মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / শস্যৰ অধিক উৎপাদনৰ বাবে উন্নত জল ব্যৱস্থাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শস্যৰ অধিক উৎপাদনৰ বাবে উন্নত জল ব্যৱস্থাঃ

শস্যৰ অধিক উৎপাদনৰ বাবে উন্নত জল ব্যৱস্থাৰ বিষয়ে লিখা হৈছে

 

বিজ্ঞানসন্মত কৃষি পদ্ধতিত শস্যৰ অধিক উৎপাদনৰ বাবে প্ৰয়োগ কৰা অন্যান্য বহুকেইটা আহিলাৰ ব্যৱহাৰিক কাৰ্যদক্ষতা বৃদ্ধি হয় জলসিঞ্চন আৰু পথাৰত ইয়াৰ বিজ্ঞানসন্মত পৰিচালনাত। শস্য উৎপাদনৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা পানীৰ পৰিমাণ যথেষ্ট বেছি আৰু মুঠ আৱশ্যকীয় পানীখিনিক ভগাই শস্যৰ প্ৰয়োজন হোৱা সময়ত যোগান ধৰা হয়। উল্লেখ্য যে ব্যৱহৃত মুঠ পানীৰ প্ৰায় ৮০ শতাংশই কৃষিক্ষেত্ৰত প্ৰয়োগ হয়। পথাৰত পানীৰ ভুল প্ৰয়োগে আনহাতে বিশেষকৈ প্ৰয়োগ পদ্ধতি নিৰ্বাচন বা পৰিমাণ নিৰূপণৰ বেমেজালিয়ে শস্যৰ উৎপাদন বৃদ্ধিতকৈ হ্ৰাস হোৱাতহে সহায় কৰে। জল ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভুল হোৱা হেতু কেতিয়াবা উৰ্বৰ ভূমিও কৃষি অনুপযোগী হয়। বৰ্তমান সময়ত পানী প্ৰয়োগৰ ক্ষেত্ৰত সাৱধান হ’বলগীয়া হোৱাৰ প্ৰধান কাৰণটো হ’ল দিনে দিনে জনমূৰি হিচাপত উপলব্ধ হোৱা পানীৰ মাত্ৰা হ্ৰাস। পৰিসংখ্যাৰ পৰা পোৱা গৈছে যে অসমকে ধৰি ভাৰতৰ গড় হিচাপত জনমূৰি পানীৰ পৰিমাণ ১৯৫১ চনৰ ৫১৭৬ ঘন মিটাৰৰ পৰিৱৰ্তে ২০০৭ চনত প্ৰায় ১৭০০ ঘন মিটাৰ হৈছেগৈ। ২০৫০ চনত এই পৰিমাণ বছৰি ১১৪০ ঘন মিটাৰ হ’ব বুলি ধাৰণা কৰা হৈছে। আনহাতে উপযুক্ত জীৱন-ধাৰণৰ বাবে প্ৰয়োজন হোৱা পানীৰ মাত্ৰা ২০০০ ঘন মিটাৰ। বৰ্তমান সময়ত ডিজেল আৰু বিদ্যুতৰ বৰ্ধিত মূল্যবৃদ্ধিয়ে বিষয়টো অধিক প্ৰাসংগিক কৰিছে আৰু বিজ্ঞানসন্মত জল ব্যৱস্থাপনাই শস্যৰ উৎপাদন বৃদ্ধি কৰি অন্যান্য দিশসমূহক আমি বিচৰা ধৰণে সামৰিব বুলি আশা কৰা হৈছে। সাধাৰণ অৰ্থত উন্নত জল ব্যৱস্থাপনা হল এটা সমন্বিত পদ্ধতি, যিয়ে প্ৰয়োগ কৰা পানী পথাৰত ধাৰণ, বিতৰণ, পানী উৎসৰ পৰা পৰিচালন, নিয়ন্ত্ৰণ, পৰিমাণ আৰু অতিৰিক্ত পানীক পথাৰৰ পৰা নিষ্কাশন কৰি অধিক শস্য উৎপাদন কৰাৰ লগতে পানীৰ মিতব্যয়ী ব্যৱহাৰক সামৰে।

শস্যভেদে জল ব্যৱস্থাপনাঃ

 

