মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / মৰাপাট খেতিয়কৰ সমস্যা সমাধানৰ বাবে নেক্সট টু নেচাৰৰ প্ৰচেষ্টাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মৰাপাট খেতিয়কৰ সমস্যা সমাধানৰ বাবে নেক্সট টু নেচাৰৰ প্ৰচেষ্টাঃ

মৰাপাট খেতিয়কৰ সমস্যা সমাধানৰ বাবে নেক্সট টু নেচাৰৰ প্ৰচেষ্টাৰ বিষয়ে-

 

যোৱা ৪০ বছৰ ধৰি কেঁচা মৰাপাট ব্যৱসায়ী হিচাপে মৰাপাট উদ্যোগত কাম কৰা আৰু উত্তৰ-পূৱৰ ৰাজ্যত মৰাপাটৰ বিবিধ সামগ্ৰীৰ প্ৰসাৰৰ বাবে ১৫ বছৰ ধৰি বস্ত্ৰ মন্ত্ৰ্যালয়ক প্ৰতিনিধিত্ব কৰা যুৱ সদস্যজনে পৰম্পৰাগত পাৰিবাৰিক ব্যৱসায়ত যোগদান কৰাৰ সলনি আন কিবা কৰাৰ কথা চিন্তা কৰিলে। ২০১৫ চনত নেক্সট ২ নেচাৰ স্থাপন কৰা হৈছিল অসম আৰু মেঘালয় ৰাজ্যত কাৰিকৰী বস্ত্ৰৰ ৰূপত মৰাপাট জিঅ’ টেক্সটাইল প্ৰসাৰ কৰাৰ উদ্দেশ্যে আৰু পিছলৈ অসমত ‘ক্ৰিজাফ ছোনা’ উৎপাদন কৰাৰ ধাৰণাৰে। মৰাপাট কৃষিত নিযুক্ত কৃষকসকলে সন্মুখীন হোৱা অসুবিধাবোৰ আমি প্ৰত্যক্ষ কৰিছিলো। আমি ভাবো তেওঁলোকৰ সমস্যা সমাধান কৰাত ক্ৰিজাফ ছোনাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। নেক্সট ২ নেচাৰ, গুৱাহাটীৰ মুখ্য কাৰ্যবাহী বিষয়া নিশান্ত চাৰউগীয়ে কয়- ‘প্ৰথমে আমি ২০১৭ বৰ্ষৰ বাবে ১ লাখ কিলোগ্ৰাম ক্ৰিজাফ ছোনা উৎপাদন কৰিম আৰু পৰৱৰ্তী বছৰৰ পৰা আমি আমাৰ উৎপাদন দুগুণ কৰিম বা বজাৰৰ স্থিতিলৈ চাই আৰু অধিক কৰিম। ইয়াৰ সৈতে আমি লগতে সকলো মৰাপাট উৎপন্ন হোৱা জিলাত সৰু বিপণী স্থাপন কৰাৰ চেষ্টা কৰিম, যি কৃষকসকলৰ বাবে সহায় কেন্দ্ৰৰ দৰে কাম কৰিব। বিভিন্ন কৃষক কল্যাণ আঁচনিৰ যোগেৰে কৃষকসকলৰ মাজত ক্ৰিজাফ ছোনা জনপ্ৰিয় কৰাৰ বাবে আমি অসম চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰীক অনুৰোধ জনাইছোঁ’।

নেক্সট ২ নেচাৰে গুৱাহাটী বায়’টেক পাৰ্ক (বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, অসম চৰকাৰ) আৰু আইচিএআৰ- ক্ৰিজাফ (কৃষি মন্ত্ৰ্যালয়, ভাৰত) বেৰেকবোৰৰ সহযোগিতাত ৫ জুনৰ পৰা মাইক্ৰ’বিয়েল ফৰ্মুলেচন প্ৰস্তুত কৰা আৰম্ভ কৰিছে যাতে ৰাষ্ট্ৰীয় মৰাপাট ব’ৰ্ড আৰু ভাৰতীয় মৰাপাট নিগমে (বস্ত্ৰ মন্ত্ৰ্যালয়, ভাৰত চৰকাৰ) এই সামগ্ৰীৰ প্ৰচাৰৰ বাবে কৃষকৰ ওচৰ চপাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। গুৱাহাটী বায়’টেক পাৰ্ক (জিবিপি) হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰথম জৈৱ-প্ৰযুক্তি পাৰ্ক, যাক এই অঞ্চলত উদ্যোগশীলতা উন্নয়ন, জৈৱ-প্ৰযুক্তি আৰু সম্পৰ্কিত ক্ষেত্ৰবোৰত ঔদ্যোগিক বিকাশত সহায় কৰাৰ বাবে সৃষ্টি কৰা হৈছে। পাৰ্কখন হৈছে অসম চৰকাৰে আৰম্ভ কৰা এক ভৱিষ্যদৰ্শী প্ৰকল্প। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হৈছে জিবিপিৰ পৰিচালনা সমিতিৰ অধ্যক্ষ। এই প্ৰকল্পটো ভাৰত চৰকাৰৰ জৈৱ-প্ৰযুক্তি বিভাগৰ দ্বাৰা সমৰ্থিত।

