মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / শাক-পাচলিৰ পুলিবাৰী প্ৰস্তুতিঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শাক-পাচলিৰ পুলিবাৰী প্ৰস্তুতিঃ

যদিও আমি বছৰটোৰ সকলো সময়তে শাক-পাচলিৰ খেতি কৰো তথাপি শাক-পাচলিসমূহক মূলত শীতকালীন আৰু গ্ৰীষ্মকালীন হিচাপে ভাগ কৰা হৈছে।

চমু বিৱৰণ

যদিও আমি বছৰটোৰ সকলো সময়তে শাক-পাচলিৰ খেতি কৰো তথাপি শাক-পাচলিসমূহক মূলত শীতকালীন আৰু গ্ৰীষ্মকালীন হিচাপে ভাগ কৰা হৈছে। শাক-পাচলি আমাৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য খাদাযবস্তু হিচাপে গণ্য কৰা হৈছে। শাক-পাচলিত মানৱ দেহৰ বাবে প্ৰয়োজনীয় ভিটামিন, প্ৰ’টিন, চৰ্বি আদিকে কৰি বিভিন্ন খাদ্যপ্ৰাণ আৰু অন্যান্য বহুতো মৌল পোৱা যায়। সেয়েহে এজন মানুহে প্ৰতিদিনে যথেষ্ট পৰিমাণে শাক-পাচলি খোৱা প্ৰয়োজন। শাক-পাচলিসমূহৰ ভিতৰত কিছুমানৰ বীজ প্ৰত্যক্ষভাৱে সিঁচি আৰু কিছুমানৰ পুলিবাৰীত পুলি প্ৰস্তুত কৰিব লাগে। পুলি প্ৰস্তুত কৰাৰ বাবে পুলিবাৰীখনৰ পৰিচৰ্যাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে অন্যথা ভাল পুলি পোৱাটো সম্ভৱ নহয়।

ভাল পুলিবাৰী কেনেদৰে প্ৰস্তুত কৰিব লাগে

মূল পুলিবাৰী প্ৰস্তুত কৰিবৰ বাবে প্ৰথমে ৰ’দ পৰা, জৈৱিক পদাৰ্থযুক্ত কোমল মাটি নিৰ্বাচন কৰিব লাগে। মন কৰিব লাগে যাতে মাটিডোখৰ ওখ হয় আৰু পানী জমা হৈ নাথাকে বা পানী সহজে ওলাই যাব পাৰে। বীজ সিঁচাৰ আগতে মাটিখিনি কোৰেৰে খান্দি বা হাল মাৰি তাৰ পাছত মৈয়াই মিহিকৈ গুড়ি কৰিব লাগে। মাটি গুড়ি কৰাৰ পাছত ১ মিটাৰ বহল আৰু মাটি চপাই ১০-১৫ ছেঃ মিঃ ওখকৈ ঢিপ বনাই ল’ব লাগে। ১০ বৰ্গমিটাৰ ঠাইৰ পুলিবাৰীত ২০ কেজি বালি বা পলস, ২০ কেজি চালনীৰে ভালদৰে চলা পচা শুকান গোবৰ মিহলাই ল’ব লাগে। মাটিত থকা জীৱাণু মুক্ত কৰাৰ অৰ্থে পুলিবাৰীখন ০.১ শতাংশ কেপটান অথবা ফাইটোলান ঔষধৰ দ্ৰৱণ বা ৪ শতাংশ ফৰমেলিনৰ দ্ৰৱণেৰে ১০-১৫ ছেঃ মিঃ গভীৰতালৈ ভিজাকৈ প্ৰয়োগ কৰিব লাগে। মাটি শোধনৰ লগে লগে মাটিখিনি পলিথিন, ডাঠ কাগজ বা বস্তাৰে ২ দিন ঢাকি থ’ব লাগে। দুদিন এনেদৰে ঢাকি ৰখাৰ পাছত পুলিবাৰীৰ মাটিখিনি খন্তিৰে ঢিলা কৰি ৩-৪ দিন এনেয়ে মুকলিকৈ ৰাখিব লাগে।