শস্যভেদে জল ব্যৱস্থাপনাৰ বিভিন্নতা আছে। এই বিভিন্নতা বিশেষকৈ প্ৰয়োজন হোৱা মুঠ পানীৰ মাত্ৰা, প্ৰয়োজন হোৱা শস্যৰ অৱস্থা বা সংকট কালৰ ভিন্নতা অথবা পদ্ধতিত পোৱা যায়। বিভিন্ন শস্যৰ জল ব্যৱস্থাপনা তলত উল্লেখ কৰা হ’ল-

বিলাহীঃ

বিলাহী খেতিত প্ৰয়োজন হোৱা পানীৰ পৰিমাণ হ’ল ২০০-৩০০ মিঃমিঃ। পুলি ৰোৱাৰ ঠিক পিছতে এবাৰ জলসিঞ্চন দি পিছত ১০-১৫ দিনৰ অন্তৰে অন্তৰে পথাৰত আৰ্দ্ৰতা অনুযায়ী জলসিঞ্চন কৰিব লাগে। প্ৰায় ৬টা মান জলসিঞ্চন বিলাহী খেতিৰ বাবে প্ৰয়োজন হয়। পৃষ্ঠ বানপানী পদ্ধতিৰে ৪ চেঃমিঃ গভীৰতাত পানী প্ৰয়োগ কৰিব লাগে।

বেঙেনাঃ

বেঙেনা খেতিৰ বাবে প্ৰয়োজন হোৱা জলসিঞ্চন পানীৰ পৰিমাণ হ’ল ২০০ মিঃমিঃ। পৃষ্ঠ জলসিঞ্চন পদ্ধতিৰে ৪ চেঃমিঃ গভীৰতাত ১২-১৫ দিনৰ অন্তৰে অন্তৰে বেঙেনা খেতিত জলসিঞ্চন দিব লাগে। এনেকুৱাকৈ জলসিঞ্চন দিলে বেঙেনা খেতিত প্ৰায় ৫টা জলসিঞ্চনৰ প্ৰয়োজন হয়।

কলখেতিঃ

কলখেতিত প্ৰয়োজন হোৱা পানীৰ মাত্ৰা অধিক। মুঠ বাষ্পীভৱনৰ ৭৫ শতাংশ পানী পূৰণ হোৱাকৈ টোপাল জলসিঞ্চনেৰে নৱেম্বৰৰ পৰা মাৰ্চ মাহলৈ কলখেতিত পানী যোগান ধৰিব লাগে। এই পদ্ধতিৰে জলসিঞ্চন দিলে বৰ জাহাজী জাতটোৰ ক্ষেত্ৰত খৰচ আৰু লাভৰ অনুপাত হ’ল ১৫∶৭২।

ধানঃ

এবিধ অৰ্ধজলজ উদ্ভিদ। অন্যান্য শস্যতকৈ ধানক বহুগুণে বেছি পানীৰ প্ৰয়োজন হয়। ইয়াক আৱদ্ধ অৱবাহিকা পদ্ধতিৰে পানী দিয়া হয়। ধানক সাধাৰণতে ৫ চেঃমিঃ গভীৰতাত প্ৰয়োগ কৰি, প্ৰয়োগ কৰা পানীখিনি পথাৰত চকুৰে দেখা নোপোৱা হোৱাৰ ৩ দিনৰ পাছত আকৌ ৫ চেঃমিঃ গভীৰতাত প্ৰয়োগ কৰিব লাগে। বানপানীৰ পিছত কৰা ধানখেতিত গৰ্ভধাৰণৰ আৰম্ভণি আৰু ফুল ফুলাৰ সময়ত ৫ চেঃমিঃ গভীৰতাত দুটা জলসিঞ্চন দিব লাগে। বিভিন্ন ধৰণৰ ধান খেতিৰ বাবে প্ৰয়োজন হোৱা জলসিঞ্চনৰ পানীৰ মাত্ৰা হ’ল- সিঁচা আহু ধান ২৫০-৩০৮ মিঃমিঃ, ৰোৱা আহুধান ৩৫০-৪৭৫ মিঃমিঃ আৰু বানৰ পিছৰ ধানখেতি ১০০-১৪০ মিঃমিঃ।

ভাল কঠীয়া পাবলৈ হ’লে ধানৰ কঠীয়াতলীত উচিত জল ব্যৱস্থাপনাৰ প্ৰয়োজন। দুখন কঠীয়াতলীৰ মাজত থকা নলাত পানী ভৰ্তি কৰি কঠীয়াতলী আৰ্দ্ৰ কৰি ৰাখিব লাগে। কঠীয়াতলীত অলপ পানী জমা কৰি ৰাখিলে কঠীয়া উঠোৱাত উজু হয়।

