মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / শস্য ৰক্ষাৰ থলুৱা পদ্ধতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শস্য ৰক্ষাৰ থলুৱা পদ্ধতি :

শস্য ৰক্ষাৰ থলুৱা পদ্ধতিৰ বিষয়ে লিখা হৈছে ।

 

কৃষি বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে শস্যৰ উন্নত বীজ, ৰাসায়নিক কীটনাশক ঔষধ-পাতি, ৰাসায়নিক সাৰ আদি উদ্ভাৱন কৰা হৈছে যদিও এই দ্ৰব্যসমূহ সঠিক পদ্ধতিৰে আৰু সঠিক অনুপাতত প্ৰয়োগ নকৰাৰ ফলস্বৰূপে মানৱ জীৱনলৈ বিপদ মাতি অনা পৰিলক্ষিত হৈছে। তাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে কৃষিবিজ্ঞানীসকলে অনুমোদন জনোৱা অনুপাততহে ৰাসায়নিক সাৰ, ঔষধ আদি প্রয়োগ কৰাটো মংগলজনক। অতীজত কৃষক ৰাইজে পথাৰত ৰাসায়নিক দ্রব্য প্রয়োগ কৰাতকৈ থলুৱাভাৱে প্রস্তুত কৰা দৰৱ-পাতিহে খেতিত প্রয়োগ কৰিছিল।

কৃষক ৰাইজে খেতি পথাৰত ব্যৱহাৰ কৰা কিছুমান থলুৱা পদ্ধতিৰ বিষয়ে তলত উল্লেখ কৰা হ’ল -

শীতকালীন শস্যৰ খেতি আক্রমণ কৰা পোক-পতংগৰ ভিতৰত মোৱা পোক অন্যতম। ইহঁতক নিবাৰণ কৰিবলৈ ক’লা চাদা ১০০ গ্রাম ১ ৰাতি পানীত তিয়াই থৈ পিছদিনা পানীখিনি কাপোৰেৰে চেকি তাত ১৫-২০ লিটাৰ পানী মিহলাই পাচলি খেতিত প্রয়োগ কৰিব লাগে। পোকৰ আক্ৰমণৰ সম্ভাৱনা দেখিলে আগতীয়াকৈ এনে মিশ্রণ প্রয়োগ কৰিব পৰা যায়। আমাৰ ভালেমান কৃষকে মোৱা পোক নিয়ন্ত্ৰণৰ কাৰণে ১ কিল’গ্রাম শুকান গোবৰ খুন্দি গুড়ি কৰি তাত আধা কিল’গ্ৰাম ফুটছাই ভালদৰে মিহলাই লৈ সেই দ্রব্যখিনি ৰাতিপুৱা শস্যত ছটিয়াই দিয়ে। তেনেধৰণৰ মিশ্রণে মোৱা পোক নিয়ন্ত্ৰণত অৰিহনা যোগায়।

কেতিয়াবা জলকীয়া আৰু বিলাহী খেতিত ফুল আৰু ফল সৰি পৰা দেখা যায়। তাৰ পৰা হাত সাৰিবলৈ ২ কিল’গ্রাম নিমৰ গুটি ভালকৈ খুন্দি তাত ২০ লিটাৰ পানী মিহলাব লাগে। পুনৰ তাত ১ কিল’গ্রাম কেঁচা গোবৰ মিহলাই পানীখিনি চেকি লৈ সেই মিশ্রণ জলকীয়া আৰু বিলাহী গছত ছটিয়ালে ফল সৰা বন্ধ হয়। উক্ত মিশ্রণ ১ হেক্টৰ (চাৰে সাত বিঘা) মাটিৰ খেতি পথাৰত ছটিয়াব পৰা যায়।

