মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত কৃষি-পদ্ধতি আৰু খাদ্য অভ্যাস :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত কৃষি-পদ্ধতি আৰু খাদ্য অভ্যাস :

সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত কৃষি-পদ্ধতি আৰু খাদ্য অভ্যাসৰ বিষয়ে লিখা হৈছে ।

 

কিৰাতমুলীয় জনগোষ্ঠী সোণোৱাল কছাৰীসকল অসম তথা উত্তৰ-পুৰ্বাঞ্চলৰ ভুমিপুত্ৰ বা থলগিৰি (Indigenous) জনগোষ্ঠী (ethnic group)। প্ৰাচীনতম শাস্ত্ৰ ‘কালিকাপুৰাণ’ আৰু ‘যোগীনীতন্ত্ৰই’ এই ঐতিহাসিক সতি স্বীকাৰ কৰি আহিছে-‘সীদ্ধেশী যোগিনী পীঠে ধৰ্ম কৈৰাজ্জ: মত:’।

সাম্প্ৰতিক সময়ত জনগোষ্ঠীয় পৰম্পৰাবোৰ মহাজাতীয় অসমীয়া পৰম্পৰাত চামিল হৈ পৰিছে। শতিকাৰ পিছত পৰম্পৰা । তথাপিও কিছু কিছু স্বকীয় ঐতিহ্য আৰু বিশেষত্ব নিজস্ব ‘জনমপত্ৰিকা’ত ৰৈ আছে। সেই অৰ্থতেই ‘পৰম্পৰাগত’ অভিধাটো ব্যৱহাৰ কৰা হৈছে। সেইসমুহৰ খুটি-নাটি মাৰি বৰ্ণনা কৰিবলৈ হ’লে অত্যন্ত দীঘল নিবন্ধ এটাই হ’ব, কাজেই এৰাব নোৱাৰা কিছুমান বিশেষত্বহে বিশ্লেষণ কৰাৰ প্ৰয়াস কৰা হ’ব।

প্ৰাচীন বাসিন্দা হিচাপে সোণোৱাল কল অগাধ ভু-সম্পত্তিৰ গৰাকী আছিল। আজুককাসকলে এৰি যোৱা বিশাল সাম্ৰাজ্যসমুহত নানা তৰহৰ কৃষি-কৰ্ম কৰা জনগোষ্ঠীটো অত্যন্ত চহকী গোষ্ঠী হিচাপে পৰিগণিত। তাহানিতে ৰচনা কৰা গোহালিত গৰু/পুখুৰীত মাছ/ বাৰীত তামোল পান… নদন বদন আছিল। অভাব বুলি কোনো শব্দই সৃষ্টি হোৱা নাছিল, বৰ্ং উভৈনদী শব্দটোহে প্ৰযোজ্য হৈছিল। কুৰি শতিকাৰ চতুৰ্থ –পঞ্চম দশকত আমি নিজে প্ৰত্যক্ষ কৰা ছবিবোৰ আজি যেন মৰিচীকা হ’ল। অৱশ্যে গতিশীল সভ্যতাৰ ঐতিহাসিক প্ৰেক্ষাপটত এইটোৱেই অৱধাৰিত নিয়ম।

সেই সময়ত আমাৰ চকুৰ আগত জিলিকি থকা ছৱিখনৰ সম্যক আভাস এই চমু আলচত দিয়াৰ প্ৰয়াস কৰা হৈছে যদিও অনেক বিচিত্ৰ গ্ৰাম্য কৃষি প্ৰণালীবোৰে অগাদেৱা কৰি আছে। ৰবি শস্য, খাৰিফ শস্য আৰু উদ্যান শস্যৰ সেউজ-হালধীয়া-সোণোৱালী একো একোখন ক্ষুদ্ৰ জগতত আমি অভ্যস্ত আছিলো। কলেজ-বিশ্ববিদ্যালয় পঢ়ি উপাধি লৈছিলো (বহু গ্ৰাম্য ছাত্ৰ-ছাত্ৰীয়েই); কিন্তু কৃষি কৰ্ম আমাৰ হৃদয়ত/ সত্বাত খাৰিবন্ধা আছিল। নাঙলটো , কোৰখন, কাঁচিখন, গৰুহাল যেন আছিল আমাৰ জীৱন-চৰ্যা।