নেমুটেঙাঃ

প্ৰয়োজন হোৱা পানীৰ পৰিমাণ হ’ল অক্টোৱৰ মাহৰ পৰা মাৰ্চ মাহলৈ প্ৰায় ৪৭০ লিটাৰ। টোপাল জলসিঞ্চন পদ্ধতিত বাষ্পীভৱনৰ দ্বাৰা উৰি যোৱা পানীৰ ১০০ শতাংশই যোগান ধৰিব লাগে। আবতৰীয়া নেমু মাৰ্চ মাহত পাবলৈ হ’লে ১৫ দিনৰ অন্তৰে অন্তৰে প্ৰতিজোপা গছতে ১৫ লিটাৰ হাৰত পানী দি নৱেম্বৰ মাহত ক’লা প্লাষ্টিক আচ্ছাদনেৰে ঢাকি ৰাখিব লাগে।

ঘেঁহু শস্যঃ

ঘেঁহু শস্যত প্ৰান্তীয় ঢাপ পদ্ধতিৰে পানী দিয়া হয়। ওখ মাটিত কৰা ঘেঁহু খেতি বা সিঁচাৰ সময়ত পথাৰ শুকান থাকিলে বীজ সিঁচাৰ ৩-৪ দিন আগতে এটা জলসিঞ্চন দিব লাগে। গুটি সিঁচাৰ ২০-২৫ দিন পিছত মুকুট শিপা ওলোৱা সময়ত দ্বিতীয়বাৰ ৬ চেঃমিঃ গভীৰতাত জলসিঞ্চন কৰিব লাগে। ঘেঁহু খেতিত লগা জলসিঞ্চন পানীৰ মাত্ৰা হ’ল ১২০-১৮০ মিঃমিঃ।

সৰিয়হঃ

সৰিয়হ খেতিত প্ৰয়োজন হোৱা পানীৰ পৰিমাণ কম। প্ৰয়োজন হোৱা জলসিঞ্চিত পানীৰ পৰিমাণ হ’ল ৬০ মিঃমিঃ। খেতিত প্ৰান্তীয় ঢাপ পদ্ধতিত জলসিঞ্চন দিয়া হয়। শস্যকালত যদি এবাৰো বৰষুণ নহয়, তেতিয়া সিঁচাৰ পৰা এমাহ পিছত অৰ্থাৎ সৰিয়হ ফুলাৰ সময়ত ৬ চেঃমিঃ গভীৰতাত এটা জলসিঞ্চন দিব লাগে। আগতীয়া ছেঁই ধৰা সময়লৈ অৰ্থাৎ সিঁচাৰ পৰা ৪৫ দিনলৈ এই জলসিঞ্চনটো পিছুৱাব পাৰি।

আলুঃ

আলু খেতিত প্ৰয়োজন হোৱা মুঠ পানীৰ পৰিমাণ হ’ল ১২০-১৮০ মিঃমিঃ। আলু খেতিত প্ৰধানতঃ সীৰলু পদ্ধতিৰে পানী দিয়া সময়ত ল’ব লগা সাৱধানতা হ’ল যাতে সীৰলুত পানীৰ উচ্চতা মুঠ সীৰলুৰ উচ্চতাৰ তিনি ভাগৰ এক অংশতকৈ অধিক নহয়। আলু খেতিত প্ৰধানতঃ তিনিটা অৱস্থাত জলসিঞ্চন দিয়া হয়। প্ৰথম জলসিঞ্চনটো দিয়া হয় আলু গজালি ওলোৱাৰ ২০-২৫ দিন পিছত মাটিৰ তলত আলু ধৰা ডাল সৃষ্টিৰ সময়ত। দ্বিতীয়বাৰ জলসিঞ্চন দিয়া হয় গজালি ওলোৱাৰ পৰা ৬০ দিন পিছত মণি আলু ধৰাৰ সময়ত। ইয়াৰ পৰা ২০ দিন পিছত তৃতীয়বাৰ জলসিঞ্চন দিয়াৰ সময়ত পথাৰ যদি কুঁৱলী আৰু নিয়ৰৰ বাবে আৰ্দ্ৰ হৈ থাকে, তেতিয়া এই জলসিঞ্চনটো দিব নালাগে।

