মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / হৰম’ন প্ৰয়োগেৰে শস্যৰ উৎপাদন বঢ়োৱাৰ কথা ভাবো আহকঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হৰম’ন প্ৰয়োগেৰে শস্যৰ উৎপাদন বঢ়োৱাৰ কথা ভাবো আহকঃ

হৰম’ন প্ৰয়োগেৰে শস্যৰ উৎপাদন বঢ়োৱাৰ কথা লিখা হৈছে

 

উদ্ভিদ হৰম’ন কি ?

 

সহজে ক’বলৈ গ’লে উদ্ভিদ হৰম’ন হ’ল উদ্ভিদ দেহত উৎপন্ন হোৱা জৈৱ পদাৰ্থ, যিটো উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ নিয়ন্ত্ৰণ কৰি উৎপাদনত প্ৰভাৱ পেলায়। বৰ্তমান কৃত্ৰিম উপায়েৰেও হৰম’ন তৈয়াৰ কৰা হৈছে আৰু এইবোৰ কৃষিক্ষেত্ৰত ব্যাপক হাৰত ব্যৱহৃত হৈছে।

কৃষি পথাৰত হৰম’নৰ প্ৰয়োগৰ ফলত হোৱা উপকাৰঃ

 

উদ্ভিদ হৰম’নৰ প্ৰয়োগে শস্যৰ উৎপাদন, উৎপাদিত সামগ্ৰীৰ গুণগত মান বঢ়োৱাৰ লগতে মূল্য সংযোজনৰ দিশতো সহায় কৰে। ফলস্বৰূপে এনে সামগ্ৰীৰ বজাৰ মূল্য অধিক হয় আৰু কৃষক ৰাইজো লাভান্বিত হয়। বীজৰ গজালি মেলাৰ পৰা আৰম্ভ কৰি শস্য চপোৱা আৰু সংৰক্ষণ এই সকলো দিশতে হৰম’নে গুৰুত্বপূৰ্ণ ভূমিকা লয়। ফলস্বৰূপে শস্যৰ উৎপাদন অধিক হোৱাৰ লগতে শস্য চপোৱা আৰু সংৰক্ষণৰ সময়ত হোৱা ক্ষতিৰ পৰিমাণো কম হয়। কৃষক ৰাইজৰ বাবে শস্য পথাৰত হৰম’ন প্ৰয়োগ কৰাত বিশেষ অসুবিধা নাই, কিয়নো কীটনাশক অথবা ভেঁকুৰনাশক শস্যত প্ৰয়োগ কৰা ধৰণেই হৰম’নো প্ৰয়োগ কৰিব পাৰি। আটাইতকৈ ডাঙৰ কথা হ’ল বৰ্তমান বিভিন্ন ধৰণৰ হৰম’ন বজাৰত সহজে আৰু যথোচিত মূল্যত উপলব্ধ হয়। এই সকলো দিশ বিবেচনা কৰি কৃষক ৰাইজে শস্য পথাৰত হৰম’ন প্ৰয়োগৰ কথা ভাবিব পাৰে।

কৃষিকাৰ্যত বিভিন্ন উদ্ভিদ হৰম’নৰ ব্যৱহাৰঃ

 

উদ্ভিদ হৰম’নৰ ৰাসায়নিক ধৰ্ম আৰু গঠনৰ ওপৰত ভিত্তি কৰি এইবোৰক পাঁচটা প্ৰধান ভাগত বিভক্ত কৰা হৈছে। এইবোৰ হৈছে- অক্সিন, জিবাৰেলিক এচিড, চাইট’কাইনিন, ইথিলিন আৰু এবচিছিক এচিড। তদুপৰি কৃত্ৰিমভাৱে উৎপাদিত বিভিন্ন উদ্ভিদ হৰম’ন বৰ্তমান কৃষিক্ষেত্ৰত ব্যাপক হাৰত প্ৰয়োগ হৈছে।

অক্সিনঃ

 

