মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / শাক-পাচলিৰ ৰোগ আৰু প্ৰতিকাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শাক-পাচলিৰ ৰোগ আৰু প্ৰতিকাৰ

শাক-পাচলিৰ ৰোগ আৰু প্ৰতিকাৰৰ বিষয়ে লিখা হৈছে

 

শীতকালীন শাক-পাচলিৰ ৰোগ আৰু প্ৰতিকাৰ

 

আলুৰ পাত পোৰা বা লেট ব্লাইট

আলুৰ প্ৰধান অনিষ্টকাৰী বেমাৰ হৈছে পাত পোৰা বা লেট ব্লাইট।

ৰোগৰ লক্ষণ:আলুৰ পাতত এইবিধ ভেঁকুৰে আক্ৰমণ কৰিলে পাতখিলা পুৰি গৈ ক’লা পৰাৰ দৰে হয় আৰু ২-৩ দিনৰ ভিতৰতে অনুকুল বতৰত (ডাৱৰীয়া কিন কিনকৈ বৰষুণ দি থকা বতৰত)মহামাৰীৰ ৰুপ ধাৰণ কৰি শষ্যডৰা নষ্ট কৰি পেলায়।

ৰোগৰ কাৰক:ফাইট’ফথ’ৰা ইনফেষ্টেনছ (phytophthora infestans)নামৰ ভেঁকুৰবিধৰ কাৰণে এই ৰোগ হয়।

নিবাৰণৰ ব্যৱস্থা:এই বেমাৰৰ পৰা শস্যডৰা ৰক্ষা কৰিবলৈ হ’লে বেমাৰ নথকা ঠাইৰ পৰা আলুৰ বীজ আনিব লাগে।ইন্দ’ফিল এম-৪৫,৫ গ্ৰাম প্ৰতি ১০ দিনৰ অন্তৰত স্প্ৰে কৰিব লাগে।

বেঙেনাৰ মৰহা ৰোগ(wilts and root rot)

 

ৰোগৰ লক্ষণ:বেঙেনাত মৰহা ৰোগটো বেছিকৈ হয়।মৰহা বেমাৰ দুই প্ৰকাৰৰ-বেক্টেৰিয়াজনিত আৰু ভেঁকুৰজনিত।মৰহি যোৱা গছজোপাৰ ডাল এটা চোকা কটাৰীৰে কাটি চাই চিচাৰ গিলাচত পানী লৈ কিছু সময় ৰাখিলে চিগাৰেটৰ ধোঁৱাৰ দৰে বগা পদাৰ্থ দেখিলে বুজিব বেমাৰটো বেক্টেৰিয়াজনিত।আকৌ শিপাডাল মাজতে ফালি চাই বাদামী ৰঙৰ আৰু পচি যোৱা যেন পালে বুজিব লাগিব ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত হোৱা।

ৰোগৰ কাৰক:ভেঁকুৰজনিত কাৰক ফুজাৰিয়াম ছুলানি (macrophomina phaseolina,fusarium solani)আৰু বেক্টেৰিয়াজনিত কাৰক হ’লে ছিউড’মনাচ (pscudomonas)বেক্টেৰিয়াই বেমাৰ সংক্ৰমণ কৰে।

নিবাৰণৰ ব্যৱস্থা:শস্যাৱৰ্তন,বেমাৰী গছ ধ্বংস কৰি ৰোগৰ আক্ৰমণ কমাব পাৰি।বেক্টেৰিয়াজনিত ৰোগৰ কাৰণে ষ্ট্ৰেপট’মাইছিন দৰব প্ৰতিগ্ৰাম ১০ লিটাৰ পানীত গুলি শিপামণ্ডল তিতি যোৱাকৈ গুৰিত দিব লাগে।ভেঁকুৰজনিত ৰোগৰ কাৰণে ইন্দ’ফিল এম-৪৫ নামৰ দৰৱ ২.৫ গ্ৰাম পানীত গুলি গছৰ গুৰিত ঢালিব লাগে।

বিলাহীৰ মৰহি যোৱা ৰোগ(bacterial or fungal wilt)

 

