মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / সেউজ সাৰ আৰু ইয়াৰ উপকাৰিতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সেউজ সাৰ আৰু ইয়াৰ উপকাৰিতা

সেউজ সাৰ আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

সাধাৰণতে মাটিত কোনো শস্য ৰোপণ কৰি সেউজীয়া অৱস্থাতে পুনৰ সেয়া মাটিত মিহলাই যি সাৰ প্ৰস্তুত কৰা হয়, তাকে সেউজ সাৰ বোলে। এই সাৰে নানা প্ৰকাৰে মাটিৰ উৰ্বৰতা বৃদ্ধিত সহায় কৰে। এইবিধ সাৰ সৃষ্টি কৰাৰ প্ৰকৃত উদ্দেশ্য হ’ল মাটিত জৈৱ পদাৰ্থ যোগ কৰা।

যিবোৰ গছৰ শিপা মাটিৰ গভীৰতালৈ বিয়পি যায়, কম পৰিচৰ্যাতে দ্ৰুতভাৱে বাঢ়ে আৰু অধিক পৰিমাণে জৈৱ পদাৰ্থ উৎপাদন কৰে, সেইবোৰ গছকে সেউজ সাৰ তৈয়াৰ কৰোঁতে বাছি লোৱা হয়।

গছৰ পুলি গজাৰ পিছত যেতিয়া তাত ফুল ধৰিবলৈ আৰম্ভ কৰে, তেতিয়াই সেইবোৰ চহ কৰি মাটিৰ সৈতে মিহলি কৰি দিয়া হয়। বৰষুণৰ পানীত সি লাহে লাহে পচিবলৈ ধৰে।

পৰৱৰ্তী সময়ত কেইবাৰমান হাল আৰু মৈ দি মাটিখিনি ওলট-পালট কৰি দিলে গছৰ বাকী অংশ আৰু ভালকৈ মাটিৰ তললৈ সোমাই যায় আৰু পচি মাটিত সৈতে মিহলি হৈ মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে আৰু ফলত শস্যৰ উৎপাদন বৃদ্ধি হয়।

মটৰ মাহ বা ধইনছা সাধাৰণতে সেউজ সাৰ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। এনেবোৰ গছে মাটিত কেৱল জৈৱ পদাৰ্থই যোগ নকৰে, উদ্ভিদৰ অতি প্ৰয়োজনীয় খাদ্য উপাদান নাইট্ৰ’জেনো যোগ কৰি থাকে। এনে জাতীয় গছৰ শিপাত এবিধ টেমুনা বা গুটিৰ সৃষ্টি হয়।

তাত বেক্টেৰিয়াই বাস কৰে আৰু বায়ুমণ্ডলৰপৰা নাইট্ৰ’জেন সংগ্ৰহ কৰে। জীৱাণু দেহৰ এই নাইট্ৰ’জেন পৰৱৰ্তী সময়ত মাটিত সঞ্চিত হৈ ফচলৰ গ্ৰহণোপযোগী হয়। কেৰিয়াবা লেছেৰা মাহ(Cowpea)ও এই কামত ব্যৱহৃত হয়।

সেউজ সাৰ প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা উদ্ভিদৰ বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ’ল-

  • গছ দ্ৰুত বৰ্দ্ধনশীল হ’ব লাগে আৰু অনূৰ্বৰ মাটিতো জন্মাৰ ক্ষমতা থাকিব লাগে।
  • গছৰ অনেক ডাল-পাত আৰু ঠাল-ঠেঙুলি থাকিব লাগে।
  • গছ সোনকালে পূৰ্ণতাপ্ৰাপ্ত হ’ব লাগে।
  • গছৰ কাণ্ড নৰম আৰু দ্ৰুত পচনশীল হোৱা উচিত।
  • গছৰ শিপা মাটিৰ গভীৰত প্ৰৱেশ কৰাৰ ক্ষমতাসম্পন্ন হ’ব লাগে।

তাৰ বাবে মাটিৰ তলৰ স্তৰৰ খাদ্যোপাদান শিপাৰ শোষণৰ ফলত ওপৰত উঠি আহে আৰু পৰৱৰ্তী পৰ্যায়ত সি সেউজ সাৰৰ সৈতে মাটিৰ ওপৰৰ স্তৰত জমা হৈ ফচলৰ ব্যৱহাৰোপযোগী হ’ব।

  • যিমানদূৰ সম্ভৱ গছ মাহজাতীয়(Lequme) হ’ব লাগে।

মাটিত খাদ্য উপাদান যোগ:

আগেয়েই উল্লেখ কৰা হৈছে যে সেউজ সাৰ ব্যৱহাৰ কৰাৰ মুখ্য উদ্দেশ্য হ’ল মাটিত জৈৱ পদাৰ্থ যোগ কৰা।

সেউজ সাৰৰ বাবে গছবোৰ যেতিয়া ব্যৱহাৰ কৰা হয়, তেতিয়া মাটিত কেৱল নাইট্ৰ’জেনেই যোগ নহয়, লগতে অন্যান্য খোদ্যোপাদান, যেনে- ফছফৰাছ্, পটাছিয়াম আৰু কেলছিয়ামৰো যোগ সাধন হয়।

