মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / শস্যৰ অৱশিষ্টৰ ব্যৱস্থাপনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শস্যৰ অৱশিষ্টৰ ব্যৱস্থাপনা

শস্যৰ অৱশিষ্টৰ ব্যৱস্থাপনাৰ বিষয়ে লিখা হৈছে ।

 

ধান, মাহ, সৰিয়হ, ঘেঁহু আদি কাটি অনাৰ পিছত নৰা হিচাপে যিখিনি পথাৰত থাকি যায় নাইবা ফচল সংগ্ৰহৰ পিছত যিখিনি অৱশিষ্ট ৰুপত থাকি যায়, তাকে শস্যৰ অৱশিষ্ট বোলা হয় । বিভিন্ন দিশৰ পৰা শস্যৰ অৱশিষ্ট অতি উপযোগী । ই মাটিৰ ওপৰ ভাগত আৱৰণ হিচাপে থাকি মাটিভাগক বৰষুণৰ পোনপটীয়া আঘাতৰ পৰা ৰক্ষা কৰি মাটিৰ গাঁথনি উনীত কৰাৰ লগতে মাটিৰ তাপ আৰু পানীৰ বাষ্পীভৱন হ্ৰাস কৰে । একেদৰে, মাটিৰ পৃষ্ঠৰে বৈ যোৱা পানীৰ সোঁত কম কৰাৰ উপৰি মাটিৰ ক্ষয়ীভৱন ৰোধত যথেষ্ট অৰিহনা যোগায় ।

কৃষি ক্ষেত্ৰত শস্যৰ অৱশিষ্টৰ গুৰুত্বনো কি ?

কৃষি ক্ষেত্ৰৰ বাবে শস্যৰ অৱশিষ্ট যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইয়াৰ কেইবাটাও যোগাত্মক দিশ আছে । তাৰে ভিতৰত উল্লেখনীয়সমূহ তলত দিয়া হয়-

ক) ই শস্যৰ পুষ্টিৰ এক উৎকৃষ্ট সম্বল ।

খ) পশুধনৰ খাদ্যৰ এক বিশেষ উৎস ।

গ) শস্যৰ অৱশিষ্ট মাটিত যোগ হোৱা জৈৱিক উপাদানৰ এবিধ মৌলিক উৎস ।

ঘ) মাটিৰ গাঁথনিৰ উন্নীতকৰণৰ ক্ষেত্ৰতো শস্যৰ অৱশিষ্টৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ ।

ঙ) কৃষি-পৰিৱেশতন্ত্ৰৰ সামঞ্জস্য ৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ অৱদান উল্লেখনীয় ।

ভৌগোলিক পৰিসংখ্যাত শস্যৰ অৱশিষ্ট -

বিশ্বত প্ৰতিবছৰে প্ৰায় এক বিলিয়ন মেট্ৰিক টনতকৈ অধিক শস্যৰ অৱশিষ্ট উৎপাদন হয় । আনহাতে, ভাৰতীয় কৃষিখণ্ডৰ পৰা প্ৰতিবছৰে প্ৰায় ৫০০-৫৫০ নিযুত টন শস্যৰ অৱশিষ্ট উৎপাদন হয় । ৰাজ্যসমূহৰ ভিতৰত, উত্তৰ প্ৰদেশত সৰ্বোচ্চ পৰিমাণৰ অৱশিষ্টৰ উৎপাদন হয়, যি সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰায় ১২% অধিকাৰ কৰি আছে । প্ৰায় ৫১ নিযুত টন শস্যৰ অৱশিষ্ট উৎপাদনেৰে মহাৰাষ্ট্ৰ তৃতীয় স্থানত আছে । এই ৰাজ্যকেইখনৰ তুলনাত অসমত উৎপাদিত শস্যৰ অৱশিষ্টৰ পৰিমাণ যথেষ্ট কম (প্ৰায় ১১ নিযুত টন), যি সৰ্বভাৰতীয় গড় উৎপাদনৰ মাত্ৰ ২ % হে অধিকাৰ কৰি আছে ।

শস্যৰ অৱশিষ্টৰ উৎস -

শস্য বিশেষে উৎপাদিত শস্যৰ অৱশিষ্টৰ পৰিমাণ ভিন ভিন । তলত কেইবিধমান শস্যৰ পৰা উৎপাদিত অৱশিষ্টৰ পৰিমাণ উল্লেখ কৰা হ’ল-

