মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / লাভজনক ডায়েৰী ফাৰ্ম গঢ়াত লুচাৰ্ণ ঘাঁহৰ অৰিহণা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লাভজনক ডায়েৰী ফাৰ্ম গঢ়াত লুচাৰ্ণ ঘাঁহৰ অৰিহণা :

লাভজনক ডায়েৰী ফাৰ্ম গঢ়াত লুচাৰ্ণ ঘাঁহৰ অৰিহণাৰ বিষয়ে লিখা হৈছে ।

 

লুচাৰ্ণ (Lucerne) ঘাঁহৰ আন এটা নাম হৈছে- আলফালফা (Alfalfa) আৰু ইয়াৰ বৈজ্ঞানিক নাম হৈছে মেডিকাগ’ ছেটাইভা (Medicago Sativa)। ই এবিধ মাহজাতীয় ঘাঁহ (Legume) হোৱা হেতুকে বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন আহৰণ কৰি শিপাত জমা কৰি মাটিডৰা সাৰুৱা কৰাত সহায়ক হয়। যদিও এই ঘাঁহ বিধ ঠাণ্ডাপ্ৰিয়, কিন্তু গৰমৰ দিনতো কমেও ৪৫-৫৫° ছেণ্টিগ্ৰেড উষ্ণতাত এই ঘাঁহখেতি কৰিব পৰা যায়। এই ঘাঁহখেতিৰ বাবে মাটিডৰা ক্ষাৰক গুণসম্পন্ন হ’ব লাগে আৰু মাটিডৰাৰ Ph ৬.২-৭.৮ ৰ ভিতৰত থাকিব লাগে। মাটিডৰাৰ ডেৰমিটাৰ তললৈ ph ৬.০ ৰ তললৈ যোৱা হ’ব নালাগে অন্যথা এচিদিক ph গুণসম্পন্ন হ’লে ঘাঁহবোৰ মৰহি যাব। মাটিডৰা ক্ষাৰকসম্পন্ন গুণাগুণ কৰিবলৈ পৰ্যাপ্ত পৰিমাণে চূণ ব্যৱহাৰ কৰিব পৰা যায়।

লুচাৰ্ণ ঘাঁহৰ খেতি কিয় কৰিব লাগে -

১) এই ঘাঁহবিধ অধিক প্ৰ’টিনযুক্ত আৰু প্ৰ’টিনৰ পৰিমাণ ঘাঁহবোৰৰ বয়স অনুপাতে কম-বেছি হয় আৰু প্ৰ’টিনৰ পৰিমাণ ১৫-২০ শতাংশৰ ভিতৰত থাকে। Crude Protein  ৰ পৰিমাণ ২০-২৪ শতাংশৰ ভিতৰত থাকে।

২) এই ঘাঁহবিধ প্ৰ’টিনৰ উপৰিও অধিক ভিটামিন আৰু খনিজ লৱণযুক্ত বিশেষকৈ কেলছিয়াম আৰু ফছফৰাছযুক্ত হয়। ঘাঁহডৰা উপযুক্ত সময়ত কাটিলে ঘাঁহ বোৰ কম আঁহযুক্ত আৰু অধিক শক্তি সম্পন্ন হয়।

৩) গাখীৰতী গাইগৰু যিবোৰে দৈনিক ৫-৮ লিটাৰ গাখীৰ দিয়ে, সেই গাইগৰুবোৰক অকল এই ঘাঁহবিধ খুৱাই ৰাখিব পৰা যায়। ইয়াৰ বাবে দৈনিক ৪৮-৫৫ কেজি ঘাঁহ যোগান ধৰিব লাগে আৰু ইয়াৰ দ্বাৰা দৈনিক গাইজনীক খুৱাবলগীয়া ৪.৫-৫ কেজি সুষমদানা বচাব পৰা যায়। নিশ্চয়কৈ ফাৰ্মখনৰ অৰ্থনৈতিক দিশৰ ফালে লক্ষ্য ৰাখি এইটো এটা লাভদায়ক ব্যৱস্থা হ’ব পাৰে।

৪) কোনো এখন ডায়েৰী ফাৰ্ম অৰ্থনৈতিকভাৱে টনকিয়াল হ’বলৈ আৰু বহু বছৰ ধৰি সমগতিত চলাই যাবলৈ হ’লে লুচাৰ্ণ ঘাঁহৰ ব্যৱস্থা কৰাটো নিত্যান্ত প্ৰয়োজনীয়।

৫) এই ঘাঁহবিধে গোটেই বছৰ সমপৰিমাণৰ ঘাঁহ উৎপাদন কৰে। শুকান অথচ গৰমৰ দিনত মাকৈতকৈ ইয়াৰ উৎপাদন বেছি হয়। আন ঘাঁহৰ তুলনাত এই ঘাঁহবিধে বহুত বেছি পৰিমাণে ড্ৰাই মেটাৰ (Dry matter) উৎপাদন কৰে আৰু এই ঘাঁহবোৰ চাইলেজ বনাই চাৰি বছৰলৈকে সংৰক্ষণ কৰিব পৰা যায়।

৬) এই ঘাঁহবোৰ বছৰত কেইবাবাৰো কাটিব পৰা বিধৰ নহয়। জাত অনুযায়ী কিছুমান ঘাঁহ বছৰত ১৫ বাৰলৈ কাটিব পৰা যায়।

