মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / শালিধান চপোৱাৰ পিচতে জি’ৰ টিলেজ পদ্ধতিৰে ঘেঁহু খেতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শালিধান চপোৱাৰ পিচতে জি’ৰ টিলেজ পদ্ধতিৰে ঘেঁহু খেতি

মাটি চহ নকৰাকৈ জিৰ’ টিল চীড-কাম-ফাৰ্টিলাইজাৰ-ড্ৰিল মেচিনৰ সহায়ত পোনপটীয়াকৈ শস্যৰ বীজ সিঁচাকে “জিৰ’টিলেজ” বা “বিনা চহে” কৰা খেতি বোলা হয়|

মাটি চহ নকৰাকৈ জিৰ’ টিল চীড-কাম-ফাৰ্টিলাইজাৰ-ড্ৰিল মেচিনৰ সহায়ত পোনপটীয়াকৈ শস্যৰ বীজ সিঁচাকে “জিৰ’টিলেজ” বা “বিনা চহে” কৰা খেতি বোলা হয়| গৱেষনাৰ পৰা দেখা গৈছে যে অসমত ঘেঁহু খেতিৰ বীজ যদি নৱেম্বৰৰ ২৫ তাৰিখৰ পিছত সিঁচা হয় তেনেহ’লে প্ৰতিদিনে প্ৰতি হেক্ট্‌ৰ কৃষি ভূমিত ৩০ কিলোগ্ৰামকৈ উৎপাদন হ্ৰাস পায়| খেতিডৰা চপাবৰ সময়ত মাৰ্চ মাহত অহা আগতীয়া বৰষুণ শস্যডৰাৰ বাবে বৰ অনিষ্টকাৰক |

জিৰ’ টিলেজ পদ্ধতিত কৰা ঘেঁহু খেতি সময়মতে কৰিব পাৰি বাবে এই উৎপাদান হ্ৰাস যঠেষ্টখিনি কমাব পৰা যায়| তদুপৰি ইয়াৰ দ্বাৰা মাটি চাহ কৰোতে হোৱা ব্যয়ো হ্ৰাস কৰিব পাৰি|

জিৰ’টিলেজ কেনেদৰে কৰা হয়?

ধান খেতি চপোৱাৰ কেইদিনমান আগেয়ে জলসিঞ্চন কৰা হয়| ইয়াৰ পিছত ধানডৰা যিমান পাৰি গুৰিতে কাটি ট্ৰেক্টৰচালিত জিৰ’ টিলেজ মেচিনৰ সহায়ত ঘেঁহু বীজ সিঁচা হয়| এই পদ্ধতিৰে ঘেঁহু খেতি কৰিলে বীজ সিঁচাৰ সময় কিছুদিন আগুৱাব পাৰি কিয়নো এই পদ্ধতিত মাটি প্ৰস্তুতিৰে সময়খিনি ৰাহি হয়|

জিৰ’টিলেজ ক’ত কৰা হয়?

শালিধানৰ দীৰ্ঘকালীন জাতৰ খেতি কৰা বাবে যিবোৰ অঞ্চলত বীজ সিঁচা কাৰ্য ২৫ নৱেম্বৰতকৈ পিছুৱাই যায় তেনেবোৰ অঞ্চলত জিৰ’টিলেজ পদ্ধতিৰে ঘেঁহু খেতি কৰিব পাৰি| এই মেচিন খুউৱ বেছি বোকা আলতীয়া মাটিৰ বাহিৰে আন সকলো ধৰণৰ মাটিতে ব্যৱহাৰ কৰিব পাৰি|

জিৰ’টিলেজৰ উপযোগিতা সমূহ:

১)ই এটা লাভজনক পদ্ধতি যিহেতু এই পদ্ধতিত ইন্ধন্‌, শ্ৰম আৰু সময় ৰাহি হয়| মাটি প্ৰস্তুতিৰ বাবে প্ৰয়োজন হোৱা খৰচ বিঘাই প্ৰতি প্ৰায় ৫০০-৭৫০ টকাকৈ ৰাহি কৰিব পাৰি|

২) এই পদ্ধতিত যিহেতু মাটি প্ৰস্তুতিৰ প্ৰয়োজন নহয় সেইবাবে ৮-১০ দিন আগতিয়াকৈ ঘেঁহু বীজ সিঁচিব পৰা যায়| ইয়াৰ ফলসৰূপে খেতিডৰা বৰষুণৰ আগেয়ে চপাব পৰা যায়|

