মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / শালিধান খেতিৰ বিষয়ে কিছু কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শালিধান খেতিৰ বিষয়ে কিছু কথা

শালিধান খেতিৰ বিষয়ে কিছু কথা লিখা হৈছে

 

১) শালিধান খেতিৰ পৰা আশানুৰূপ উৎপাদন লাভ কৰাৰ অন্যতম উপায় হৈছে উৎকৃষ্টমানৰ কঠীয়া ৰোপণ কৰাটো। মূল পথাৰত ৰুবলৈ লোৱা কঠীয়াখিনিৰ গুণগত মান যিমানেই উৎকৃষ্ঠ হ’ব, মূল পথাৰৰ ৰোৱাখিনিও সিমানেই সমভাবে আৰু লহপহকৈ বাঢ়ি আহিব। তেনে কঠীয়া ৰুলে ৰোৱাজোপাই সহজে সঁজাল ধৰে, পোখাৰ সংখ্যা বেছি হয়, বেমাৰ-আজাৰৰ প্ৰাদুৰ্ভাৱ কমে আৰু প্ৰতিটো থোকতে ধানৰ পৰিমাণো বৃদ্ধি হয়।

২)  উৎকৃষ্টমানৰ কঠীয়া লাভ কৰিবলৈ হ'লে ধানৰ বীজ সিঁচাৰ পিছৰে পৰা কঠীয়াতলীৰ ওপৰত সততে চকু ৰাখি পৰিচৰ্য্যৰ ব্যৱস্থা হাতত লোৱা ভাল। বীজৰ অংকুৰণ ক্ষমতা বৃদ্ধি কৰিবলৈ আৰু কঠীয়াখিনি সবল কৰি তুলিবলৈ বীজ তলীখনত প্রয়োজনীয় জীপ ৰখাৰ ব্যৱস্থা কৰা উচিত। খৰাং বতৰত মাটিত জীপ ৰাখিবৰ বাবে বীজতলীৰ মাজে মাজে থকা সৰু সৰু লোৰবোৰত পানী যোগান ধৰিব লাগে। কঠীয়াবোৰ ডাঙৰ হোৱাৰ পিছত কঠীয়া তোলাৰ আগলৈকে পথাৰডৰাত ২-৩ ইঞ্চি পানী ৰখা ভাল।

৩)শালিধানৰ কঠীয়াতলীত সাধাৰণতে দেখা পোৱা বেমাৰৰ ভিতৰত কঠীয়াৰ পাত জ্বলা বেমাৰেই প্রধান। এনে বেমাৰ হ'লে পাতত দুইমূৰ জোড়া ধোঁৱা বৰণীয়া কিছুমান দাগ দেখা পোৱা যাব। দাগবোৰ ক্ৰমান্বয়ে বহল হৈ যায় আৰু পিছত পাতখিলা জ্বলি যোৱা যেন দেখি। এনে বেমাৰৰ পৰা শস্যখিনি ৰক্ষা কৰিবলৈ বেভিষ্টিন অথবা হিনোচান নামৰ ঔষধ প্রতি ৫ লিটাৰ পানীৰ লগত চাহ চামুচেৰে ১ চামুচকৈ মিহলাই কঠীয়াখিনিৰ পাত তিতি যোৱাকৈ স্প্ৰে কৰিলে সুফল পোৱা যাব। ১ বিঘা মাটিতে স্প্ৰে’ কৰিবলৈ ৭০ লিটাৰ মিশ্ৰণৰ প্রয়োজন হয়।

৪) কেতিয়াবা কঠীয়াতলীত শস্যকৃমিৰ আক্রমণ হোৱা দেখা যায়। শস্য কৃমিৰ আক্রমণ হ'লে কঠীয়াডৰাৰ শ্ৰীবৃদ্ধি নহয়। ফ্লুৰাডন নামৰ ঔষধৰ দানা প্রতি বর্গমিটাৰ কঠীয়াতলীত ৩ গ্রামকৈ প্রয়োগ কৰি শস্যকৃমিৰ আক্ৰমণ ৰোধ কৰিব পাৰি। কঠীয়া তোলাৰ ১ সপ্তাহৰ আগতে এনে ঔষধ প্রয়োগ কৰি ল'লে মূল পথাৰডৰাত ডেৰ মাহমানলৈ পোক-পতংগই শস্যখিনি সহজে আক্ৰমণ কৰিব নোৱাৰে।

৫) কঠীয়াতলীত কিছুমান পোকে কঠীয়াডালৰ মাজৰ থোৰটোখায় আৰু কিছুমান পোকে পাতৰ ৰস চুহি খাই শস্যখিনিৰ অপূৰণীয় ক্ষতি সাধন কৰা দেখা যায়। তাৰ পৰা পৰিত্ৰাণ পাবলৈ ক্লৰ’পাইৰিফছ নামৰ ঔষধ প্রতি ২ লিটাৰ পানীত চাহ চামুচেৰে ১ চামুচকৈ মিহলাই শস্যখিনিত স্প্ৰে কৰিব লাগে। অন্যথা, কলমৌ গছৰ ১ কিল’গ্রাম কুমলীয়া পাত খুন্দি তাৰ পৰা পোৱা ৰসখিনি ২০ লিটাৰ পানীত মিহলাই কঠীয়াৰ পাতত স্প্ৰে কৰিলে কঠীয়া আক্ৰমণ কৰা সকলোবোৰ পোক-পতংগ নিয়ন্ত্ৰণ কৰিব পাৰি বুলি কৃষক ৰাইজে জানিবলৈ দিছে।