ব্যৱসায়ভিত্তিত লুচাৰ্ণ ঘাঁহখেতি সম্ভৱ হ’ব পাৰে -

কোনো এডৰা মাটিত আন খেতি কৰা বাদ দি অকল ঘাঁহ খেতি কৰি লাভৱান হ’বলৈ হ’লে, পালন কৰা গাইগৰুবোৰ বংশগতভাৱে অধিক গাখীৰ উৎপাদনক্ষম হ’ব লাগিব। আমাৰ ৰাজ্যৰ সৰহসংখ্যক জাৰ্চী বা হ’লষ্টেইন জাতৰ গাইগৰুৱে পৰ্যাপ্ত পৰিমাণে পুষ্টিসম্পন্ন দানা, ঘাঁহ খাব নোপোৱাৰ বাবে জোখতকৈ কম গাখীৰতী হয়। আমাৰ ৰাজ্যৰ গো-পালকসকলে অকল ঘাঁহখেতি নকৰি মাটিডৰাত পাচলিৰ খেতি, ধানখেতি, মৰাপাটৰ খেতি বাচি লয়। যাতে তেওঁলোকে লোকচানৰ সন্মুখীন হ’বলগীয়া নহয়। এক সমীক্ষা অনুযায়ী আমাৰ দেশৰ মুঠ ঘাঁহ উৎপাদনৰ ৫৪ শতাংশ ঘাঁহ শস্যৰ তলসৰাৰ পৰা যোগান ধৰা হয়। বাকী ১৮ শতাংশ ঘাঁহ, খেতি পথাৰৰ মাজত এনেয়ে গজা ঘাঁহৰ পৰা আহে আৰু ২৪ শতাংশ ঘাঁহ শৃংখলাবদ্ধভাৱে ঘাঁহখেতিৰ পৰা যোগান ধৰা হয়। কিন্তু এজন গো-পালকে এডৰা মাটিত অকল লুচাৰ্ণ খেতি কৰি অধিক লাভৱান হ’ব পাৰে। কাৰণ লুচাৰ্ণ ঘাঁহৰ Alamdar-51 জাতৰ পৰা বছৰি প্ৰতিবিঘা মাটিত দুশ কুইণ্টল পৰ্যন্ত ঘাঁহ উৎপন্ন হয় আৰু বছৰি কমেও পোন্ধৰবাৰ এই ঘাঁহ কাটিব পৰা যায়। সময় যোৱাৰ লগে লগে জনসংখ্যা বৃদ্ধি হৈ আছে আৰু ক্ৰমান্বয়ে মাটিৰ পৰিমাণ কমি আহিছে। গতিকে আগৰ তুলনাত ঘাঁহখেতিৰ মুঠ মাটিকালি কমি আহিছে যাৰ বাবে Alamdar -51  ৰ দৰে অধিক উৎপাদনক্ষম লুচাৰ্ণ ঘাঁহ আৱিষ্কাৰ হৈছে। কাৰণ ঘাঁহখেতিৰ বাবে মাটিকালি কমি আহিলেও গাইগৰুৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। গতিকে ঘাঁহৰ নাটনি হোৱাটো স্বাভাৱিক।

লুচাৰ্ণ ঘাঁহৰ জাত নিৰ্ণয় -

লুচাৰ্ণ ঘাঁহৰ দুটা জাত হৈছে- আলামডাৰ ১ আৰু আলামডাৰ -৫১।

এই দুইবিধ ঘাঁহৰ শিপাবোৰ দীঘল হয়, সেয়েহে শুকন অঞ্চলটো এই দুবিধ ঘাঁহখেতি কৰা সম্ভৱ হয়। দুইবিধ ঘাঁহে ৪৫-৫৫° ছেণ্টিগ্ৰেড পৰ্যন্ত উষ্ণতা সহ্য কৰিব পাৰে। Crude Protein ৰ পৰিমাণ দুই জাতৰ ক্ষেত্ৰত ২০-২৪ শতাংশ। Alamdar-1 ৰ জাতটো এবছৰ আৰু Alamdar--51  জাতটো তিনি বছৰলৈ থাকে। দুই জাতৰ ঘাঁহ বছৰত পোন্ধৰবাৰ কাটিব পৰা যায় আৰু বছৰি উৎপাদন প্ৰতি বিঘাত দুশ কুইণ্টল পৰ্যন্ত।

লুচাৰ্ণ ঘাঁহখেতিৰ বাবে মাটিডৰা -

ওখ পানী জমা নোহোৱা ৰ’দ পৰা ঠাইত এই ঘাঁহৰ খেতি ভাল হয়। মাটিডৰা আলতীয়া অথচ জৈৱিক গুণসম্পন্ন ক্ষাৰক (Alkaline) হ’ব লাগে আৰু মাটিডৰাৰ তললৈকে আদ্ৰাতাযুক্ত হ’ব লাগে।

লুচাৰ্ণ ঘাঁহখেতি কৰিবৰ বাবে

১) এবিঘা মাটিৰ বাবে ৫-৬ কুইণ্টল মান গোবৰ আৰু পচন সাৰ প্ৰয়োগ কৰিব লাগে।

২) ৩ কেজি নাইট্ৰ’জেন সাৰ, ৭ কেজি ফছফৰাছযুক্ত সাৰ আৰু ৭ কেজি পটাছযুক্ত সাৰ এবিঘা মাটিৰ বাবে প্ৰয়োগ কৰিব লগে।

৩) এবিঘা মাটিৰ বাবে গুটিৰ পৰিমাণ ডেৰ কেজি মান দৰকাৰ হয়। কাৰণ এক হেক্টৰ মাটিৰ বাবে ১০ কেজি গুটিৰ দৰকাৰ হয়।

লেখক: ডা: সুভাষ শৰ্মা (অসমীয়া খবৰ)

2.94736842105
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top