আমাৰ ৰাজ্যখনৰ প্ৰায় সকলো মানুহৰ বাৰীতে দুই-এজোপা হ’লেও টেঙা জাতীয় শস্যৰ গছ থাকে। টেঙা গছবোৰ আক্রমণ কৰা পোকৰ ভিতৰত কেৰোণ পোকৰ উপদ্ৰৱ বেছি হোৱা দেখা যায়। কেৰোণ পোক নিয়ন্ত্ৰণৰ বাবে ১ কিল’গ্রাম গুৰ ১০ লিটাৰ পানীৰ লগত মিহলাই টেঙা গছত মাজে-সময়ে ছটিয়াই থাকিব লাগে। তদুপৰি, অলপ কপাহ লৈ সেই কপাহত কেৰাচিন তেল ঢালি তাক কেৰোণ পোকে উলিওৱা ফুটাবোৰত ভৰাই সেই ফুটাবোৰ বোকা মাটিৰে বন্ধ কৰি দিব লাগে। কেৰোণ পোক নিবাৰণ কৰাই এক উত্তম পদ্ধতি। তদুপৰি মার্চ-এপ্রিল মাহত টেঙা গছবোৰৰ গা-গছত মাটিৰ পৰা ৩ ফুটমান ওপৰলৈ চুণৰ প্রলেপ দি থ'লে কেৰোণ আৰু অন্যান্য পোক-পতংগৰো আক্রমণ কম হয়।

খৰালি কালত বৰষুণৰ অভাৱ হ’লে বাৰীৰ ফল-মূল শস্যখিনিৰ গুৰিত জীপ ৰখাৰ ব্যৱস্থা কৰিব লগা হয়। মাটিত জীপ ৰাখিবৰ বাবে ১ কিল’গ্রাম কেঁচা গোবৰ ১৫-৩০ লিটাৰ পানীত গুলি এটা মাটিৰ কলহত ভৰাব লাগে। কলহটোৰ তলীত এটা সৰু ফুটা কৰি খৰাং বতৰত তামোল পাণৰ গছৰ গুৰিত ৰাখি থ’লে মাটিত জীপ থাকে আৰু শস্যখিনিও ভালে থাকে। অন্যথা, কলগছৰ পৰা পূৰঠ কলথোকা কটাৰ পিছত গা-গছজোপা দুই-তিনি টুকুৰাকৈ কাটিব লাগে। কটা টুকুৰাবোৰ পুনৰ দুফাল কৰি পাণগছৰ গুৰিত জাপি দিলে মাটিত জীপ থাকে আৰু পাণ গছজোপা সতেজ কৰি ৰখাত সহায় কৰে।

 

আজিকালি সৰহসংখ্যক কৃষকে কল পকাবলৈ ৰাসায়নিক দ্রব্য প্রয়োগ কৰা দেখা যায়। কল পকাবলৈ ব্যৱহাৰ কৰা কাৰ্বাইড জাতীয় দ্রব্য মানুহ তথা জীৱ-জন্তুৰ বাবে অত্যন্ত ক্ষতিকাৰক। সেইবাবে পৰাপক্ষত ধোঁৱাৰে জাগ দি কল পকোৱা ভাল। অন্যথা বতাহ সোমাব নোৱাৰা এটা পাত্রত কলখিনি ভৰাই তাত কেইখিলামান সোণাৰু গছৰ পাত সুমুৱাই থ’লে কলখিনি সোনকালে পকে। আমাৰ ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ কৃষক ৰাইজে এনেধৰণৰ ভালেমান থলুৱা পদ্ধতি খেতি-পথাৰত প্রয়োগ কৰি অহা আমি দেখিবলৈ পাওঁ। এই পদ্ধতিসমূহ অন্যান্য কৃষক ৰাইজৰ মাজতো জনপ্রিয় কৰি তুলিব পাৰিলে আমাৰ ৰাজ্যখনতো জৈৱিক কৃষিৰ প্ৰসাৰতা বৃদ্ধি পাব, জৈৱিকভাৱে উৎপাদন কৰা শস্যৰ মান অটুট থাকিব আৰু তাৰ জৰিয়তে কৃষকসকলো লাভৱান হ’ব।

 

লিখক: ড° কুমুদ চুতীয়া, দৈনিক জনমভূমি।

2.95833333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top