১) ধানজাতীয় শস্য :- ৩৫২ নিযুট টন ।

২) আঁহজাতীয় শস্য :- ৬৬ নিযুট টন ।

৩) তৈলজাতীয় শস্য ;- ২৯ নিযুট টন ।

৪) মাহজাতীয় শস্য :- ১৩ নিযুট টন

৫) কুঁহিয়াৰ :- ১২ নিযুট টন

ধানজাতীয় শস্যসমূহৰ ভিতৰত উল্লেখনীয় শস্যকেইবিধ হ’ল-

ধান :- ১৭০ নিযুত টন ।

ঘেঁহু :- ১১০ নিযুট টন ।

অন্যহাতে, আঁহজাতীয় শস্যসমুহৰ ভিতৰত কপাহৰ পৰা প্ৰায় ৫৩ নিযুত টন আৰু নাৰিকলৰ পৰা প্ৰায় ১২ নিযুত টন শস্য অৱশিষ্টৰ সৃষ্টি হয় । একেবছৰে, বিভিন্ন শাক-পাচলি, ফলমূল আৰু ঘাঁহজাতীয় শস্যৰ পৰাও বৃহৎ পৰিমাণৰ অৱশিষ্ট উৎপাদন হয় ।

শস্য অৱশিষ্টৰ সম্ভাৱনীয় ব্যৱহাৰ -

কৃষি ক্ষেত্ৰৰ লগতে আন আন গুৰুত্বপূৰ্ণ কাৰ্যতো শস্যৰ অৱশিষ্টৰ ব্যৱহাৰৰ সম্ভাৱনা বৃদ্ধি পাইছে । তাৰে ভিতৰত :-

ক) ঘৰচীয়া জীৱ-জন্তুৰ গোহালিত পাৰিবৰ বাবে আগৰে পৰা শস্যৰ অৱশিষ্ট ব্যৱহাৰ হৈ আহিছে ।

খ) পচনসাৰ উৎপাদন কৰিবৰ বাবেও ইয়াৰ ব্যৱহাৰ হয় ।

গ) গোবৰ গেছ প্ৰস্তুতকৰণত ইয়াৰ ব্যৱহাৰ অপৰিসীম ।

ঘ) কাঠফুলা খেতিৰ বাবে ধানৰ অৱশিষ্ট (নৰা, খেৰ আদি) এবিধ উত্তম কেঁচা সামগ্ৰী ।

ঙ) অন্যান্য উদ্যোগৰ লগতে কুটীৰ শিল্প উদ্যোগতো কেঁচা সামগ্ৰী হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰি ।

শস্যৰ অৱশিষ্ট ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা -

তলত শস্যৰ অৱশিষ্ট ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তাসমূহ চমুকৈ আলোচনা কৰা হ’ল-

১) এই ব্যৱস্থাই মাটি আৰু পানী সংৰক্ষণত সহায় কৰে । ব্যৱস্থাপানৰ অন্তৰ্গত বিভিন্ন প্ৰণালী যেনে- কমকৈ মাটি চহ কৰা, শুন্য বা নূন্যতম চহ কৰা, শস্যৰ অৱশিষ্টৰ মাটিত অন্তৰ্ভুক্তিকৰণ আদিৰদ্বাৰা মাটিৰ উপৰিভাগ বতাহ আৰু বৰষুণ ক্ষয়ীকৰণ প্ৰভাৱৰ পৰা সংৰক্ষণ কৰা হয় ।

২) ই এক বছৰজোৰা পদ্ধতি, য’ত সকলোধৰণৰ পথাৰৰ কাৰ্যপ্ৰণালী অন্তৰ্ভুক্ত হয় । ইয়াৰদ্বাৰা শস্যৰ অৱশিষ্টৰ পৰিমাণ, মাটিৰ উপৰিভাগত অন্তৰ্ভুক্ত, প্ৰচলিত বতাহ আৰু বৰষুণৰ ধৰণ আদি নিৰ্ধাৰণ কৰা হয় ।

৩) শস্যৰ অৱশিষ্টৰ যথোপযুক্ত ব্যৱস্থাপনাৰ ফলত অপতৃণ বা বন-বাতৰ বৃদ্ধি কম হয় । অৱশিষ্ট মাটিৰ উপৰিভাগত আৱৰণ হিচাপে থাকি, আৱৰণৰ তললৈ সূৰ্যৰ ৰশ্মিৰ পোনপটীয়া প্ৰৱেশত বাধা দিয়ে, যাৰ ফলত আৰু নাইট্ৰ’জেন মৌলৰ অভাৱত অপতৃণৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয় ।

শস্যৰ অৱশিষ্ট ব্যৱস্থাপনাৰ পদ্ধতি -

মূলত: দুইধৰণে শস্যৰ অৱশিষ্টৰ ব্যৱস্থাপনা কৰিব পাৰি । তলত চমুকৈ এই দুই পদ্ধতিৰ বিষয়ে আলোচনা কৰা হ’ল-

১) সম্পূৰ্ণৰুপে শস্যৰ অৱশিষ্ট ধৰি ৰখা ;-

শুন্য বা নূন্যতম চহ কৰাৰ দ্বাৰা মাটিৰ উপৰিভাগত শস্যৰ অৱশিষ্ট অংশ ধৰি ৰাখিব পাৰি । এই পদ্ধতিৰ দ্বাৰা শুন্য চহৰ দ্বাৰা এবিধ শস্যৰ অৱশিষ্টৰ মাজত আনবিধ শস্যৰ খেতি আৰম্ভ কৰা হয় ।