পানী খেতিত আমাৰ সোণোৱালসকল বেচি অব্যস্ত। ধান-খেতিৰ প্ৰাচুৰ্য প্ৰমাণিত হয় ধানৰ নানা তৰহৰ সঁচৰ মাজেদি। বহুবোৰ পাহৰিলোঁ যদিও কেইবিধমান মনত থকা ধান হৈছে (সেই তেতিয়াৰ) –ঝিঙনি, জাহিঙা, নেকেৰা, মঠঙা, চুৰ্চুৰী, শলপোনা, পদুমনী, বগা জহা,ক’লা জহা, মালভোগ, সুৱাগমণি, বেতগুটি, কাতি নিঙলী, মাগুৰী, কাঁড়শালি, বৰা, গৰু চকুৱা বৰা, শুকানী বৰা, তুলসী বৰা, থপা বৰা, টঙনা বৰা, পাখৰী বৰা, দল বাওঁ, এডলীয়া বাওঁ, চিলচিলি বাওঁ, শুংবাওঁ, মেঘ জুল, বৰ ধান, মেমধান, চাহেব ধান, শিলগুটি আদিৰ উপৰিও আধুনিক বাছ, আইজং, টাইচং, প্ংকজ, ৰঞ্জিৎ ইত্যাদিৰ বাহিৰেও কিছুমান ধানৰ সঁচ যি যি জনগোষ্ঠীৰ পৰা বা ব্যক্তিৰ পৰা অনা হয় সেই সেই নামেৰেই জনাজাত হৈ পৰে। যেনে আহোম শালি, কছাৰী শালি, চুতীয়া শালি, বিহাৰী, খামতি লাহী, গৰীয়া শালি, মণিপুৰী, নেপালী ইত্যাদি। উল্লেখযোগ্য যে সোণোৱাল কছাৰীসকলে নতুন (ন) খাবৰ বাবে বিশেষভাবে এবিধ ধান ৰোপন কৰে-চাহেব ধান। আগতীয়া হয় আৰু বেচ কোমল আৰু মিঠা।

পানীখেতিৰ উপৰিও সোণোৱালসকলে আহু ধানৰ খেতিও কৰে। বাম আহু আৰু পানী আহু দুয়োবিধ খেতিয়েই অভ্যাসবশত: কৰি আমোদ পাইছিল। অভাৱৰ তাৰণাত নহয়, সৃষ্টিৰ আনন্দতহে আহু খেতি কৰা হৈছিল। জেঠৰ পৰা আহাৰ-শাওন, ভাদ মাহলৈকে পানীখেতি কৰাৰ সময় যদিও বতৰৰ তাৰতম্যৰ কাৰণেই যিমান পাৰি সোনকালে খেতি কৰাৰ বাবে সোণোৱাল গাওঁবোৰত ‘হাউৰী লোৱা’ (গাওঁখনৰ ঘৰে প্ৰতি এহাল আৰু এগৰাকী /দুগৰাকী  ৰোৱনী বাধ্যতামুলক ভাবে সহযোগিতা কৰে) প্ৰথা অত্যন্ত সামাজিক, সামুহিক তথা সমবায়িক আছিল (ঠায়ে ঠায়ে আজিও আছে) । ই এক নান্দনিক দৃশ্য আৰু অত্যুৎকৃষ্ট গ্ৰাম্য ৰীতি। কাৰণ একেলগে ২০-২৫ হাল গাৰু ৩০-৪০ গৰাকী ৰোৱনী, সুগন্ধি বোকাৰ ৰুপালী বৰ্ণচ্ছটাৰ মনোৰম দৃশ্য। আঘোণৰ সোণালী ধাননিত ধান চপোৱাৰ দৃশ্যও সেই একেই মন পৰশা। ৰবাব টেঙা আৰু কেঁচা জলকীয়াৰ মায়াময় অপুৰ্ব, বৰ্ণনাতীত আৰু লোভনীয়।

খাদ্য-অভ্যাস -

ধানৰ জাত লৈ ইয়াৰ স্বাদৰ তাৰতম্য আছে। জলপানৰ কাৰণে স্বাভাৱিকতে লাহী ধান ব্যৱহৃত হয়। বিশেষকৈ সোণোৱাল সকলে ‘জলপান’ বুলি ক’লে বৰা ধানৰ নানা তৰহৰ খাদ্য তৈয়াৰ কৰে। আটাইতকৈ জনাজাত হৈছে ভাপত সিঁজোৱা বৰাভাত (মুল জলপান) অদ্বিতীয় জলপান। লগতে কেইটামান ক’লা জহাৰ চাউল দি দিলে কথাই নাই। সকলো ভাৰতীয় আনকি বিদেশৰ লোকৰ বাবেও ই এক দুষ্প্ৰাপ্য জলপান। এই জলপানৰ লগত যদি খাৰ দিয়া মাটিমাহ, ৰচুণপাত(নহৰু), আদা, ধনী আৰু পকা ঔটেঙাৰে ৰন্ধা তৰকাৰী হয়, তেতিয়াতো কৈ থাকোতেই জিভাৰ পানী সৰে। এই বৰা ধানৰ পৰা অন্যান্য বিবিধ জলপান তৈয়াৰ হৈ আছে, হৈ থাকিব।

