অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হালধীয়া বাঁহ

বাঁহ জাতীয় উদ্ভিদবোৰৰ ভিতৰত বাঁহ আটাইতকৈ ওখ|

চমু বিৱৰণ

বাঁহ জাতীয় উদ্ভিদবোৰৰ ভিতৰত বাঁহ আটাইতকৈ ওখ| বিভিন্ন জাতিৰ বিভিন্ন ধৰণৰ বাঁহ আছে| সৌন্দৰ্যবৰ্দ্ধনৰ বাবে ৰোৱা এবিধ বাঁহ হৈছে হালধীয়া বাঁহ| এছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপ, অষ্ট্ৰেলিয়া আদিত পোৱা এইবিধ ধুনীয়া বাঁহৰ ইংৰাজী নাম উয়েল্ল’ গ্ৰুভ বেম্বু বৈজ্ঞানিক নাম ফাইল’ষ্টেকিছ অৰিয়ছালকেটা| এইবিধ বাঁহ চিৰসেউজ, ন মিটাৰতকৈও অধিক ওখ আৰু ছয় দশমিক পাঁচ ছেণ্টিমিটাৰ ব্যাসলৈ শকত হয়| মৃদ্‌গত কাণ্ডৰ পৰা পোখা বা পুলি ওলাই বাঢ়ি বাঢ়ি ঘন জোপোহাৰ সৃষ্টি কৰে| হালধীয়া বাঁহবোৰৰ গাত সেউজীয়া দীঘলীয়া আঁচ থাকে| আঁচবোৰ থকা ঠাইত লোৰৰ দৰে অলপ দ| বাঁহৰ গুৰি ভাগ কেতিয়াবা একা-বেঁকা হয়| বাঁহ গাঁজৰ ঢকুৱাবোৰ কজলা সেউজীয়া আৰু সাধাৰণতে হালধীয়া আঁচযুক্ত হয়| বেছি ৰ’দ পৰিলে কেতিয়াবা ৰ’দ পৰা ফাল ৰঙচুৱা হয়|বেছি ঠাণ্ডা অঞ্চলৰ বাঁহবোৰৰ পাত খৰালি সৰি যায়|

ইয়াৰ ব্যৱহাৰ

ইয়াৰ গাঁজবোৰ ভলুকা, মকাল আদি বাঁহৰ দৰে খৰিচা কৰি বা ৰান্ধি খাব পাৰি|সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ৰোৱাৰ উপৰি ঘন জোপোহাৰ সৃষ্টিকাৰী বাঁহবোৰ চৌহদৰ বেৰা হিচাপেও ৰোৱা হয়|সকলো প্ৰজাতিৰ বাঁহ খৰি হিচাপে আৰু কাগছ উদ্যোগত ব্যৱহাৰ কৰা হয়|

বিভিন্ন প্ৰকাৰসমুহ

ইয়াৰ নানা জাত বা প্ৰকাৰ আছে আৰু নানা কৃত্ৰিম জাতো উদ্ভাৱন কৰা হৈছে| কিছুমান জাতৰ বাঁহ অকল সেউজীয়া| কিছুমান জাতৰ বাঁহ সেউজীয়া আৰু গাত হালধীয়া ৰঙৰ খীণ আঁচ থাকে| ইয়াৰ জাতি ফাইল’ষ্টেকিছৰ ফাইল’ষ্টেকিছ অৰিয়ছালকেটা, ফাইল’ষ্টেকিছ একিউটা, ফাইল’ষ্টেকিছ কাৰ্ণিয়া, ফাইল’ষ্টেকিছ গ্লেব্ৰেটা, ফাইল’ষ্টেকিছ হিটাৰ’কেংলডা আদি বহুতো প্ৰজাতি আছে| কিছুমান প্ৰজাতিৰ বাঁহ ওখ, ডাঙৰ আৰু কিছুমান বনচাইৰ দৰে সৰু, চাপৰ| ডাঙৰ প্ৰজাতিবোৰৰ পৰা ঘৰুৱা আচবাব আদি তৈয়াৰ কৰা হয় আৰু সৰু, চাপৰ প্ৰজাতিবোৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ৰোৱা হয়|

উৎস:- দৈনিক অসম

3.15789473684
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
সম্পৰ্কীয় সামগ্ৰীসমূহ
অধিক ...
Back to top