মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / সাতামপুৰুষীয়া পদ্ধতিৰে বজালীত চলিছে কৃষিকাৰ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সাতামপুৰুষীয়া পদ্ধতিৰে বজালীত চলিছে কৃষিকাৰ্য :

সাতামপুৰুষীয়া পদ্ধতিৰে বজালীত চলিছে কৃষিকাৰ্য, তাৰ বিষয়ে লিখা হৈছে ।

পাঞ্জাবৰ দৰে অসমৰ কৃষকক তিনিটা খেতি কৰিবৰ সুবিধা দিয়াৰ লক্ষ্যৰে কেন্দ্ৰ-ৰাজ্যৰ জলসিঞ্চন বিভাগে প্ৰতিবছৰে শ শ কোটি টকা আবন্টন দি আহিছে যদিও প্ৰকৃতাৰ্থত এনে আঁচনিৰ পৰা কৃষকে কোনো ধৰণৰ সুফল পোৱা নাই, যাৰ ফলত আজিও ৰাজ্যৰ লগতে বৰপেটা জিলাৰ কৃষকসকলে সাতামপুৰুষীয়া পদ্ধতিৰে খেতি কৰিবলগীয়া হৈছে। কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত বৰপেটা জিলাৰ কৃষকসকলে গাঁঠিৰ ধন ভাঙি মূৰৰ ঘাম মাটিত পেলাই বৰো, ইৰি ধানৰ খেতিৰ জৰিয়তে সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে। প্ৰতিবছৰে কালদিয়া, পহুমৰা, বেঁকী, ব্ৰহ্মপুত্ৰৰ বানে বিধ্বস্ত কৰা বৰপেটা জিলাৰ প্ৰায়বোৰ অঞ্চলত এতিয়া শালি খেতি চপাই আহু বা ৰবি শস্যৰ বাবে প্ৰস্তুত হোৱাৰ দিন নাই। এতিয়া বৰপেটা জিলাৰ কৃষকে আহু ধানৰ পৰিৱৰ্তে আহিন-কাতি মাহৰ পৰা কঁকালত টঙালি বান্ধি প্ৰস্তুত হয় বৰো, ইৰি খেতিৰ বাবে। আহিন-কাতি মাহত বৰো-ইৰি ধানৰ কঠীয়া সিঁচা সমাপ্ত কৰি পুহ-মাঘ মাহত বিস্তীৰ্ণ খেতিপথাৰত নামি পৰে ইয়াৰ পৰিশ্ৰমী কৃষকসকল। শালি নহয়, বৰো-ইৰি খেতি এতিয়া ইয়াৰ কৃষকৰ জীৱিকাৰ একমাত্ৰ সম্বল। ইয়াৰ কৃষকে শালি খেতি কৰে যদিও সেই খেতিৰ ওপৰত তেওঁলোকে নিৰ্ভৰ নকৰে, কাৰণ বাৰিষাৰ বানে প্ৰায়ে ধুই লৈ যায় ইয়াৰ সেউজীয়া খেতিপথাৰসমূহ। বৰো, ইৰি খেতি অতি কষ্টকৰ যদিও প্ৰতিবিঘাত অৱেশ্য এই ধান সৰ্বাধিক ২০-২৫ মোনলৈ উৎপাদন হয়। য’ত শালি ধান অতি বেছিকৈ হ’লেও ১০-১২ মোনহে উৎপাদন হয়। বৰো খেতিৰ বাবে আইজং, ৰঞ্জিত, বাহাদুৰ, জয়া, বিপ্লৱ, ৰূপ সুন্দৰী, বাইশমুঠি আৰু শেহতীয়াভাৱে হাইব্ৰিড নামৰ ধানবিধৰ উৎপাদনলৈ চাই কৃষকে এতিয়া হাইব্ৰিড ধানকে প্ৰাধান্য দিছে। বানে ধোৱা কৃষকসকলৰ এতিয়া বৰো খেতিয়েই জীৱিকাৰ প্ৰধান উৎস হৈ পৰিছে। প্ৰতিবছৰে কৰা বৰো, ইৰিতকৈ এইবাৰ আৰম্ভণিৰে পৰা এই খেতি লহপহকৈ বাঢ়ি অহা দেখি কৃষকসকল যথেষ্ট উৎসাহী হৈ পৰিছে। জিলাখনৰ বিশেষকৈ সৰুক্ষেত্ৰীতে প্ৰায় ৩০ হাজাৰ বিঘা ভূমিত বৰো, ইৰি খেতি সেউজীয়া হৈ পৰিছে। প্ৰায় ৫০ হাজাৰৰো অধিক লোকে এই খেতিত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ পৰিছে। কিন্তু নাকত তেল দি লেপ-তুলীৰ উম লৈ ৯-১০ বজালৈ জিলাবাসী শুই থকাৰ সময়তে ম’হৰ শিং কঁপোৱা জাৰত খেতিপথাৰত নামি পৰা কৃষকসকলে চৰকাৰৰ জলসিঞ্চন আঁচনিসমূহ একপ্ৰকাৰ ভালুকৰ সাঙীতহে পৰিণত হৈছে। যি নদীত আঁচনি ধৰিলে কৃষক উপকৃত হ’লহেঁতেন, তাৰ পৰিৱৰ্তে উৎসত পানী নথকা একাংশ জান-জুৰিত আঁচনি ধৰি একমাত্ৰ ঠিকাদাৰ আৰু বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰহে যেন উদৰ পূৰণ কৰিলে বিভাগে। ফলত এনে আঁচনিৰ পৰা কৃষকে এটুপিও পানী নাপালে। তদুপৰি কালদিয়া, পহুমৰা, ৰূপহী, নমাটি, বুৰাখুণ্ডা, দেকাদং আদি আঁচনিৰ পৰাও কৃষকসকল মুঠেও লাভৱান হোৱা নাই। এনে আঁচনিৰ নামত চৰকাৰৰ জলসিঞ্চন বিভাগে প্ৰতিবছৰে শ শ কোটি টকা খৰচ কৰি আহিছে যদিও তাৰ বিনিময়ত কৃষকে কি পাইছে সেয়া ভুক্তভোগী কৃষকসকলেহে জানে। আৰু এনে আঁচনিত নিয়োজিত একাংশ কৰ্মচাৰীয়ে ঘৰত বহিয়েই দৰমহা লাভ কৰি আহিছে। ফলত কৃষকৰ লাভ নহ’লেও বিষয়া-কৰ্মচাৰীয়ে প্ৰতিমাহে ৰাজকোষৰ পৰা লাভ কৰিছে বৃহৎ পৰিমাণৰ ধন। বৰো খেতিৰ জৰিয়তে সেউজ বিপ্লৱৰ সূচনা কৰি ইয়াৰ কৃষকে সামাজিক দৃশ্যপটেই সলনি কৰিবলৈ সক্ষম হৈছে যদিও এনে কৃষকসকলক উৎসাহী কৰি আৰু অধিক উৎপাদন কৰাৰ বাবে চৰকাৰৰ কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগে কিবা পদক্ষেপ গ্ৰহণ কৰিবনে?

উৎস: নিয়মীয়া বাৰ্তা

2.94736842105
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top