মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / সাপটগ্ৰামত ষ্ট্ৰ’বেৰীৰ খেতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সাপটগ্ৰামত ষ্ট্ৰ’বেৰীৰ খেতি :

সাপটগ্ৰামত ষ্ট্ৰ’বেৰীৰ খেতিৰ বিষয়ে লিখা হৈছে ।

ধুবুৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত সাপটগ্ৰামৰ ওচৰৰ ৰাৱনটাৰী গাঁৱৰ এজন উদ্যমী কৃষকে ষ্ট্ৰ’বেৰীৰ খেতি কৰিবলৈ লৈছে। যোৱা নৱেম্বৰ মাহত প্ৰণৱ কলিতা নামৰ উচ্চ শিক্ষিত যুৱ কৃষকজনে নিজৰ ঘৰৰ চৌহদতে প্ৰায় আঢ়ৈশটা ষ্ট্ৰ’বেৰীৰ ঠাল ৰুই ইতিমধ্যে প্ৰায় চাৰি কিলোগ্ৰাম ফল লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ জনোৱা মতে, বৰ্তমান সাপটগ্ৰামত এই ফলবিধ ৬০০ টকা কিলোগ্ৰাম দৰত বিক্ৰী হৈ আছে। ষ্ট্ৰ’বেৰীৰ খেতি যথেষ্ট কম খৰচতে কম ঠাইতে কৰিব পাৰি বাবেই তেওঁ ইয়াত প্ৰতি আকৰ্ষিত হোৱা বুলি জানিবলৈ দিয়ে। ধুবুৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী বিজ্ঞানী ড° চন্দন কুমাৰ ডেকাই জনোৱা মতে, অহা মাৰ্চ মাহলৈ ষ্ট্ৰ’বেৰীৰ উৎপাদন অব্যাহত থাকিব। অৱশ্যে এই কথা বহু পৰিমাণে বতৰৰ ওপৰতো নিৰ্ভৰ কৰে। তেওঁ জনোৱা মতে, কৃষকসকলক আৰ্থিক দিশত লাভাম্বিত কৰাৰ বাবে পৰম্পৰাগত কৃষি কাৰ্যৰ উপৰি উচ্চ দৰৰ শস্যৰ উৎপাদনৰ প্ৰতি আগ্ৰহী কৰি তুলিব বিচৰা হৈছে। সেই উদ্দেশ্যেই প্ৰথমবাৰলৈ জিলাখনত পৰীক্ষামুলকভাৱে এই খেতি কৰা হৈছে। ইয়াৰ বাবে আৱশ্যকীয় পুলি কৃষি বিজ্ঞান কেন্দ্ৰই যোগাৰ কৰি দিছে। একেই উদ্দেশ্যে ফুটকীবাৰী, ধৰ্মপুৰ আদিত কাঠফুলাৰ খেতি কৰিও সফলতা লাভ কৰা বুলি তেওঁ জানিবলৈ দিয়ে। ধৰ্মপুৰৰ উদ্যোগী ডেকা খেতিয়ক ভাস্কৰ কুমাৰ ৰয়ে জানিবলৈ দিয়া মতে, তেওঁৰ ঘৰতে বিজ্ঞান কেন্দ্ৰৰ সহযোগত যোৱা নৱেম্বৰৰ পৰা ৫০ বেগ কাঠফুলাৰ খেতি কৰি যথেষ্ট উৎপাদন লাভ কৰিবলৈ সক্ষম হৈছে।

অলপতে, এই অপৰম্পৰাগত কৃষিকাৰ্য পৰিদৰ্শন কৰিবলৈ যোৱা জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে, জিলা প্ৰশাসনে এনে কৃষকসকলক উৎসাহিত আৰু সহায় কৰিবলৈ আগ্ৰহী। কৃষকসকলে বিচাৰিলে তেওঁলোকক কৃষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ঋণ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি কৃষি বিভাগৰ তৰফৰ পৰা এইক্ষেত্ৰত সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ বাবে জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়েও ইতিমধ্যে নিৰ্দেশ দিছে।

লেখক: আশীকুৰ ৰহমান (দৈনিক অসম)

2.96428571429
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top