ৰোগৰ লক্ষণ:বিলাহীৰ এটা মাৰাত্মক ৰোগ হৈছে গছ মৰহি যোৱা।সাধাৰণতে গছত ফুল ফুলিবলৈ ধৰাৰ সময়তে মৰহি যোৱা বেমাৰ হয়।এই বেমাৰ ভেঁকুৰৰদ্বাৰা আক্ৰান্ত হ’লে প্ৰথমতে গছৰ তলৰ পাতবোৰ লেৰেলিবলৈ ধৰে।এই বেমাৰক ফাংগেল উইল্ট বোলা হয়।গছ বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হ’লে প্ৰথমে গছৰ ওপৰৰ পাতবোৰ লেৰেলি যায় আৰু ২/৩ দিনৰ পিছত তলৰ পাতবিলাক লেৰেলিবলৈ ধৰে।

ৰোগৰ কাৰক:ছিউড’ম’নাছ ছলানেছিয়াৰাম (pseudomonas solanacearum)নামৰ বেক্টেৰিয়া বিধৰ কাৰণে বেমাৰৰ সংক্ৰমন ঘটে।ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগৰ কাৰক হৈছে ফুজাৰিয়াম অ’ক্সিজপ’ৰাম(fusarium oxysporum)।

গছ বেক্টেৰিয়াৰদ্বাৰা আক্ৰান্ত হ’লে প্ৰতিকাৰৰ বাবে হিং আৰু হালধিৰ গুৰিৰে কৰা মিশ্ৰণ (১ গ্ৰাম হিং আৰু ১০ গ্ৰাম হালধিৰ গুড়ি ১ লিটাৰ পানীত মিহলাই)গছৰ গুৰিৰ শিপা অংশ তিতি যোৱাকৈ দিব লাগে।ষ্টেপট’মাইচিন দৰৱ শিপা অংশ তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে।প্ৰতিষেধক হিচাপে বেক্টেৰিয়াৰোধক বিলাহীৰ সঁচ ৰোপণ কৰিব লাগে।বেক্টেৰিয়াৰদ্বাৰা হওক বা ভেঁকুৰৰ দ্বাৰাই হওক গছ সম্পুৰ্ণ লেৰেলি গ’লে তাক মাটিৰে সৈতে উঠাই পুৰি পেলাব লাগে।ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত হ’লে প্ৰতিষেধক হিচাপে বেভিষ্টিন ঔষধ ২ লিটাৰ পানীত মিহলাই গছৰ গুৰি অংশ তিতি যোৱাকৈ মাটিত প্ৰয়োগ কৰিব লাগে।

গ্ৰীষ্মকালীন শাক-পাচলিৰ বেমাৰ আৰু প্ৰতিকাৰ

 

গ্ৰীষ্মকালত বায়ুমণ্ডলত আৰ্দ্ৰতা আৰু জলীয় বাষ্প যথেষ্ট বেছি হোৱা কাৰণে শাক-পাচলিত বিভিন্ন ৰোগৰ আক্ৰমণ বেছি হয়।তলত কেইবিধমান শাক-পাচলিৰ বেমাৰ আৰু প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰা হ’ল।

পাত –মুগা পৰা বেমাৰ (downy mildew)

 

এই ৰোগ তিয়ঁহ,জিকা আদি পাচলিত দেখা যায়।

ৰোগৰ লক্ষণ:পাতৰ উপৰিভাগত প্ৰথমতে হালধীয়া বা মুগা বৰণৰ দাগ হয় আৰু দাগসমুহ পাতৰ সিৰা-উপ সিৰাই বান্ধি ৰাখে।আৰ্দ্ৰ আৰু গৰম বতৰত পাতৰ তলৰ ফালে গাঢ় মুগা বৰণৰ চিহ্ন দেখা যায় আৰু কম সময়ৰ ভিতৰতে গোটেই পাতখিলা শুকাই মৰহি যায়।পুৰঠ পাত কুমলীয়া পাততকৈ বেছিকৈ আক্ৰান্ত হয়।বেমাৰত আক্ৰান্ত গছত পাচলি কমকৈ লাগে আৰু আকাৰ সৰু হয়।

ৰোগৰ কাৰক:ছিউড’পেৰ’নস্পৰা কিউবেনছিছ (pseudoperonospora cubensis)নামৰ ভেঁকুৰবিধৰ আক্ৰমণৰ ফলত মুগা পৰা বেমাৰ দেখা যায়।