পাৰ্কখনৰ উদ্দেশ্য হৈছে দেশখনৰ উত্তৰ-পূব অঞ্চলৰ সমৃদ্ধ প্ৰাকৃতিক সম্পদৰ সঠিক আৰু কাৰ্যকৰী ব্যৱহাৰৰ দ্বাৰা উত্তৰ-পূব অঞ্চলত জৈৱ-প্ৰযুক্তি উদ্যোগৰ বিস্তাৰ দ্ৰুত কৰাত সহায় কৰা আৰু জৈৱ-প্ৰযুক্তি তথা সম্পৰ্কিত ক্ষেত্ৰত গৱেষণাৰ কাৰ্যকলাপ ত্বৰান্বিত কৰা আৰু এই অঞ্চলৰ স্থানীয় মানৱ সম্পদ শিক্ষিত আৰু ব্যৱহাৰ কৰা। অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি কেশৱ মহন্তৰ প্ৰচেষ্টাতে আমিনগাঁও গুৱাহাটী বায়’টেক পাৰ্ক ইনকিউবেচন কেন্দ্ৰ (জিবিপিআইচি) নিৰ্মাণ কৰাৰ বাবে লগতে ৩৪.৭৮ কোটি টকা আবণ্টন কৰা হৈছে আৰু অতি সোনকালে জিবিপিআইচিৰ আধাৰশিলা স্থাপন কৰা হ’ব। বৰ্তমান পাৰ্কখনে আই আই টি, গুৱাহাটী চৌহদৰ ইয়াৰ অস্থায়ী স্থানত ইনকিউবেচন কেন্দ্ৰটো (জিবিপিআইচি) স্থাপন কৰিছে।

অসমৰ মুখ্য সচিব ভি কে পিপাৰচেনিয়া, আই এ এছ, অতিৰিক্ত মুখ্য সচিব অলোক কুমাৰ, আই এ এছ আৰু জিবিপিৰ মুখ্য কাৰ্যবাহী বিষয়া বিনোদ শেশান, আই এ এছৰ নিৰ্দেশনা আৰু নেতৃত্বত এতিয়া জিবিপি আগবাঢ়ি গৈছে।

‘মই লগতে ব্যক্ত কৰোঁ যে জিবিপিআইচিৰ ইনকিউবেটি নেক্সট ২ নেচাৰৰ পৰা বিপণনযোগ্য সামগ্ৰী এটা উৎপাদন হোৱাৰ বাবে মই সঁচাকৈয়ে সুখী’।– আই এ এছ আৰু জিবিপিআইচিৰ মুখ্য কাৰ্যবাহী বিষয়া বিনোদ শেশানে কয়।

সামগ্ৰীটোৰ বিষয়েঃ

 

