মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / শালিধানত অপতৃণৰ সমস্যা নিয়ন্ত্ৰণৰ ব্যৱস্থাপনাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শালিধানত অপতৃণৰ সমস্যা নিয়ন্ত্ৰণৰ ব্যৱস্থাপনাঃ

শালিধানত অপতৃণৰ সমস্যা নিয়ন্ত্ৰণৰ ব্যৱস্থাপনাৰ বিষয়ে লিখা হৈছে

 

শস্যৰ উৎপাদনক প্ৰভাৱিত কৰা বিভিন্ন কাৰকসমূহৰ ভিতৰত অপতৃণ অন্যতম। অপতৃণৰ প্ৰভাৱত শস্যৰ উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হয়। উৎপাদন হ্ৰাসৰ বিভিন্ন জৈৱিক কাৰক যেনে- শস্যৰ ৰোগ, কীট-পতংগৰ আক্ৰমণ আৰু অপতৃণৰ বৃদ্ধিৰ ভিতৰত অপতৃণৰ প্ৰভাৱ সৰ্বাধিক। শস্যৰ উৎপাদনত অপতৃণসমূহে বিভিন্ন প্ৰকাৰে ব্যাঘাত জন্মায়। সঠিক সময়ত অপতৃণ নিয়ন্ত্ৰণ নকৰিলে ই মাটিত থকা আৰু ৰাসায়নিক সাৰৰ জৰিয়তে প্ৰয়োগ কৰা শস্যৰ প্ৰয়োজনীয় পোষক মৌলৰ এক বৃহৎ অংশৰ পৰা শস্যক বঞ্চিত কৰে আৰু ফলস্বৰূপে আশানুৰূপ উৎপাদন পাব নোৱাৰি।

ধানখেতিৰ বিভিন্ন শত্ৰুসমূহৰ ভিতৰত অপতৃণৰ বাবে আমাৰ দেশত প্ৰতিবছৰে প্ৰায় শতকৰা ৩৩ ভাগ উৎপাদন হ্ৰাস হয়। ৰোপণ কৰা শালিধানৰ তুলনাত সিঁচা আহুধানৰ ক্ষেত্ৰত অপতৃণৰ সমস্যা যথেষ্ট বেছি। অৱশ্যে উপযুক্ত পৰিমাণত পানী জমা নোহোৱা ওখ মাটিত বা খৰাংসদৃশ পৰিৱেশত ৰোৱা শালিধানৰ ক্ষেত্ৰতো অপতৃণৰ সমস্যাই দেখা দিব পাৰে।

শালিধানত সুসংহত অপতৃণ নিয়ন্ত্ৰণ ব্যৱস্থাঃ

 

উপযুক্তভাৱে মাটি প্ৰস্তুতি, উন্নত মানৰ পৰিষ্কাৰ বীজৰ ব্যৱহাৰ, ভালকৈ পচা গোবৰ বা পচন সাৰৰ ব্যৱহাৰ আৰু পথাৰৰ আলিসমূহ পৰিষ্কাৰ কৰি ৰোৱাৰ আগতে বোকা মাটিৰে প্ৰলেপ দি আৰু পথাৰৰ মাজৰ নলা বা খালবোৰ অপতৃণৰ পৰা মুক্ত কৰি ৰাখিলে ধানৰ মূল পথাৰখনক অপতৃণৰ আক্ৰমণৰ পৰা বচাই ৰাখিব পৰা যায়। ইয়াৰ উপৰি কঠীয়াতলীৰ পৰা যাতে অপতৃণ কঠীয়াৰ লগত আহিব নোৱাৰে তাৰ বাবে কঠীয়াতলীখন উপযুক্তভাৱে প্ৰস্তুত কৰি অপতৃণৰ পৰা মুক্ত কৰি ৰাখিব লাগে। আনহাতে পথাৰডৰা চ’ত-ব’হাগ মাহতে অথবা ৰোৱাৰ অতি কমেও এমাহ আগতে হালবাই বন-বাতবোৰ ধ্বংস কৰিব লাগে।