অক্সিনে উদ্ভিদৰ শিপা ওলোৱা কাৰ্যত সহায় কৰাৰ উপৰি শিপাৰ উপযুক্ত গঠন আৰু বৃদ্ধিতো অৰিহণা যোগায়। উদাহৰণস্বৰূপে- কৃত্ৰিমভাৱে তৈয়াৰী অক্সিন, আই বি এ, ২, ৪-ডি, এন এ এ আদি এইক্ষেত্ৰত বহুলভাৱে ব্যৱহৃত হয়। লিচু, মধুৰি আৰু বহু ফুলৰ অংগজ প্ৰজননৰ ক্ষেত্ৰত কৃত্ৰিমভাৱে তৈয়াৰী অক্সিন, চিৰাডেক্স-ক, চিৰাডেক্স-খ আদি বিস্তৃত হাৰত প্ৰয়োগ কৰা হয়। কৃত্ৰিমভাৱে উৎপাদিত অক্সিন যেনে- ২, ৪-ডি, ২, ৪, ৫-টি আদি কৃষিক্ষেত্ৰত অপতৃণনাশক হিচাপে ব্যাপক হাৰত ব্যৱহৃত হয়। অক্সিনে কিছুমান শস্যৰ ফুল ফুলা আৰু ফল ধৰাত সহায় কৰে। অক্সিনে অগ্ৰমুকুলৰ প্ৰাৱল্যতা বৃদ্ধি কৰি গছৰ উচ্চতা বঢ়োৱাত সহায় কৰে।

জিবাৰেলিন-জিবাৰেলিক এচিডঃ

 

বৰ্তমান বিভিন্ন প্ৰকাৰৰ শতাধিক জিবাৰেলিন আৱিষ্কাৰ হৈছে যাক জি এ-১, জি এ-২ আদি নামেৰে জনা যায়। এইবোৰৰ ভিতৰত কৃষিক্ষেত্ৰত জি এ-৩ আৰু জি এ-৭ৰ ব্যৱহাৰ সৰ্বাধিক। জিবাৰেলিনৰ প্ৰয়োগে শস্যৰ উচ্চতা বৃদ্ধিত সহায় কৰে। যথেষ্টসংখ্যক উদ্ভিদ আৰু শস্যৰ ফুল ফুলাত জিবাৰেলিনে প্ৰত্যক্ষভাৱে সহায় কৰে। বীজ ভালদৰে অংকুৰিত নোহোৱা আৰু বীজৰ সুপ্ত অৱস্থাই কৃষি উন্নতিত বাধা জন্মায় আৰু কৃষক ৰাইজক আহুকালত পেলায়। জিবাৰেলিনৰ প্ৰয়োগে বীজৰ পৰা ভালদৰে গজালি মেলাত সহায় কৰাৰ উপৰি কম সময়ৰ ভিতৰতে বীজৰ পৰা সুস্থ-সবল গছপুলি উৎপাদনতো সহায় কৰে। তদুপৰি জিবাৰেলিনে বীজ আৰু মুকুলৰ সুপ্ত অৱস্থা নিৰাময় কৰে। লাওজাতীয় আৰু আন কেতবোৰ শস্যত কেতিয়াবা মতা ফুলৰ প্ৰাদুৰ্ভাৱ দেখা যায়। জিবাৰেলিন প্ৰয়োগ কৰিলে মাইকী ফুলৰ সংখ্যা অধিক হয়, যিয়ে উৎপাদনত ধনাত্মক প্ৰভাৱ পেলায়।

চাইট’কাইনিনঃ

 

চাইট’কাইনিনে কোষ বিভাজন আৰু কোষ বৰ্ধনত সহায় কৰি শস্যৰ উপযুক্ত বৃদ্ধি, বিকাশ আৰু উৎপাদনত সহায় কৰে। চাইট’কাইনিনে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সহায় কৰি উৎপাদন বঢ়ায়। চাইট’কাইনিনৰ প্ৰয়োগে বীজ আৰু মুকুলৰ সুপ্ত অৱস্থাৰ নিৰাময়ত সহায় কৰাৰ উপৰি পাত হালধীয়া পৰা আৰু পাত সৰাৰ হাৰ কমাই শস্য উৎপাদন বৃদ্ধিত সহায় কৰে। সেয়েহে কৃষিক্ষেত্ৰত অপৈণত অৱস্থাতে ফুল, ফল সৰা ৰোধ কৰিবলৈ চাইট’কাইনিনৰ প্ৰয়োগ কৰা হয়। আঙুৰ আদিকে ধৰি কিছুমান ফলৰ ক্ষেত্ৰত ফল ধৰা, ফলৰ আকাৰ বৃদ্ধি কৰা আৰু বীজহীন ফলৰ উৎপত্তিত চাইট’কাইনিনে সহায় কৰে।

ইথিলিনঃ

 