আইচিএআৰ (ইণ্ডিয়ান কাউন্সিল ফৰ এগ্ৰিকালচাৰেল ৰিছাৰ্চ)- ক্ৰিজাফ (চেণ্ট্ৰেল ৰিছাৰ্চ ইনষ্টিটিউট ফৰ জুট এণ্ড এলাইড ফাইবাৰ্ছ)-এ ‘ক্ৰিজাফ ছোনা’ নামৰ এক টেল্ক আধাৰিত মাইক্ৰ’বিয়েল ফৰ্মুলেচন বিকশিত কৰিছে, যি স্থবিৰ পানীত উচ্চমানৰ মৰাপাট/মেষ্টাফাইবাৰ উৎপাদন কৰাৰ বাবে অতি উপযোগী। মাইক্ৰ’বিয়েল ফৰ্মুলেচনত মৰাপাট গলোৱা পানীৰ পৰা আহৰণ কৰা বেচিলাছ পিউমিলাছ বেক্টেৰিয়াৰ তিনিটা পৃথক প্ৰকাৰ থাকে। পশ্চিমবংগ, অসম, বিহাৰ, ওড়িশা আৰু মেঘালয়ৰ বিভিন্ন মৰাপাট উৎপাদন হোৱা জিলাত ২০১৩ চনৰ পৰা ২০১৬ চনলৈ মৰাপাট গলোৱা সময়ত এই টেল্ক আধাৰিত মাইক্ৰ’বিয়েল ফৰ্মুলেচনটো ব্যৱহাৰ কৰি বিশাল পৰিসৰত উন্নতভাৱে মৰাপাট গলোৱা প্ৰদৰ্শন কৰা হৈছিল। এই মাইক্ৰ’বিয়েল ফৰ্মুলেচন ব্যৱহাৰ কৰি কৃষক সমাজ লাভান্বিত হৈছিল।

মাইক্ৰ’বিয়েল ফৰ্মুলেচন ব্যৱহাৰ কৰাৰ লাভালাভ-

 

(১) পৰম্পৰাগত পদ্ধতিৰ তুলনাত গলোৱাৰ সময় ৬ৰ পৰা ৮ দিন হ্ৰাস হয়।

(২) গলোৱা সময় হ্ৰাস হোৱাৰ বাবে উৎপাদনশীলতা ৪ৰ পৰা ১০ শতাংশ উন্নত হয়।

(৩) পৰম্পৰাগত পদ্ধতিৰ তুলনাত তন্তুৰ মান ১ৰ পৰা ২ গ্ৰেড উন্নত হয়।

(৪) কৃষকসকলে এক হেক্টৰ মাটিত মাইক্ৰ’বিয়েল ফৰ্মুলেচন ব্যৱহাৰ কৰি পৰম্পৰাগত পদ্ধতিৰ তুলনাত ৯,০০০ টকাৰ পৰা ১১০০০০ টকা অতিৰিক্ত উপাৰ্জন কৰিব পাৰে।

(৫) এই পদ্ধতিত তন্তু আহৰণ কৰা অতি সহজ আৰু শ্ৰমিকৰ ব্যয়ো হ্ৰাস হয়।

(৬) এই মাইক্ৰ’বিয়েল ফৰ্মুলেচনটো ব্যৱহাৰকাৰী অনুকূল আৰু গছ, পশু, মাছ আৰু মানুহৰ স্বাস্থ্যৰ ওপৰত কোনো প্ৰতিকূল প্ৰভাৱ নেপেলায়।

অসমত মৰাপাট কৃষিৰ ওপৰত নিৰ্ভৰশীল প্ৰায় ৮০,০০০ দুখীয়া কৃষক আছে আৰু ১.৩ লাখ মেট্ৰিকটন মৰাপাটৰ আঁহ উৎপাদন কৰে। চিলংগানি, নগাঁওস্থিত কৃষি গৱেষণা প্ৰতিস্থানৰ সহায়ত অসমত ২-৩ বছৰৰ বাবে মাইক্ৰ’বিয়েল ফৰ্মুলেচনৰ সফল প্ৰদৰ্শনৰ পিছত যি সফল প্ৰমাণিত হৈছিল, ক্ৰিজাফে, ক্ৰিজাফ ছোনা মাইক্ৰ’বিয়েল ফৰ্মুলেচন নিৰ্মাণ আৰু বিপণন কৰাৰ বাবে নেক্সট ২ নেচাৰত তেওঁলোকৰ অনুজ্ঞাধাৰী হিচাপে নিযুক্ত কৰি অসমৰ মৰাপাট কৃষকসকলৰ মাজত মাইক্ৰ’বিয়েল ফৰ্মুলেচন আধাৰিত উন্নত গলোৱা প্ৰণালী জনপ্ৰিয় কৰাৰ আঁচনি হাতত লৈছে। ইয়াৰ উপৰি নেক্সট ২ নেচাৰে অসম চৰকাৰৰ কৃষিমন্ত্ৰীৰ ওচৰত এই সামগ্ৰীৰ বাবে প্ৰস্তাৱ দাখিল কৰিছে আৰু তেওঁৰ বিভাগৰ বাবে অনুকূল সঁহাৰিৰ অপেক্ষা কৰি আছে।

(উৎসঃ নিয়মীয়া বাৰ্তা)।

2.97368421053
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top