৬) ধানখেতিৰ পৰা অধিক উৎপাদন লাভ কৰিবলৈ হ’লে কঠীয়া নির্বাচনৰ ওপৰত অগ্রাধিকাৰ দিয়াটো বাঞ্ছনীয়। নিচেই কুমলীয়া অথবা বুঢ়া কঠীয়া ৰূলে গোছাত পোখা কমকৈ ওলায়, থোক চুটি হয়, পোক-পতংগৰ আক্রমণ বেছি হয় আৰু ফলত উৎপাদন হ্রাস পাব পাৰে। সেইবাবে কৃষি বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰি সাধাৰণতে ১০০ দিনতকৈ কম কৃষিকালযুক্ত কঠীয়া ২১-২৫ দিনৰ ভিতৰত, ১০০-১৩০ দিনীয়া জাতৰ কঠীয়া ২৫-৩০ দিনৰ ভিতৰত আৰু ১৩০ দিনতকৈ বেছি কৃষিকালযুক্ত কঠীয়া ২৫-৩৫ দিনৰ ভিতৰত ৰোৱাৰ ব্যৱস্থা কৰা ভাল।

৭) কঠীয়া তোলোঁতে যাতে কঠীয়াৰ গাত আঘাত নেলাগে আৰু কঠীয়াৰ শিপা নিছিগে তাৰ প্ৰতি যত্ন লোৱা উচিত। সদায় আলফ্লুলকৈ কঠীয়া তুলিব লাগে আৰু কঠীয়া তোলাৰ ২-৩ দিনৰ আগৰে পৰা কঠীয়াতলীত আৱশ্যকীয় পৰিমাণৰ পানী ৰখাৰ ব্যৱস্থা কৰিব লাগে।

৮) কঠীয়া তোলাৰ পিছতে কঠীয়াবোৰ মুঠা বান্ধি তাৰ আগৰ পাতবোৰ কাটি ল’লে পাতত লাগি থকা পোক-পতংগ, লেটা আদি ধ্বংস হয় আৰু মূল পথাৰত শস্যখিনি সুকলমে বাঢ়িবলৈ সুবিধা পায়। কঠীয়াৰ কটা পাতখিনি ৰুবলৈ উলিওৱা মাটিডৰাত নেপেলাই বোকাত পুতি পেলাব লাগে।

৯) ১৩০ দিনতকৈ কম কৃষিকালযুক্ত কঠীয়াবোৰ দুটা শাৰীৰ মাজত ৮ ইঞ্চি আৰু দুটা গোছাৰ মাজত ৬ ইঞ্চি ব্যৱধান ৰাখি লোৱাৰ ব্যৱস্থা কৰিব লাগে। ১৩০ দিনতকৈ অধিক কৃষিকালযুক্ত কঠীয়াবোৰ ৰোওঁতে শাৰী আৰু গোছাৰ মাজত ৮ ইঞ্চি ব্যৱধান নখা ভাল। কঠীয়া ৰোওঁতে প্ৰতিটো গোছাত ২-৩ ডাল কঠীয়া দিব লাগে। কঠীয়াবোৰ ৪-৫ চেণ্টিমিটাৰ (ডেৰ-দুই ইঞ্চি) গভীৰতাত ৰোৱাৰ ব্যৱস্থা কৰা ভাল। বেছি দকৈ কঠীয়া ৰুলে পিছলৈ ৰোৱাবোৰ ৰঙা পৰি যোৱাৰ সম্ভাৱনা থাকে।

১০)  ভূঁই ৰোৱাৰ পিছত দুই-এজোপা ৰোৱা কিবা কাৰণত মৰি গ’লে ১ সপ্তাহৰ ভিতৰতে একে জাতৰ আৰু একে বয়সৰ কঠীয়াৰে ৰোৱা খঁজাৰ ব্যৱস্থা কৰিব লাগে। তাৰ বাবে ভূঁই ৰোওঁতেই প্রতিডৰা মাটিত কেইজোপামান ৰোৱা এচুকত ৰুই থৈ যোৱা ভাল। ভূঁই ৰোৱাৰ ২-৩ দিনৰ পিছৰে পৰা ধান দোৱাৰ ১ সপ্তাহৰ আগলৈকে পথাৰত ২-৩ ইঞ্চি পানী ৰখা বাঞ্ছনীয়।

লিখক: ড° কুমুদ চুতীয়া, দৈনিক জনমভূমি।

2.94117647059
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top