সেউজ সাৰ ব্যৱহাৰৰ ফলত গড়ে প্ৰতি একৰত ৮০/১০০ পাউণ্ড অৰ্থাৎ হেক্টৰত ৯০-১১২.৫ কিলোগ্ৰাম নাইট্ৰ’জেন যোগ হয়। সেউজ সাৰ ব্যৱহাৰৰ ফলত মাটিত কি পৰিমাণৰ জৈৱ পদাৰ্থৰ যোগ সাধন হয়, সেয়া প্ৰধানতঃ এই উদ্দেশ্যত ব্যৱহৃত ফচলৰ বিভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে প্ৰতি হেক্টৰত ২৫ টন জৈৱ পদাৰ্থ যোগ হয়।

তাৰ অৰ্থ, মাটিত ১৮০০ কিলোগ্ৰাম হিউমাছ যোগ হয়। সেউজ সাৰ প্ৰস্তুত কৰাৰ মাটিত নিৰ্দিষ্ট শস্য ৰোপণ কৰাৰ পূৰ্বে তাত ফছফেট আৰু পটাছ সাৰ প্ৰয়োগ কৰিলে মাটিত কিছু বেছি পৰিমাণে নাইট্ৰ’জেন যোগ হয়।

ফছফেট আৰু পটাছৰ প্ৰয়োগৰ ফলত গছৰ শিপাৰ সংখ্যা বাঢ়ে আৰু অধিক কাৰ্যক্ষম গুটিৰ সৃষ্টি হয়। ফলত গুটিত অধিক মাত্ৰাত নাইট্ৰ’জেন আহৰিত আৰু সঞ্চিত হয়।

সেউজ সাৰৰ উপকাৰিতা -

মাটিত জৈৱ পদাৰ্থৰ যোগ:

সেউজ সাৰে মাটিত জৈৱ পদাৰ্থ যোগ কৰে, যি শেষ পৰ্যন্ত হিউমাছলৈ ৰূপান্তৰ হয়। মাটিত উৰ্বৰ শক্তি বৃদ্ধিত হিউমাছৰ অৱদান অপৰিসীম। ই অনেক খাদ্যোপাদান ধৰি ৰাখে আৰু সেইবোৰ সময়ান্তৰত গছৰ গ্ৰহণযোগ্য কৰি মাটিৰ ৰসত বিয়পাই দিয়ে।

ই মাটিৰ ভৌতিক ধৰ্মৰো যথেষ্ট উন্নতি কৰি থাকে। যেনে- মাটিৰ দানাবদ্ধন সহজতৰ হয়, বায়ু চলাচল বাধামুক্ত হয় আৰু তাপমাত্ৰাৰ ভাৰসাম্য ৰক্ষা হয়।

মাটিত নাইট্ৰ’জেন যোগ:

সেউজ সাৰ প্ৰস্তুতৰ বাবে মাহজাতীয় ফচল ব্যৱহাৰ কৰিলে মাটিত কিছু পৰিমাণে নাইট্ৰ’জেন অৱশ্যেই যোগ হয়। মাটিৰ উৰ্বৰতা আৰু ফচলৰ বৃদ্ধি আৰু পৰিপুষ্টিৰ বাবে খুব মূল্যৱান উপাদন।

মাটিত জৈৱিক প্ৰক্ৰিয়া ত্বৰান্বিতকৰণ -

সেউজ সাৰৰ মাধ্যমত মাটিত যি জৈৱ পদাৰ্থৰ যোগ হয়, সি মাটিৰ মাজত থকা জীৱাণুবোৰৰ প্ৰক্ৰিয়াৰদ্বাৰা প্ৰভাৱিত আৰু উদ্ভিজ জৈৱ পদাৰ্থৰ প্ৰ’টিন এমোনিয়াত আৰু পিছত নাইট্ৰেটলৈ পৰিৱৰ্তিত হৈ গছৰ ব্যৱহাৰোপযোগী হয়। লগতে নানা ৰকমৰ জৈৱিক ক্ৰিয়াৰ ফলত মাটিৰ উৰ্বৰতা বেছ বৃদ্ধি পায়।

ভুমি আৰু খাদ্যোপাদান সংৰক্ষণ -

সেউজ সাৰ ব্যৱহাৰৰ ফলত মাটিৰ ওপৰৰ কাৰ্যকাৰিতা সংৰক্ষণ হয়। এই ফচলবোৰ যেতিয়া মাটিত জন্মিবলৈ লয়, তেতিয়া শস্যসমূহ ইমানেই ঘন হৈ জন্মে যে বৰষুণৰ পানী মাটিৰ ওপৰত জোৰেৰে পৰিব নোৱাৰে অথবা বতাহত উপৰিভাগৰ মাটি উৰুৱাই নিব নোৱাৰে, ফলত মাটি ধবংসৰপৰা ৰক্ষা পায়।

অন্যান্য শস্যৰ দৰে সেউজ সাৰজাতীয় ফচলেও মাটিৰপৰা খাদ্য ওভোতাই দিয়ে পৰৱৰ্তী প্ৰধান ফচলবোৰে সেই খাদ্যসমূহ যথাৰীতি গ্ৰহণ কৰে।

সেয়ে কোৱা হয়, সেউজ সাৰে কেৱল মাটিত নাইট্ৰ’জেনেই যোগ নকৰে বৰং অন্যান্য খাদ্যোপাদান মাটিত সংৰক্ষণ আৰু সঞ্চিত কৰি ৰাখে।

লেখক: ভাস্কৰ পাঠক(দৈনিক অসম)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top