অন্যান্য লাহী ধান যেনে জাহিঙা, মালভোগ আদি ধানৰ পৰাও বিধে বিধে জলপান প্ৰস্তুত কৰা হয়। জাহিঙাৰ পৰা উসুৱা সান্দহ, ভোগ আদি তৈয়াৰ কৰে আৰু মালভোগৰ পৰা চিৰা, মুৰি, হৰুম আদি জলপান প্ৰস্তুত কৰে। বুঢ়াবুঢ়ী মানুহে ভাত খোৱাতো ব্যৱহাৰ কৰে।

শতকৰা এশ শতাংশই বৃহৎ অসমীয়া জাতিসত্ত্বা’ত মিলি গ’লেও জনজাতিসকল (পাহাৰেই হওক বা ভৈয়ামৰেই হওক) এটা নিজস্ব পোছাকী সত্ত্বা বা গৰিমা আছে আৰু থাকিবই। অসমত বহু ঠাইত পৰম্পৰাগত খাদ্য (লগতে পোছা কৰো) মেলা হৈ আহিছে। এই খাদ্য –মেলাবোৰত জনগোষ্ঠীসমুহে নিজা-নিজা খাদ্য সম্ভাৰ প্ৰস্তুত কৰি প্ৰদৰ্শন কৰে। এই সমুহৰ তৃপ্তি, স্বাদেই সুকীয়া । তদুপৰি চাউলৰ পৰা (বিশেষকৈ বৰা চাউলৰ) তৈয়াৰী মদ বা সাঁজ বা লাওপানী অথবা আপ্ং পানীৰ সোৱাদ নোলোৱা লোক কমহে ওলাব। অৱশ্যে জনগোষ্ঠীভেদে ইয়াৰ প্ৰস্তুত প্ৰণালী সুকীয়া সুকীয়া। আমাৰ সোণোৱালসকলে ছাইমদ প্ৰস্তুত নকৰে।

শাক-পাচলি আৰু উদ্যান শস্যৰ ক্ষেত্ৰতো সোণোৱাল কছাৰীসকল কেৱল স্বাৱলম্বীয়েই নহয় অৰ্থনৈতিকভাবেও উপকৃত হৈ আহিছে। আজি-কালি ‘ফাৰ্ম’ গঢ়ি উঠিছে যদিও চাহিদাও বাঢ়িছে। স্বাভাৱিকতে ফাৰ্ম সমুহত আধুনিক তথা বৈজ্ঞানিক কায়দা-কৌশল অৱলম্বন কৰাত, লগতে অজ্ঞতা বশত: ৰাসায়নিক সাৰ, কীটনাশক আদি সামঞ্জস্যহীনভাৱে ব্যৱহাৰ কৰাৰ কু-ফলবোৰ সকলো মানুহেই বুজি পাইছে। শাক-পাতৰ ক্ষেত্ৰত হোৱাৰ নিচিনাকৈ পাচলি জাতীয় ক্ষেত্ৰতো অপৰিমিত ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰা হৈ আছে। বজাৰৰ শাক-পাচলি বহুতেই খাবলৈ ভয় কৰে। কাৰণ গোহালিবোৰত গৰুৰ সংখ্যা কমি গৈছে। গাঁৱত গোহালি নোহোৱাই হ’ল। পচন সাঁৰ বা কেঁচু সাৰ প্ৰস্তুত কৰা মানুহ নাই (ইয়াৰ কাৰণ হিচাপে বজাৰত যিহেতু ৰাসায়নিক সাৰ আছেই, অনাও সহজ, দিয়াও সহজ, কিমান পৰিমাণৰ দিব লাগিব জনাৰ ইচ্ছা কাৰো নাথাকে)।

পৰিচ্ছন্নভাৱে বাস কৰা সোণোৱাল গাওঁবোৰত বৰ্তমানেও ভাৰসাম্যপুৰ্ণ জীৱন নিৰ্বাহ কৰি থকা মানুহ আছে। দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা সকলো বস্তু ঘৰতেই উৎপাদন কৰি লয়। উজনি অসম আৰু উত্তৰ অসমৰ বহু সোণোৱাল গাঁৱত বাৰমাহৰ গোটেই বছৰটো নিজৰ উৎপাদিত ফচলেৰে স্বাৱলম্বী লোক আছে। ৪০-৫০ দশকৰ তুলনাত গৰিষ্ঠ সংখ্যকৰেই এনে জীৱনচৰ্যা নাই যদিও একেবাৰে নি:শেষ হৈ যোৱা নাই। এয়া অৱশ্যেই অশুভ লক্ষণ।

