মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / শীতকালীন খেতিত শস্যৰক্ষাৰ উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতকালীন খেতিত শস্যৰক্ষাৰ উপায়

শীতকালীন খেতিত শস্যৰক্ষাৰ উপায়ৰ বিষয়ে লিখা হৈছে

 

এতিয়া শীতকালীন শস্যৰ খেতি আৰম্ভ কৰাৰ উপযুক্ত সময়। এটা খেতি আৰম্ভ কৰিবলৈ প্ৰাৰম্ভিক খৰচকে আদি কৰি কৃষকে অধিক পৰিশ্ৰমো কৰিব লগা হয়। এই বহু কষ্টেৰে আৰম্ভ কৰা খেতিটোৰ পৰা আশানুৰূপ উৎপাদন লাভ কৰিবলৈ হ’লে শস্যখিনিক সময়মতে পৰিচৰ্যা কৰিব লাগিব। আমি সাধাৰণতে দেখা পাওঁ, পথাৰত শস্য বাঢ়ি অহাৰ লগে লগে বিভিন্ন পোক-পতংগ আৰু বেমাৰ-আজাৰে শস্যখিনি আক্রমণ কৰে। সময়মতে তেনে পোক-পতংগ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে কৃষকৰ আশাৰ সপোন কেতিয়াও বাস্তৱত পৰিণত হ’ব নোৱাৰে।

শীতকালত বহল পৰিসৰত আৰম্ভ কৰা খেতিৰ ভিতৰত সৰিয়হ, আলু আৰু বিলাহীৰ খেতি অধিকাংশ কৃষকৰ বাৰীতে দেখিবলৈ পোৱা যায়। এইবোৰ শস্যত বেমাৰ-আজাৰ আৰু কীট-পতংগই সঘনে আক্রমণ কৰে। তাৰ পৰা হাত সাৰিবলৈ আমি তলত উল্লেখ কৰা ব্যৱস্থাসমূহ গ্রহণ কৰিব পাৰোঁ।

সৰিয়হৰ খেতিত

সৰিয়হৰ খেতিত মোৱা পোকৰ আক্রমণ হোৱা প্ৰায়েই দেখা যায়। তেনে পোক নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ৫০ ই চি নামৰ ঔষধ প্রতি ২ লিটাৰ পানীত চাহ চামুচেৰে ১ চামুচকৈ মিহলাই শস্যত ছটিয়াব লাগে। এবিঘা মাটিত থকা শস্যখিনিত ছটিয়াবলৈ ৬০ লিটাৰমান মিশ্রণৰ প্রয়োজন হয়। শেহতীয়াকৈ আৰম্ভ কৰা সৰিয়হৰ খেতিত মোৱা পোকৰ আক্রমণ বেছি হয়। সেইবাবে কৃষি বিজ্ঞানীসকলে ধার্য কৰি দিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত সৰিয়হৰ বীজ পথাৰত সিঁচা ভাল।

আলু খেতিত

  • আলু খেতি অনিষ্ট কৰা পোক-পতংগৰ ভিতৰত ৰঙা পৰুৱা আৰু উঁই উল্লেখযোগ্য। তাৰ পৰা হাত সাৰিবলৈ থিমেট নামৰ ঔষধ বিঘাই প্রতি ২ কিল’গ্ৰাম হাৰত প্রথমবাৰ আলুৰ গুৰিত মাটি চপোৱাৰ সময়ত প্রয়োগ কৰিব লাগে। মাটিত খলিহৈ প্রয়োগ কৰিও এইবোৰ পোক নিবাৰণ কৰিব পাৰি।
  • আলুগুটিৰ খেতিত কেতিয়াবা মোৱা পোকৰ আক্রমণ হোৱা দেখা যায়। তাৰ পৰা পৰিত্ৰাণ পাবলৈ মালাথিয়ন ৫০ ই চি নামৰ ঔষধ প্রতি ২ লিটাৰ পানীত ১ চামুচকৈ মিহলাই শস্যডৰাত প্রয়োগ কৰিব লাগে। পুৱাবেলা ফুটছাই প্রয়োগ কৰিলেও মোৱা পোকৰ আক্রমণ কমে।

বিলাহী খেতিত

  • বিলাহী খেতি আক্রমণ কৰা মাৰাত্মক বেমাৰ হৈছে গছ মৰহা বেমাৰ। মৰহা বেমাৰ দুটা কাৰণত হ’ব পাৰে— এবিধ ভেঁকুৰৰ দ্বাৰা আৰু আনবিধ বেক্টেৰিয়াৰ দ্বাৰা। ভেঁকুৰৰ দ্বাৰা আক্রান্ত হ’লে প্ৰথমতে গছবোৰৰ তলৰ পাতবোৰ মৰহিবলৈ ধৰে আৰু পিছলৈ ওপৰৰ পাতবোৰো লেৰেলি যায়। এনে বেমাৰ নিয়ন্ত্রণৰ বাবে ১ চামুচ বেভিষ্টিন বা কেপটান নামৰ দৰৱ প্রতি ২ লিটাৰ পানীত মিহলাই গছৰ গুৰি অংশ আৰু মাটি তিতি যোৱাকৈ প্রয়োগ কৰিব লাগে।
  • বেক্টেৰিয়াৰ দ্বাৰা বিলাহী খেতি আক্রান্ত হ’লে প্রথমে গছৰ ওপৰৰ পাতবোৰ লেৰেলিবলৈ ধৰে আৰু ২-৩ দিনৰ পিছত তলৰ পাতবোৰো লেৰেলিবলৈ আৰম্ভ কৰে। এনে বেমাৰ নিয়ন্ত্ৰণ কৰা কঠিন। প্রতিকাৰৰ বাবে ১ গ্রাম হিং, ১০ গ্রাম হালধিৰ গুড়ি, ১০ লিটাৰ পানীৰ লগত মিহলাই গছৰ গুৰিৰ অংশ তিতি যোৱাকৈ প্রয়োগ কৰিব লাগে। এনে মিশ্রণ পুলি ৰোৱাৰ পৰা প্রতি পষেকৰ মূৰে মূৰে ৩ বাৰ প্রয়োগ কৰিব লাগে।
  • বিলাহী খেতিত পাত জ্বলা বা লেট ব্লাইট নামৰ বেমাৰে আক্রমণ কৰা দেখা যায়। এনে বেমাৰে আক্রমণ কৰিলে প্রথমে পাতত ঘূৰণীয়া ক’লা দাগ পৰে আৰু পিছলৈ পাতখিলা দেই যোৱাৰ দৰে হয়। এই বেমাৰ নিবাৰণৰ বাবে ১ চামুচ ইন্দ'ফিল এম-৪৫ নামৰ দৰৱ ২ লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলে-ওপৰে পৰাকৈ স্প্ৰে’ কৰিব লাগে। এপষেকৰ মূৰে মূৰে এনে ঔষধ ছটিয়াই বিলাহীৰ লেট ব্লাইট ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়।

শস্যৰ বেমাৰ বা পোক-পতংগ নিয়ন্ত্রণ কৰিবলৈ প্রয়োগ কৰা সকলোবোৰ ৰাসায়নিক দৰৱ কম-বেছি পৰিমাণে বিষাক্ত আৰু স্বাস্থ্যৰ বাবে বিপজ্জনক। সেইবাবে এনে দৰৱ-পাতি সদায় নির্দিষ্ট অনুপাতত আৰু সঠিক পদ্ধতিৰে প্রয়োগ কৰা বাঞ্ছনীয়।

লিখক: ড° কুমুদ চুতীয়া, দৈনিক জনমভূমি।

 

2.97435897436
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top