মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / শস্যৰক্ষাৰ বাবে ইক’ল’জিকেল ইঞ্জিনীয়াৰিঙৰ প্ৰয়োগঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শস্যৰক্ষাৰ বাবে ইক’ল’জিকেল ইঞ্জিনীয়াৰিঙৰ প্ৰয়োগঃ

শস্যৰক্ষাৰ বাবে ইক’ল’জিকেল ইঞ্জিনীয়াৰিঙৰ প্ৰয়োগৰ বিষয়ে লিখা হৈছে

শস্যৰক্ষাৰ বাবে ইক’ল’জিকেল ইঞ্জিনীয়াৰিং-

 

কৃষি ক্ষেত্ৰত পোক-পতংগ নিৰ্মূলৰ বাবে সুসংহত নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়ে সকলোৱে জ্ঞাত। ১৯৬৭ চনৰ পৰা বিশ্ব খাদ্য সংস্থাই গুৰুত্ব প্ৰদান কৰা সু-সংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনাত অপকাৰী পতংগক নিয়ন্ত্ৰণৰ বাবে শস্য পৰিচৰ্যা, ভৌতিক, যান্ত্ৰিক, জৈৱিক, থলুৱা প্ৰযুক্তি কৌশল আদি নিয়ন্ত্ৰণ ব্যৱস্থাসমূহ যথাসময়ত ব্যৱহাৰ কৰাৰ পাছতো যদি অপকাৰী কীট-পতংগই অৰ্থনৈতিক ক্ষতিকাৰী সীমা মানে পতংগনাশক ব্যৱহাৰৰ লক্ষ্মণৰেখা চেৰাই যায়, তাৰ পাছতহে কৃত্ৰিম ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ অনুমতি দিয়া হ’ল। তেন্তে শস্যৰক্ষাৰ বাবে সু-সংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনাৰ দৰে এক ফলপ্ৰসূ ব্যৱস্থা থকাৰ পাছতো ইক’ল’জিকেল ইঞ্জিনীয়াৰিঙৰ প্ৰয়োজনীয়তা আছে জানো ?

এই কথা আমি সকলোৱে জানো যে ছুইজাৰলেণ্ডৰ ৰসায়নবিদ পল হাৰমান মুলাৰে ১৯৩৯ চনত ডি ডি টিৰ কীটনাশক তত্ত্ব আৱিষ্কাৰ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত মেলেৰিয়া আৰু টাইফয়ড ৰোগৰ বিৰুদ্ধে ডি ডি টি ব্যৱহাৰ কৰা হৈছিল। যুদ্ধক্ষেত্ৰৰ সৈনিকৰ পৰা শিশুলৈকে প্ৰত্যেকেই গাত পাউদাৰ সনাৰ দৰে ডি ডি টি ঘঁহি পোক-পতংগৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল আৰু কৃষিক্ষেত্ৰতো অপৰ্যাপ্ত পৰিমাণত ব্যৱহাৰ হৈছিল। মানৱ সমাজৰ বাবে সুফলদায়ক এই কীটনাশকৰ চমৎকাৰী আৱিষ্কাৰৰ স্বীকৃতি হিচাপে ১৯৪৮ চনত মুলাৰক নবেল বঁটাৰে বিভূষিত কৰা হয়। কিন্তু ডি ডি টিৰ এই জয়যাত্ৰা বেছিদিন নিটিকিল। মানুহে লাহে লাহে ডি ডি টিৰ পৰা উদ্ভৱ হোৱা ক্ষতিকাৰী দিশ সম্পৰ্কে অৱগত হ’বলৈ ধৰিলে। ১৯৬২ চনৰ ২৭ ছেপ্তেম্বৰত প্ৰকাশিত মাৰ্কিন লেখিকা ৰাছেল কাৰ্ছনৰ চাইলেণ্ট স্প্ৰিং নামৰ গ্ৰন্থখনে বিশ্বত খলকনি তোলে। শস্যক্ষেত্ৰ বা অন্য ঠাইত প্ৰয়োগ কৰা ডি ডি টি পানীৰ লগত উটি গৈ এটা পানীৰ সুঁতিত পৰে, য’ত অসংখ্য পক্ষীৰ অবাধ বিচৰণ আছিল, তাৰ পৰা চৰাইবোৰ হঠাৎ নাইকিয়া হ’ল। কুলি-কেতেকী কাকলিবিহীন বসন্তত পামৰ গৰাকীয়ে লক্ষ্য কৰিলে- কুকুৰাই কণী পাৰে, কিন্তু উমনি দিলে পোৱালি নোপজে, গাহৰিবোৰৰ পোৱালিবোৰ তেনেই সৰু আৰু বেছিদিন বাচি নাথাকে, আপেলত ফুল ফুলিছে কিন্তু পৰাগ সংযোগৰ বাবে মৌ-মাখি নাই, মাছ নথকা পানীৰ মৃত সুঁতিত ভেকুলিৰ টোৰটোৰণিও নাই, মুঠতে সকলো নিৰৱ-নিস্তব্ধ। ডি ডি টিৰ দ্বাৰা মানৱ সমাজৰ লগতে সমস্ত জীৱজগত কিদৰে ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ বৰ্ণনা থকা এই গ্ৰন্থখনে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এই কীটনাশক ব্যৱহাৰত নিষেধাজ্ঞা দিবলৈ বাধ্য কৰে। সময়ৰ লগে লগে ৰসায়নবিদসকলৰ অহোৰাত্ৰ কষ্টৰ ফলস্বৰূপে বহুকেইটা কীটনাশক আৱিষ্কাৰ হ’ল আৰু এটা এটাকৈ কেইবাটিও নিষিদ্ধ হ’ল।