৩)শস্যৰ বীজ আৰু ৰাসয়নিক সাৰ একেলগে সিঁচিব পৰা যায়,ফলত বনুৱাৰ মজুৰীৰ খৰচ কমে|

৪)মাটি চাহ নকৰাৰ বাবে খেতিডৰাত বন-বাতৰ সমস্যা কম হয়|

৫)শাৰী শাৰীকৈ ঘেঁহু বীজ সিঁচিব পৰা যায় আৰু সেইবাবে উৎপাদন যঠেষ্ট ভাল হয়|

জিৰ’টিলেজ পদ্ধতিৰে কৰা ঘেঁহু খেতিৰ জাতসমূহ

অসমৰ বাবে অনুমোদিত সকলোবিধ জাতৰেই খেতি এই পদ্ধতিৰে কৰিব পাৰি|ইয়াৰ উপৰিও কে ০৩০৭, কে ১০০৬, এইচ ডি ২৯৬৭ আদি জাতৰ খেতি এই পদ্ধতিৰে কৰিলে ভাল উৎপাদন পোৱা যায়|

বীজৰ পৰিমাণ

এই পদ্ধতিৰে খেতি কৰিলে মাটি চাহ কৰি কৰা সৰ্বসাধাৰণ খেতিতকৈ শতকৰা ২৫ ভাগ বেছি বীজৰ প্ৰয়োজন হয়| সেই অনুপাতে বিঘাই প্ৰতি ১৭-২০ কিলোগ্ৰাম বীজৰ আৱশ্যক হয়|

সাৰ প্ৰয়োগ

বিঘাই প্ৰতি ২০ কিলোগ্ৰাম ইউৰীয়া, ৪০ কিলোগ্ৰাম একক চুপাৰ ফচ্‌ফেট্‌,১০ কিলোগ্ৰাম মিউৰিয়েট অব্‌ পটাচ্‌ আৰু ১ কিলোগ্ৰাম ব’ৰাক্স সাৰ প্ৰয়োগ কৰিব লাগে| ইয়াৰে ইউৰীয়াৰ বাদে বাকীখিনি সাৰ মেচিনত একেলগে ভৰাই প্ৰ্য়োগ কৰিব পাৰি| ইউৰীয়াখিনি সমানে দুভাগ কৰি এভাগ বীজ সিঁচাৰ আগয়ে মাটিত প্ৰয়োগ কৰি বাকীভাগ ২০-২৫ দিনৰ পিছত টপ ড্ৰেচিং কৰিব লাগে|

নিৰনি আৰু প্ৰতিপালন

বীজ সিঁচাৰ ২৫-৩০ দিন পিছত পুলিবোৰ নিৰাই দিব লাগে| প্ৰয়োজন হ’লে প্ৰথমবাৰ নিৰাই দিয়াৰ ২০-২৫ দিন পিছত দ্বিতীয়বাৰ নিৰনি কৰিব লাগে| বনবাত বোৰ ৪-৫ পতীয়া হওঁতেই নিৰাই দিব লাগে|

সাধাৰণ নিৰ্দেশনাসমূহ:

১) ধান খেতিডৰা যিমান পাৰি সিমান ভূমিৰে সমানকৈ কাটিব লাগে যাতে নৰাবোৰৰ উচ্চতা ১৫ চে:মি:ৰ বেছি নহয়|

২) বীজ সিঁচা মেচিনটো মূল পথাৰত চলোৱাৰ আগেয়ে পৃথকে পৃথকে বীজ আৰু সাৰ অনুমোদিত পৰিমাণত পৰাকৈ মিলাই ল’ব লাগে|

৩)বীজবোৰ ৫-৭ চে:মি: তকৈ বেছি গভীৰতাত সিঁচিব নালাগে|

৪)দানাকাৰ ৰাসায়নিক সাৰহে ব্যৱহাৰ কৰিব লাগে অন্যথা সাৰ প্ৰয়োগত বাধা উপজিব পাৰে|

৫)বীজ সিঁচাৰ ১৫-২০ দিনৰ পিছত প্ৰথমবাৰ পানী দিব লাগে|

৬)মেচিনতো চলাই থকা সময়ত বীজ আৰু সাৰৰ নলীবোৰ ভালদৰে নিৰীক্ষণ কৰিব লাগে যাতে নলীসমূহ বন্ধ হৈ নাযায়|

৭)বীজ সিঁচাৰ পিছত সীৰলুসমূহত কিছুমান বীজ ওলাই থাকিলেও তেনে বীজ সময়ত গজি উঠে|

লেখক:  ড° তুলসী প্ৰসাদ শইকীয়া

প্ৰধান বিজ্ঞানী(শস্য বিজ্ঞান)

অনুষ্ঠান: আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ,অসম কৃষি বিশ্ববিদ্যালয়

চিলঙনী,নগাঁও-৭৮২০০২,অসম

3.10869565217
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top