মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / শীতকালীন পাচলিৰ পুলিবাৰী প্ৰস্তুতিৰ মূলকথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতকালীন পাচলিৰ পুলিবাৰী প্ৰস্তুতিৰ মূলকথা

শীতকালীন পাচলিৰ পুলিবাৰী প্ৰস্তুতিৰ মূলকথাৰ বিষয়ে লিখা হৈছে ।

শীতকালি পাচলি বাৰীডৰাৰ যতন ল’লে শাৰীৰিক ব্যায়াম হোৱাৰ লগতে পৰিষ্কাৰ সতেজ বস্তুৰে প্ৰস্তুত ব্যঞ্জনৰ সোৱাদ ল’ব পাৰি । আজিৰ আত্মকেন্দ্ৰিক পৃথিৱীতো এনে কিছুসংখ্যক লোক আছে যি ঘৰৰ শাক-পাচলি ওচৰ-চুবুৰীয়াৰ সৈতে ভগাই খাই অনাবিল তৃপ্তি পায় । ইয়াৰ উপৰি নিবনুৱাৰে ঠাই খাই পৰা আজিৰ আৰ্থ-সামাজিক ব্যৱস্থাত পাচলি বাৰীডৰাই অলেখজনক স্ব-নিৰ্ভৰশীল হোৱাৰ পথ মোকলাই দিছে । হাড় কঁপোৱা ঠাণ্ডাক অৱজ্ঞা কৰি ঠন ধৰি উঠা শীতৰ শাকনিডৰা বিভিন্ন খনিজ পদাৰ্থ, ভিটামিন আদি পুষ্টিকৰ পদাৰ্থৰ ভঁৰাল । সেয়েহে শীতকালি ঘৰত খাবলৈয়েই হওক অথবা ব্যৱসায়িক ভিত্তিত কৰাই হওক পাচলি বাৰীডৰাৰ পৰা অধিক ফচল পাবলৈ কেইটামান কথাত গুৰুত্ব দিয়া প্ৰয়োজন ।

১) এডোখৰ বেলিৰ কিৰণ পৰা, ওখ, উৰ্বৰা মাটিৰ প্ৰয়োজন ।

২) ভেটিটো ৪-৫ মি: (দীঘল) x ১ মি: (বহল)x  ২০-২৫ ছে: মি: (ওখ) হোৱা উচিত

৩) ২ কি:গ্ৰা: পচন সাৰ প্ৰতি বৰ্গমিটাৰ মাটিত মিহলাব লাগে আৰু আলতীয়া মাটিত একেই অনুপাতত বালি মিহলাওক ।

৪) ৰোগৰ প্ৰতিষেধকৰুপে ০.১ শতাংশ শক্তিৰ কেপটান বা ফাইটলেন নতুবা ৪ শতাংশ শক্তিৰ ফৰমেলিন মিশ্ৰণেৰে ১০-১৫ ছে:মি: দকৈ ভেটিটো সেমেকাওক ।

৫) ইয়াৰ পাছত ভেটিটো পলিথিন বা মৰাপাটৰ বস্তাৰে ২ দিন ঢাকি ৰাখক

৬) ভেটিটো উদঙাই কুৰিয়াই ৩-৪ দিনলৈ বেলিৰ কিৰণ পৰিব দিব, বৃষ্টি পৰিলে ওপৰত চালিৰ ব্যৱস্থা কৰিব ।

৭) বীজ ব্যৱহাৰৰ আগতে ৩ গ্ৰা: কেপটাফ বা থিৰাম বা বেভিষ্টিনেৰে প্ৰতি কি:গ্ৰা: বীজ শোধন কৰা উচিত, ।

৮) শেহবাৰ মাটি চাহ কৰোতে ভূমিজ পতংগৰ প্ৰতিষেধকৰুপে ১০ গ্ৰা: ৫ শতাংশ শক্তিৰ মালাথিয়ন প্ৰতি বৰ্গমিটাৰ মাটিত মিহলাব ।

৯) শোধিত বীজ ১-২ ছে:মি: দকৈ ২৫ ছে:মি: ব্যৱধানত ভেটিত সিঁচিব ।

১০) বিশুদ্ধ পচন সাৰ আৰু বালিৰে সিঁচা বীজখিনি ঢাকি দিয়ক ।

১১) ভেটিটো সমভাবে তিতাকৈ পানী সিঁচিব, খেৰ বা নৰাৰে বীজৰ অংকুৰণ হোৱালৈকে ঢাকিব, বীজ অংকুৰণৰ পাছত পুৱা-গধূলি ২ বাৰকৈ পানী সিঁচিব

১২) প্ৰয়োজনসাপেক্ষে পুলিবাৰীৰ ওপৰত চালিৰ ব্যৱস্থা কৰিব ।

১৩) ২৫-৩০ দিনীয়া দুপতীয়া সতেজ পুলি উভালি মূল পথাৰত ৰোপণ কৰক, উভলাৰ এসপ্তাহৰ ভিতৰত ক্ৰমে পানী সিঁচা কমাই আনক, কিন্তু উভলাৰ দিনা পানী সিঁচিব

১৪) মূল পথাৰৰ প্ৰস্তুতি আগৰ নিচিনাই, ৰোপণৰ ২-৩ দিনলৈ ছাঁৰ ব্যৱস্থা কৰিব ।

১৫) পাচলিডৰাত পুৱা-গধূলি ২ বাৰকৈ পানী সিঁচাত অৱহেলা নকৰিব ।

উৎস :- অসমীয়া খবৰ

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top