ৰাসায়নিক সাৰ প্ৰয়োগৰ পদ্ধতিৰ ওপৰতো অপতৃণৰ আক্ৰমণ নিৰ্ভৰ কৰে। সাধাৰণতে মাটিৰ উপৰিভাগত ৰাসায়নিক সাৰ ছটিয়াই প্ৰয়োগ কৰিলে বন-বাতৰ বৃদ্ধি অধিক হয়। সেয়েহে ৰোৱাৰ আগতে ৰাসায়নিক সাৰখিনি মাটিৰ লগত ভালদৰে মিহলি হোৱাকৈ প্ৰয়োগ কৰিব লাগে। আনহাতে টপড্ৰেছিং হিচাপে প্ৰয়োগ কৰা ইুৰিয়া সাৰ প্ৰয়োগৰ আগতে নিৰণি যন্ত্ৰ বা হাতেৰে অপতৃণখিনি নিৰাই লোৱাটো অতি জৰুৰী। উপযুক্ত জল ব্যৱস্থাপনাৰ জৰিয়তেও পথাৰডৰা অপতৃণৰ পৰা ৰক্ষা কৰিব পৰা যায়। পথাৰডৰা জলমগ্ন কৰি ৰাখি বা জল নিষ্কাশনৰ দ্বাৰা বহুতো অপতৃণ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি। ৰোৱাৰ পৰা ধান কটাৰ ১৫-২০ দিন আগলৈকে পথাৰডৰাত ৪-৫ ছেঃ মিঃ পানী আৱদ্ধ কৰি ৰাখিলে অপতৃণৰ আক্ৰমণ হয়। আনহাতে জলজ অপতৃণৰ আক্ৰমণ অধিক হ’লে পথাৰৰ পানী বাহিৰ কৰি নিৰণি যন্ত্ৰৰ সহায়ত মাটিৰ লগত মিহলি কৰি অথবা পথাৰৰ পৰা আঁতৰাই পেলাই এনেধৰণৰ অপতৃণ নিয়ন্ত্ৰণত ৰাখিব পৰা যায়।

অপতৃণ নিয়ন্ত্ৰণৰ আটাইতকৈ সহজ আৰু পুৰণি পদ্ধতি হৈছে হাতেৰে নিৰণি কৰা। সাধাৰণতে ধান ৰোৱাৰ ২০ আৰু ৪০ দিন পাছত দুবাৰ পথাৰডৰা হাতেৰে নিৰণি কৰাটো একান্তই আৱশ্যক। অৱশ্যে বৰ্তমান কৃষি শ্ৰমিকৰ অভাৱৰ বাবে বিভিন্ন যান্ত্ৰিক উপায়েৰে যেনে- জাপানিজ পেডী উইডাৰ বা কনউইডাৰৰ সহায়ত অতি সহজতে ধাননি পথাৰত অপতৃণ নিয়ন্ত্ৰণত ৰাখিব পাৰি।

ধানখেতিত ৰাসায়নিক অপতৃণ নাশকৰ ব্যৱহাৰঃ

 

শেহতীয়াকৈ অপতৃণ নিয়ন্ত্ৰণৰ বাবে আধুনিক কৃষি ব্যৱস্থাত ৰাসায়নিক অপতৃণনাশক বা হাৰ্বিচাইডৰ ব্যৱহাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যিহেতু ৰাসায়নিক অপতৃণনাশকবোৰ অতি সংবেদনশীল আৰু শস্যভিত্তিক, সেয়েহে ইয়াৰ প্ৰয়োগৰ ক্ষেত্ৰত অতি বেছি সাৱধানতা অৱলম্বন কৰা উচিত।

ৰাসায়নিক অপতৃণনাশকবোৰ সাধাৰণতে পানীৰ লগত মিশ্ৰণ তৈয়াৰ কৰি স্প্ৰে’ হিচাপে প্ৰয়োগ কৰা হয়। কিছুমান অপতৃণনাশক শুকান বালিৰ লগত মিহলায়ো প্ৰয়োগ কৰিব পাৰি। অনুপযুক্ত অপতৃণনাশকৰ পৰা কেতিয়াবা শস্যডৰাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে বা আশানুৰূপ ফল নাপাবও পাৰে। সেয়েহে অপতৃণনাশকৰ ব্যৱহাৰৰ ক্ষেত্ৰত কৃষকসকলে কৃষি বিশেষজ্ঞৰ পৰামৰ্শ অথবা অভিজ্ঞ কৃষকৰ লগত আলোচনা কৰিব লাগে। তদুপৰি অপতৃণনাশকৰ পেকেটৰ লগত দিয়া নিৰ্দেশাৱলী ভালদৰে চাইহে ব্যৱহাৰ কৰা উচিত।

(উৎসঃ খবৰ, নীলিম কলিতা)।

2.82222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top