ঘাঁহৰ বাবে যৱধানঃ

যৱধানৰ খেতিত প্ৰয়োজন হোৱা জলসিঞ্চন পানীৰ পৰিমাণ হ’ল ১৫০-১৮০ মিঃমিঃ। মাটি শুকান হ’লে প্ৰথমটো জলসিঞ্চন শস্য সিঁচাৰ পিছতে, দ্বিতীয়টো জলসিঞ্চন অধিক পোখা মেলাৰ সময়ত (সিঁচাৰ পৰা ৪৫ দিন পাছত) আৰু তৃতীয় জলসিঞ্চন শস্য সিঁচাৰ পৰা ৬৫ দিন পিছত দিব লাগে।

জলকীয়াঃ

জলকীয়া খেতিতো পৃষ্ঠ জলসিঞ্চন পদ্ধতিৰে ৪ চেঃমিঃ গভীৰতাত ১২-১৫ দিনৰ অন্তৰে অন্তৰে জলসিঞ্চন দিব লাগে। মুঠ শস্যকালত প্ৰায় ৪-৫টা জলসিঞ্চনৰ প্ৰয়োজন হয়।

বন্ধাকবিঃ

বন্ধাকবিত প্ৰয়োজন হোৱা মুঠ জলসিঞ্চিত পানীৰ পৰিমাণ হ’ল ৯০-১০০ মিঃমিঃ। ৪ চেঃমিঃ গভীৰতাত পৃষ্ঠ জলসিঞ্চন পদ্ধতিৰে জলসিঞ্চন দিব লাগে।

নহৰুঃ

নহৰু খেতিত পৃষ্ঠ জলসিঞ্চন পদ্ধতিৰে পানী যোগান ধৰাৰ অনুমোদন আছে। শেহতীয়াকৈ টোপাল জলসিঞ্চন পদ্ধতিৰে বাষ্পীভৱনৰ দ্বাৰা উৰি যোৱা পানীৰ ১০০ শতাংশই দুই দিনৰ অন্তৰত শস্য গজি উঠাৰ ১০ দিনৰ পিছৰ পৰা প্ৰয়োগ কৰিব লাগে।

ধনিয়াঃ

গুটিৰ কাৰণে সিঁচা ধনিয়াত ১৮-২০ দিনৰ অন্তৰে অন্তৰে ৪ চেঃমিঃ গভীৰতাত পৃষ্ঠ জলসিঞ্চন পদ্ধতিৰে পানীৰ প্ৰয়োগ কৰিব লাগে। প্ৰয়োজন হোৱা মুঠ পানীৰ পৰিমাণ প্ৰায় ৩০০ মিঃমিঃ।

ঢেঁকী পাম্পেৰে জলসিঞ্চনঃ

ভূগৰ্ভস্থ পানীৰ গভীৰতা ৫ মিটাৰলৈকে ৮৯ মিঃমিঃ ব্যাস আৰু ৩০০০ মিঃমিঃ দীঘল চুঙাযুক্ত ঢেঁকী পাম্পেৰে ০.২৫ হেক্টৰ পৰিমাণৰ মাটিৰ এটা শস্যক্ৰমত সুন্দৰকৈ জলসিঞ্চন কৰিব পাৰি। এনেকুৱা পাম্পৰ ভূগৰ্ভস্থ পানীৰ গভীৰতা অনুযায়ী পানী ওলোৱা হাৰ হ’ল ০.৭৯-১.২৪ লিটাৰ। এই পদ্ধতিত জলসিঞ্চন কৰি শাক-পাচলি আৰু ফুলৰ খেতিৰ পৰা ৫.১ আয়-ব্যয় অনুপাতত লাভৱান হ’ব পাৰি।

আৱশ্যকীয় ব্যৱহাৰিক দিশঃ

 

নিৰ্দিষ্ট শস্যবিধৰ বাবে গোটেই শস্যকালত যদি পানী পৰ্যাপ্ত পৰিমাণে উপলব্ধ হয়, তেতিয়াহ’লে শস্যক প্ৰয়োজন হোৱা মাত্ৰেই পানী যোগান ধৰিব লাগে। পানীৰ প্ৰাচুৰ্যতা নাথাকিলে বা প্ৰয়োগত যথেষ্ট খৰচ হ’লে পানী মিতব্যয়ীতাৰে প্ৰয়োগ কৰিব লাগে। এনেকুৱা ক্ষেত্ৰত শস্যৰ পানীৰ প্ৰতি থকা সংকটকাল ভিত্তিত যোগান ধৰিব লাগে।

(উৎসঃ নিয়মীয়া বাৰ্তা, ড০ ৰমণী কান্ত ঠাকুৰীয়া)।

2.86363636364
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top