ইফালে পতংগ নিয়ন্ত্ৰণৰ শেষ অস্ত্ৰ হিচাপে ৰাসায়নিকৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগে লগে সু-সংহত পতংগ ব্যৱস্থাপনা সমালোচনাৰ সন্মুখীন হ’ল। সমালোচকসকলে, সু-সংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনাক সু-সংহত পতংগনাশক ব্যৱস্থাপনা নামেৰে অভিহিত কৰিব ধৰিলে। সেয়েহে মুখ্য সঞ্চালক ড কে পি সত্যগোপালে অপকাৰী পতংগ নিয়ন্ত্ৰণৰ বাবে পূৰ্বৰে পৰা চলি অহা ETLৰ পৰিৱৰ্তে কৃষি পৰিৱেশতন্ত্ৰৰ বিশ্লেষণৰ ওপৰত গুৰুত্ব দিয়ে। কৃষি পৰিৱেশতন্ত্ৰত অপকাৰী কীট-পতংগসমূহৰ লগতে উপকাৰী কীট-পতংগও থাকে। যিদৰে বাঘে হৰিণাক খাদ্যৰূপে গ্ৰহণ কৰি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিছে, ঠিক তেনেকৈ উপকাৰী কীটসমূহে অপকাৰীবোৰক প্ৰাকৃতিকভাৱে দমন কৰি আছে। কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ অপপ্ৰয়োগে অপকাৰী আৰু উপকাৰী উভয় ধৰণৰ পতংগ ধ্বংস কৰি আমাৰ পৰিৱেশতন্ত্ৰৰ যথেষ্ট ক্ষতি কৰিছে। কীটনাশকৰ সক্ৰিয়তা হ্ৰাস হোৱাৰ পাছত প্ৰাকৃতিক শত্ৰুৰ অভাৱত অপকাৰী কীটসমূহৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায়। সেয়েহে কৃত্ৰিম ৰাসায়নিক পদাৰ্থ প্ৰয়োগৰ আগেয়ে মানুহ সচেতন হোৱা আৱশ্যক। কম কমকৈ বেলেগ বেলেগ খেতি কৰিলে অপকাৰী পোক-পতংগক প্ৰাকৃতিকভাৱে দমন কৰি থকা জীৱবোৰৰ সক্ৰিয়তাৰ বাবে কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ শস্যৰক্ষা কৰিব পৰা যায়। উদাহৰণস্বৰূপে জিঞাই শস্য অনিষ্টকাৰী পোকৰ কণী খাই সেইবোৰৰ বংশ বৃদ্ধি ৰোধ কৰে, আকৌ মকৰাই বহুত পোকক জীৱন্তে খাদ্যৰূপত গ্ৰহণ কৰে। পোক-পতংগৰ বিকৰ্ষক উদ্ভিদৰ কেইটামান শাৰী মুখ্য খেতিৰ মাজে মাজে লগাব পাৰি। খেতিৰ চৌপাশে অতি স্পৰ্শকাতৰ গছ ৰুই পোক-পৰুৱাক তালৈ আকৰ্ষিত কৰি নিয়ন্ত্ৰণ কৰিব পাৰি। উদাহৰণস্বৰূপে বন্ধাকবিৰ প্ৰধান শত্ৰু ডাইমণ্ড বেক মথ সৰিয়হৰ প্ৰতি বেছি আকৰ্ষিত হয়, গতিকে কবিৰ চাৰিওকাষে সৰিয়হ লগাই এই পোকক তালৈ আকৰ্ষিত কৰি, তাতেই নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰিলে গোটেই কবিডৰাক এটোপাল কীটনাশক ব্যৱহাৰ নকৰাকৈ ৰক্ষা কৰিব পাৰি। সেইদৰে, বিলাহীৰ শত্ৰু হেলিকভাৰ্পা আৰ্মিজেৰা নামৰ কীটৰ পৰা ৰক্ষা কৰিবলৈ বিলাহীডৰাৰ চাৰিওকাষে নাৰ্জী ফুল প্ৰায় এপষেকমানৰ আগতে লগাব লাগে। ইফালে শস্যকৃমি আক্ৰান্ত অঞ্চলত খেতিৰ মাজে মাজে নাৰ্জী ফুল ৰুব লাগে, কিয়নো এই ফুলৰ শিপাত শস্যকৃমিক নিয়ন্ত্ৰণ কৰিব পৰা ৰসায়ন থাকে। ইয়াক ইক’ল’জিকেল ইঞ্জিনীয়াৰিং বুলি কোৱা হয়। শ্ৰুতিমধুৰ এই শব্দটোৰ লগত কোনো ৰকেট ছাইয়েন্স জড়িত নহয়, তথাপি ই মানুহক খাদ্য সুৰক্ষা দিবলৈ সক্ষম।