ক’ব খুজিছোঁ সোণোৱাল গাওঁবোৰত কি আছিল আৰু আজিৰ একৈশ শতিকাত কিবোৰ নোহোৱা হৈ গ’ল। তথাপিও পৰম্পৰাগতভাৱে যিখিনি বাকী আছে আৰু আছিল সেই কথা নক’লে আলোচনাটো আধৰুৱা হ’ব কাৰণেই উল্লেখ কৰাৰ দৰকাৰ অনুভৱ কৰিছোঁ। ‘বাৰীত তামোল পাণ’…. কেৱল তামোল পাণেই নহয়- ‘আম-কঠাল, লেটেকু , পনিয়ল, কমলা, নেমু, জামুক, বগৰী, আমলখী, জলফাই ,ৰবাব টেঙা, চকলা টেঙা, কুজী থেকেৰাৰ পৰা সকলো খাদ্য ফল আছিল। বাঁহনি, কাঠনি লাগনি আটাইবোৰ গছ-গছনি, বেতনি আদি বাৰীবোৰ লাহে লাহে কমি গ’ল। কঁপাহ গছ সকলোৰে ঘৰত আছিল আৰু আছিল এৰেণা আৰু কেচেৰু গছ। অৱশ্যে নগৰ-মুখী মানসিকতা তথা চাকৰি প্ৰয়াসী মানসিকতাৰ ধাম-খুমিয়াত আজিৰ তাৰিখত নষ্টালজিক হ’ল।

ভীম কল (আঠীয়া কল) বোৰ আমাৰ দিনত বাদুলীয়ে খাইও শেষ কৰিব নোৱাৰিছিল। জাহাজীবোৰ একো একোটা যেন পুৰঠত হাতীৰ দাঁত । দক্ষিণ পাৰৰ সোণোৱাল গাওঁবোৰত এইবোৰ দৃশ্য দুৰ্লভ হ’ল। অৱশ্যে উত্তৰ পাৰত বাধ্যতামুলকভাবেই ভীম কল আছেগৈ-কাৰণ বানপানীতো হ’বই, কাজেই ভীমকলৰ ভঁৰবোৰেই প্ৰাথমিক ৰক্ষা কবচ।

আগৰ দিনত কিছুমান শাক-পাচলি মানুহে কাচিতহে পাকঘৰলৈ নিছিল। যেনে- ঢেকীয়া , তিতামৰা, লেকেচী, হেলচা জাতীয়বোৰ। আনহাতে জাতিলাউ, অমিতা আদিবোৰ বজাৰ দেখিয়েই পোৱা নাছিল, কাৰণ লওঁতা নাই, বজাৰতে পেলাই থৈ আহিব লগা অৱস্থা আছিল।

খাদ্য-অভ্যাস:

স্বাদ বা ৰুচি অনুসৰি সোণোৱালসকলে ব্যৱহাৰ কৰা তালিকাখন অত্যন্ত দীঘলীয়া। টেঙা, তিতা খাৰ, পোৰা, পিটিকা, পাতত দিয়া, ভাপত দিয়া, উসোৱা , কেঁচাই খোৱা, তেলত ভজা আদি। বাৰীৰ শাক-পাচলিৰ উপৰিও হাবি-বননিৰ পৰা তুলি অনা বিবিধ সামগ্ৰী সোণোৱালসকলে খাদ্য তালিকাত ৰাখে। সেইবোৰ হৈছে নাফু(কাঠফুলা) , মানিমুনী , মচন্দৰী, জিলমিল, কলমৌ, খুতুৰা, কুকুৰা ঠেঙীয়া , মাটিকাদুঁৰি, টেঙেচী, তিতাকুচি, বনজলকীয়া, লাচকুচি, ভেকুৰী নল টেঙা, ভেদাইলতা, হেলচী, নৰসিংহ, মিপাতী, ডিমৰু পোখা, ঔ টেঙা, থেকেৰা কুঁহি , বাঁহ গাজ, বেত গাজ, শুকলতি , তৰা গাজ, বন আলু, পলভোগ বন, মধুসোলেং, লৱ বৰুৱা ইত্যাদি ইত্যাদি।