২) আংশিকভাৱে শস্যৰ অৱশিষ্ট গুচাই দিয়া :-

যিবোৰ অঞ্চলত জীৱ-জন্তুৰ খাদ্যৰ চাহিদা অধিক, সেই অঞ্চলত এই পদ্ধতি অৱলম্বন কৰা হয় । নিয়ন্ত্ৰিত হাৰত পথাৰত গৰু-ম’হ আদি চৰিবলৈ দিয়া হয়, নাইবা জীৱ-জন্তুৰ খাদ্য হিচাপে অৱশিষ্টৰ কিছু অংশ পথাৰৰ পৰা চপাই অনা হয় । তথাপি, মাটিৰ উপৰিভাগ সংৰক্ষণ কৰিবলৈ প্ৰচুৰ পৰিমাণৰ অৱশিষ্ট পথাৰত ৰখাটো অতি প্ৰয়োজনীয় ।

শস্যৰ অৱশিষ্ট পুৰি পেলোৱাৰ পৰিণাম কেনেধৰণৰ ?

পথাৰত শস্যৰ অৱশিষ্ট পুৰি পেলোৱাটো উচিত নহয় । ইয়াক পোৰাৰ ফলত উদ্ভৱ হ’ব পৰা সমস্যা সমূহৰ ভিতৰত-

ক) মাটিৰ পুষ্টিকাৰক মৌল যেনে-কাৰ্বন, নাইট্ৰ’জেন, ফছফৰাছ, ছালফাৰ আৰু পটাছিয়াম আদিৰ ক্ষয়ীভৱন ঘটে ।

খ) অতিৰিক্ত উত্তাপৰ বাবে মাটিৰ উপকাৰী অনুজীৱ যেনে- বেক্টেৰিয়া, ভেঁকুৰ আদিৰ মৃত্যু হয় আদি উল্লেখযোগ্য ।

সাৱধানতা :- শস্যৰ অৱশিষ্ট ব্যৱস্থাপনাৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতাসমূহ তলত উল্লেখ কৰা হ’ল-

ক) মাটিৰ আৱৰণ হিচাপে ব্যৱহাৰৰ ক্ষেত্ৰত মন কৰিব লাগে যাতে অৱশিষ্ট সংগ্ৰহ কৰা পূৰ্বৰ শস্য ৰোগ আৰু পোক-পতংগৰ আক্ৰমণমুক্ত হয় ।

খ) জীৱ-জন্তুৰ খাদ্য হিচাপে ব্যৱহাৰৰ ক্ষেত্ৰত মন কৰা প্ৰয়োজন যাতে শস্যবিধ জীৱ-জন্তুৰ বাবে সহজে গ্ৰহণযোগ্য হয় ।

গ) উপস্থিত উপকাৰী মৌলৰ পৰিমাণ নিৰ্ধাৰণ কৰা অৱশিষ্ট মাটিত প্ৰয়োগ কৰিলে কৃষিক্ষেত্ৰত উৎকৃষ্ট ফল পাব পাৰি ।

সামৰণি -

আধুনিক কৃষি ক্ষেত্ৰত শস্যৰ অৱশিষ্টৰ ব্যৱস্থাপনাই এক বিশেষ তাৎপৰ্য বহন কৰিছে । জধে মধে অৱশিষ্ট জ্বলোৱাৰ কু-ফল পঞ্জাব, হাৰিয়ানা আদি ৰাজ্যই ইতিমধ্যে ভোগ কৰিব লগা হৈছে । গতিকে উপযুক্ত পৰিকল্পনা আৰু বিজ্ঞানসন্মত পদ্ধতিৰে শস্যৰ অৱশিষ্টৰ উচিত ব্যৱস্থাপনা হাতত লোৱাটো অতি প্ৰয়োজনীয় । মাটিৰ উৰ্বৰতা হ্ৰাস, পানী আৰু বায়ুমণ্ডলীৰ প্ৰদূষণ আদি সমস্যাৰে জৰ্জৰিত অত্যাধুনিক কৃষি পৰিবেশতন্ত্ৰৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে শস্যৰ অৱশিষ্ট ব্যৱস্থাপনা অতিকে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে । গতিকে সময়মতে, বৈজ্ঞানিক দৃষ্টিভংগীৰে শস্যৰ অৱশিষ্ট ব্যৱস্থাপনাৰ বিভিন্ন দিশ চালি-জাৰি চাই উচিত ব্যৱস্থা হাতত লৈ এক সম্ভাৱনাপূৰ্ণ তথা বহনক্ষম কৃষি ব্যৱস্থাৰ দিশে আগুৱাই যোৱা সম্ভৱ ।

লেখক :- নিতুমণি মহন্ত

উৎস :- দৈনিক জনমভূমি

 

 

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top