৰচ হয়। শাৰী পদ্ধতিত সিঁচিলে দুয়া শাৰীৰ মাজত হুইল হো আৰু ছটিওৱা পদ্ধতিত সিঁচিলে বিন্ধা ব্যৱহাৰ কৰিব পাৰি। এই দুবিধ সঁজুলি বীজ সিঁচাৰ ২-৩ সপ্তাহ পাছত ব্যৱহাৰ কৰা হয়। বীজ গজালি ওলোৱাৰ ৩-৪ সপ্তাহৰ পাছত পুলিবোৰ পাতলাই দি প্ৰথমবাৰ বনবাতবোৰ খন্তিৰ সহায়ত হাতেৰে আঁতৰাব লাগে। যদি দৰকাৰ হয় গজালি ওলোৱাৰ ৪-৫ সপ্তাহৰ পাছৰ দ্বিতীয়বাৰ অপতৃণ আঁতৰোৱা আৱশ্যক।

তদুপৰি বীজ সিঁচাৰ তিনিদিন আগতে বাচলিন ১ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলি কৰিও অপতৃণ নিয়ন্ত্ৰণ হয়। অন্যান্য ৰাসায়নিকৰ ভিতৰত দাওপন ৭৫ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলি কৰি গজালি ওলোৱাৰ ৭-১০ দিন পাছত স্প্ৰে’ কৰিলে অপতৃণ নিয়ন্ত্ৰণ ভাল হয়।

শস্য ৰক্ষাৰ ব্যৱস্থাঃ

 

অন্য শস্যৰ দৰে মৰাপাটতো বিভিন্ন পোক আৰু ৰোগৰ উপদ্ৰৱ হোৱা দেখা যায়। সাধাৰণতে দেখা দিয়া পোকবিলাকৰ ভিতৰত অন্যতম বিছা পোক। অন্যান্য পোকবিলাকৰ ভিতৰত ঘোঁৰা পোক, হালধীয়া ফুটি পোক, গা-গছৰ পোক আৰু উইচিৰিঙা বিছা পোকৰ নিয়ন্ত্ৰণৰ বাবে চুমিথিয়ন ৫০ ইচি, ১ মিলিলিটাৰ পানীত মিহলাই বিঘাই প্ৰতি ৮০-১০০ লিটাৰ ঔষধমিশ্ৰিত পানীৰ আৱশ্যক। কমেও ৩-৪ বাৰ দৰব ছটিয়াব লাগিব পাৰে। আৰম্ভণিতে বিছা পোকৰ কণী আৰু পোকবোৰ হাতেৰে তুলি আনি কেৰাচিনত ডুবাই মাৰিব পাৰি। ঘোঁৰা পোক চৰায়ে খাবৰ বাবে খেতিৰ মাজত বাঁহৰ জেং বা গছৰ ডাল পুতি দিব লাগে।

মৰাপাটৰ ৰোগৰ ভিতৰত শিপা পচা, গা পচা, পুলিৰ ব্লাইট এনথ্ৰকনোজ আদি প্ৰধান। ৰোগৰ প্ৰতিৰোধৰ বাবে গুটি সিঁচাৰ সময়ৰ আগতে বীজ শোধন কৰিব লাগে। মাটিত পটাছৰ হাৰ বৃদ্ধি কৰিব লাগে আৰু মৰাপাট-ধানচক্ৰ কৃষকে আদৰি লোৱা উচিত।

 

মৰাপাট চপোৱা আৰু গৰোৱা পদ্ধতি সম্পৰ্কে দুআষাৰঃ

 

মৰাপাট খেতিডৰাৰ পৰা গুণগত আঁহ পাবলৈ হ’লে চপোৱাৰ সময় আৰু গৰোৱা পদ্ধতি সম্বন্ধে কেইবাটাও কথাত মনোযোগ দিয়া উচিত। ইয়াৰ ভিতৰত তলত উল্লেখ কৰা কথাকেইটা মন কৰিবলগীয়া-

  • গুটি সিঁচাৰ ১২৫ দিনৰ পাছতে চপোৱাৰ উপযুক্ত সময়।
  • মৰাপাট-ধানচক্ৰ কৰাৰ বাবে পৰৱৰ্তী ধান খেতি কৰিবৰ বাবে ১০০-১২০ দিনৰ ভিতৰত মৰাপাট চপাব লাগে।
  • মৰাপাট গছজোপা মাটিৰ ওচৰত যিমান পাৰি গুৰিত কাটিব লাগে।
  • কটাৰ পাছত ১৫-২০ ছেণ্টিমিটাৰ ব্যাসৰ মুঠা কৰি ২-৪ দিন পথাৰতে থিয় কৰি থ’ব লাগে।
  • মুঠাৰ মাজত এডাল বা দুডাল ধইনছা বা চানহেমপ গছ ভৰাই দিব লাগে।
  • জাক সাজিবলৈ মুঠাবোৰ পানীত শাৰী শাৰীকৈ বান্ধি এজাপৰ ওপৰত আন এজাপ দি পৰিষ্কাৰ বা বোৱঁতী পানীত গৰোৱা ভাল।
  • জাকবোৰৰ ওপৰত মেটেকা বা ধান খেৰেৰে ঢাকি পানীত বুৰ যাবৰ বাবে পকাৰ টুকুৰা, শিল, ইটা বা শুকান কাঠৰ টুকুৰাৰে হেঁচা দিব লাগে।
  • সাধাৰণতে পানীত উত্তাপৰ ওপৰত নিৰ্ভৰ কৰি ১০-৩০ দিনৰ ভিতৰত গৰোৱা হয়।
  • আঁহবোৰ এৰুৱাই পৰিষ্কাৰ পানীত ধুই ৰদত ৩-৪ দিন ভালদৰে শুকুৱাই ল’ব লাগে যাতে সহজে মজুত কৰিব পাৰি।

(উৎসঃ অসমীয়া খবৰ, ইফকোৰ দ্বাৰা প্ৰকাশিত পুস্তিকাৰ পৰা উদ্ধৃত)।

3.02631578947
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top