আনহাতেদি ঘৰৰ বাৰীত থকা শাক-পাচলিবোৰ আছেই। এইবোৰৰো তালিকা চমু নহয় যদিও কেইবিধমানৰ নাম লোৱা আৱশ্যক- মাটিমাহ, ৰহৰ মাহ, মগুমাহ, দাংবডি, উৰহী, লাউ, জিকা, ভোল, ভেন্দি, কোমোৰা, বিলাহী, তিয়ঁহ, বেঙেনা, পানী কোমোৰা, ফুল আলু, লাই, লফা, পালেং, চুকা, ধনীয়া, মুলা, বাবৰি, কবি জাত জাত, ভাত কেৰেলা, তিতাকেৰেলা, মৰিচা, গাজৰ, স্কোৱাছ, পটল , ধুণ্ডলী, তুৰৈ, পুৰৈশাক, চজিনা, অমিতা, কলডিল, পছলা, কচু, আলু, কাঠ আলু ইত্যাদি।

ব্যঞ্জনখন সু-স্বাদু কৰিবৰ কাৰণে আজি আৰু কাকো শিকাব নালাগে, সকলো ৰান্ধনীয়েই জানে কি তৰকাৰীত কি মা মছলা- দিব লাগে। আমাৰ জনজাতিসকলে কিছুমান পাহাৰীয়া মছলা-বন ঘৰতে ৰুই লোৱা বহু ঠাইত আমি প্ৰত্যক্ষ কৰিছোঁ। সেইবোৰ যি যি জনজাতিৰ পৰা আনে সেই নামেৰে নাম দি লয়-ধৰক গালং, খামতি, আদি মিচিমি মছলা ইত্যাদি।

সোণোৱালসকল জেনেটিক অৰ্থাৎ ৰক্ত-জনিত ভাবেই শাক্তপন্থী জাতি। গতিকে সোণোৱালসকলৰ শতকৰা এশ শতাংশই আমিষভোজী। ৰোগজনিত কাৰনত হয়তো দুই-এক নিৰামিষহাৰী লোক থকাটোও সত্য।

সোণোৱাল কছাৰীসকলৰ কৃষি-পদ্ধতি আৰু খাদ্য-অভ্যাস সম্পৰ্কত, বিশেষকৈ খাদ্য-অভ্যাসৰ ক্ষেত্ৰত কেইবিধমান ‘জীৱ-খাদ্য’ৰ বিষয়েও উল্লেখ কৰিবই লাগিব যেনে- আমৰলিৰ টোপ (কণী), এড়ি-মুগাৰ লেটা, চাকচন , উইচিৰিঙা, খাতৰ , নিকৰি, খেতেমা, কেকোঁৰা, বৰলৰ টোপ, মৌ-টোপ, ছয়া পোক ইত্যাদিৰ বাহিৰেও হাবিত বা পানীত চৰা পক্ষী জাতীয় (আজি কালি এইবোৰ বধ কৰা দণ্ডনীয় অৱশ্যে) দৰিক, ডাউক, বনকুকুৰা, বগলী, চিলনী, কনামুচৰি, বটা চৰাই, কুটুম, পানী কাউৰী, শৰালি, নানান বিধ পানীহাঁহ ইত্যাদি আগৰ দিনত একপ্ৰকাৰ আমোদদায়ক চিকাৰ আছিল।

মোখনিত এটা কথা উল্লেখ কৰা অতীব দৰকাৰ যে, সোণোৱালসকলে ভালেমান খাদ্য সম্ভাৰক ‘লখিমী’ জ্ঞান কৰি আহিছে। প্ৰধান শস্য ধান, প্ৰধান আমিষ খাদ্য মাছ, প্ৰধান মুখশুদ্ধি পাণ-তামোল, প্ৰধান পুজা সামগ্ৰী তুলসী ইত্যাদি। সেই সুত্ৰে ‘লখিমী সবাহ’ প্ৰতিখন সোণোৱাল গাওঁ (কোনো কোনোৱে ঘৰত) ত প্ৰতিবছৰে অনুষ্ঠিত কৰে। কিছুমান গাঁৱত এই সবাহ অতি জাক-জমকতাৰে তিনিদিনীয়াকৈ পালন আজিও কৰি আহিছে।

লেখক: গুণেশ্বৰ সোণোৱাল (সেউজ সোপান)

 

 

2.93103448276
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
গৌতম বৰা Apr 13, 2018 09:06 AM

পৰম্পৰাগত খেতিৰ এনে লেখনিয়ে আমাক অধিক জানিবৰ সুবিধা দিছে l

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top