ইথিলিনে ফল পকাত প্ৰত্যক্ষভাৱে সহায় কৰে বাবে ইথিলিনক ফল পকোৱা হৰম’ন বুলিও জনা যায়। তিয়ঁহ আদিকে ধৰি কেতবোৰ শস্যত ইথিলিন প্ৰয়োগৰ দ্বাৰা স্ত্ৰীপুষ্পৰ সংখ্যা বৃদ্ধি কৰি উৎপাদন বঢ়াব পাৰি। কৃত্ৰিমভাৱে আৰু সোনকালে ফল পকাবলৈ ইথিলিনক কৃষিক্ষেত্ৰত ব্যাপক হাৰত প্ৰয়োগ কৰা হয়। আনাৰস, আম, আপেল আদিত ইথিলিন প্ৰয়োগৰ দ্বাৰা ফুল ফুলাত সহায় কৰাৰ লগতে ফলৰ বৃদ্ধি আৰু বিকাশো দ্ৰুত কৰে। ব্যৱসায়িক ভিত্তিত কৰা কুঁহিয়াৰৰ খেতিত ইথিলিনৰ প্ৰয়োগ কৰি কুঁহিয়াৰৰ উৎপাদন বৃদ্ধিৰ লগতে কুঁহিয়াৰৰ ৰসৰ গুণগতো মানো উন্নত কৰা হয়। ধানৰ অধিক পানী সহ্য কৰিব পৰা গুণ ইথিলিন প্ৰয়োগৰ দ্বাৰা বৃদ্ধি কৰিব পাৰি।

এইখিনিতে উল্লেখ কৰি থোৱা ভাল হ’ব যে গেছীয় হোৱা বাবে ইয়াক ব্যৱহাৰ কৰাত যথেষ্ট অসুবিধা হয়। সেয়েহে বৰ্তমান বজাৰত ইথিলিন উৎপাদন কৰিব পৰা কিছুমান ৰাসায়নিক উপলব্ধ হয়। উদাহৰণস্বৰূপে ইথিফন, ইথৰেল আদি হৈছে বহুলভাৱে ব্যৱহৃত ইথিলিন উৎপাদনকাৰী জলীয় দ্ৰব্য, যাক শস্যত সহজে প্ৰয়োগ কৰিব পাৰি।

এবচিছিক এচিডঃ

 

শস্য দেহত এবচিছিক এচিডৰ পৰিমাণ অধিক থাকিলে শস্যৰ খৰাং সহিষ্ণু গুণ অধিক হয়। বৰ্তমান এবচিছিক এচিডক কৃষিক্ষেত্ৰত প্ৰচ্ছেদন প্ৰতিৰোধী হিচাপেও বহুলভাৱে প্ৰয়োগ কৰা হৈছে। অসম আদিৰ দৰে বৰষুণ বেছি হোৱা অঞ্চলত কেতিয়াবা শস্য চপোৱা সময়ত পূৰঠ বীজবোৰ মাতৃগছত থাকোতেই অংকুৰিত হয়। ফলত বীজৰ গুণাগুণ নষ্ট হোৱাৰ লগতে এনে বীজ বেছিদিনলৈ ভালদৰে সংৰক্ষণ কৰিব নোৱাৰি। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কৃষিক্ষেত্ৰত এবচিছিক এচিডৰ বহলভিত্তিত ব্যৱহাৰ কৰা হয়।

হৰম’ন প্ৰয়োগৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতাঃ

 

এইখিনিতে উনুকিয়াই থোৱা ভাল হ’ব যে উদ্ভিদ হৰম’ন শস্য ক্ষেত্ৰত প্ৰয়োগ কৰাৰ সময়ত কেইটামান বিষয়ত বিশেষ মনোনিৱেশ কৰিব লাগে। গাঢ়তাৰ ক্ষেত্ৰত সাৱধান হোৱাৰ লগতে শস্য বৃদ্ধিৰ কোনটো দিশত এইবোৰ প্ৰয়োগ কৰা হৈছে সেই সন্দৰ্ভতো দৃষ্টি দিব লাগে। কৃষক ৰাইজে শস্য পথাৰত উদ্ভিদ হৰম’ন প্ৰয়োগ কৰাৰ আগতে কৃষি বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো নিতান্তই আৱশ্যক।

এই সকলো দিশলৈ লক্ষ্য কৰি অদূৰ ভৱিষ্যতে কৃষি পথাৰত উদ্ভিদ হৰম’নৰ যথাৰীতি আৰু আৱশ্যক অনুসৰি প্ৰয়োগে শস্য উৎপাদন বৃদ্ধি, উৎপাদিত সামগ্ৰীৰ গুণগত মানৰ উন্নতি, মূল্য সংযোজন, উপযুক্ত সংৰক্ষণ এই সকলো দিশতে সুপ্ৰভাৱ বিস্তাৰ কৰি কৃষি উন্নতিৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰিব বুলি আশা কৰিব পাৰি।

(উৎসঃ খবৰ)।

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top