সিঁচাৰ আগতে বীজখিনি কেপটান বা থিৰাম ঔষধৰ দ্বাৰা (৩ গ্ৰাম প্ৰতি কেজী বীজত হিচাপে) শোধন কৰি বীজাণুসমূহ ধ্বংস কৰা দৰকাৰ। মাটিত থকা কীট-পতংগৰ পৰা হাত সাৰিবলৈ ৫ শতাংশ মালাথিয়ন পাউডাৰ ১০ বৰ্গমিটাৰ ঠাইত ২০ গ্ৰাম হিচাপে মাটিত প্ৰয়োগ কৰিব লাগে। মাটি ভালদৰে শোধন হোৱাৰ পাছত পুলিবাৰীত ২.৫ ছেঃ মিঃ অন্তৰে অন্তৰে ১-২ ছেঃ মিঃ দকৈ কিছুমান ‘V’ আকৃতিৰ নলা বনাই তাত বীজসমূহ সিঁচি শুকান পচা গোবৰ আৰু বালিৰ মিশ্ৰণেৰে পাতলকৈ ঢাকি থ’ব লাগে। পাছত মাটিৰ ওপৰ ভাগ ভালদৰে সমান কৰি দিব লাগে। পুলিবাৰীত প্ৰতিদিনে সৰু ফুটাৰ জিজিৰিৰে পাতলকৈ পানী ছটিয়াব লাগে যাতে মাটিৰ ওপৰ ভাগ শুকাই নাযায়। সিঁচাৰ পাছত যাতে বীজসমূহৰ স্থানৰ সালসলনি নহয় তাৰ বাবে বীজ সিঁচাৰ পাছত পুলিবাৰীৰ ওপৰত খেৰ, কলৰ পাত বা শুকান ঘাঁহেৰে ঢাকি থ’ব লাগে। বীজৰ গজালি ওলোৱাৰ লগে লগে উক্ত ঢাকনি আঁতৰাব লাগে অন্যথা গজালিসমূহ নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে। অতিপাত ৰ’দ বা বৰষুণত যাতে পুলিসমূহ ছিগি বা দেই নষ্ট হৈ নাযায় তাৰ বাবে সময়ে সময়ে পুলিবাৰীখন ঢাকিব পৰা ব্যৱস্থা কৰিব লাগে। পুলিৰ বয়স ৩০-৩৫ দিন হ’লে পুলিবাৰীৰ পৰা পুলি উঠাব পৰা হয়। উঠাব পৰা হোৱাৰ সাতদিনমান আগৰ পৰা পুলিবাৰীত পানীৰ পৰিমাণ কমাই দিব লাগে যাতে পুলিসমূহে খৰাং সহ্য কৰিব পৰা হয়। পুলি উঠোৱাৰ ৬ ঘণ্টা আগতে পুলিবাৰীত পানী ছটিয়াই মাটি তিয়াই ৰাখিব লাগে যাতে উঠাবৰ সময়ত পুলিৰ শিপা কমকৈ ছিঙে। পুলিসমূহ মূল পথাৰত ৰোৱাৰ আগতে ০.১ শতাংশ কেপটান/ফাইটোলান ঔষধৰ দ্ৰৱণত ডুবাই ল’ব লাগে।

দ্বি-ৰোপণ পুলিবাৰীঃ

শাক-পাচলিৰ খেতি যেতিয়া বহল ভিত্তিত কৰা হয় তেতিয়া প্ৰথম পুলিবাৰীত পুলিৰ দুটা পাত ওলোৱাৰ লগে লগে শিপাই আঘাত নোপোৱাকৈ উঠাই আনি দ্বিতীয়খন পুলিবাৰীত পাতল পাতলকৈ (৫-১০ ছেঃ মিঃ অন্তৰে অন্তৰে) ৰুব লাগে। পুলি ৰোৱাৰ পাছতে ২-৩ দিনমান পুলিত ছাঁৰ ব্যৱস্থা কৰিব লাগে। এনেদৰে ১০-১২ দিন ৰখাৰ পাছত পুলিসমূহ মূল পথাৰত ৰোৱাৰ বাবে উপযোগী হৈ উঠে। পুলি দ্বি-ৰোপণৰ মূল উদ্দেশ্য হ’ল পুলিসমূহক ৰ’দ সহ্য কৰিবলৈ সক্ষম কৰা।

লেখকঃ ঘনকান্ত শৰ্মা

উৎসঃ অসমীয়া খবৰ

3.08571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top