(উৎসঃ খবৰ, ৰুদ্ৰ নাৰায়ণ বৰকাকতি)।

কুকুৰা পাম- বৰষুণৰ দিনৰ বিশেষ প্ৰতিপালনঃ

 

অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া ৰাজ্যকেইখনত মাৰ্চ মাহৰ পৰা অক্টোবৰ মাহৰ শেষলৈকে যথেষ্ট বৰষুণ হয়। বৰষুণৰ পৰিমাণ পৃথিৱীৰ ভিতৰত ইয়াতেই আটাইতকৈ বেছি বুলি প্ৰখ্যাত। বৰষুণ আৰু ইয়াৰ ফলত হোৱা উচ্চ আৰ্দ্ৰতাৰ বাবে ব্ৰয়লাৰ পামবোৰত বহুকেইবিধ বেমাৰজনিত সমস্যাৰ উদ্ভৱ হোৱাৰ আশংকা থাকে। সেয়েহে এই সময়ছোৱাত ব্ৰয়লাৰজাকক বিশেষ ধৰণৰ প্ৰতিপালন কৰা আৱশ্যক। এইক্ষেত্ৰত নিম্নোলিখিত নিৰ্দেশনাখিনি আগবঢ়োৱা হ’ল-

-  বৰষুণৰ দিনকেইটাত বায়ুমণ্ডলত আপেক্ষিক আৰ্দ্ৰতাৰ পৰিমাণ বাঢ়ি যায় আৰু উৎকট গৰমৰ সৈতে এই সময়ছোৱাত কুকুৰাৰ বেমাৰ কৰিব পৰা কিছুমান বীজাণুৰ সাংঘাতিক হাৰত সংখ্যা বৃদ্ধি হ’বৰ বাবে সুচল হয়। সেয়েহে এই সময়ছোৱাত বিশেষকৈ, কুকুৰাজাকে যাতে কোনোধৰণৰ পীড়নত নোভোগে তাৰ বাবে সততে লক্ষ্য ৰখা উচিত। পীড়নত ভুগিলে ইহঁতৰ বেমাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা কমে আৰু সহজে বেমাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

- বৰষুণৰ ছিটিকনি কুকুৰাঘৰৰ ভিতৰত নপৰিবৰ বাবে কেউকাষৰ বেৰৰ জালনাত বাহিৰৰ পৰা পলিথিনৰ ডাঠ পৰ্দা লগোৱা উচিত। পৰ্দাবোৰ এনেভাৱে লগাব লাগে যাতে বৰষুণ এৰিলে ইয়াক অতি কম সময়তে ওপৰলৈ কোঁচাই থ’ব পৰা যায়।

-সঘনাই হোৱা বৰষুণ আৰু বায়ুমণ্ডলৰ উচ্চ আৰ্দ্ৰতাৰ বাবে কুকুৰাঘৰৰ লিটাৰখিনি সহজতে সেমেকে আৰু ইয়াৰ ফলত ককচিদিয়চিচ, পেলু, পেটৰ অসুখ আদি বেছি হয়। সেয়েহে লিটাৰখিনিক শুকান অৱস্থাত ৰাখিবৰ বাবে ইয়াক সঘনাই তল-ওপৰ আৰু প্ৰয়োজনসাপেক্ষে শুকান গুড়ি চূণ প্ৰয়োগ কৰা উচিত। পানীৰ পাত্ৰৰ কাষৰ ভিজা আৰু মখাবন্ধা লিটাৰবোৰ আঁতৰাই তাৰ ঠাইত নতুন লিটাৰ দিয়া উচিত। লিটাৰৰ অধ্যায়ত এই বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে।

-  বৰষুণৰ সময়ৰ এই কালছোৱাত বিভিন্ন কীট-পতংগৰ উপদ্ৰৱো বেছি হয় আৰু এইবোৰৰ মাধ্যমেৰে বেমাৰৰ বীজাণু বিয়পাৰ আশংকা থাকে। কুকুৰাঘৰৰ ভিতৰত এই কীট-পতংগবোৰৰ উপদ্ৰৱ কমাবৰ বাবে ঘৰৰ কেউকাষে কমেও ৩ মিটাৰ (১০ ফুট) দূৰত্বলৈ ঘাঁহ-বন চাফা কৰি ৰখা উচিত।

-  পাম এলেকাত বৰষুণৰ পানী জমা হ’বলৈ দিব নালাগে।

-  বৰষুণৰ বতৰৰ এই সময়ছোৱাত পানীৰ উৎস, যেনে- কুঁৱা তথা কৃত্ৰিম জলাধাৰবোৰত নিয়মিতভাৱে ব্লিছিং পাউডাৰ প্ৰয়োগ কৰা উচিত।

(উৎসঃ খবৰ)।

2.875
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top