নিবাৰণৰ ব্যৱস্থা:শস্যাৱৰ্তন,শস্য পথাৰত উপযুক্ত নলাৰ ব্যৱস্থাৰ উপৰি বেমাৰী গছ ধ্বংস কৰি ৰোগৰ আক্ৰমণ কমাব পাৰি।ইন্দ’ফিল এম-৪৫ (২.৫ গ্ৰামম্লিটাৰ পানীত)প্ৰয়োগেৰে ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

*বগা পাউদাৰ পৰা বেমাৰ (powdey mildew):পানীলাও আৰু তিয়ঁহ জাতীয় শস্যৰ ই এক ধ্বংসাত্মক বেমাৰ।

ৰোগৰ লক্ষণ:পাতৰ উপৰিভাগ আৰু সেউজীয়া কাণ্ডত ছাই বৰণৰ দাগ পৰে।দিন বাঢ়ি যোৱাৰ লগে লগে দাগৰ আকাৰ বৃদ্ধি হৈ ধুসৰ ৰঙৰ পাউডাৰৰ নিচিনা হৈ পৰে।লাহে লাহে পাউদাৰ গোটেই পাতখিলাৰ উপৰিভাগত বিস্তাৰিত হয়।ৰোগৰ আক্ৰমণ বেছি হ’লে কাণ্ড শুকাই যোৱাৰ লগতে গছৰ বৃদ্ধি হ্ৰাস পায়,ফল কমকৈ লাগে আৰু আকাৰ সৰু হয়।

ৰোগৰ কাৰক:এই ৰোগ ইৰিছিফি (Erysiphe cichoraceearum)নামৰ ভেঁকুৰৰ আক্ৰমণৰ ফলত হয়।

নিবাৰণৰ ব্যৱস্থা:ৰুগীয়া গছৰ আক্ৰান্ত অংশসমুহ সংগ্ৰহ কৰি পুৰি পেলাব লাগে।বনৰীয়াকৈ গজা লাও,তিয়ঁহ আৰু জিকা জাতীয় গছ ধ্বংস কৰিব লাগে।আক্ৰান্ত গছত বেভিষ্টিন (১ গ্ৰাম প্ৰতি লিটাৰ পানীত)প্ৰয়োগ কৰি ৰোগ নিৰাময় কৰিব পাৰি।

ভেণ্ডিৰ সিৰা হালধীয়া পৰা বেমাৰ (yellow vein mosaic)

 

ৰোগৰ লক্ষণ:ৰোগত আক্ৰান্ত গছৰ পাতৰ সিৰা আৰু উপসিৰা হালধীয়া ৰঙৰ হয় আৰু সিৰা-উপসিৰাবোৰ ডাঠ হয়।দিন বাঢ়ি যোৱাৰ লগে লগে হালধীয়া ৰ্ং সিৰাৰ মাজৰ সেউজীয়া অংশলৈ বিস্তাৰিত হৈ গোটেই পাতখিলা হালধীয়া পৰি যায়।ৰোগাক্ৰান্ত ভেণ্ডিবোৰৰ আকাৰ বিকৃত হৈ পৰে আৰু ফল কম লাগে।এই ৰোগত শস্যৰ উৎপাদন ৫০-১০০ শতাংশলৈকে হ্ৰাস হয়।

ৰোগৰ কাৰক:ইয়েল’ভেইন মোজাইক ভাইৰাছ (yellow vein mosaic virus)ৰ আক্ৰমণৰ ফলত এই ৰোগ হয়।বগা মাখি (white fly)য়ে এই ৰোগ নিৰোগী গছলৈ বিয়পায়।

নিবাৰণৰ ব্যৱস্থা:ফাগুন-চ’ত মাহত পথাৰত দকৈ হাল বাই মাটি ৰ’দত শুকুৱাই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।ৰোগ প্ৰতিৰোধ কৰিব পৰা জাতৰ বীজ ,যেনে-আৰ্কা অনামিকা,পুছা ছাৱনি আদি বীজৰ খেতিৰে ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।বগা মাখি নিয়ন্ত্ৰণ কৰিবলৈ কীটনাশক ঔষধ ৰ’গৰ (১ গ্ৰাম প্ৰতি লিটাৰ পানীত)স্প্ৰে কৰি পোক নিয়ন্ত্ৰণ কৰাৰ লগতে বেমাৰৰ আক্ৰমণ কমাব পাৰি

উৎস:দৈনিক অসম ,ড° মিনছুৰা বেগম।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top